চতুৰ্থ অধ্য়ায়

সামাজিক নৃতত্ব

১. জি. পি. মাৰ্ডকে লিখা পুথিখনৰ নাম কি ?    

উত্তৰঃ "Social Structure" . 


২. কৰ্তৃত্বৰ ভিত্তিত প্ৰাথমিক পৰিয়ালক কেইটা ভাগত ভাগ কৰে ?    

উত্তৰঃ দুটা ।


৩. এজন পুৰুষ, তেওঁৰ একাধিক পত্নী আৰু ল'ৰা-ছোৱালীৰে গঠিত পৰিয়ালক কি পৰিয়াল বোলে ?   

 উত্তৰঃ যুগ্ম পৰিয়াল ।


 ৪. যুগ্ম পৰিয়াল কেই প্ৰকাৰৰ হ'ব পাৰে ?   

 উত্তৰঃ তিনি প্ৰকাৰৰ ।


 ৫. বহুপতিৰ  পৰিয়ালৰ উদাহৰণ হ'ল ?    

উত্তৰঃ টোডা সমাজ ।


 ৬. এজন লোকৰ জন্ম পৰিয়াল আৰু প্ৰজনন পৰিয়াল লগ লাগি গঠিত হোৱা পৰিয়ালক কি পৰিয়াল বোলে ?    

উত্তৰঃ সংযুক্ত পৰিয়াল ।


৭. পৰিয়ালৰ আন এটা উল্লেখযোগ্য প্ৰকাৰ্য কি ?    

উত্তৰঃ প্ৰজনন ।


 ৮. ছোটনাগপুৰ অঞ্চলৰ জনজাতি হো সকলৰ মাজত প্ৰত্যেক পৰিয়ালতে এখন কি থাকে ?    

উত্তৰঃ আদিং ।


 ৯. বিবাহৰ ভিত্তিত পৰিয়াল সমূহৰ কেইটা ভাগত ভগাব পাৰি ?    

উত্তৰঃ চাৰিটা ।    

১০. বিয়াৰ পিছত নৱ-দম্পতিয়ে দৰাৰ ঘৰত থাকিলে তাক কি নিৱাস বোলে ?     

উত্তৰঃ পিতৃস্থানিক নিৱাস ।  

১১.পৰিয়াল কি ? 

 উত্তৰঃ পৰিয়াল হৈছে সমাজৰ ন্য়ূনতম গোট । 

 ১২. যৌগিক বা যুগ্ম পৰিয়াল কেই প্ৰকাৰৰ ?  

উত্তৰঃ তিনি প্ৰকাৰৰ । 

 ১৩. প্ৰথমিক পৰিয়ালৰ আন এটা নাম কি?

উত্তৰঃ একক পৰিয়াল।

১৪. কৃষক সমাজত কোন প্ৰকাৰৰ পৰিয়ালৰ প্ৰাধান্য বেছি?

উত্তৰঃ একান্নবৰ্তী বা সংযুক্ত পৰিয়াল।

১৫. মানৱ সমাজৰ ক্ষুদ্ৰতম গোটটি কি?

উত্তৰঃ পৰিয়াল।

১৬. একপত্নী-বহুপতিক পৰিয়াল কাৰ মাজত দেখা যায়?

উত্তৰঃ টোডা।


১৭.  মিছিংসকলৰ জীৱিকা নিৰ্বাহৰ প্ৰধান উৎস কি?

উত্তৰঃ নাঙল খেতি।


১৮. আপাটানিসকল ক'ত বাস কৰে?

উত্তৰঃ অৰুণাচল প্ৰদেশত।


১৯. কোনটো জনগোষ্ঠিয়ে নিজক 'আছিক্-মান্দে' (বা পাহাৰী মানুহ) বুলি চিনাকি দিবলৈে ভাল পায়?

উত্তৰঃ গাৰো।


২০. গাৰোসকলৰ মাজত থকা ডেকা চাঙৰ নাম কি?

উত্তৰঃ নোকপান্তে।


Type by- Mandira Saha