BA 3rd Sem Education Major Chapter 2 Question and Answer Assam | B.A 3rd Semester Education Notes | B.A 3rd Semester Education Free Suggestion | B.A 3rd Semester Education Solution | B.A 3rd Semester Education Question and Answer | মূল্যবোধৰ প্ৰকাৰ, সেইবোৰৰ বৈশিষ্ট্য, কাৰ্যাৱলী আৰু শৈক্ষিক তাৎপৰ্য পাঠটোৰ প্ৰশ্ন-উত্তৰ |  BA 3rd Sem Major Education Paper 3 |


প্রশ্নাৱলী


(১) অতি চমু উত্তৰৰ প্ৰশ্ন (Questions of Very Short Answer)


(i) সামাজিক মূল্যবোধে কাক বোলে ? 

What is social value?

উত্তৰঃ বন্ধুত্ব, সহযোগিতা, ভাতৃত্ববোধ, দায়িত্ব পৰায়ণতা, ধৈৰ্য্য, সহানুভূতিশীলতা আদিবোৰ হৈছে সামাজিক মূল্যবোধ, যিবোৰ সমাজৰ সৈতে সম্বন্ধিত । ইয়াকে সামাজিক মূল্যবোধ বোলে। জি আৰ লেবলি গোৰমান (Gorman), লাচন (Larson), "Social values are group conceptions of the relative desirability of thing."

(ii) নৈতিক মূল্যবোধৰ উদাহৰণ দিয়া।

 Give example of moral value.

উত্তৰঃ নৈতিক মূল্যবোধৰ উদাহৰণ হ'ল- নীতি-নিয়ম, হিত-অহিত, উচিত-অনুচিত ইত্যাদি।

(iii) প্লেট'ৰ মূল্যবোধৰ ভাগবোৰ লিখা। 

Write the type of value by Plato.

উত্তৰঃ প্লেট'ৰ মূল্যবোধৰ ভাগবোৰ হ'ল- 

১. সত্য।

২. শিৱ বা ভাল।

৩. সুন্দৰতা।

(iv) স্প্রেংগাৰৰ মতে মূল্যবোধৰ ভাগবোৰ লিখা। 

Mention the type of value according to Sprenger.

উত্তৰঃ স্প্রেংগাৰৰ মতে মূল্যবোধৰ ভাগবোৰ হ'ল- তাত্বিক, অৰ্থনৈতিক, সৌন্দৰ্যবোধক, সামাজিক, ৰাজনৈতিক, আৰু ধৰ্মীয়।

(v) অর্থনৈতিক মূল্যবোধ কি? 

What is economic value?

উত্তৰঃ অর্থনৈতিক মূল্যবোধ হ'ল- অৰ্থৰ লগত জড়িত মূল্যবোধ হ'ল অৰ্থনৈতিক মূল্যবোধ। বস্তুবাদী মানসিকতা আৰু অৰ্থ লিপ্সা এনে মূল্যবোধৰ অন্তৰ্গত।

(vi) মৌলিক মূল্যবোধৰ এটা বৈশিষ্ট্য লিখা। 

Write a characteristic of core value.

উত্তৰঃ মৌলিক মূল্যবোধৰ এটা বৈশিষ্ট্য হ'ল-

১। বুনিয়াদী মূল্যবোধসমূহ হৈ0ছে এজন ব্যক্তিৰ মৌলিক বিশ্বাস। 

২। ই আমাৰ দৈনন্দিন জীৱনৰ নীতি নিৰ্দ্ধাৰিত কৰে। 

৩। এনে প্ৰকাৰৰ মূল্যবোধ হৈছে মৌলিক প্রকৃতিৰ।

(vii) সামাজিক মূল্যবোধৰ উদাহৰণ দিয়া। 

Give example of social value.

উত্তৰঃ সামাজিক মূল্যবোধৰ উদাহৰণ হ'ল- ন্যায়, স্বাধীনতা, সন্মান, সহযোগিতা,দায়িত্ব, ধৈৰ্য্য আৰু বন্ধুত্ব।

(viii) সামাজিক মূল্যবোধৰ যিকোনো এটা কাৰ্য্য উল্লেখ কৰা।

 Mention one function of social value.

উত্তৰঃ সামাজিক মূল্যবোধৰ যিকোনো এটা কাৰ্য্য হ'ল- 

(i) সমাজৰ সংস্কৃতিত সামাজিক মূল্যবোধে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 

(ii) সামাজিক মূল্যবোধসমূহ সমাজৰ ব্যক্তিসকলক কিছুমান সাধাৰণ লক্ষ্যত উপনীত কৰায়।

(iii) দলীয় আদান-প্ৰদানৰ ক্ষেত্ৰত সামাজিক মূল্যবোধে সমৰূপতা আৰু স্থিৰতা প্ৰদান কৰে৷ ইয়াৰ জৰিয়তে সমাজখনক একতাৰ ডোলেৰে বান্ধি ৰাখে ৷

(ix) সামাজিক সাদৃশ্য কি?

