১. কোনো বস্তুক ঠেলা বা টনা কাৰ্যক কি বুলি কোৱা হয় ?

উত্তৰঃকোনো বস্তুক ঠেলা বা টনা কাৰ্যক বল বুলি কোৱা হয়।

২. কোনো বস্তুৰ দ্ৰুতি বা ইয়াৰ গতিৰ দিশে নতুবা উভয়ৰে পৰিৱৰ্তন ঘটিলে বস্তুৰ ______________ হোৱা বুলি কোৱা হয় । 

উত্তৰঃগতি-অৱস্থা সলনি হোৱা বুলি কোৱা হয়।

 ৩. বল প্ৰয়োগ কৰিলে কি পৰিৱৰ্তন হয় ?

উত্তৰঃবল প্ৰয়োগ কৰিলে কি পৰিৱৰ্তন হয় গতি সলনি হয়।

৪. মাংশপেশীৰ ক্ৰিয়াৰ ফলত উদ্ভৱ হোৱা বলক কি বোলা হয় ?

উত্তৰঃমাংশপেশীৰ ক্ৰিয়াৰ ফলত উদ্ভৱ হোৱা বলক পেশীয় বল বোলা হয়।

৫. পেশীয় বলক কি বুলিও কোৱা হয় ?

উত্তৰঃ পেশীয় বলক স্পৰ্শ বল বুলিও কোৱা হয়।

৬. বস্তুৰ গতি-অৱস্থাৰ পৰিৱৰ্তন ঘটোৱা বলবিধক কি বুলি কোৱা হয় ? 

উত্তৰঃবস্তুৰ গতি-অৱস্থাৰ পৰিৱৰ্তন ঘটোৱা বলবিধক ঘৰ্ষণ বল বুলি কোৱা হয়।

৭. চুম্বকে প্ৰয়োগ কৰা বল হৈছে __________ বলৰ উদাহৰণ ।

উত্তৰঃঅ-স্পৰ্শ বল।

৮. কোনো পৃষ্ঠৰ একক ক্ষেত্ৰফলত ক্ৰিয়া কৰা বলক কি বোলা হয় ?

উত্তৰঃ কোনো পৃষ্ঠৰ একক ক্ষেত্ৰফলত ক্ৰিয়া কৰা বলক চাপ বোলা হয়।

৯. বায়ুমণ্ডল কাক বোলে ?

উত্তৰঃবায়ুৰ আৱৰণক বায়ুমণ্ডল বোলে

১০. প্ৰতি একক ক্ষেত্ৰফলৰ বলকেই ___________ বোলে ।

উত্তৰঃচাপ বোলে।

১১. কোনো এটা বলৰ পৰিমাণ ইয়াৰ ________ দ্বাৰা প্ৰকাশ কৰা হয় ।

উত্তৰঃমানৰ দ্বাৰা প্ৰকাশ কৰা হয় ।

১২. _________  _________ বল বোলে ।

উত্তৰঃঠেলা বা টনাকেই বল বোলে।

১৩. আমাৰ চাৰিওকাষৰ বায়ুয়ে প্ৰয়োগ কৰা চাপক কি বোলে ?

উত্তৰঃআমাৰ চাৰিওকাষৰ বায়ুয়ে প্ৰয়োগ কৰা চাপক  বায়ুমণ্ডলীয় চাপ বোলে।

১৪. এটা আধানযুক্ত বস্তুৱে আন এটা আধানহীন বস্তুক নিজৰ ফালে _________ কৰে ।

উত্তৰঃআকৰ্ষণ কৰে।

১৫. সোতৰ শতিকাত কোন বিজ্ঞানীয়ে বায়ু নিষ্কাসন কৰা পাম্প এটা সাজি উলিয়াইছিল ?

