গোট-২ঃ পদ্য়

বৰগীত (উঠ ৰে উঠ বাপু গোপাল হে)

১) 'উঠৰে উঠ বাপু গোপাল হে' বৰগীতটো কি ৰাগত বন্ধা? 

উত্তৰঃ 'কৌ' ৰাগত বন্ধা । 


২।মাধৱদেৱৰ জন্ম ক'ত হৈছিল ?

উত্তৰঃ উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ অঞ্চলত মাধৱদেৱৰ জন্ম হৈছিল


৩। বৰগীতসমূহ কি ভাষাত ৰচিত?

উত্তৰঃ ব্ৰজাৱলী ভাষাত ৰচিত ।


৪।শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি অভিহিত কৰা হয় ? 

উত্তৰঃ মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰা হয় ।


৫। মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল?

উত্তৰঃ ১৫৭ টা 


৬।কোনখন গ্ৰন্থক মাধৱদেৱৰ সাহিত্য়ক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়?

উত্তৰঃ নামঘোষা ।


৭। বৰগীতত কি বৰ্ণনা কৰা হৈছে ?

উত্তৰঃ বেদ-উপনিষদৰ মৰ্মাৰ্থ, বৈষ্ণৱ ধৰ্মৰ উপাস্য় দেৱতা, শ্ৰীকৃষ্ণ মহিমা আৰু ভক্ত হৃদয়ৰ আকুল প্ৰাৰ্থনা সাংগীতিক ভাষাৰে বৰ্ণনা কৰা হৈছে ।


৮।বৰগীতৰ বিষয়বস্তু কেইটা ভাগত ভাগাব পাৰি ?

উত্তৰঃ ছয় ভাগত ভাগাব পাৰি ।


৯) 'উঠ ৰে উঠ বাপু গোপাল হে' শীৰ্ষক বৰগীতটো কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে ?

উত্তৰঃ হৰিনাৰায়ণ  দত্তবৰুৱা সম্পাদিত 'বৰগীত' নামৰ গ্ৰন্থৰ পৰা লোৱা হৈছে ।


১০) মাধৱদেৱক আনুষ্ঠানিক শিক্ষা কোনে প্ৰদান কৰিছিল ?

উত্তৰঃ ৰাজেন্দ্ৰ অধ্য়াপকে ।


১১)মাধৱদেৱৰ বৰগীতৰ মূল বিষয় কি ?

উত্তৰঃ শ্ৰীকৃষ্ণৰ চোৰ-চাতুৰি ।


১২) বৰগীতটোত যশোদাই মৰমতে কৃষ্ণক কি কি নামেৰে সম্বোধন কৰিছে ?

উত্তৰঃ বাপু, কমল ,নয়ন, প্ৰাণধন ইত্য়াদি নামেৰে সম্বোধন কৰিছে ।


১৩) বৰগীতটোতক কোনে 'Noble Numbers' বুলি কৈছিল ?

উত্তৰঃ ড° বাণীকান্ত কাকতিয়ে বৰগীতক 'Noble Numbers' বুলি কৈছিল ।


১৪) কালিৰাম মেধিয়ে বৰগীতক কি বুলি অভিহিত কৰিছিল ?

উত্তৰঃ 'Great Song' বা 'Song Celestial' বুলি অভিহিত কৰিছিল । 


১৫) বৰগীতক 'Holy Songs' বুলি কোনে কৈছিল ?

উত্তৰঃ দেৱেন্দ্ৰনাথ বেজবৰুৱাই 'Holy Songs' বুলি কৈছিল ।


Type by- Mandira Saha