প্ৰথম অধ্য়য় 

আবয়বিক নৃতত্ত্ব

১)  'মাক চাই জী' প্ৰবচন ফাঁকিৰ অৰ্থ কি ?

উত্তৰঃ মাকৰ লগত জীয়েকৰ শৰীৰ বা মনৰ মিল থাকে ।


২) কিমান চনৰ পৰা কিমান চনলৈ কাৰ্ল লেণ্ডষ্টেইনাৰ নামৰ বিজ্ঞানীজনে মানুহৰ প্ৰধান চাৰিটা তেজৰ সমষ্টি আৱিস্কাৰ কৰিছিল ?

উত্তৰঃ ১৯০০-১৯০২ ।


৩) আমাৰ তেজৰ প্ৰধান চাৰিটা সমষ্টি কি কি ?

উত্তৰঃ এ, বি, এ-বি, আৰু ও ।


৪) লোহিত ৰক্ত কণিকা কেই প্ৰকাৰৰ ?

উত্তৰঃ দুই ।

৫) ইংৰাজী এ (A) বি (B) আখৰেৰে কি দুটাৰ নামকৰণ কৰিছে ?

উত্তৰঃ এন্টিজেন ।


৬) জিনক কিহৰ বাহক বুলি কোৱা হয় ?

উত্তৰঃ বংশগতিৰ ।


৭) মেণ্ডেলাৰ আলোচনী খন কিমান চনত প্ৰকাশ পাইছিল ?

উত্তৰঃ ১৮৬৬ ।


৮) কিমান চনত মেণ্ডেলাৰ মৃত্যু হয় ?

উত্তৰঃ ১৮৮৫  ।


৯) মেণ্ডেলাৰ পৰীক্ষাৰ বাবে কেইপ্ৰকাৰৰ মটৰ মাহৰ গছৰ প্ৰয়োজন হৈছিল ?

উত্তৰঃ দুই প্ৰকাৰৰ ।


১০) ক্ৰ'ম'জোমত থকা বংশগতি নিয়ন্ত্ৰণ কৰা ক্ষুদ্ৰাতি ক্ষুদ্ৰ পদাৰ্থক কি বোলে ?  

উত্তৰঃ জিন ।


১১)  ছাকাই বা ছেনয় বাসস্থান ক'ত ?

উত্তৰঃ মালয় উপদ্বীপ ।


১২) অষ্ট্ৰেলীয়াৰ আদিবাসী সকলৰ বাসভূমি ক'ত ?

উত্তৰঃ অষ্ট্ৰেলীয়া ।


১৩) নিউগিনিত বাস কৰা নিগ্ৰ' সকলক কি বোলে ?

উত্তৰঃ পাপুৱান ।


১৪) ছেমাং সকলৰ শাৰীৰিক গঢ় উচ্চতা কিমান ?

উত্তৰঃ ১৫২ ছেঃমিঃ ।


১৫)  বুছমেন সকলক কি নামেৰে জনা যায় ?

উত্তৰঃ খুৱাই বা ছান ।

১৬)  আফ্ৰিকাৰ নিগ্ৰ'ক সকলৰ কেইটা মুখ্য ভাগ আছে ?

উত্তৰঃ পাঁচটা ।


১৭) নিগ্ৰ'সকলৰ সাধাৰণতে কেইটা প্ৰধান ভাগ আছে ?

উত্তৰঃ দুটা ।


১৮) উত্তৰ মেৰুৰ মংগোলীয় সকলৰ নেত্ৰ ৰং কি ?

উত্তৰঃ ক'লা ।


১৯) মংগোলীয় সকলৰ প্ৰধান কেইটা ভাগত ভাগ কৰিব পাৰি ?

উত্তৰঃ চাৰিটা ।


২০) আইনু কোন ঠাইৰ প্ৰাচীন প্ৰজাতি ? 

উত্তৰঃ জাপান ।


Type by- Mandira Saha