প্ৰতি,

প্ৰসঙ্গ ঃ বেচি টকাৰ বিলৰ বাবে অভিযোগ

টেলিফোন নং______

বিষয়ঃ বেছি টকাৰ টেলিফোনৰ বিল কমোৱাৰ বাবে আবেদন।   তাৰিখ-1-4-2022

মহোদয়, 

মোৰ উপৰোক্ত টেলিফোনৰ কাৰণে আপোনালোকে __________তাৰিখে পঠোৱো_____ মাহৰ বিল খন মই পাইছো। কিন্তু দুঃখেৰে সৈতে জনাও যে, বিলৰ টকা পৰিমাণ বহুত বেচি বুলি অনুমান হৈছে।

মই বিলৰ টকা খিনি জমা কৰি দিছো। কিন্তু এই বিষয়ে যথাযথভাবে অনুসন্ধান কৰি চোৱাৰ বাবে অনুৰোধ কৰিলো। যদি বিলৰ টকা সঁচাকৈয়ে বেচি ধৰা হৈছে তেতিয়াহলে পিচৰ মাহৰ বিলৰ পৰা যেন সেইখিনি বাদ দি দিয়ে।

    মই প্ৰতি মাহত বিলৰ যি টকা দিও তাতকৈ এই বিলৰ টকা বহুতে বেচি। সেয়েহে মই আশা কৰো, মোৰ প্ৰতি সুবিচাৰ কৰি আৰু ইমান বেচি টকাৰ বিল দিয়া মোৰ পক্ষে কষ্টকৰ এই কথা বিবেচনা কৰি মোৰ এই চিঠি পোৱাৰ লগে লগে প্ৰয়োজনীয় ব্য়ৱস্থা গ্ৰহণ কৰিব।

ধন্য়বাদ।

আবেদনকাৰীৰ ঠিকনা                                                                                           আপোনাৰ বিশ্বাসী

তাৰিখ-----