What is social conformity? 

উত্তৰঃ 

(x) সৌন্দর্যবোধ মূল্যবোধ কাক বোলে ? 

What is aesthetic value?

উত্তৰঃ কোনো বস্তু বা বিষয়ৰ ক্ষেত্ৰত ব্যক্তিয়ে উপলব্ধি কৰা সৌন্দর্যই হ'ল সৌন্দর্যবোধক মূল্যবোধ। দার্শনিক প্লেট ৱে সৌন্দর্যবোধত বিশ্বাস কৰিছিল। এনে মূল্যবোধ সম্পূৰ্ণৰূপে মানুহৰ মনৰ ওপৰত নিৰ্ভৰশীল। সৃষ্টিশীল আৰু কল্পনাশীল মনোভাৱৰ দ্বাৰা উদ্ধুদ্ধ হোৱাকে সৌন্দর্যবোধক মূল্যবোধ বোলে।

বা

যিবোৰ মূল্যবোধে ব্যক্তিৰ মনত সুখ আৰু আনন্দ প্ৰদান কৰে তাকে সৌন্দর্যবোধক মূল্যবোধ বোলে। এই মূল্যবোধ সম্পূৰ্ণৰূপে মানুহৰ মনৰ ওপৰত নিৰ্ভৰশীল। মানৱে জীৱনৰ শৈশৱ কালৰ পৰাই সৃষ্টিশীল কৰ্ম কৰিবলৈ সক্ষম হয়।

(xi) সৌন্দর্যবোধক মূল্যবোধৰ ভাগ দুটা উল্লেখ কৰা।

Write the types of aesthetic value. 

উত্তৰঃ সৌন্দর্যবোধক মূল্যবোধৰ ভাগ দুটা হ'ল-বস্তুনিষ্ঠ সৌন্দর্যবোধক মূল্যবোধ (Objective Aesthetic value) আৰু ব্যক্তিনিষ্ঠ সৌন্দর্যবোধক মূল্যবোধ (Subjective Aesthetic value)।

(xii) ব্যক্তিগত মূল্যবোধ কাক বোলে?

 What is personal value.

উত্তৰঃ ব্যক্তিৰ নিজ ইচ্ছাৰ ওপৰত ভিত্তি কৰি ব্যক্তিগত মূল্যবোধ গঢ়ি উঠে।  কিছুমান ব্যক্তিগত মূল্যবোধ হৈছে শ্রম, মৰ্য্যদা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, অনুভূতি প্রৱণতা, আত্ম-অনুশাসন, নিয়মানুবর্তিতা সাধুতা, ত্যাগ, সৰল জীৱন-যাপন, সাহস  আত্মা বিশ্বাস, উচ্চাকাংখা, স্বাধীনতা, একাগ্রতা আদি। ব্যক্তিগত মূল্যবোধসমূহ হৈছে আমাৰ ব্যক্তিগত নীতি, যিবোৰ আমাৰ ব্যক্তিত্ব, শিক্ষা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠে।


(২) চমু উত্তৰৰ প্ৰশ্ন (Questions of short Answer ) 

(1) স্বামী বিবেকানন্দৰ মূল্যবোধৰ শ্ৰেণীকৰণ লিখা ।

Write the types of value according to Swami Vivekananda.

উত্তৰঃ স্বামী বিবেকানন্দৰ মূল্যবোধৰ শ্ৰেণীকৰণ হ'ল- 

১। অন্তৰৰ কৰ্ষণ (Cultivation of heart) 

২। নির্ভীকতা (Fearlessness ) 

৩। আঘাটপ্রাপ্তহীনতা (Non-injury) 

৫। আত্ম উৎসর্গা (Self-sacrifice)

৪। ব্যক্তিগত আৰু সামাজিক পবিত্ৰতা (Personal purity and social purity)

৬। অন্যক সেৱাদান (Service to others)

 (ii) পৰম্পৰাগত মূল্যবোধ সম্পর্কে লিখা।

Write about the traditional value. 

উত্তৰঃ ভাৰতবৰ্ষত পৰম্পৰাগত মূল্যবোধসমূহ হ'ল-  অৰ্থ (সমৃদ্ধি), কাম (দৈহিক সুস্থতা), ধৰ্ম (শুদ্ধ বিচাৰক) মোক্ষ (উদাৰতাবাদ) আৰু এই চাৰি পুৰুষাৰ্থই মানৱ জীৱনৰ কাৰ্যবোৰ পৰিচালনা কৰে, সময়ৰ পৰিৱৰ্তনৰ ফলত মানুহৰ মনোভাৱ, আদর্শ আৰু মূল্যবোধ আদি সলনি হৈছে।

(ii) স্থায়ী আৰু অস্থায়ী মূল্যবোধ বুজিলে কি বুজা? 

Define temporary and permanent value.

