BA 3rd Sem Education Major Chapter 3 Question and Answer Assam | B.A 3rd Semester Education Notes | B.A 3rd Semester Education Free Suggestion | B.A 3rd Semester Education Solution | B.A 3rd Semester Education Question and Answer | মূল্যবোধ শিক্ষা (Value Education) পাঠটোৰ প্ৰশ্ন-উত্তৰ |  BA 3rd Sem Major Education Paper 3 |

প্রশ্নাবলী


(I) অতি চমু উত্তৰৰ প্ৰশ্ন (Questions of Very Short Answer) 

১। মূল্যবোধ শিক্ষা কি?

What is value education?

উত্তৰঃ কোনো এক বস্তু, ঘটনা বা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শুদ্ধ বা অশুদ্ধ, উপযুক্ত বা অনুপযুক্ত আদিক শিক্ষাৰ যোগে বিচাৰ কৰিব পৰা প্ৰক্ৰিয়াই হ'ল মূল্যবোধ শিক্ষা।

২। মূল্যবোধ শিক্ষাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। 

Mention one characteristic of value education.

উত্তৰঃ  মূল্যবোধ শিক্ষাৰ এটা বৈশিষ্ট্য হ'ল-

১। দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত (Based on Philosophy) : মূল্যবোধ শিক্ষাৰ প্ৰধান ভিত্তি হ'ল দর্শন। বিভিন্ন দার্শনিক চিন্তাধাৰা, আদর্শ, নীতি, বৈশিষ্ট্য আদিৰ ওপৰত ভিত্তি কৰি মূল্যবোধ শিক্ষাই বিকাশ লাভ কৰিছে। এই শিক্ষা এক গভীৰ ভাবাত্মক ধাৰণা আৰু মানৱ জীৱনৰ দৰ্শনো এই শিক্ষা বিকাশৰ এক প্ৰধান নির্ণায়ক। সত্যম, শিৱম আৰু সুন্দৰমৰ দৰে চিৰন্তন ভাৱধাৰাৰ ভিত্তিত মূল্যবোধ শিক্ষা প্রতিষ্ঠিত।

২। সামাজিক কল্যাণ (Social Welfare) : মূল্যবোধ শিক্ষা হ'ল সামাজিক কল্যাণ সাধনৰ এক প্রধান বাহক। সুস্থ, সুন্দৰ, নায্য আৰু সমাজৰ হিত সাধনকাৰী অনুভৱ আৰু আচৰণৰ প্ৰশিক্ষণেই হ'ল মূল্যবোধ শিক্ষা। সমাজত প্ৰচলিত ৰীতি-নীতি, পৰম্পৰা আদিৰ ভুল শুদ্ধৰ বিচাৰ মূল্যবোধ শিক্ষাৰ দ্বাৰা কৰা হয়। 

৩। বাহ্যিক মূল্যবোধ কি? 

What is external values?

উত্তৰঃ 

৪। আভ্যন্তৰীণ মূল্যবোধ কি? 

What is internal value?


৫। মূল্যবোধ শিক্ষাৰ এটা প্ৰকাৰ উল্লেখ কৰা।

Mention one type of value education.

উত্তৰঃ মূল্যবোধ শিক্ষাৰ এটা প্ৰকাৰ হ'ল- 

১। যান্ত্রিক মূল্যবোধ (Instrumental Values) : ব্ৰুবাচাৰৰ মতে যান্ত্রিক মূল্যবোধবোৰ হ'ল সেইবোৰ যিবোৰ কিছুমানৰ বাবে ভাল। এই মূল্যবোধ হ'ল ব্যক্তিগত বা বিষয়গত প্ৰকৃতিৰ আৰু উপযোগিতা নীতি ভিত্তিক। পৰিস্থিতিৰ পৰিৱৰ্তন অনুসৰি এইবোৰৰ পৰিৱৰ্তন হয়। প্রয়োগবাদী দার্শনিক জন ডিউইয়ে এই মূল্যবোধৰ পোষকতা কৰিছিল। উদাহৰণস্বৰূপে, যদি কোনো শিশু সংগীতজ্ঞ হ'ব বিচাৰে তেন্তে সংগীতৰ মূখ্য উদ্দেশ্য উপলব্ধিৰ বাবে তাল আৰু স্বৰৰ জ্ঞান শিশুটোৰ বাবে উপযোগী।

৬। পৰম মূল্যবোধ কি? 

What is absolute value?

উত্তৰঃ ব্যক্তি জীৱন আৰু সমাজ জীৱনৰ বাবে কিছুমান মূল্যবোধ মৌলিক। মানৱ জাতিৰ বাবে এইবোৰ সাধাৰণ মূল্যবোধ। দেশে ভেদে আৰু সময় অনুসৰি এইবোৰ পৃথক নহয়। এইবোৰ হ'ল পৰম মূল্যবোধ যিবোৰ ব্যক্তি আৰু সমাজৰ সামগ্রিক বিকাশৰ বাবে গুৰুত্বপূৰ্ণ। এইবোৰ মূল্যবোধৰ উদাহৰণ হ'ল—প্রেম বা ভালপোৱা, সত্যতা, সুন্দৰতা, সততা, সাহস, উদাৰতা, বন্ধুত্ব, ভদ্রতা, শিল্প, অধ্যৱসায়, ন্যায় বিচাৰ ইত্যাদি।

৭। মূল্যবোধ শিক্ষাৰ এটা উদ্দেশ্য উল্লেখ কৰা। 

Mention one objective of value education.

উত্তৰঃ  মূল্যবোধ শিক্ষাৰ এটা উদ্দেশ্য হ'ল- 

১। ছাত্ৰ-ছাত্ৰীসকলক ভাৰসাম্যপূৰ্ণ ব্যক্তিত্ব আৰু তাৰ পৰিপূৰ্ণতাৰ বাবে সক্ষম কৰি গঢ় দি তোলা ।

২। যুগে যুগে মানুহৰ বিকাশক বিশ্লেষণ কৰাৰ সমালোচনাত্মক চেতনা ছাত্ৰ-ছাত্ৰীৰ মাজত বিকশাই তোলা ।

৮। মূল্যবোধ শিক্ষাৰ এটা পদ্ধতি উল্লেখ কৰা। 

Mention one method of value education.

উত্তৰঃ মূল্যবোধ শিক্ষাৰ এটা পদ্ধতি হ'ল-

১। প্রত্যক্ষ পদ্ধতি (Direct Method) : মূল্যবোধ শিক্ষাৰ প্ৰত্যক্ষ পদ্ধতিয়ে শিক্ষকে বিষয় বা চিন্তাৰ ক্ষেত্ৰ স্বৰূপে মূল্যবোধৰ শিক্ষাদানৰ বাবে কৰা ইচ্ছাকৃত আৰু পদ্ধতিগত প্ৰচেষ্টাক বুজায়। এই পদ্ধতিৰ লক্ষ্য হ'ল চিন্তাভাৱনা আৰু যুক্তি বিকাশৰ মাধ্যমেৰে চিন্তা প্ৰক্ৰিয়াৰ পৰিৱৰ্তন কৰা। জন উইলচনে (John Wilson) মূল্যবোধ শিক্ষাৰ প্ৰত্যক্ষ পদ্ধতিৰ পোষকতা কৰি মত প্ৰকাশ কৰিছিল যে ই এক সৎ আৰু বৃত্তিগত পদ্ধতি আৰু শিশুসকলক কিছু কাম কৰাৰ বাবে এইবোৰে উদ্যত কৰায়।

৯। পৰোক্ষ পদ্ধতি কি?

What is indirect method?

উত্তৰঃ পৰোক্ষ পদ্ধতিত কোনো এক নিৰ্দিষ্ট বিষয়ৰ শিক্ষাদানৰ যোগেদি পৰোক্ষভাৱে মূল্যবোধ শিক্ষা প্ৰদান কৰিব পাৰি। ধাৰণা কৰা হয় যে মূল্যবোধ বিকাশৰ লক্ষ্যৰে সকলোবোৰ শৈক্ষিক প্ৰচেষ্টা কৰা হয়। সকলো বিষয়ৰ নিৰ্দেশনা কাৰ্যৰ লগত মূল্যবোধৰ বিকাশ জড়িত হৈ থাকে। পৰোক্ষ পদ্ধতিয়ে ঘটনামূলক আৰু উদ্ভাৱন পদ্ধতিক সামৰি লয়।

    এজন ব্যক্তি বা দল এটাৰ জীৱনৰ অভিজ্ঞতা বা অধ্যায় হ'ল এটা ঘটনা। ঘটনা পদ্ধতিৰ এটা ভাল দিশ হ'ল এয়ে যে এই পদ্ধতি মূল্যবোধ শিক্ষা প্ৰদানৰ উদ্দেশ্যৰে শ্ৰেণীকোঠাৰ ভিতৰে বাহিৰে প্ৰয়োগ কৰিব পাৰি।

১০। বিজ্ঞান বিষয়ৰ যোগেদি কি মূল্যবোধ বিকশাই তুলিব পাৰি? 

