Chapter 14

আঘোণৰ কুঁৱলী

 ১) কবি কেশৱ মহন্তই কোনখন কাব্য়গ্ৰন্থৰ বাবে সাহিত্য় অকাডেমি বটাঁ লাভ কৰিছিল?

উত্তৰঃ 'মোৰ যে কিমান হেপাহ' ।


২) কেশৱ মহন্তই শিশুৰ বাবে কচনা কৰা গ্ৰন্থ নাম কি আছিল?

উত্তৰঃ 'মা আমি শদিয়ালৈ যামেই' ।


৩)কেশৱ মহন্তৰ প্ৰথম কাব্য় সংকলনখনৰ নাম কি?

উত্তৰঃ 'আমাৰ পৃথিৱী' ।


৪) কবিৰ প্ৰেয়সী নাম কি?

উত্তৰঃ সেউতি ।


৫) কবিৰ প্ৰেয়সী বয়স কিমান আছিল?

উত্তৰঃ ১৭ বছৰ ।


৬) কেশৱ মহন্তৰ দ্ৱাৰা ৰচিত এখন গীতৰ পুথিৰ নাম কি?

উত্তৰঃ 'মোৰ যে কিমান হেপাহ' ।


৭) 'পছোৱা' আলোচনী কোনগৰাকী সাহিত্য়িকে সম্পাদনা কৰিছিল?

উত্তৰঃ হেম বৰুৱা ।


৮) কেশৱ মহন্তই কোনখন আলোচনীত প্ৰথমতে কবি হিচাপে আত্মপ্ৰকাশ কৰিছিল?

উত্তৰঃ 'জয়ন্তী' ।


৯) আঘোণৰ পথাৰৰ দাৱনীবোৰৰ হাঁহিৰ ৰং কেনেকুৱা?

উত্তৰঃ তেজ-হালধীয়া ।


১০)  আঘোণৰ কুঁৱলী পাঠটি লিখক কোন?

উত্তৰঃ কেশৱ মহন্ত ।


১১) কেশৱ মহন্ত কিমান চনত জন্ম গ্ৰহণ কৰিছিল ?

উত্তৰঃ ১৯২৬ চনত ।


১২) 'ছোভিয়েট' নামৰ আলোচনী মুখ্য় সম্পাদকৰূপে কাক কাৰ্যনিৰ্বাহ কৰিছিল?

উত্তৰঃ কেশৱ মহন্ত।


১৩) কেশৱ মহন্ত কিমান চনত মৃত্য়ু হয়?

উত্তৰঃ ২০০৬ চনত ।


১৪) কেশৱ মহন্ত জন্ম গ্ৰহণ কৰা জিলাখনৰ নাম কি?

উত্তৰঃ শোণিতপুৰ ।


১৫) ৰাগি মানে কি?

উত্তৰঃ মাদকতা ।


১৬) পতা-সোণ শব্দ অৰ্থ কি?

উত্তৰঃ সোণাৰীয়ে পিটি পাতল কৰা সোণ ।


১৭) অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত অৰিহণা যোগোৱা এখন আলোচনীৰ নাম কি? 

উত্তৰঃ 'পছোৱা' ।


১৮) কেশৱ মহন্তয়ে প্ৰকাশন বিষয়া হিচাপে কৰ পৰা অৱসৰ লয়?

উত্তৰঃ গুৱাহাটী বিশ্ৱবিদ্য়ালয় ।


১৯)  ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যদেৱৰ সম্পাদিত আলোচনীৰ খনৰ নাম কি?

উত্তৰঃ 'ৰামধেনু' ।


২০) আঘোণৰ পথাৰত ধান কটাৰ মহিলাক কি বুলি কোৱা হয়?

উত্তৰঃ দাৱনী ।


Type by- Mandira Saha