উত্তৰঃ স্থায়ী মূল্যবোধ আভ্যন্তৰীণ আৰু সৰ্বশেষ মূল্যবোধৰ সৈতে একে সময় আৰু স্থানৰ পৰিৱৰ্তনৰ সৈতে স্থায়ী মূল্যবোধৰ পৰিৱৰ্তন নঘটে। সত্য, সুন্দৰ আৰু ভাল আদিবোৰ হৈছে স্থায়ী মূল্যবোধ।

    অস্থায়ী মূল্যবোধসমূহ হৈছে বাহ্যিক মূল্যবোধ যেনে অর্থ, সম্পত্তি ইত্যাদি। টকা, সম্পদ, সম্পত্তি ইত্যাদিবোৰৰ সময় আৰু স্থান অনুসৰি পৰিৱৰ্তন ঘটে।

(iv) আভ্যন্তৰীণ আৰু বাহ্যিক মূল্যবোধ সম্পর্কে লিখা।

Write about instrinsic and extrinsic values. 

উত্তৰঃ আভ্যন্তৰীণ মূল্যবোধে আনৰ বাবে ভাল-বেয়া বিচাৰ কৰাৰ পৰিৱৰ্তে নিজৰ বাবে ভাল-বেয়াৰ বিচাৰ কৰে। এই মূল্যবোধ অনুসৰি মূল্যবোধ অৰ্ন্তনিহিত আৰু আভ্যন্তৰীণ গুণ। কোনো বাহ্যিক দিশৰ ওপৰত ই নিৰ্ভৰশীল নহয়। উদাহৰণস্বৰূপে সত্যতা এক মূল্যবোধ যাক কোনোৱে পচন্দ কৰিব পাৰে আৰু কোনোৱে নকৰিবও পাৰে।

        আনহাতে বাহ্যিক মূল্যবোধে আনৰ ভাল বিচাৰকৰণৰ লগত জড়িত। এনেবোৰ মূল্যবোধে ব্যক্তিনিষ্ঠ আৰু উপযোগিতা নীতিৰ ওপৰত প্ৰতিষ্ঠিত। কোনো প্রয়োজনীয় বস্তুৰ ক্ষেত্ৰত এই মূল্যবোধ হ'ল উপায় স্বৰূপ। উদাহৰণস্বৰূপে টকা আমাৰ বাবে মূল্যবোধ কিয়নো ইয়াৰ জৰিয়তে আমি সামগ্রী ক্রয় কৰিব পাৰো।


(v) মূল্যবোধৰ আধুনিক শ্ৰেণীকৰণ সম্পর্কে লিখা।

Write about the modern classification of values.

উত্তৰঃ  মূল্যবোধৰ আধুনিক শ্ৰেণীকৰণ সম্পর্কে তলত দিয়া হ'ল-  ভাৰতীয় দৰ্শন, প্রচলিত সংস্কৃতি ওপৰত ভিত্তি কৰি কেইটামান মৌলিক মূল্যবোধৰ ধাৰণা বৰ্তমান সময়ত প্ৰচলিত হৈছে। সেইকেইটা হৈছে— (i) গণতান্ত্রিক মূল্যবোধ (Democratic Values) : স্বাধীনতা, সমতা, সহিষ্ণুতা, আদান-প্ৰদানৰ ইচ্ছা, সমাযোজন, সমৰ্থ আৰু দলীয় কৰ্ম আদিবোৰ হৈছে গণতান্ত্রিক মূল্যবোধ। (ii) সামাজিক মূল্যবোধ (Social values) : সমতাৰ প্ৰতি সন্মান, অৰ্থ আৰু উৎপাদন বৃদ্ধি, অথৰ ন্যায়সংগত বিতৰণ আদিবোৰ সামাজিক মূল্যবোধৰ অন্তৰ্গত। (iii) ধৰ্মনিৰপেক্ষ মূল্যবোধ (Secular values) : ধৰ্মনিৰপেক্ষ মূল্যবোধসমূহ হৈছে সকলো ধৰ্মৰ প্রতি সন্মান, প্ৰাৰ্থনাৰ স্বাধীনতা, ধৰ্মৰ সহায় নোহোৱাকৈ সভ্যতাৰ পৰিচালনা আদি ।


(vi) বহুলভাৱে গ্ৰহণযোগ্য মূল্যবোধসমূহ কোনবোৰ? 

What are the widely accepted values?

উত্তৰঃ বহুলভাৱে গ্ৰহণযোগ্য মূল্যবোধসমূহ হ'ল-

সৌন্দর্যবোধক : সুন্দৰতা আৰু আনন্দৰ প্ৰতি প্ৰশংসা ।

আৱেগিক : প্রশংসা, সাহস, বন্ধুত্ব, সামঞ্জস্য।

বৈষয়িক : অৰ্থৰ প্ৰতি মোহ, জীৱনৰ আনন্দ ৷

মানসিক : নিৰপেক্ষতা আৰু দৃঢ়তা।

নৈতিক : সাধুতা, কৃতজ্ঞতা, হিতৈষী।

শাৰিৰীক : সুন্দৰতা, সত্যতা, স্বাস্থ্য, শক্তি, অনুগ্রহ।

সামাজিক : সহযোগিতা, কৰ্তব্যৰ প্ৰতি দায়িত্ব, নাগৰিকত্বৰ বোধ।

আধ্যাত্মিক : ধ্যান, চূড়ান্ত বাস্তৱ প্ৰতি লিপ্সা।

(vii) ধৰ্মীয় আৰু আধ্যাত্মিক মূল্যবোধ বুলিলে কি বুজা? 