What type of values are inculcated through science subject?

উত্তৰঃ  বিজ্ঞান বিষয়ৰ যোগেদি

১১। ভাষা বিষয়ৰ যোগেদি কি মূল্যবোধ বিকশাই তুলিব পাৰি?

What types of values are inculcated through literature subject? 

উত্তৰঃ ভাষা বিষয়ৰ যোগেদি

১২। খেল-ধেমালীৰ যোগেদি কি মূল্যবোধ বিকশাই তুলিব পাৰি?

What types of values are inculcated through games and sports?

উত্তৰঃ খেল-ধেমালীৰ যোগেদি

(II) চমু উত্তৰৰ প্ৰশ্ন (Answers of Short Question) :


১। মূল্যবোধ শিক্ষাৰ ধাৰণা চমুকৈ লিখা।

Write briefly about the concept of value education.

উত্তৰঃ আধুনিক ভাৰতৰ এগৰাকী সৃষ্টিকৰ্তা বল্লবভাই পেটেলৰ দৃষ্টিভংগীত “মূল্যবোধ অবিজ্ঞান শিক্ষা অব্যবহার্য” (Education without values is no use)। শিক্ষা আৰু মূল্যবোধ দুটা বেলেগ শব্দ হলেও দুয়োটাৰ মাজত এক নিকট সম্বন্ধ আছে।

    সাধাৰণতে মূল্যবোধে কোনো বস্তুৰ গুৰুত্ব, যোগ্যতা আৰু মূল্যক বুজায়। মানুহৰ প্ৰয়োজন পূৰণ কৰা সকলো বস্তুৱেই মূল্যবোধ। অর্থাৎ প্রত্যক্ষভাবে বা পৰোক্ষভাবে ব্যক্তিক সন্তোষ প্রদান কৰা উপায়বোৰেই হ'ল মূল্যবোধ। আনহাতে প্রকৃতার্থত শিক্ষা মানে হ'ল বৌদ্ধিক, দৈহিক, সামাজিক, নৈতিক আৰু আধ্যাত্মিক সকলো দিশতে মানৱ ব্যক্তিত্ব বিকশাই তোলা এক প্রক্রিয়া। সেয়েহে শিক্ষাক মানুহ তৈয়াৰ কৰা প্ৰক্ৰিয়াস্বৰূপে গণ্য কৰা হয়। প্রকৃত শিক্ষাই ব্যক্তিক অর্জিত জ্ঞানৰ যোগে জীৱনৰ প্রয়োজনবোৰ পূৰণ কৰা আৰু সকলো মানুহক সুখী কৰাৰ বাবে দক্ষ কৰি তোলে।

    কোনো এক বস্তু, ঘটনা বা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শুদ্ধ বা অশুদ্ধ, উপযুক্ত বা অনুপযুক্ত আদিক শিক্ষাৰ যোগে বিচাৰ কৰিব পৰা প্ৰক্ৰিয়াই হ'ল মূল্যবোধ শিক্ষা। ছাত্ৰ-ছাত্ৰীসকলৰ ব্যক্তিত্বৰ সামগ্রিক বিকাশ সাধনৰ লক্ষ্যৰে শিক্ষাৰ যোগে সমাজে মূল্যবোধবোৰ সংৰক্ষণ আৰু হস্তান্তৰিত কৰিব পাৰে।

    মূল্যবোধ শিক্ষাৰ অৰ্থ হৈছে বিভিন্ন ধৰণৰ প্ৰমূল্য যেনে—অর্থনৈতিক, সামাজিক, নৈতিক, আধ্যাত্মিক, সৌন্দর্যবোধক আদি মানুহৰ জীৱন প্ৰক্ৰিয়াৰ ক্ষেত্ৰত গুৰুত্ব সম্পর্কে উপলব্ধি কৰা শিক্ষা। মূল্যবোধ শিক্ষাই মানুহৰ অস্তিত্ব আৰু বিকাশৰ বাবে বিভিন্ন ধৰণৰ প্ৰমূল্যসমূহৰ গুৰুত্ব উপলব্ধিত সহায় কৰে। মূল্যবোধ শিক্ষা হৈছে এনে এক প্রক্রিয়া যাৰ যোগেদি বিভিন্ন মূল্যবোধসমূহ বিকশিত হয়। মূল্যবোধ শিক্ষাই উঠি অহা ছাত্র-ছাত্রীসকলক বিকশিত কৰি সুন্দৰ মানুহ হিচাপে গঢ়ি তুলিব পাৰে।

    সৃষ্টিৰ, শিক্ষা কেৱল তথ্য আহৰণৰ প্ৰক্ৰিয়া নহয়। শিক্ষাৰ যোগেদি আমি জীৱন গঢ়াৰ, মানব চৰিত্ৰ গঠনৰ ধাৰণা লাভ কৰিব পাৰিব লাগে। আমি এনে শিক্ষা বিচাৰো যিয়ে চৰিত্ৰৰ অগ্ৰসৰ কৰিব। পাৰে, মনৰ শক্তি বৃদ্ধি কৰিব পাৰে, বুদ্ধিৰ বিস্তাৰ কৰিব পাৰে আৰু ব্যক্তি এজনে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰে। শিক্ষা হ'ল মানৱতাৰ মৌলিক তথ্যবোৰ শিকণৰ এক পদ্ধতিগত প্ৰচেষ্টা আৰু এই মূল্যবোধ শিক্ষাৰ অন্তৰালৰ প্ৰধান বিষয় হ'ল ছাত্ৰ-ছাত্ৰীৰ মনত প্রয়োজনীয় মূল্যবোধৰ ৰোপন কৰা যাতে সভ্যতাৰ লগত সকলোৱে বহনক্ষমভাৱে নিজকে সমাযোজিত কৰিব পাৰে আৰু বহনক্ষম পৰিৱেশৰ বিকাশ সাধন কৰিব পাৰে। এই প্ৰক্ৰিয়া ঘৰত আৰম্ভ হয় আৰু বিদ্যালয়লৈ সম্প্ৰসাৰিত হয়। প্রত্যেক ব্যক্তিয়ে সমাজ বা চৰকাৰৰ দৰে বিভিন্ন মাধ্যমৰ সহায়ত কেতবোৰ বস্তু গ্ৰহণ কৰে। এইক্ষেত্ৰত মূল্যবোধ শিক্ষা গুৰুত্বপূৰ্ণ কিয়নো ই ব্যক্তিক নিজৰ মূল্য ব্যৱস্থা বিকশাই তোলা তথা তাৰ প্ৰয়োগৰ ক্ষেত্ৰত সহায় কৰে। প্ৰত্যেক ব্যক্তিয়ে যেতিয়া নিজৰ জীৱনত মূল্যবোধৰ গুৰুত্ব বুজি উঠিব পাৰিব তেতিয়া নিজৰ জীৱনত গ্ৰহণ কৰা বিভিন্ন বাচনিবোৰ পৰীক্ষা কৰিব পাৰিব আৰু নিয়ন্ত্ৰণ কৰিব পাৰিব।

    মূল্যবোধ শিক্ষা হ'ল এক বিদ্যায়তনিক প্রক্রিয়া যি শিক্ষক আৰু অন্যান্য প্রাপ্তবয়স্ক ব্যক্তিৰ দ্বাৰা ছাত্র-ছাত্রীসকলক আকাংক্ষিত মূল্যবোধৰ শিক্ষাদানৰ লগত জড়িত। মূল্যবোধ শিক্ষাৰ বৈশিষ্ট্যবোৰৰ এক বিস্তৃত ব্যাখ্যা আছে। মূল্যবোধ শিক্ষা ঘৰ, বিদ্যালয়, মহাবিদ্যালয়, অপৰাধীৰ প্ৰতিষ্ঠান আৰু স্বেচ্ছাসেৱী যুৱ-প্ৰতিষ্ঠানতচ প্ৰদান কৰিব পাৰে। এই প্রতিষ্ঠানবোৰে সামাজিক বা ধৰ্মীয় নীতি আৰু সাংস্কৃতিক বিধিবোৰৰ মূল্যবোধবোৰ সঞ্চাৰন কৰে।

২। মূল্যবোধ শিক্ষাৰ সংজ্ঞা দিয়া। 

Define value education.

উত্তৰঃ  মূল্যবোধ শিক্ষাৰ সংজ্ঞা হ'ল-

১। কানিংহাম (Cunningham) ৰ মতে, “শৈক্ষিক মূল্যবোধ শিক্ষাৰ লক্ষ্য হ'ব লাগে” (Educational values become the aims of education) |

২। জন এচ. ব্ৰুবাচাৰ (John S. Brubacher) ৰ মতে, “শিক্ষাৰ লক্ষ্য হ'ল ব্যক্তি এজনৰ শৈক্ষিক মূল্যবোধৰ বৰ্ণনা কৰা” (To state one's aim of education is not once to state his educational values)।

৩। সৰ্বপল্লী ৰাধাকৃষ্ণন (Sarvapalli Radhakrishnan) ৰ মতে, “তথ্য বা প্রশিক্ষণ কৌশল প্ৰদানৰ মাজত শিক্ষা সীমাৱদ্ধ নহয়। ই শিক্ষিত ব্যক্তিক উপযুক্ত মূল্যবোধ প্রদান কৰিব লাগে” (Education is not limited to imparting of information or training skills. It has to give the educated a proper sense of value)!

