ভাৰাতীয়াৰ ঠিকনা পত্ৰ লিখকৰ ঠিকনা
তাৰিখ
ডাঙৰীয়া,
মই আপোনাক মনত পেলাই দিব বিচাৰিছো যে, আপুনি আপোনাৰ আগৰ চিঠিখনত মোৰ ঘৰটো এৰি দিব বুলি তাৰিখ আৰু সময় ধাৰ্য্য় কৰি মোক জনাইছিল। আপুনি যোৱা চাৰি মাহে মোক ভাড়া দিয়া নাই আৰু বৰ্তমানে বাকী ভাড়া খিনী দিয়াৰো আৰ্থিক সামৰ্থ নাই। যদি আপুনি মোৰ লগত সহযোগিতা কৰিলেহেতেন তেতিয়াহলে বাকী ভাড়াৰ বাবে আপোনাক চাপ নিদিলোহেতেন আৰু নিৰ্দ্ধাৰিত দিনত ঘৰ এৰি দিলে মই চাৰি মাহৰ ভাড়া এৰি দিলোহেতেন।যাহওঁক, মই দুঃখেৰে সৈতে জনাইছো যে, আপুনি চুক্তিমতে কাম কৰা নাই আৰু নিৰ্দ্ধাৰিত সময়ৰ পিচতো আপুনি মোৰ ঘৰত বাস কৰি আছে। আপোনাক আৰু কিছু সুবিধা দিয়াৰ বাবে আৰু এমাহ সময় দিছো যাতে আপুনি অন্য় ঠাইলৈ উঠি যাব পাৰে। ইয়াৰ পাচত মই যদি আপোনাৰ বিৰুদ্ধে আইন অনুযায়ী ব্য়ৱস্থা অবলম্বন কৰো তেতিয়াহলে মোক কোনো দোষ নিদিব।
নমস্কাৰ লব। ইতি-
_______