What do you mean by religions and spiritual values?

উত্তৰঃ ধর্মীয় মূল্যবোধ আধ্যাত্মিক বিশ্বাসৰ ওপৰত নিৰ্ভৰশীল। মানৱ জীৱনত ধৰ্মই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আধ্যাত্মিক বিশ্বাস অনুসৰি মন বা আত্মাই হৈছে প্ৰকৃত সত্য আৰু চৰম বাস্তৱ। এই পৃথিৱীৰ সকলো পাৰ্থিৱ বস্তু বা বিষয়ৰ এদিন বিনাশ হ'ব কিন্তু আত্মাৰ বিনাশ নহয়। ই চিৰন্তন আৰু অপাৰ্থিৱ। আধ্যাত্মিকতাৰ চূড়ান্ত প্রতীক আত্মা বা ভগৱানক উপলব্ধি কৰিব পৰাটোৱে ব্যক্তিৰ সৰ্বশ্ৰেষ্ঠ জ্ঞান। এই ধাৰণাৰ ভিত্তিতে ধর্মীয় মূল্যবোধ গা কৰি উঠিছিল।

    যিবোৰৰ লগত ঐশ্বৰিক আৰু ধৰ্মীয় বিষয় জড়িত হৈ থাকে সেইবোৰ ধৰ্মীয় মূল্যবোধৰ অন্তৰ্গত। মানসিক পবিত্ৰতা আৰু নিৰ্মলতাৰ লগত এই মূল্যবোধ জড়িত। এনে মূল্যবোধৰ অন্তৰ্গত বিষয়বোৰ হ'ল—ঈশ্বৰৰ ওপৰত বিশ্বাস, সকলো ধৰ্মক সন্মান প্রদর্শন, শুদ্ধতা, আত্ম নিৰ্ভৰশীলতা, ক্ষমা প্রদান, সত্যতা, অহিংসা, ত্যাগ, উপাসনা, নম্রতা আদি।

    ধৰ্মীয় আৰু আধ্যাত্মিক মূল্যবোধে সদায় শান্তি আৰু ভাল লগাৰ ওপৰত প্ৰাধান্য দিয়ে। ধর্ম হৈছে মূল্যবোধ, ভাবধাৰা, মানদণ্ড আদিৰ শক্তিশালী উৎস। বেছি ভাগ মূল্যবোধ, মানদণ্ড আদি ধৰ্মৰ পৰাই সৃষ্টি হয়। ইংৰাজী 'Religion' শব্দটো 'Religare' শব্দৰ পৰা উৎপত্তি হৈছে যাৰ অৰ্থ হ'ল "to bind man to man" (মানুহক দোলেৰে বন্ধা)। এইটো দিশৰ পৰা ধৰ্মীয় মূল্যবোধ হৈছে মৰম, সহিষ্ণুতা, ত্যাগ আৰু সমাজ সেৱাৰ বান্ধোন যিয়ে মানৱ জাতিক বান্ধি ৰাখে। নৈতিক মূল্যবোধসমূহ হৈছে ভগৱানৰ ওপৰত বিশ্বাস, অন্য ধৰ্মৰ প্ৰতি সন্মান, ভক্তি, আত্ম বিশ্বাস, সত্যতা, অহিংসা, মানৱীয়তা আদি।

    আধ্যাত্মিকতাই মানৱ আত্মা আৰু মনক অন্তৰৰ ভাগৰ পৰা প্ৰকৃত শক্তি প্ৰদান কৰে। আত্ম অনুভৱৰ দ্বাৰা আধ্যাত্মিক মূল্যবোধ সৃষ্টি হয়। আধ্যাত্মিকতাই উপযুক্ত সামাজিক আৰু মানৱীয় বান্ধোন বজাই ৰাখে।


(৩) দীঘল উত্তৰৰ প্ৰশ্ন (Questions of Long Answers) 

(i) সামাজিক মূল্যবোধৰ শৈক্ষিক তাৎপৰ্য্য লিখা।

Write the educational significance of social value.