৪। ৰাস্ক আৰু ৰ'ছ (Rusk and Ross) ৰ মতে, “শিক্ষাৰ লক্ষ্য হ'ল ব্যক্তিত্বৰ বৰ্ধন আৰু সমৃদ্ধি, সাৰ্বজনীন মূল্যবোধৰ ই হ'ল বিচিত্র বৈশিষ্ট্য” (The aim of education is the enhancement and enrichment of personality, the differentiating feature of which is the embodiment of univerdal values)।

৫। স্বামী বিবেকানন্দ (Swami Vivekananda) ৰ মতে, “শিক্ষাই চৰিত্ৰ গঠন কৰে, মনৰ শক্তি বৃদ্ধি কৰে আৰু বুদ্ধি সম্প্ৰসাৰণ কৰে"(Education will from character, increase strength of  mind and expand intellect)। এই শিক্ষাৰ সংজ্ঞাটোৱে দৰাচলতে মূল্যবোধ শিক্ষাৰ অৰ্থই বিশ্লেষণ কৰে।

৩। মূল্যবোধ শিক্ষাৰ চাৰিটা বৈশিষ্ট্য লিখা । 

Write four characteristics of value education.

উত্তৰঃ মূল্যবোধ শিক্ষাৰ চাৰিটা বৈশিষ্ট্য হ'ল-

১। সংহত আৰু সামগ্ৰিক (Integrated and Comprehensive) : মূল্যবোধ শিক্ষা শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমিক আৰু সহ-পাঠ্যক্রমিক অধ্যয়নৰ বিষয়সূচীৰ যোগেদি প্ৰদান কৰিব পাৰি। অর্থনৈতিক, সামাজিক, নৈতিক, আধ্যাত্মিক, সৌন্দর্যবোধক আৰু গণতান্ত্ৰিক আদি ভিন ভিন মূল্যবোধৰ ধাৰণা এই শিক্ষাত অন্তৰ্ভুক্ত কৰা হয়। 

২। আত্ম উপলব্ধি (Self-Realisation) : ব্যক্তিক আত্ম উপলব্ধি লাভ কৰণত মূল্যবোধ শিক্ষাই সহায় কৰে। মানৱ তথা বিশ্বশান্তিৰ বাবে কোনবোৰ কাৰ্য প্ৰয়োজনীয় সেয়া মূল্যবোধ শিক্ষাৰ বিচাৰ্য বিষয়। 

৩। মানৱ সভ্যতাৰ বিকাশ (Development of Human Civilisation) : মানৱ সভ্যতাৰ বিকাশ সাধন কার্যত মূল্যবোধ শিক্ষাই সহায় কৰে। আঞ্চলিকতাবাদ, কুসংস্কাৰ, অন্ধবিশ্বাস, ধর্মীয় গোড়ামি আদি মূল্যবোধ শিক্ষাৰ যোগেদি নিৰাময় কৰিব পৰা যায়। 

৪। ইতিবাচক মনোভাৱ গঠন (Formation of Positive Attitude) : মূল্যবোধ শিক্ষাই ব্যক্তিৰ ব্যক্তিগত আৰু সামাজিক আচৰণ নিয়ন্ত্ৰণ কৰি ইতিবাচক মনোভাৱ গঠন কৰিব পাৰে। মূল্যবোধ শিক্ষা স্বাভাৱিকতে এক ইতিবাচক ধাৰণা আৰু সেয়েহে এই শিক্ষাৰ যোগেদি ইতিবাচক মনোভাৱৰ গঠন সম্ভৱপৰ হয়। 

৫। পৰিৱেশৰ দ্বাৰা প্ৰভাৱিত (Influenced by Environment) : মূল্যবোধ কোনো অর্জিত গুণ নহয়। ব্যক্তিয়ে এই শিক্ষা পৰিৱেশত আহৰণ কৰে। মূল্যবোধ বিকাশৰ প্ৰক্ৰিয়াবোৰ বিভিন্ন পৰিৱেশীয় কাৰক যেনে—ঘৰ, বিদ্যালয়, সমনীয়াৰ দল, সম্প্রদায়, মাধ্যম আৰু সমাজৰ সাধাৰণ নীতি- নিয়মৰ দ্বাৰা প্ৰভাৱিত হয়। পৰিৱেশৰ উপযুক্ত প্ৰভাৱ অবিহনে মূল্যবোধৰ বিকাশ অসম্ভৱ।

৪। বিদ্যালয় পর্যায়ত মূল্যবোধ শিক্ষাৰ উদ্দেশ্যবোৰ লিখা। 

Write the objectives of value education at school level. 

উত্তৰঃ  বিদ্যালয় পর্যায়ত মূল্যবোধ শিক্ষাৰ উদ্দেশ্যবোৰ হ'ল- 

৫। মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ত মূল্যবোধ শিক্ষাৰ উদ্দেশ্যবোৰ লিখা।

Write the objectives of value education at college and university level. 

উত্তৰঃ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় পৰ্যায়ত মূল্যবোধ শিক্ষাৰ উদ্দেশ্যবোৰ হ'ল-

১। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কেতবোৰ মৌলিক সামাজিক মূল্যবোধৰ প্ৰচাৰ আৰু প্ৰসাৰণ কৰা।

২। জাতীয় আৰু আন্তঃৰাষ্ট্ৰীয় বুজাপৰা আৰু ভ্ৰাতৃত্ববোধ ভাৱৰ প্ৰচাৰ কৰা।

৩। শিক্ষাভিত্তিক সংঘৰ্ষ স্পষ্ট কৰিবৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক সক্ষম কৰি তোলা ।

৪। ছাত্র-ছাত্রীসকলক ভাল আৰু বেয়া, শুদ্ধ আৰু ভুল আদিৰ মাজৰ পাৰ্থক্য বিচাৰ কৰিবৰ বাবে সক্ষম কৰি গঢ়ি তোলা।

৫। ছাত্ৰ-ছাত্ৰীৰ মাজত কেতবোৰ নৈতিকভাৱৰ বিকাশ সাধন কৰা ।

৬। ছাত্র-ছাত্রীসকলক বিজ্ঞান আৰু প্ৰযুক্তিবিজ্ঞানৰ সাংস্কৃতিক নির্দেশনা প্রদান কৰা।

৭। দৈহিক, মানসিক আৰু আধ্যাত্মিক দিশৰ বিকাশৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলৰ সামগ্রিক ব্যক্তিত্বৰ বিকাশ সাধন কৰি তোলা।

৬। মূল্যবোধ শিক্ষা কিয় প্রয়োজনীয়? চমুকৈ লিখা।

Why value education is important? Write shortly.

উত্তৰঃ  আধুনিক বস্তুবাদী পৃথিৱীয়ে আমাৰ জীৱন-ধাৰণৰ মানদণ্ডৰ উন্নতি সাধন কৰিছে যদিও জীৱনৰ মানদণ্ড (জীৱনৰ মূল্যবোধ) ৰ উন্নতি সাধন কৰিব পৰা নাই। জনসংখ্যা বিস্ফোৰণ, জ্ঞানৰ বিস্ফোৰণ (বিজ্ঞান আৰু প্ৰযুক্তিবিজ্ঞান) আৰু বস্তুৰ বিস্ফোৰণৰ পৰিপ্ৰেক্ষিতত মানুহে বস্তুগত পৃথিৱীক প্রকৃত সুখ বুলি ভাবি ভুল পথেৰে অগ্ৰসৰ হোৱা দেখা গৈছে। যোৱা শতিকাৰ শেষৰ দশকৰ পৰা সমাজৰ সকলো পর্যায়তে আৰু সকলোতে মানৱীয় মূল্যবোধৰ অৱক্ষয় হোৱা দেখা গৈছে। ইয়াৰ কাৰণ হ'ল- লোভ, আত্ম-বৃদ্ধি, বর্ধিত অন্যায়, মানৱ অধিকাৰৰ অপব্যৱহাৰ, ক্ষমতাৰ বৰ্ধন, আলসতা, ছলনা, বেইমানি, চুৰি, সংবেদনশীলতা, কছি আৰু আচৰণৰ ছদ্মবেশ, বৰ্জন আৰু লুণ্ঠন, ঘোচ, চোৰাং বেপাৰ, দুৰ্ণীতি, শোষণ, কৃপনতা আদি। ইয়াৰ ফলস্বৰূপে ব্যক্তিৰ মনৰ শান্তি নোহোৱা হৈছে আৰু সমাজৰ প্ৰতিটো ক্ষেত্ৰতে সামাজিক, নৈতিক, সাংস্কৃতিক, আৱেগিক, ধৰ্মীয়, আধ্যাত্মিক, বৌদ্ধিক আৰু ৰাজনৈতিক মূল্যবোধৰ অৱক্ষয় হৈছে। ধৰ্ম আৰু নৈতিকতাত বাধা আহি পৰিছে আৰু মানুহৰ শক্তিৰ অপব্যৱহাৰ হৈছে। 

