তৃতীয় অধ্য়ায়

বস্তু সংস্কৃতি আৰু অৰ্থনৈতিক নৃতত্ব

১. অৰ্থনৈতিক নৃতত্ত্ব কোনটো নৃতত্ত্ব এটা শাখা ?    

উত্তৰঃ সাংস্কৃতিক ।


২. মানুহৰ সাংস্কৃতিক জীৱনৰ মূল উপাদানবোৰ প্ৰধানকৈ কেইটা ভাগত ভগাব পাৰি     

উত্তৰঃ দুটা ।


৩. পৰিয়ালৰ বস্তি মাটিত কৰা খেতিক কি খেতি বোলে ?

উত্তৰঃ উদ্যান খেতি ।


৪. উদ্যান খেতি একপ্ৰকাৰৰ কি খেতি ?    

উত্তৰঃ স্থায়ী ।


৫. পাহাৰৰ হেলনীয়া অংশত কোৰেৰে খাপ কাটি খেতিপথাৰ উলিয়াই খেতি কৰা পদ্ধতিক কি খেতি বোলে ?    

উত্তৰঃ খাপ খেতি ।


 ৬. নাঙলবিহীন কৃষি পদ্ধতিক কেই ভাগত ভাগ কৰিব পাৰি ?   

 উত্তৰঃ তিনি ।

৭. ৪,০০০ ৰ পৰা ৫,০০০ বছৰৰ পুৰণি বহু মিছৰীয় চিত্ৰত কিহৰ খোদিত চিত্ৰ আছে ?    

উত্তৰঃ নাঙলৰ ।


৮. ছেমাংসকলৰ প্ৰিয় আৰু মুখ্য আহাৰ কি ?    

উত্তৰঃ বনৰীয়া মানকচুৰ মূল ।


 ৯. ছেমাংসকলৰ গৌণ জীৱিকা কি ?    

উত্তৰঃ চিকাৰ কৰা আৰু মাছ মৰা ।


১০. টিয়েৰা ডেল ফিউগ'বাসী ওনাসকলৰ মুখ্য আহাৰ কি ?    

উত্তৰঃ গুৱানক ।


১১. এস্কিম'সকলে কিহৰ চিকাৰ কৰি ক'ত জীৱন  নিৰ্বাহ কৰে ?    

উত্তৰঃ ছিল বা কেৰিবৌ ।


 ১২. খাদ্য হিচাপে মাছ কোনটো যুগৰ পৰা ব্যৱহৃত হোৱা বুলি অনুমান কৰা হৈছিল ?   

 উত্তৰঃ উচ্চ প্ৰত্নপ্ৰস্তৰ যুগ ।


১৩. ধনু-কাঁড়েৰে কোনে মাছ ধৰিছিল ?                

উত্তৰঃ চাওঁতাল আৰু ওৰাং সকলে ।


  ১৪. যিবোৰ সঁজুলি পানীত পাতি থৈ আহিলে মাছ লাগে তেনেবোৰ সঁজুলিক কি সঁজুলি বোলি কোৱা হয় ?              

  উত্তৰঃ স্বয়ংক্ৰিয় সঁঁজুলি । 


১৫. স্বয়ংক্ৰিয় সঁজুলি এবিধৰ নাম লিখা ?               

 উত্তৰঃ চেপা ।


  ১৬. ধাতুৰদ্বাৰা নিৰ্মিত এবিধ মাছধৰা সঁজুলি নাম কি ?                

উত্তৰঃ বৰশী ।


১৭. অষ্ট্ৰেলীয়াৰ আদিবাসীসকলে কি জন্তুৰ চিকাৰ কৰে ?               

 উত্তৰঃ ওপোছাম আৰু কেংগেৰু । 


 ১৮. এস্কিম'সকলে গ্ৰীষ্মকালত কিহৰ চিকাৰ কৰে ?               

 উত্তৰঃ কেৰিবৌ পহু ।

১৯. মেস্কিক'সকলৰ পশ্চিম উপকূলৰ মাটি কেনেকুৱা ?               

 উত্তৰঃ অতিশয় খাৰুৱা ।


  ২০. ঋতু অনুসৰি পশুৰ পাল লৈ ঘূৰি ফুৰা প্ৰথাক কি বোলে ?               

 উত্তৰঃ ট্ৰেঞ্চপিউমেনছ ।


Type by- Mandira Saha