উত্তৰঃ সামাজিক মূল্যবোধৰ শৈক্ষিক তাৎপৰ্য্য হ'ল-

শিক্ষণ-শিকন প্ৰক্ৰিয়াত সামাজিক মূল্যবোধসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। স্কুল এখন সামাজিক অনুষ্ঠান; ইয়াত ভাতৃত্ব, একতা, সহযোগিতা, সহিষ্ণুতা আদিৰ বিকাশ ঘটে। শিক্ষা নিজেই এক সামাজিককৰণ প্ৰক্ৰিয়া আৰু এনেবোৰ প্ৰক্ৰিয়াৰ কাৰক হৈছে সামাজিক মূল্যবোধসমূহ। নাগৰিকত্বৰ ধাৰণা বিকাশৰ আহিলা হৈছে সামাজিক মূল্যবোধসমূহ। ই ছাত্র-ছাত্রীক সামাজিক সচেতনতা, সামাজিক দায়িত্ব, সামাজিক আনুগত্য, স্বাধীনতা, ৰাষ্ট্ৰীয় ঐক্য, আন্তঃজার্তিক বুজাপৰা, গণতান্ত্রিক নাগৰিকত্ব- বোধ, সমতা, সামাজিক ন্যায়, শান্তিপূৰ্ণ জীৱন-যাপন, বিশ্বাস আৰু সংস্কৃতি ইত্যাদিৰ বিষয়ে শিকায়। শিক্ষণৰ জৰিয়তে সামাজিক মূল্যবোধসমূহৰ বিকাশ ঘটাব পাৰি। তলত সামাজিক মূল্যবোধ সমূহৰ শৈক্ষিক তাৎপৰ্য্য চমুকৈ দাঙি ধৰা হ'ল।

১। প্রাক্-স্কুল পর্যায়ত ছাত্ৰ-ছাত্ৰীক শিক্ষণৰ বাবে ঘৰুৱা পৰিবেশ প্ৰদান কৰা হয়। ইয়াত মৰম, ভালপোৱা, সত্যতা আৰু বাধ্যতাৰ বিষয়ে শিকোৱা হয়।

২। শিক্ষাৰ প্ৰাথমিক স্তৰত সকলোৰে প্ৰতি মৰম, স্বদেশ প্ৰেম, আচৰণৰ সত্যতা, ডাঙৰৰ প্ৰতি সম্মান, জ্ঞানৰ কৌতুহল, প্ৰকৃতিৰ প্ৰতি সৎ ব্যৱহাৰৰ শিকোৱা হয়। 

৩। মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্য্যায়ত বিভিন্ন গুণাৱলীৰ লগতে সেইবোৰৰ ব্যৱহাৰিক দিশৰ ওপৰত গুৰুত্ব দিয়া হয়।

৪। শ্ৰমৰ মৰ্য্যদা দিয়া, বনভোজ, শিক্ষামূলক ভ্রমণ আদিবোৰৰ আয়োজন কৰি ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন মানুহৰ সৈতে মিলা-মিছাৰ সুযোগ দিব লাগে।

৫। উচ্চ শিক্ষাৰ ছাত্ৰ-ছাত্ৰীয়ে দুৰ্যোগ, বেমাৰ আজাৰ আদিৰ বিৰুদ্ধে অভিযান চলাব লাগে। 

৬। অন্ধ আৰু অন্যান্য অসুবিধা থকা ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ সুবিধা দিব লাগে।

৭। জনসাধাৰণৰ মাজৰ পৰা নিৰক্ষৰতা দূৰীকৰণৰ ব্যৱস্থা হাতত দিব লাগে।


৮। ৰাজনীতি বিজ্ঞান, পৌৰ বিজ্ঞান, অর্থনীতি আদিৰ জ্ঞানে সামাজিক মূল্যবোধৰ বিকাশত সহায় কৰে।

(ii) ব্যক্তিগত মূল্যবোধসমূহৰ কাৰ্য্যৱলী সম্পর্কে লিখা। 

Write the functions of personal values.

উত্তৰঃ ব্যক্তিগত মূল্যবোধসমূহৰ কাৰ্য্যৱলী হ'ল-

(i) ব্যক্তিগত মূল্যবোধসমূহে আমাৰ দৈনন্দিন জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। 

(ii) ব্যক্তিগত মূল্যবোধসমূহে এজন ব্যক্তিৰ জীৱনত নির্দেশনাত্মক নীতি সদৃশ কাম কৰে যিবোৰে মানুহক কাৰ্য্যকৰাৰ বাবে অভিৰোচিত কৰে।

(iii) জীৱনৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত এনে মূল্যবোধ সমূহে সহায় কৰে।

(iv) উপযুক্ত ব্যক্তিত্বৰ বিকাশত ব্যক্তিগত মূল্যবোধে সহায় কৰে।

(v) এজন ব্যক্তিৰ জীৱনত ব্যক্তিগত মূল্যবোধসমূহ হৈছে নিৰ্দেশনাৰ উৎস।

(iii) সৌন্দর্যবোধক মূল্যবোধ কাক বোলে? ইয়াৰ বৈশিষ্ট্যসমূহ লিখা। 

What is aesthetic values? Write its characteristics.