জনসংখ্যা, জ্ঞান আৰু মানুহৰ আকাংক্ষাৰ অভূতপূর্ব বিস্ফোৰণে সামাজিক, সাংস্কৃতিক, ধর্মীয়, ৰাজনৈতিক, আৱেগিক আৰু আধ্যাত্মিক জীৱনত অবিৰত বিনাশ আনিছে। এই ধৰণৰ জীৱনে আধুনিক মানুহক মানসিক ছাপ আৰু শংকাৰ মাজলৈ ঠেলি পঠিয়াইছে আৰু বস্তুবাদীস্বৰূপে গঢ়ি তুলিছে। সহযোগিতা, সমসহানুভূতি, অহিংসা, শান্তি আৰু সাৰ্বজনীন ভাতৃত্ববোধৰ দৰে মূল্যবোধবোৰ বিকশাই তোলাৰ শ্ৰেষ্ঠ উপায় হ'ল মূল্যবোধ শিক্ষা যাৰদ্বাৰা ব্যক্তি এজনক সুনাগৰিক কৰি গঢ়ি তুলিব পাৰি।

বিশ্বৰ এগৰাকী বিখ্যাত বৈজ্ঞানিক এলবাৰ্ট আইনষ্টাইনৰ মতে, “আমাৰ সাধাৰণ জীৱনৰ নীতিগত আৰু নৈতিক অৱয়বৰ বাবে এক ইতিবাচক আকাংক্ষা আৰু প্ৰচেষ্টা অত্যধিক গুৰুত্বৰ বিষয়। কোনো

বিজ্ঞানে ইয়াত আমাক ৰক্ষা কৰিব নোৱাৰে। ম‍ই বিশ্বাস কৰোঁ আমাৰ শিক্ষাৰ প্ৰায়োগিক আৰু তাত্বিক পদ্ধতিয়ে প্ৰত্যক্ষভাৱে নৈতিক মূল্যবোধৰ গুৰুত্বৰ দিশে অগ্ৰসৰ হয়”। ভাৰতৰ প্ৰথম প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৰ মতে, “আমাৰ সকলো শক্তি আৰু পৰাক্ৰমৰ যোগেদি শিল্পৰ অগ্ৰগতিৰ পথত আমি অগ্ৰসৰ হওঁ আৰু একে সময়তে মনত ৰখা উচিত যে সহনশীলতা আৰু কৰুণা আৰু জ্ঞান অবিহনে বৈষয়িক সম্পত্তি ধূলিকণাত পৰিণত হ'ব”। ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ মতে, “শিক্ষা তথ্য সৰবৰাহ বা দক্ষতা প্ৰশিক্ষণৰ মাজত সীমাবদ্ধ নহয়। ই শিক্ষিতসকলক মূল্যবোধৰ যথাযথ অনুভূতি প্ৰদান কৰে”। ক'বলৈ দুখ লগা যে মানুহক সকলো প্ৰাণীৰ পৰা পৃথক কৰা মূল্যবোধ আৰু গুণমান ক্ৰমবৰ্ধমান স্বাৰ্থপৰতা আৰু বৈষয়িক কল্যাণৰ বাবে লোপ পাই আহিছে৷ 

মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত ড° সৰ্বপল্লী ৰাধাকৃষ্ণণে এইদৰে মত প্ৰদান কৰিছিল। যে “আমি আমাৰ অতীত সভ্যতাক লৈ গৌৰৱবোধ কৰো, যিটো হ'ল অবিৰত আৰু ভাঙিব নোৱাৰা"। গতিকে দেখা যায় যে যদি আমি অতীতৰ সভ্যতা-সংস্কৃতিবোৰক বাদ দি বৰ্তমানক আদৰিব খোজো, তেতিয়া সমাজৰ মূল্যবোধৰ অৱক্ষয় ঘটিব। সেয়েহে অতীতৰ সভ্যতা-সংস্কৃতিখিনিক ধৰি ৰাখিবৰ বাবে সমাজত মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব বহু পৰিমাণে আছে।

মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি ১৯৬৪-৬৬ চনৰ শিক্ষা আয়োগে মত প্ৰদান কৰিছিল। যে পশ্চিমীয়া দেশবোৰত যুৱ প্ৰজন্মৰ মাজত সামাজিক আৰু নৈতিক মূল্যবোধৰ স্থলনে সামাজিক আৰু মানৱীয় মূল্যবোধৰ ক্ষেত্ৰত সংঘৰ্ষৰ সৃষ্টি হৈছে। গতিকে পশ্চিমীয়া চিন্তাবিদসকলৰ মতে জ্ঞান আহৰণ আৰু কৌশল আহৰণৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ লগত মূল্যবোধ আৰু অৰ্ন্তদৰ্শনৰ সংযোগেৰে ধৰ্মীয় আৰু মানৱীয় মূল্যবোধ উত্তৰণত অগ্ৰাধিকাৰ দিব লাগে। ঠিক একেদৰে ভাৰতবৰ্ষৰ দৰে বিকাশশীল দেশতো মূল্যবোধৰ ভিত্তিত দেশীয় শিক্ষা ব্যৱস্থা গঢ়ি তুলিব লাগে।”


৭। প্রাথমিক পর্যায়ত মূল্যবোধ শিক্ষা প্ৰদানত সহ-পাঠ্যক্রমিক কাৰ্যসূচীৰ ভূমিকা চমুকৈ লিখা। 

Write shortly about the role of co-curricular activities in imparting value education at primary level.

উত্তৰঃ প্রাথমিক পর্যায়ত মূল্যবোধ শিক্ষা প্ৰদানত সহ-পাঠ্যক্রমিক কাৰ্যসূচীৰ ভূমিকা চমুকৈ তলত দিয়া হ'ল-

সহ পাঠ্যক্রমিক কার্যসূচীবোৰৰ যোগেদিও প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলক মূল্যবোধ শিক্ষা প্ৰদান কৰিব পাৰি। খেলা-ধূলা, নাটক, তর্ক, কবিতা, বনভোজ, কলা, হস্তশিল্প, সংগীত ইত্যাদি সহ পাঠ্যক্রমিক কাৰ্যসূচীৰ যোগেদি ছাত্ৰ-ছাত্ৰীক মূল্যবোধৰ শিক্ষা প্ৰদান কৰাত ব্যৱহাৰ কৰা কিছুমান কৌশল হ'ল—

(i) মৌনতা অৱলম্বন :

ছাত্র-ছাত্রীসকলক প্রত্যেক দিনাই কিছু সময়ৰ বাবে মৌনতা অৱলম্বন কৰি বহিবলৈ দিলে সিহঁতৰ মাজত শাস্তি, আত্মসংযম, আগ্রহ, মনোযোগ আদি মূল্যবোধৰ বিষয়ে জানিব আৰু স্মৃতি শক্তিও উন্নত কৰিব পাৰিব।

(ii) পুৱাৰ সমাৱেশ :

শিক্ষাৰ্থীৰ মনত মূল্যবোধৰ ধাৰণা দৃঢ়ভাৱে গঢ়ি তুলিবৰ বাবে প্রত্যেক শিক্ষানুষ্ঠানতে শৈক্ষিক কাম- কাজ আৰম্ভ হোৱাৰ আগতে সমাৱেশৰ ব্যৱস্থা থাকিব লাগে। এই সমাৱেশত প্ৰাৰ্থনা, ভক্তিমূলক গীত পৰিৱেশন, নীতিকথা আলোচনা, মহৎলোকৰ বাণী আৰু বিভিন্ন ধৰ্মগ্ৰন্থৰ কিয়দংশ পঢ়ি ছাত্র-ছাত্রীক শুনিবলৈ সুযোগ দান কৰিব লাগে।

(iv) দলীয় সংগীত :

দলীয় সংগীতৰ যোগেৰে ছাত্ৰ-ছাত্ৰীৰ মনত শান্তি, প্ৰেম আৰু আনন্দৰ অনুভৱ গঢ়ি তুলিব পাৰি।

(v) ঘটনা কোৱা (Story Telling)

শ্ৰেণীকোঠাত ভাল নৈতিকতা সম্পন্ন ঘটনা শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা কোৱাৰ ব্যৱস্থা কবি লাগে। সকলো মানৱীয় মূল্যবোধ লাভৰ বাবে ছবি আৰু পুতলাৰ প্ৰয়োগ কৰিব লাগে। 

(vi) দলীয় কর্ম (Group Activities)

মানৱীয় মূল্যবোধৰ বিকাশৰ বাবে বিভিন্ন দলীয় কর্ম যেনে— ভূমিকা পালন, অভিৰোচনমূলক খেলা, কুইজ, নাটক, সৃজনাত্মক কর্ম, এন. চি. চি.. সামাজিক সেৱা আঁচনি আদি দলীয় কৰ্মৰ ব্যৱস্থা কৰিব লাগে।


৮। মূল্যবোধ শিক্ষাৰ বিকাশত NCERT ৰ ভূমিকা বৰ্ণনা কৰা। 

Explain the role of NCERT in development of value education.

