১. আকাশত তিৰবিৰ নকৰাবোৰ কি ?

উত্তৰঃআকাশত তিৰবিৰ নকৰাবোৰ হল গ্ৰহ।

২. তৰা, গ্ৰহ, চন্দ্ৰ আৰু আকাশৰ আন ভালেমান বস্তুক কি বোলে ?

উত্তৰঃতৰা, গ্ৰহ, চন্দ্ৰ আৰু আকাশৰ আন ভালেমান বস্তুক নভোমণ্ডলীয় বস্তু বোলে ।

৩. যিদিনা চন্দ্ৰৰ সম্পূৰ্ণ থালখন দৃশ্য়মান হয় সিদিনা কি হয়? 

উত্তৰঃ যিদিনা চন্দ্ৰৰ সম্পূৰ্ণ থালখন দৃশ্য়মান হয় সিদিনা পূৰ্ণিমা হয়।

৪. এটা পূৰ্ণিমাৰ পৰা পৰৱৰ্তী পূৰ্ণিমালৈ সময়ৰ অন্তৰাল কিমান ?

উত্তৰঃ এটা পূৰ্ণিমাৰ পৰা পৰৱৰ্তী পূৰ্ণিমালৈ সময়ৰ অন্তৰাল ২৯ দিনতকৈ কিঞ্চিৎ বেছি।

৫. যিবিলাক তৰাই থুপ বান্ধি একোটা বিশেষ আকৃতি লাভ কৰে সেইবোৰক কি বোলে ?

উত্তৰঃযিবিলাক তৰাই থুপ বান্ধি একোটা বিশেষ আকৃতি লাভ কৰে সেইবোৰক তাৰকাপুঞ্জ বোলে।

৬. উত্তৰ আকাশৰ আন এটা বিশিষ্ট তাৰকাপুঞ্জ কি ?

উত্তৰঃউত্তৰ আকাশৰ আন এটা বিশিষ্ট তাৰকাপুঞ্জ হল-কাশ্য়পী।

৭. সৌৰজগতত মুঠতে কেইটা গ্ৰহ আছে ?

উত্তৰঃসৌৰজগতত মুঠতে আঠটা গ্ৰহ আছে।

৮. শুক্ৰ গ্ৰহৰ ইংৰাজী নামটো কি ? 

উত্তৰঃ শুক্ৰ গ্ৰহৰ ইংৰাজী নামটো হল-Venus।

৯. মংগল গ্ৰহটো কি ৰঙেৰে দেখা যায় ?

উত্তৰঃ মংগল গ্ৰহটো ৰঙা ৰঙেৰে দেখা যায়।

১০. পপীয়া তৰাবোৰৰ প্ৰকৃত নাম কি?

উত্তৰঃপপীয়া তৰাবোৰৰ প্ৰকৃত নাম হল-উল্কা।

১১. এমাহৰ ভিতৰত দেখা চন্দ্ৰৰ উজ্জ্বল অংশৰ বিভিন্ন পৰ্যায়ক কি বোলে ?

উত্তৰঃ এমাহৰ ভিতৰত দেখা চন্দ্ৰৰ উজ্জ্বল অংশৰ বিভিন্ন পৰ্যায়ক চন্দ্ৰকলা বোলে।

১২. __________ৰ পাছত পৃথিৱীৰ পৰা দৃশ্য়মান চন্দ্ৰৰ উজ্জ্বল অংশটোৰ আকাৰ দিনে দিনে বাঢ়িবলৈ ধৰে ?

উত্তৰঃঅমাৱস্য়াৰ।

১৩. কবি আৰু সাধুকথা কোৱা লোকৰ বাবে চন্দ্ৰ এটা কি ?

উত্তৰঃকবি আৰু সাধুকথা কোৱা লোকৰ বাবে চন্দ্ৰ এটা কৌতূহলোদ্দীপক বস্তু।

১৪. সূৰ্যটো পৃথিৱীৰ পৰা কিমান নিযুত কি মি আঁতৰত অৱস্থিত ?

উত্তৰঃসূৰ্যটো পৃথিৱীৰ পৰা ১৫০ নিযুত কি মি  নিযুত নি মি আঁতৰত অৱস্থিত।

১৫. পৃথিৱীৰ পৰা আলফা ছেণ্টাউৰিৰ দূৰত্ব কিমান ?