উত্তৰঃ যিবোৰ মূল্যবোধে ব্যক্তিৰ মনত সুখ আৰু আনন্দ প্ৰদান কৰে তাকে সৌন্দর্যবোধক মূল্যবোধ বোলে। এই মূল্যবোধ সম্পূৰ্ণৰূপে মানুহৰ মনৰ ওপৰত নিৰ্ভৰশীল। মানৱে জীৱনৰ শৈশৱ কালৰ পৰাই সৃষ্টিশীল কৰ্ম কৰিবলৈ সক্ষম হয়।সৌন্দৰ্যবোধৰ ইংৰাজী প্রতিশব্দ "Aesthetic" গ্ৰীক ভাষাৰ "Aesthelike" শব্দৰ পৰা আহিছে যাৰ অৰ্থ হৈছে জ্ঞান বা জ্ঞানৰ লগত সম্বন্ধিত । সাধাৰণতে ই হ'ল দৰ্শনৰ এক শাখা যি কলা আৰু সুন্দৰতাৰ সাধাৰণ নীতি প্রতিষ্ঠা কৰাৰ লগত জড়িত।

 ইয়াৰ বৈশিষ্ট্যসমূহ হ'ল-

(i) ব্যক্তিক সুখ আৰু আনন্দ প্ৰদানৰ লগত সৌন্দর্যবোধক মূল্যবোধ সম্বন্ধিত।

(ii) ব্যক্তিৰ মানৱীয়তা দিশ ই বিকশাই তোলে।

(iii) ই দৰ্শনৰ এক শাখা যিয়ে কলা আৰু সুন্দৰতাৰ অধ্যয়ন কৰে।

(iv) সৰু সৰু ল'ৰা-ছোৱালীৰো সৌন্দৰ্যবোধক অনুভূতি থাকে। 

(v) এই মূল্যবোধে অন্তৰ্ভূক্ত কৰা বিষয়বোৰ হ'ল—

→ সুন্দৰতা কি?

→ কিহে বস্তু এটাক সুন্দৰ কৰে?

 কলা কি?

→ ভাল কলা আৰু বেয়া কলাৰ মাজত পার্থক্য কি?

(vi) সুন্দৰতা আৰু কলাৰ সাধাৰণ নীতি এই মূল্যবোধে স্থাপন কৰে ।

(iv) ধৰ্মীয় আৰু আধ্যাত্মিক মূল্যবোধৰ শৈক্ষিক তাৎপৰ্য্য লিখা। 

Write the educational significance of religious and moral values.

উত্তৰঃ সমাজৰ ব্যক্তিসকলৰ আচৰণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ধৰ্মীয় আৰু আধ্যাত্মিক মূল্যবোধে গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰে। ধৰ্মীয় আৰু আধ্যাত্মিক মূল্যবোধৰ গুৰুত্বলৈ লক্ষ্য ৰাখি কোঠাৰী আয়োগে ছাত্র-ছাত্রীৰ পাঠ্যক্ৰম আৰু সহ-পাঠ্যক্ৰম কাৰ্য্যসূচীৰ জৰিয়তে আধ্যাত্মিকতাৰ বিকাশৰ বাবে পৰামৰ্শ আগবঢ়াইছিল। আধ্যাত্মিকতা আৰু ধৰ্মীয় বিকাশ অবিহনে শিশুৰ সম্পূৰ্ণ বিকাশ সম্ভৱপৰ নহয়। আধ্যাত্মিক আৰু ধৰ্মীয় মূল্যবোধসমূহৰ সাৰ্বজনীন গ্রহণযোগ্যতা আছে।

(i) ধৰ্মীয় আৰু আধ্যাত্মিক মূল্যবোধৰ শিক্ষা শৈশৱ কালৰ পৰা দিব লাগে।

(ii) শিক্ষানুষ্ঠানৰ পৰিবেশ সুন্দৰ কৰি তুলিব লাগে।

(iii) ছাত্ৰ-ছাত্ৰীৰ মনত ধৰ্ম নিৰপেক্ষতাৰ ভাব গঢ়ি তুলিব লাগে ।

(iv) শিক্ষাৰ উচ্চ পৰ্য্যায়ত বিভিন্ন ধৰ্মৰ তুলনামূলক অধ্যয়ণৰ ব্যৱস্থা ৰাখিব লাগে।

(v) শিক্ষাৰ জৰিয়তে শান্তি, ভালপোৱা আৰু ভাতৃত্ববোধৰ বাণী প্ৰচাৰ কৰিব লাগে। 

(vi) শিক্ষাই ছাত্ৰ-ছাত্ৰীক আত্মাৰ প্ৰকৃত স্বৰূপ উপলব্ধিত সহায় কৰিব লাগে।

(vii) ধর্ম, দর্শন, ন্যায়, সাধুপুৰুষৰ কথা, মহৎ লোকৰ জীৱনী আদি ছাত্র-ছাত্রীক শিকাব লাগে। 

(viii) ছাত্ৰ-ছাত্ৰীৰ সৎ চৰিত্ৰ গঠনত শিক্ষাই সহায় কৰিব পাৰে।

(v) মৌলিক বা বুনিয়াদী মূল্যবোধৰ বৈশিষ্ট্যবোৰ লিখা। 

Write the characteristics of core values.