উত্তৰঃ

৯। পাঠ্যক্রমিক কার্যসূচীবোৰৰ যোগেদি কেনেকৈ মূল্যবোধ শিক্ষা একত্রিত কৰিব পাৰি? 

How to integrated value education through curricular activities.

উত্তৰঃ পাঠ্যক্রমিক কাৰ্যসূচীৰে মূল্যবোধৰ একত্ৰীকৰণ (Integration of Values in curricular Work) : এই পদ্ধতিৰ অধীনত অধ্যয়নৰ বিষয় বা পাঠ্যক্রমিক কাৰ্যসূচীবোৰৰ যোগেদি মূল্যবোধ বিকশাই তুলিব পাৰি। বিদ্যালয়ৰ বিষয় আৰু ইয়াৰ লগত সম্বন্ধিত মূল্যবোধবোৰৰ তালিকা তলত দাঙি ধৰা হ'ল—

বিষয়

মূল্যবোধ

বিজ্ঞান

 

 

 

পর্যবেক্ষণ, সত্যবাদিতা, স্থিতিশীলতা, মুক্ত মন, আত্ম-নিয়ন্ত্রণ, যথার্থতা ইত্যাদি।

গণিত

 

 

যৌক্তিক চিন্তাভাৱনা, সিদ্ধান্ত গ্ৰহণ, পৰিস্কাৰ-পৰিচ্ছন্নতা, যথাৰ্থতা, বিশ্লেষণ, ভাগবিতৰণ আৰু সম-মানসিকতা ইত্যাদি।

সমাজ বিজ্ঞান

 

 

দেশপ্রেম, আনুগত্য, ধর্মীয় সহনশীলতা, জাতীয় সংহতি, সত্য, সততা ইত্যাদি।

বুৰঞ্জী

 

সহনশীলতা, দেশপ্রেম, কৰুণা, সাহসিকতা, সহযোগিতা, আনুগত্য, ন্যায়বিচাৰ, সংৰক্ষণ ইত্যাদি।

ভাষা

 

 

 

 

সংবেদনশীলতা, সততা, আনুগত্য, প্রফুল্লতা, গ্রহণযোগ্যতা, আত্ম- নিয়ন্ত্রণ, নাগৰিকত্ব, সৌন্দর্য ইত্যাদি।

 

শিল্প কর্ম

 

 

নান্দনিক সৌন্দৰ্য, পৰিপূৰ্ণতা, শ্ৰমৰ মৰ্যাদা, কৰ্মৰ নৈতিকতা,

সহযোগিতা ইত্যাদি।

 

পৰিৱেশ

 

 

প্ৰকৃতিৰ সৈতে সম্প্ৰীতি, শস্যৰ প্ৰতি ভালপোৱা, পৰিৱেশীয় সমস্যা তথা বিষয়ৰ প্ৰতি সংবেদনশীলতা ইত্যাদি।


১০। সহ-পাঠ্যক্রমিক কাৰ্যসূচীৰ যোগেদি কেনেকৈ মূল্যবোধ শিক্ষা একত্ৰিত কৰিব পাৰি? 

How to integrated value education through co-curricular activities?

উত্তৰঃ সহ-পাঠ্যক্রমিক কাৰ্যসূচীৰ যোগেদি কেনেকৈ মূল্যবোধ শিক্ষা একত্ৰিত কৰিব পাৰি তলত দিয়া হ'ল- মূল্যবোধ শিক্ষা প্ৰদানৰ দৃষ্টিকোণেৰে শিক্ষানুষ্ঠানবোৰে সহ-পাঠ্যক্রমিক কাৰ্যসূচীৰ পৰিকল্পনা কৰিব লাগে। এই কাৰ্যবোৰৰ যোগেদি বহুতো মূল্যবোধ বিকশাই তুলিব পাৰি। বিভিন্ন খেল-ধেমালিয়ে কেৱল বিনোদনেই প্রদান নকৰে, খেলুৱৈসকলৰ ক্ষোভ আৰু দৃষ্টিভংগীকো প্ৰভাৱিত কৰে। ইয়াৰ উপৰিও বিভিন্ন কলাসুলভ আৰু সাংস্কৃতিক কাৰ্যবোৰৰ সংগঠনৰ দ্বাৰাও ছাত্ৰ-

ছাত্ৰীসকলৰ মূল্যবোধৰ বিকাশ সাধন কৰিব পাৰি। উদাহৰণস্বৰূপে 
         
            

সহ-পাঠ্যক্রমিক কার্যসূচী

মূল্যবোধ

 

তর্ক আৰু আলোচনা

 

 

শুদ্ধ আৰু অশুদ্ধ

স্কাউট আৰু গাইড

সাহস, আত্মবিশ্বাস

খেল-ধেমালি

 

সহযোগিতা, একতা ইত্যাদি

সংগীত, নৃত্য আৰু শিল্প

সৌন্দর্যবোধক, মূল্যবোধ

ধর্মীয় অনুষ্ঠান উদযাপন

 

নৈতিক মূল্যবোধ

সমাজ সেৱা

মানৱতা


(III) দীঘল উত্তৰৰ প্ৰশ্ন (Answer of Long Questions)


১। মূল্যবোধ শিক্ষা কি? এই শিক্ষাৰ বৈশিষ্ট্যবোৰ লিখা। 

What is value Education? Write the characteristics of this education.

উত্তৰঃ কোনো এক বস্তু, ঘটনা বা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শুদ্ধ বা অশুদ্ধ, উপযুক্ত বা অনুপযুক্ত আদিক শিক্ষাৰ যোগে বিচাৰ কৰিব পৰা প্ৰক্ৰিয়াই হ'ল মূল্যবোধ শিক্ষা। 

        এই শিক্ষাৰ বৈশিষ্ট্যবোৰ হ'ল-

১। সংহত আৰু সামগ্ৰিক (Integrated and Comprehensive) : মূল্যবোধ শিক্ষা শিক্ষানুষ্ঠানৰ পাঠ্যক্ৰমিক আৰু সহ-পাঠ্যক্রমিক অধ্যয়নৰ বিষয়সূচীৰ যোগেদি প্ৰদান কৰিব পাৰি। অর্থনৈতিক, সামাজিক, নৈতিক, আধ্যাত্মিক, সৌন্দর্যবোধক আৰু গণতান্ত্ৰিক আদি ভিন ভিন মূল্যবোধৰ ধাৰণা এই শিক্ষাত অন্তৰ্ভুক্ত কৰা হয়। 

২। আত্ম উপলব্ধি (Self-Realisation) : ব্যক্তিক আত্ম উপলব্ধি লাভ কৰণত মূল্যবোধ শিক্ষাই সহায় কৰে। মানৱ তথা বিশ্বশান্তিৰ বাবে কোনবোৰ কাৰ্য প্ৰয়োজনীয় সেয়া মূল্যবোধ শিক্ষাৰ বিচাৰ্য বিষয়। 

৩। মানৱ সভ্যতাৰ বিকাশ (Development of Human Civilisation) : মানৱ সভ্যতাৰ বিকাশ সাধন কার্যত মূল্যবোধ শিক্ষাই সহায় কৰে। আঞ্চলিকতাবাদ, কুসংস্কাৰ, অন্ধবিশ্বাস, ধর্মীয় গোড়ামি আদি মূল্যবোধ শিক্ষাৰ যোগেদি নিৰাময় কৰিব পৰা যায়। 

৪। ইতিবাচক মনোভাৱ গঠন (Formation of Positive Attitude) : মূল্যবোধ শিক্ষাই ব্যক্তিৰ ব্যক্তিগত আৰু সামাজিক আচৰণ নিয়ন্ত্ৰণ কৰি ইতিবাচক মনোভাৱ গঠন কৰিব পাৰে। মূল্যবোধ শিক্ষা স্বাভাৱিকতে এক ইতিবাচক ধাৰণা আৰু সেয়েহে এই শিক্ষাৰ যোগেদি ইতিবাচক মনোভাৱৰ গঠন সম্ভৱপৰ হয়। 

৫। পৰিৱেশৰ দ্বাৰা প্ৰভাৱিত (Influenced by Environment) : মূল্যবোধ কোনো অর্জিত গুণ নহয়। ব্যক্তিয়ে এই শিক্ষা পৰিৱেশত আহৰণ কৰে। মূল্যবোধ বিকাশৰ প্ৰক্ৰিয়াবোৰ বিভিন্ন পৰিৱেশীয় কাৰক যেনে—ঘৰ, বিদ্যালয়, সমনীয়াৰ দল, সম্প্রদায়, মাধ্যম আৰু সমাজৰ সাধাৰণ নীতি- নিয়মৰ দ্বাৰা প্ৰভাৱিত হয়। পৰিৱেশৰ উপযুক্ত প্ৰভাৱ অবিহনে মূল্যবোধৰ বিকাশ অসম্ভৱ।



২। মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব বৰ্ণনা কৰা। 

Explain the need and importance of value education.