উত্তৰঃপৃথিৱীৰ পৰা আলফা ছেণ্টাউৰিৰ দূৰত্ব প্ৰায় ৪.৩ আলোক বৰ্ষ।

১৬. তৰাবিলাক কিয় দিনত নেদেখি ?

উত্তৰঃসূৰ্যৰ উজ্জ্বল পোহৰৰ বাবে।

১৭. কালপুৰুষৰ অন্য় এটা নাম কি ?

উত্তৰঃকালপুৰুষৰ অন্য় এটা নাম হল-চিকাৰী।

১৮. আকাশৰ আটাইতকৈ উজ্জ্বল তৰা _________ৰ অৱস্থান কালপুৰুষৰ ওচৰত ।

উত্তৰঃলুব্ধক।

১৯. উত্তৰ আকাশৰ আন এটা বিশিষ্ট তাৰকাপুঞ্জ কি ?

উত্তৰঃউত্তৰ আকাশৰ আন এটা বিশিষ্ট তাৰকাপুঞ্জ হল -কাশ্য়পী।

২০. কিমান চনত আন্তঃৰাষ্ট্ৰীয় জ্য়োতিৰ্বিজ্ঞান সংস্থাই গ্ৰহ সম্পৰ্কে এটা নতুন সংজ্ঞা নিৰ্ধাৰণ কৰিছিল ?

উত্তৰঃ২০০৬ চনত আন্তঃৰাষ্ট্ৰীয় জ্য়োতিৰ্বিজ্ঞান সংস্থাই গ্ৰহ সম্পৰ্কে এটা নতুন সংজ্ঞা নিৰ্ধাৰণ কৰিছিল।

২১. কাঁচিজোন কাক বোলে?

উত্তৰঃঅমাৱস্য়াৰ পৰৱৰ্তী দিনটোত চন্দ্ৰৰ এটা ক্ষুদ্ৰ অংশহে দেখা পোৱা যায়।ইয়াকে কাঁচিজোন বোলে।

২২. চন্দ্ৰকলা কাক বোলে?

উত্তৰঃএমাহৰ ভিতৰত দেখা চন্দ্ৰৰ উজ্জ্বল অংশৰ বিভিন্ন পৰ্যায়ক চন্দ্ৰকলা বোলে।

২৩. কিমান তাৰিখে কোনে প্ৰথমবাৰৰ বাবে চন্দ্ৰত পদাৰ্পণ কৰিছিল?

উত্তৰঃ১৯৬৯চনৰ ২১জুলাই তাৰিখে আমেৰিকাৰ মহাকাশচাৰী নিল আৰ্মষ্ট্ৰ'ঙে পোন প্ৰথমবাৰৰ বাবে চন্দ্ৰত পদাৰ্পণ কৰিছিল।

২৪. ৰ্যটো পৃথিৱীৰ পৰা কিমান কিল'মিটাৰ আঁতৰত অৱস্থিত?

উত্তৰঃসৃৰ্যটো পৃথিৱীৰ পৰা ১৫০,০০০,০০০ কিল'মিটাৰ আঁতৰত অৱস্থিত।

২৫. আলোক বৰ্ষ কাক বোলে?

উত্তৰঃবহুত বেছি দূৰত্বসমুহক আন এটা এককত প্ৰকাশ কৰা হয়।ইয়াকে আলোক বৰ্ষ বোলে।

২৬. পোহৰৰ দ্ৰুতি কিমান বোলে?

উত্তৰঃপোহৰৰ দ্ৰুতি প্ৰায় ৩,০০,০০০ কিল'মিটাৰ।

২৭. তাৰকাপুঞ্জ কাক বোলে?

উত্তৰঃযিবিলাক তৰাই থুপ বান্ধি একোটা বিশেষ আকৃতি লাভ কৰে সেইবোৰকে তাৰকাপুঞ্জ বোলে।

২৮. কক্ষপথ কাক বোলে?

উত্তৰঃগ্ৰহই সুনিৰ্দিষ্ট পথেৰে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। এই পথক কক্ষপথ বোলে।

২৯. শনি গ্ৰহৰ বৰণ কেনেকুৱাশনি গ্ৰহৰ বৰণ?

উত্তৰঃশনি গ্ৰহৰ বৰণ হালধীয়া।

৩০. ৰাতিৰ আকাশত সবাতোতকৈ উজ্জ্বল গ্ৰহতো কি? 

উত্তৰঃৰাতিৰ আকাশত সবাতোতকৈ উজ্জ্বল গ্ৰহতো হল-শুক্ৰ।

TYPE-ANJALI BORA