উত্তৰঃ মৌলিক বা বুনিয়াদী মূল্যবোধৰ বৈশিষ্ট্যবোৰ হ'ল-

১। বুনিয়াদী মূল্যবোধসমূহ হৈছে এজন ব্যক্তিৰ মৌলিক বিশ্বাস।

২। ই আমাৰ দৈনন্দিন জীৱনৰ নীতি নিৰ্দ্ধাৰিত কৰে ।

৩। এনে প্ৰকাৰৰ মূল্যবোধ হৈছে মৌলিক প্ৰকৃতিৰ ।

৪। বুনিয়াদী মূল্যবোধবোৰ ব্যক্তি আৰু অনুষ্ঠান অনুযায়ী পৃথক হয়।

৫। এনে মূল্যবোধে এজন ব্যক্তিৰ জীৱনক অৰ্থ প্ৰদান কৰে ।

৬। ই ব্যক্তিৰ মনত আত্ম সচেতনতা আনি দিয়ে।

(vi) নৈতিক মূল্যবোধৰ শৈক্ষিক তাৎপৰ্য্য সম্পর্কে আলোচনা কৰা। 

Discuss about the educational significance of moral values.

উত্তৰঃ  ড° ৰাধাকৃষ্ণনে কৈছিল যে “ভাৰতকে ধৰি পৃথিৱীৰ এক ডাঙৰ সমস্যা হৈছে এয়ে যে শিক্ষাই কেৱল বৌদ্ধিক দিশৰহে অনুশীনল কৰে, নৈতিক আৰু আধ্যাত্মিক মূল্যবোধ আহৰণৰ অনুশীলন নকৰে” (The troubles of the whole world including India are due to the fact that education has become a mere intellectual exercise and not the acquization of moral and spiritual values")। দয়া, ক্ষমা, সাধুতা, একাগ্রতা ইত্যাদিবোৰ প্ৰথমে আমাৰ অভিভাৱকসকলে, তাৰ পিছত শিক্ষক আৰু স্কুলে আৰু শেষত উচ্চ শিক্ষাৰ অনুষ্ঠানসমূহে শিকায়।নৈতিক মূল্যবোধৰ বিষয়ে আমি বহুত বেছি আলোচনা কৰো যদিও কিছুমান লোকে ইয়াৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান নকৰে। সময়ৰ পৰিৱৰ্তন, বিজ্ঞান আৰু প্ৰযুক্তিৰ উন্নতিৰ ফলত বৰ্তমান পৰিবেশত মানুহৰ নৈতিকতাৰ অৱক্ষয় ঘটিছে যাৰ ফলত ব্যক্তিগত আৰু সামাজিক বিসংগতিয়ে দেখা দিছে। সেইবাবে আমাৰ উঠি অহা চামৰ অন্তৰত নৈতিক মূল্যবোধ জগাই তোলাৰ অতি প্রয়োজন হৈ পৰিছে। শিক্ষক আৰু শিক্ষানুষ্ঠানসমূহে এইক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে । 

 (i) ভাতৃত্ববোধ আৰু মৰম স্নেহ জগাই তুলিবলৈ স্কুলে শিক্ষা প্ৰদান কৰিব লাগে।
(ii) স্কুলত বিভিন্ন ধর্মীয় আৰু মহৎ লোকসকলৰ জন্ম দিন উদ্‌যাপন কৰি সেইসকল লোকৰ বিষয়ে ছাত্র-ছাত্রীক জনাব লাগে। 
(iii) শিক্ষকসকল উচ্চ নৈতিক মানদণ্ড সম্পন্ন হ'ব লাগে ।
(iv) মূল্যবোধ শিক্ষাৰ ওপৰত শিক্ষাই অতি গুৰুত্ব প্ৰদান কৰিব লাগে।
(v) মূল্যবোধ শিক্ষাৰ ওপৰত কিছুমান পাঠ বা সাহিত্য প্রস্তুত কৰি ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান দিব লাগে। 
(vi) স্কুল পর্যায়ত ‘নৈতিক শিক্ষাক (Moral Education) এক বাধ্যতামূলক বিষয় হিচাবে অন্তৰ্ভূক্ত কৰিব লাগে।
(vii) NCC, NSS, প্রাপ্ত বয়স্কক শিক্ষা প্রদান, বানপানীৰ সময়ত সহায় প্ৰদান, সমাজ সেৱা ইত্যাদিবোৰ শিক্ষানুষ্ঠানসমূহৰ জৰিয়তে অনুষ্ঠিত কৰি ছাত্র-ছাত্রীকে নৈতিক মূল্যবোধৰ বিষয়ে অৱগত কৰিব পাৰি।
(viii) ছাত্র-ছাত্রীসকলে ঘৰ আৰু স্কুলৰ পৰিবেশত আত্ম-প্ৰকাশৰ স্বাধীনতা পাব লাগে যাতে তেওঁলোকৰ কিছুমান ভাল গুণ আৰু মনোভাৱৰ বিকাশ হ'ব পাৰে ৷

(vii) নৈতিক মূল্যবোধৰ কাৰ্য্যাৱলী সম্পর্কে লিখা। 

Write the functions of moral values.