উত্তৰঃ আধুনিক বস্তুবাদী পৃথিৱীয়ে আমাৰ জীৱন-ধাৰণৰ মানদণ্ডৰ উন্নতি সাধন কৰিছে যদিও জীৱনৰ মানদণ্ড (জীৱনৰ মূল্যবোধ) ৰ উন্নতি সাধন কৰিব পৰা নাই। জনসংখ্যা বিস্ফোৰণ, জ্ঞানৰ বিস্ফোৰণ (বিজ্ঞান আৰু প্ৰযুক্তিবিজ্ঞান) আৰু বস্তুৰ বিস্ফোৰণৰ পৰিপ্ৰেক্ষিতত মানুহে বস্তুগত পৃথিৱীক প্রকৃত সুখ বুলি ভাবি ভুল পথেৰে অগ্ৰসৰ হোৱা দেখা গৈছে। যোৱা শতিকাৰ শেষৰ দশকৰ পৰা সমাজৰ সকলো পর্যায়তে আৰু সকলোতে মানৱীয় মূল্যবোধৰ অৱক্ষয় হোৱা দেখা গৈছে। ইয়াৰ কাৰণ হ'ল- লোভ, আত্ম-বৃদ্ধি, বর্ধিত অন্যায়, মানৱ অধিকাৰৰ অপব্যৱহাৰ, ক্ষমতাৰ বর্ধন, আলসতা, সংবেদনশীলতা, ৰুছি আৰু আচৰণৰ অৱনতি, ছদ্মবেশ, বৰ্জন আৰু লুণ্ঠন, ছলনা, বেইমানি, চুৰি, ঘোচ, চোৰাং বেপাৰ, দুৰ্ণীতি, শোষণ, কৃপনতা আদি। ইয়াৰ ফলস্বৰূপে ব্যক্তিৰ মনৰ শান্তি নোহোৱা হৈছে আৰু সমাজৰ প্ৰতিটো ক্ষেত্ৰতে সামাজিক, নৈতিক, সাংস্কৃতিক, আৱেগিক, ধর্মীয়, আধ্যাত্মিক, বৌদ্ধিক আৰু ৰাজনৈতিক মূল্যবোধৰ অৱক্ষয় হৈছে। ধৰ্ম আৰু নৈতিকতাত বাধা আহি পৰিছে আৰু মানুহৰ শক্তিৰ অপব্যৱহাৰ হৈছে।

মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব তলত বৰ্ণনা কৰা-

(১) ছাত্ৰৰ ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰাঃ কেৱল জ্ঞান আহৰণ কৰাটোৱে শিক্ষাৰ একমাত্ৰ লক্ষ্য হ'ব নোৱাৰে। শিক্ষাৰ মূল লক্ষ্য হ'ব লাগে জ্ঞান আহৰণ কৰাৰ লগতে নৈতিক মূল্যবোধৰ বিকাশ সাধন কৰা।

(২) সমাজৰ বেয়া প্ৰভাৱ পৰিহাৰঃ যুৱ প্ৰজন্মৰ এনে বহুতো আদৰ্শৰ ব্যক্তি আছে যিসকলে সমাজত বহুতো বেয়া কাৰ্য যেনে- যৌন অপৰাধ, নাৰীৰ মৰ্যাদা হানি, ৰাগিয়াল, দব্য  সেৱন আদি কৰা দেখা যায়। এইবোৰৰ প্ৰভাৱে যুৱ সমাজকো বিপথে পৰিচালিত কৰে। 

(৩) পৰিৱেশৰ লগত সুস্থ সমাযোজনঃ ছাত্ৰ-ছাত্ৰীৰসকলে যিকোনো সামাজিক পৰিৱেশৰ লগত নিজক সুস্থভাৱে সমাযোজিত কৰিবৰ বাবেও মূল্যবোধ শিক্ষাৰ প্ৰয়োজন। মূল্যবোধ শিক্ষাৰ যোগে বিভিন্ন সামাজিক ঘুণ যেনে-সহযোগিতা, বন্ধুত্ব, স্বাধীনতা, ধৈৰ্য, ধৰ্মনিৰপেক্ষতা আদি আয়ত্ব কৰি বাস্তৱ সামাজিক জীৱনত প্ৰয়োগ কৰিব পাৰে।

(৪) যুৱ-উশৃংখলতাৰ সমস্যা সমাধান (Solving the Problem of Youth Unrest) : মূল্যবোধ শিক্ষা অবিহনে দেশৰ ভৱিষ্যতৰ গুৰি ধৰোঁতা স্বৰূপ যুৱক-যুৱতীসকল বিভিন্ন ক্ষেত্ৰত বিপথগামী হোৱা পৰিলক্ষিত হৈছে। ইয়াক যুৱ উশৃংখলতা স্বৰূপে বৰ্ণনা কৰিব পাৰি। মূল্যবোধ শিক্ষা অবিহনে নিজৰ ল'ৰা- ছোৱালীয়ে মা-দেউতাক অথবা অভিভাৱকক শ্ৰদ্ধা নকৰা, ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকক বেয়া ব্যৱহাৰ কৰা, মদ্যপান কৰা আদিবোৰ একোটা গুৰুতৰ ব্যাধি স্বৰূপে দেখা দিছে। এই সমস্যাসমূহৰ পৰা ছাত্ৰ-ছাত্ৰীক আঁতৰাই ৰখাৰ একমাত্র উপায় হ’ল মূল্যবোধ শিক্ষা।

(৫) সাংস্কৃতিক বিকাশ (Cultural Development) : শিক্ষাৰ ওপৰত প্ৰতিষ্ঠিত মূল্যবোধ সংস্কৃতিৰ বিকাশৰ বাবে সম্পূর্ণ সহায়কাৰী। মূল্যবোধ আৰু সংস্কৃতি দুয়োটাই দুয়োটাক প্রভাৱিত কৰে। সেয়েহে সাংস্কৃতিক বিকাশৰ বাবে মূল্যবোধ শিক্ষাই পাঠ্যক্ৰমত গুৰুত্বপূৰ্ণ স্থান পাব লাগে৷ মূল্যবোধ শিক্ষাৰ যোগে সমাজৰ সাংস্কৃতিক পৰম্পৰা ৰক্ষা কৰিব পৰা যায়। ব্যক্তিৰ মনত ই চিৰন্তন সত্য আৰু সুন্দৰৰ মনোভাৱ সৃষ্টি কৰিব পাৰে।

(৬) বহল দৃষ্টিভংগীৰ বিকাশ (Development of Wider Outlook) : ছাত্ৰ-ছাত্ৰীৰ চিন্ত প্রক্রিয়াত নতুন দিকদর্শন প্রদানেৰে মূল্যবোধ সিহঁতৰ দৃষ্টিভংগীৰ বিকাশ সাধন কৰিব পাৰে যিয়ে সিহঁতৰ মাজত সচেতনতা আৰু সক্ষমতা বৃদ্ধি কৰি তোলে। এই শিক্ষাই ছাত্ৰ-ভাত্ৰীক সামাজিক কল্যাণৰ বাবে ব্যক্তিগত স্বার্থ ত্যাগ কৰাৰ বাবে প্ৰস্তুত কৰে। এই দৃষ্টিভংগীৰ বিকাশে সিহঁতক সৰল জীবন-যাপন আৰু উচ্চ চিন্তা-চৰ্চা কৰাত সহায় কৰে।

(৭) গণতান্ত্রিক গুণাৱলীৰ বিকাশ (Development of Democratic Qualities) : মূল্যবোধৰ ওপৰত ভিত্তি কৰা শিক্ষাই ছাত্ৰ-ছাত্ৰীৰ মাজত কেতবোৰ গণতান্ত্রিক গুণাৱলী যেনে—ব্যক্তিৰ মৰ্যাদা, সামাজিক আৰু ব্যক্তিগত ন্যায়, সাম্যতা, ভ্রাতৃত্ববোধ, সহযোগিতা, স্বাধীনতা তথা সহানুভূতি বিকশাই তোলে। গণতন্ত্ৰৰ সফলতাৰ বাবে এইবোৰ গণতান্ত্রিক মূল্যবোধ অপৰিহাৰ্য ।

(৮) দ্বন্দ্ব সমাধান (Solving Conflicts) : জাতি, বর্ণ, ধর্ম, প্রদেশ, সংস্কৃতিৰ আৰু প্ৰথাৰ নামত পৰম্পৰাগত আৰু আধুনিক দৃষ্টিভংগীৰ মাজত কেতবোৰ দ্বন্দ্ব দেখিবলৈ পোৱা যায়। এই দ্বন্দ্ববোৰে সমাজৰ অগ্ৰগতিক প্ৰভাৱিত কৰে। সেয়েহে, সমাজৰ বিকাশৰ বাবে এই দ্বন্দ্ব দূৰ কৰাটো প্রয়োজনীয়। 

