বুধিয়ক বীৰবল



১। ডেকা কালত আকবৰে কি কৰি ভাল পাইছিল?

a)  ভ্ৰমণ কৰি

b)  চিকাৰ কৰি

c)  ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b)  চিকাৰ কৰি


২। আকবৰ চিকাৰলৈ গ'লে সদায় লগত কাক নিছিল?

a)  বীৰবলক

b)  মিত্ৰদেৱ মহন্তক

c)  ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a)  বীৰবলক

৩। অৰণ্যত চিকাৰ কৰি কোনে ভাল পাইছিল?

a)  বীৰবলে

b)  আকবৰে

c)  ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ  b)  আকবৰে


৪। অৰণ্যত চিকাৰ কৰি থাকিলে পশু-পক্ষী নিঃশেষ হৈ যাব বুলি কোনে কৈছিল?

a)  আকবৰে

b)  বীৰবলে

c)  ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b)  বীৰবলে

৫। পশু-পক্ষী নোহোৱা কেইখন অৰণ্য দিব পৰা যাব বুলি ৰাজকোঁৱৰৰ পিতৃয়ে সুধিছিল?

a)  চল্লিশ-পঞ্চাশখন

b)  বিশ-ত্ৰিশখন

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃa)  চল্লিশ-পঞ্চাশখন


৬। এনেকই যদি সম্ৰাটে চিকাৰ কৰি থাকে তেনেহ'লে আৰু কিমানখন হাবিৰ পশু-পক্ষী নিঃশেষ হ'ব?

a)  পাছ-দহখন

b)  বিশ-ত্ৰিশখন

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b)  বিশ-ত্ৰিশখন

৭। গতিকে ব'লা ৰাজপ্ৰসাদলৈ উভতি যাওঁ এই কথাষাৰ কোনে কৈছিল?

a)  বীৰবলে

b)  আকবৰে

c)  ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b)  আকবৰে

৮। যে বন্য সমাজৰ প্ৰচলিত নিয়ম অনুসৰি ৰাজকন্যাৰ লগত এনে কিমানখন অৰণ্য দিব পৰা যাব এই কথাষাৰ কোনে কৈছিল?

a) ৰাজকন্যাৰ পিতাকে

b) ৰাজকোঁৱৰৰ পিতাকে

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) ৰাজকোঁৱৰৰ পিতাকে

৯। এনেদৰে চিকাৰ কৰি থাকিলে অৰণ্যত পশু-পক্ষীৰ কি হ'ব?

a)  বাহি যাব

b)   কমি যাব

c)  ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b)   কমি যাব

১০। এদিন চিকাৰলৈ যাওঁতে দুয়ো কি কৰিবলৈ এজোপা গছৰ তলত ৰইছিল?

a) ভাগৰ পলুৱাবলৈ

b) কথা পাতিবলৈ

c)  ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃa) ভাগৰ পলুৱাবলৈ

১১। তেওঁলোকে যিজোপা গছৰ তলত বহিছিল সেই গছজোপাৰ ডালত কি পৰি আছিল?

a)  দুটা ফেঁচা

b) দুটা চৰাই

c)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰ ঃ a)  দুটা ফেঁচা

১২। তুমিতো পশু-পক্ষীৰ মাত বুজি পোৱা কোৱাচোন এই ফেঁচা দুটাই কি কথা পাতি আছে এই কথাষাৰ কোনে কৈছিল?

a) আকবৰে বীৰবলক

b) বীৰবলে আকবৰক

c)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) আকবৰে বীৰবলক

১৩। বিচৰামতে দিবলৈ হ'লে আৰু কিমান মাহ অপেক্ষা কৰিব লাগিব?

a) দুমাহ

b)পাছঁমাহ

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) দুমাহ

১৪। পাত্ৰীৰ পিতৃয়ে দুমাহ সময় কিয় বিচাৰিছিল কোনে কাক সুধিলে?

a) আকবৰে বীৰবলক

b) বীৰবলে আকবৰক

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) আকবৰে বীৰবলক

১৫। কি কাৰণে সি বাৰু তেনেদৰে বুকু ডাঠি ক'ব পাৰিছে কোনে আচৰিত হৈ কাক সুধিলে?

a) বীৰবলে আকবৰক

b) আকবৰে বীৰবলক

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ a) বীৰবলে আকবৰক

১৬। বীৰবল কোন আছিল?

a) এজন অসমৰ ৰজা আছিল

b) আকবৰ ৰাজপ্ৰসাদৰ মন্ত্ৰি আছিল

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) আকবৰ ৰাজপ্ৰসাদৰ মন্ত্ৰি আছিল

১৭। আকবৰ কোন আছিল?

a) এজন মন্ত্ৰি আছিল

b) এজন ৰজা আছিল

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) এজন ৰজা আছিল

১৮। ফেঁচা দুটাই কি কৰি আছিল?
a) কথা পাতি আছিল

b) কুৰুলীয়াই আছিল 

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ b) কুৰুলীয়াই আছিল 

১৯। নিশেষ শব্দৰ অৰ্থ কি?

a) সমূলি শেষ

b) দোষশূন্য অৱস্থা

c) ইয়াৰ ভিতৰত এটা নহয়

উত্তৰঃ a) সমূলি শেষ

২০। জাহাপনা শব্দৰ অৰ্থ কি?

a) যাত্ৰী

b) বাদছাহক সন্মান কৰি মতা মাত

c) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃb) বাদছাহক সন্মান কৰি মতা মাত

 ২১। সমাজৰ প্ৰচলিত নিয়ম অনুসৰি ৰাজকন্য়াৰ লগত কেইখন অৰণ্য় দিব পৰা যায় বুলি কৈছিল?

a) বিছখন 

b) ত্ৰিছখন 

c) চল্লিছখন 

উত্তৰঃc) চল্লিছখন 

২২। বিতুষ্ট শব্দ অৰ্থ কি?

a) অসন্তুষ্ট

b) নিপুণ

c) কোৱা 

উত্তৰঃ a) অসন্তুষ্ট

২৩। তাৎপৰ্য শব্দ অৰ্থ কি?

a) ক্ষুদ্ৰ পৰিমাণৰ

b) গুঢ়াৰ্থ বা ভিতৰুৱা অৰ্থ 

c) তেৰ সংখ্য়ক 

উত্তৰঃ b) গুঢ়াৰ্থ বা ভিতৰুৱা অৰ্থ 

২৪। অৱসৰ বিনোদনৰ শব্দ অৰ্থ কি? 

a) পাপ 

b) অনুদান 

c) আজৰি পৰৰ আমোদ প্ৰমোদ  

উত্তৰঃ c) আজৰি পৰৰ আমোদ প্ৰমোদ  

২৫। নিঃশেষ শব্দ অৰ্থ কি? 

a) নিখোজ

b) নমুনা 

c) সমূলি শেষ 

উত্তৰঃ c) সমূলি শেষ 

২৬। উপলব্ধি শব্দ অৰ্থ কি?

a) অনুমান 

b) শ্ৰেষ্ঠ 

c) পাবলৈ অতি ব্য়গ্ৰ 

উত্তৰঃ a) অনুমান