উত্তৰঃ নৈতিক মূল্যবোধৰ কাৰ্য্যাৱলী হ'ল-

(i) ন্যায় সংগত সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত নৈতিক মূল্যবোধৰ সহায় লোৱা হয়।

(ii) নৈতিক মূল্যবোধে মানুহৰ কাৰ্য্য আৰু আচৰণক নিয়ন্ত্ৰণ কৰে ।

(iii) শিশুসকলক সমাজৰ এগৰাকী ভাল ব্যক্তি হিচাবে গঢ় দিয়াত নৈতিক মূল্যবোধে সহায় কৰে।

(iv) ব্যক্তিগত, সামাজিক আৰু আধ্যাত্মিক বিকাশৰ ক্ষেত্ৰত নৈতিক মূল্যবোধে সহায় কৰে। (v) শান্তি আৰু আনন্দ উপভোগ কৰাত নৈতিক মূল্যবোধে সহায় কৰে। ই জীৱনৰ উদ্দেশ্যক অৰ্থ প্ৰদান কৰে ।

(vi) এনে মূল্যবোধে ব্যক্তিক যিকোনো পৰিবেশৰ সন্মুখীন হোৱাত সহায় কৰে।

(vii) অহিংসা আৰু স্বদেশ-প্ৰেমৰ ক্ষেত্ৰত ব্যক্তিক উৎসাহিত কৰে।

(viii) একতা, সমতা আৰু সংস্কৃতিৰ বিকাশত নৈতিক মূল্যবোধে সহায় কৰে।

(ix) সাধুতা, সাহস, ক্ষমা আৰু বিভিন্ন ইতিবাচক দিশবোৰৰ ক্ষেত্ৰত ব্যক্তিক নৈতিক মূল্যবোবোৰে সহায় কৰে।

(viii) ব্যক্তিগত মূল্যবোধ সম্পর্কে লিখা। 

Write about the personal values.

উত্তৰঃ ব্যক্তিগত মূল্যবোধ সম্পর্কে তলত দিয়া হ'ল-
সাধাৰণতে ব্যক্তি এজনক কেন্দ্ৰ কৰি গঢ়ি উঠা মূল্যবোধক আমি ব্যক্তিগত মূল্যবোধ হিচাবে অভিহিত কৰো। ইয়াত ব্যক্তিৰ সামাজিক সম্পর্ক নাথাকে। ব্যক্তিৰ নিজ ইচ্ছাৰ ওপৰত ভিত্তি কৰি ব্যক্তিগত মূল্যবোধ গঢ়ি উঠে। কিছুমান ব্যক্তিগত মূল্যবোধ হৈছে শ্ৰম, মৰ্য্যদা, পৰিস্কাৰ-পৰিচ্ছন্নতা, অনুভূতি প্ৰৱণতা, আত্ম-অনুশাসন, নিয়মানুবর্তিতা সাধুতা, ত্যাগ, সৰল জীৱন-যাপন, সাহস, আত্মবিশ্বাস, উচ্চাকাংখা, স্বাধীনতা, একাগ্রতা আদি। ব্যক্তিগত মূল্যবোধসমূহ হৈছে আমাৰ ব্যক্তিগত নীতি, যিবোৰ আমাৰ ব্যক্তিত্ব, শিক্ষা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠে। এনে মূল্যবোধ সমূহে কোনো এটা দিশত বিভিন্ন মানুহৰ প্ৰতিক্ৰিয়া জানিব বিচাৰে। ব্যক্তিগত মূল্যবোধৰ ওপৰত ভিত্তি কৰি আমি কিছুমান দিশত সিদ্ধান্ত গ্রহণ, আচৰণ নিৰ্বাচন, বন্ধু নির্বাচন, নিয়োগ আৰু মনোৰঞ্জনৰ সুবিধা গ্রহণ আদি কৰিব পাৰো।

ব্যক্তিগত মূল্যবোধৰ বৈশিষ্ট্যসমূহ হ'ল-  
(i) ব্যক্তিগত মূল্যবোধসমূহে আমাৰ বিশ্বাস, সিদ্ধান্ত আৰু আচৰণ পৰিচালনা কৰে। 
(ii) ব্যক্তিগত মূল্যবোধে ব্যক্তিৰ ব্যক্তিত্ব নিৰ্ধাৰণ কৰে।

ব্যক্তিগত মূল্যবোধৰ কাৰ্য্যৱলী হ'ল-
(i) জীৱনৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত এনে মূল্যবোধ সমূহে সহায় কৰে। 
(ii) উপযুক্ত ব্যক্তিত্বৰ বিকাশত ব্যক্তিগত মূল্যবোধে সহায় কৰে।

Question and Answer Type: Himashree Bora.