(৯) প্ৰবৃত্তিৰ শোধন (Sublimation of Instincts) : ব্যক্তিক নিজৰ প্ৰবৃত্তি, আৱেগ আৰু যৌথ আহ্বান নিয়ন্ত্ৰণ কৰি প্ৰস্তুত আৰু বিকাশ কৰিবৰ বাবে মূল্যবোধ শিক্ষা প্রয়োজনীয়। এই শিক্ষাই ব্যক্তিক সমাজ কল্যাণৰ কৰ্মবোৰ সম্পাদনৰ বাবে দক্ষ কৰি তোলে। ব্যক্তি আৰু সমাজৰ বিকাশৰ বাবে ই অতি প্রয়োজনীয়।

(১০) সহযোগিতামূলক জীৱন (Cooperative Living) : মূল্যবোধৰ ওপৰত ভিত্তি কৰা শিক্ষাই সহযোগিতা আৰু সমসহানুভূতিবোধ বিকশাই তোলে। আনৰ লগত সহযোগিতাৰ মাধ্যমেৰে এই শিক্ষাই শান্তিপূৰ্ণ জীৱনৰ দিশে ব্যক্তিক অগ্ৰসৰ কৰে। মূল্যবোধ শিক্ষাই অনুপ্ৰেৰণা যোগায় যে এজন ব্যক্তিয়ে সকলোৰে বাবে জীয়াই থাকিব লাগে আৰু সকলো ব্যক্তিও এজন ব্যক্তিৰ বাবে জীয়াই থাকিব লাগে।

৩। ভাৰতবৰ্ষত মূল্যবোধ শিক্ষাৰ বিকাশ বহলাই লিখা। 

Write elaborately about the development of value education in India.

উত্তৰঃ ভাৰতবৰ্ষত মূল্যবোধ শিক্ষাৰ বিকাশ তলত বহলাই লিখা হ'ল-

জাকিৰ হুছেইন কমিটিৰ প্রতিবেদন (১৯৩৮)

-বৰ্তমান শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন সাধন কৰি ব্যাপক সংগঠনাত্মক আৰু মানৱ ব্যৱস্থাৰ দ্বাৰা শিক্ষা ব্যৱস্থা গঢ়ি দি তোলা আৰু ইয়াৰ যোগেদি জাতীয় জীৱনৰ প্ৰয়োজনীয়তা আৰু আদৰ্শৰ লগত উন্নত সংহতি বিকশাই তোলা।

কেন্দ্রীয় শিক্ষা উপদেষ্টা

পৰিষদৰ ধৰ্মীয় শিক্ষা

কমিটি (১৯৪৬)

-এই কমিটিয়ে জীৱনৰ আধ্যাত্মিক আৰু নৈতিক মূল্যবোধৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।

বিশ্ববিদ্যালয় শিক্ষা আয়োগ (১৯৪৮)

-উপদেশ পদ্ধতিৰ সহায়ত ব্যক্তিগত উদাহৰণ, দৈনন্দিন জীৱন আৰু কৰ্মৰ যোগেদি মূল্যবোধ শিক্ষা প্রদান ।

- শুদ্ধ আৱেগ, ভাল নৈতিক চৰিত্ৰৰ গঠনৰ যোগে ছাত্ৰ-ছাত্ৰীৰ

অভ্যাস গঢ়ি তোলা।

মাধ্যমিক শিক্ষা

আয়োগ (১৯৫২-৫৩)

- চৰিত্ৰ আৰু ব্যক্তিত্বৰ প্ৰশিক্ষণ ।

 

-সম্পূৰ্ণ সম্ভাৱনাৰ উপলব্ধি ৷

 

-সম্প্ৰদায়ৰ কল্যাণত বৰঙণি ।

 

- নৈতিক নিৰ্দেশনাৰ বাবে সম্বন্ধিত পদ্ধতি।

শ্রীপ্রকাশ কমিটি (১৯৫৯)

-নৈতিক আৰু আধ্যাত্মিক শিক্ষা প্ৰদানৰ বাবে সংৰচনা

প্রস্তুত কৰা।

-মূল্যবোধ শিক্ষা প্ৰদানৰ বাবে প্ৰাথমিক বিদ্যালয়ত সপ্তাহত

দুটা শ্ৰেণী, মাধ্যমিক বিদ্যালয়ত এটা শ্ৰেণী আৰু বিশ্ববিদ্যালয় পর্যায়ত নিয়মীয়াভাৱে প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা।

আৱেগিক সংহতিৰ কমিটি (১৯৬২)

— জাতীয় জীৱনত আৱেগিক সংহতিৰ বিকাশৰ বাবে শিক্ষা প্ৰক্ৰিয়াৰ ব্যৱস্থা কৰা।

-সকলো যুৱক আৰু বিশেষকৈ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ইতিবাচক শৈক্ষিক কাৰ্যসূচীৰ ব্যৱস্থা গ্ৰহণ কৰা।

শিক্ষা আয়োগ

(১৯৬৪-৬৬)শিক্ষাৰ জাতীয়

নীতি (১৯৮৬)

- শিক্ষা আৰু জাতীয় বিকাশ।

-প্রত্যক্ষ নৈতিক নির্দেশনা প্ৰদানৰ পৰামৰ্শ।

- প্রয়োজনীয় মূল্যবোধৰ অৱক্ষয়ৰ বাবে উদ্বেগ প্রকাশ কৰিছে।

- সামাজিক আৰু নৈতিক মূল্যবোধৰ বাবে শিক্ষাৰ ব্যৱস্থা কৰিবলাগে।

 

NCERT ৰ দ্বাৰা

আয়োজিত উচ্চ পৰ্যায়ৰ মূল্যবোধ ভিত্তিক শিক্ষাৰ আলোচনাচক্র (১৯৯১)

-গতিশীলতা নীতিৰ ভিত্তিত সমগ্র দেশতে মূল্যবোধভিত্তিক শিক্ষাৰ ব্যৱস্থা কৰা।

- মূল্যবোধভিত্তিক শিক্ষক শিক্ষাৰ কাৰ্যসূচীত সংহত পদ্ধতিৰ ওপৰত গুৰুত্ব প্রদান।

– ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ মাজত মূল্যবোধৰ বিকাশৰ বাবে ৰাজ্যিক পৰ্যায়ত শিক্ষকসকলক প্ৰশিক্ষণৰ বাবে শিক্ষক দিকবিন্যাসৰ বিশেষ কাৰ্যসূচীৰ ব্যৱস্থা কৰা।

মূল্যবোধ শিক্ষা :

 

শিক্ষকৰ বাবে হাতপুথি (CBSE, ১৯৯৭)

– শিক্ষা প্রক্রিয়াত মূল্যবোধ শিক্ষা অন্তৰ্ভুক্তিৰ বাবে প্রতিশ্রুতি প্রদান।

 -শিক্ষার্থীয়ে আভ্যন্তৰীণ কৰা প্ৰয়োজনীয় মূল্যবোধৰ প্ৰতিফলন কৰা।

 

চি. বি. চভন কমিটিৰ

প্রতিবেদন (১৯৯৯) • বিদ্যালয় শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম সংৰচনা (২০০০)

— শিক্ষাৰ মূল্যবোধভিত্তিক কৰ্মৰ পুনৰ আৰম্ভণি কৰা।

- পাঠ্যক্ৰমত মূল্যবোধ ভিত্তিক শিক্ষা অন্তৰ্ভূক্ত কৰাৰ বাবে

প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰা।

মূল্যবোধ শিক্ষা :

শিক্ষকৰ বাবে হাতপুথি

(CBSE, ২০০৩)

-মৌলিক প্রয়োজন আৰু মূল্যৱান বিনিয়োগ স্বৰূপে স্বীকৃতি প্ৰদানৰ বাবে মূল্যবোধ শিক্ষাৰ ব্যৱস্থা কৰা ।

মূল্যবোধ শিক্ষা ঃ

শিক্ষকৰ বাবে হাতপুথি

(CBSE, ২০০৫)

- পাঠ্যক্ৰম অনুসৰি বয়সৰ উপযুক্ত পৰ্যায়ৰ সকলো ছাত্ৰ-ছাত্ৰীৰ মাজত মূল্যবোধ শিক্ষা প্ৰদান কৰাটো প্রয়োজনীয়।

বিদ্যালয় শিক্ষাৰ বাবে :

ৰাষ্ট্ৰীয় পাঠ্যক্ৰম

সংৰচনা (২০০৫)

- পাঠ্যক্ৰম অনুসৰি বয়সৰ উপযুক্ত পৰ্যায়ৰ সকলো ছাত্ৰ-ছাত্ৰীৰ মাজত মূল্যবোধ শিক্ষা প্ৰদান কৰাটো প্রয়োজনীয়।

অবিৰত আৰু বিস্তৃত

মূল্যায়ন সম্বন্ধিত

শিক্ষকৰ হাতপুথি

(CBSE, ২০০৯)

-গুণগত জীৱনৰ নিৰ্ণায়ক স্বৰূপে মূল্যবোধক প্রতিফলিত কৰা আৰু দহটা নীতি তালিকাভুক্ত কৰা আৰু প্ৰতিটোৰ বিৱৰণ প্ৰদান কৰা যিবোৰে মূল্যবোধৰ সংৰচনা গঠন কৰিব।

 

চি. বি. এচ. ই মূল্যবোধ শিক্ষাৰ আহিলা (২০১২)

 

 

- মূল্যবোধ শিক্ষা : শিক্ষকৰ বাবে হাতপুথি।

 - মূল্যবোধৰ কাৰ্ড।

- মূল্যবোধ আৰু শান্তি ভিত্তিক গানৰ চিডি।

৪। প্ৰাথমিক আৰু মাধ্যমিক পর্যায়ত কেনেকৈ মূল্যবোধ শিক্ষা প্রদান কৰিব পাৰি? How to impart value education at primary and secondary stage of education.