উত্তৰঃ সোতৰ শতিকাত অ'টভ'ন গোৱেৰিকে বিজ্ঞানীয়ে বায়ু নিষ্কাসন কৰা পাম্প এটা সাজি উলিয়াইছিল।

১৬. জুলীয়া পদাৰ্থ আৰু গেছে ইয়াৰ পাত্ৰৰ বেৰত কি প্ৰয়োগ কৰে ?

উত্তৰঃজুলীয়া পদাৰ্থ আৰু গেছে ইয়াৰ পাত্ৰৰ বেৰত চাপ প্ৰয়োগ কৰে।

১৭. __________ কেৱল পৃথিৱীৰেই ধৰ্ম নহয়।

উত্তৰঃমাধ্য়াকৰ্ষণ।

১৮.কুৱাঁৰ পৰা পানী তুলিবলৈ আমি ৰছীডাল ____________ লাগে ।

উত্তৰঃওপৰলৈ টানিব লাগে।

১৯. প্ৰতি একক ক্ষেত্ৰফলৰ বলক কি বোলে ?

উত্তৰঃপ্ৰতি একক ক্ষেত্ৰফলৰ বলক চাপ বোলে।

২০. একে দিশত প্ৰয়োগ হোৱা বলসমূহ ইটো সিটোৰ লগত ___________ একেলগে ক্ৰিয়া কৰে ।

উত্তৰঃযোগ হৈ একেলগে ক্ৰিয়া কৰে ।

২১.পেশীয় বল কাক বোলে?

উত্তৰঃমাংসপেশীৰ ক্ৰিয়াৰ ফলত উদ্ভৱ হোৱা বলকে পেশীয় বল বোলে।

২২.স্পৰ্শ বল কাক বোলে?

উত্তৰঃযিহেতু হস্ত এটাৰ সংস্পৰ্শত থাকিলেহে পেশীয় বল প্ৰয়োগ কৰিব পাৰি,সেয়েহে এনে বলক স্পৰ্শ বল বোলে।

২৩.ঘৰ্ষণ বল কাক বোলে ?

উত্তৰঃবস্তোৰ গতি-অৱস্থাৰ পৰিৱৰ্তন ঘটোৱা বলবিধকে ঘৰ্ষণ বল বোলে।

২৪.স্থিতি বৈদ্য়ুতিক বল কাক বোলে?

উত্তৰঃআধাহীন বস্তৰ ওপৰত প্ৰয়োগ কৰা বলক স্থিতি বৈদ্য়ুতিক বল বোলে।

২৫.মাধ্য়াকৰ্ষণ বল কাক বোলে?

উত্তৰঃপৃথিৱীয়ে সকলো বস্তক নিজৰ ফালে টানি থকাৰ বাবে বস্তবোৰ ওপৰৰ পৰা মাটিত পৰে।এই বলক মাধ্য়াকৰ্ষণ বল বোলে।

২৬.চাপ কাক বোলে?

 উত্তৰঃকোনো পৃষ্ঠৰ একক ক্ষেত্ৰফলত ক্ৰিয়া কৰা বলক চাপ বোলে।

২৭.বায়ুমন্দল কাক বোলে?

উত্তৰঃআমাৰ চাৰিওফালে আৱৰি থকা বায়ুৰ আৱৰণটোকে বায়ুমন্দল বোলে।

২৮.বায়ুমন্দলীয় চাপ কাক বোলে?

উত্তৰঃবায়ুয়ে প্ৰয়োগ কৰা চাপক বায়ুমন্দলীয় চাপ বোলে।

২৯.বলে গতিৰ অৱস্থা সলনি কৰিব পাৰে নে নোৱাৰে?

উত্তৰঃবলসে গতিৰ অৱস্থা সলনি কৰিব পাৰে।

৩০.বলপ্ৰয়োগ কৰিলে বস্তটোৰ আকৃতিৰ পৰিবৰ্তন হয় নে নহয়?

উত্তৰঃবলপ্ৰয়োগ কৰিলে বস্তটোৰ আকৃতিৰ পৰিবৰ্তন হয়।