উত্তৰঃ প্ৰাথমিক পর্যায়ত মূল্যবোধ শিক্ষা (Value Education at Primary Level)ঃ প্রাথমিক শিক্ষাক মানুহৰ শিক্ষা জীৱনৰ অতি প্ৰয়োজনীয় স্তৰ বুলি বিবেচনা কৰা হয়। এই স্তৰক শিশুৰ ভৱিষ্যত গঢ়াৰ সময়স্বৰূপে বিবেচনা কৰা হয়। বিভিন্ন বিষয়ৰ শিক্ষাৰ লগতে এই পর্যায়ত শিশুসকলক মূল্যবোধৰ শিক্ষাও প্ৰদান কৰা হয়। প্রাথমিক বিদ্যালয়ত পাঠ্যক্রমিক আৰু সহ- পাঠ্যক্রমিক বিষয়বোৰৰ যোগেদি কিদৰে মূল্যবোধৰ শিক্ষা প্ৰদান কৰিব পাৰি সেই বিষয়ে তলত বৰ্ণনা কৰা হ'ল—


(ক) পাঠ্যক্রমিক কার্যসূচী (Curricular Programme) : প্রাথমিক বিদ্যালয়ত যিবোৰ পাঠ্যক্রমিক বিষয়ৰ শিক্ষা প্ৰদান কৰা হয় সেইবোৰৰ যোগেদি মূল্যবোধৰ শিক্ষা প্ৰদান কৰিব পৰা যায় যেনে-


(i) গণিত :

গণিত বিষয়ত ছাত্ৰ-ছাত্ৰীসকলক যোগ, বিয়োগ, পূৰণ, হৰণৰ জ্ঞান ছাত্ৰ-ছাত্ৰীসকলক প্ৰত্যক্ষভাৱে প্ৰদান কৰাতকৈ মূল্যবোধ জড়িত বিভিন্ন বাক্যাংশ যেনে—ৰামে যদি দুই কেজি ওজন দাঙিব পাৰে, ৰূপমে পাঁচ কেজি পাৰে আৰু ৰাজীৱে সাত কেজি পাৰে, তেনেহ'লে গোটেই কেইজন একগোট হ'লে আৰু এজনে আনজনক সহায় কৰিলে কিমান ওজন দাঙিব পাৰিব আদি ধাৰণাৰে গাণিতিক জ্ঞান প্ৰদান কৰিব লাগে।

(ii) বিজ্ঞান : 

বিজ্ঞান বিষয়ৰ বিভিন্ন পাঠৰ জৰিয়তেও ছাত্র-ছাত্রীসকলক মূল্যবোধৰ ধাৰণা প্ৰদান কৰিব লাগে। 

(iii) ভূগোল :

উদাহৰণস্বৰূপে পৃথিৱীৰ বিভিন্ন দেশে বিভিন্ন ধৰণৰ কৃষি উৎপাদন কৰে আৰু এইবোৰ আমদানি-ৰপ্তানিৰ যোগে এখন দেশৰ পৰা আন এখন দেশলৈ অনা নিয়া কৰে। আমি প্রতিখন দেশেই এখন আনখনৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে আমি প্রত্যেকখন দেশকেই সন্মান আৰু শ্ৰদ্ধা জনাব লাগে। 

(iv) বুৰঞ্জী :

বুৰঞ্জী বিষয়ত বিখ্যাত ৰজা-মহাৰজা, বীৰ বীৰাংগনাসকলৰ মানৱীয় মূল্যবোধৰ উদাহৰণ পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰিব লাগে।

(v) ভাষা :

ভাষা বিষয়তো মূল্যবোধ সন্নিৱিষ্ট বিভিন্ন প্ৰবন্ধ, গল্প আৰু কবিতাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক মূল্যবোধৰ জ্ঞান প্ৰদান কৰিব পাৰি।


(খ) সহ পাঠ্যক্রমিক কার্যসূচী :

সহ পাঠ্যক্রমিক কার্যসূচীবোৰৰ যোগেদিও প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ত ছাত্ৰ-ছাত্ৰীসকলক মূল্যবোধ শিক্ষা প্ৰদান কৰিব পাৰি। খেলা-ধূলা, নাটক, তর্ক, কবিতা, বনভোজ, কলা, হস্তশিল্প, সংগীত ইত্যাদি সহ পাঠ্যক্রমিক কাৰ্যসূচীৰ যোগেদি ছাত্ৰ-ছাত্ৰীক মূল্যবোধৰ শিক্ষা প্ৰদান কৰাত ব্যৱহাৰ কৰা কিছুমান কৌশল হ'ল—

(i) মৌনতা অৱলম্বন :

ছাত্র-ছাত্রীসকলক প্রত্যেক দিনাই কিছু সময়ৰ বাবে মৌনতা অৱলম্বন কৰি বহিবলৈ দিলে সিহঁতৰ মাজত শাস্তি, আত্মসংযম, আগ্রহ, মনোযোগ আদি মূল্যবোধৰ বিষয়ে জানিব আৰু স্মৃতি শক্তিও উন্নত কৰিব পাৰিব।

(ii) পুৱাৰ সমাৱেশ :

শিক্ষাৰ্থীৰ মনত মূল্যবোধৰ ধাৰণা দৃঢ়ভাৱে গঢ়ি তুলিবৰ বাবে প্রত্যেক শিক্ষানুষ্ঠানতে শৈক্ষিক কাম- কাজ আৰম্ভ হোৱাৰ আগতে সমাৱেশৰ ব্যৱস্থা থাকিব লাগে। এই সমাৱেশত প্ৰাৰ্থনা, ভক্তিমূলক গীত পৰিৱেশন, নীতিকথা আলোচনা, মহৎলোকৰ বাণী আৰু বিভিন্ন ধৰ্মগ্ৰন্থৰ কিয়দংশ পঢ়ি ছাত্র-ছাত্রীক শুনিবলৈ সুযোগ দান কৰিব লাগে।

(iv) দলীয় সংগীত :

দলীয় সংগীতৰ যোগেৰে ছাত্ৰ-ছাত্ৰীৰ মনত শান্তি, প্ৰেম আৰু আনন্দৰ অনুভৱ গঢ়ি তুলিব পাৰি।

(III) মাধ্যমিক পর্যায়ত মূল্যবোধ শিক্ষা (Value Education at Secondary Level) আনুষ্ঠানিক শিক্ষাৰ দ্বিতীয় পর্যায় হ'ল মাধ্যমিক শিক্ষা। মাধ্যমিক শিক্ষাৰ প্ৰধান লক্ষ্য হ'ল দেশৰ উঠি অহা প্ৰজন্মক সুনাগৰিক, স্বাৱলম্বী কৰি গঢ়ি তোলা, ছাত্ৰ-ছাত্ৰীৰ সুপ্ত প্ৰতিভাৰ বিকাশ সাধন কৰা, নেতৃত্বদানৰ শিক্ষা দিয়া আৰু গণতান্ত্ৰিক জীৱনৰ মূল্যবোধৰ শিক্ষা প্ৰদান কৰা। মূল্যবোধৰ শিক্ষা মাধ্যমিক পর্যায়ত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে প্ৰদান কৰিব পাৰি।

প্রত্যক্ষভাৱে উচ্চ মাধ্যমিক পর্যায়ত ছাত্র-ছাত্রীসকলৰ বাবে মূল্যবোধ শিক্ষা এক অন্তৰ্ভুক্ত কৰা হয়। অন্যান্য বিষয়ৰ লগতে দক্ষতা আহৰণৰ বিষয়স্বৰূপে নৱম আৰু দশম শ্ৰেণীত মূল্যবোধৰ শিক্ষা প্ৰদান কৰা হয়। উচ্চতম মাধ্যমিক পর্যায়তো মূল্যবোধ শিক্ষাক এক পাঠ হিচাপে প্ৰদান কৰা হয়।


পৰোক্ষভাৱে বিভিন্ন পাঠ্যক্ৰমিক আৰু সহ-পাঠ্যক্রমিক বিষয়বোৰৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলক মূল্যবোধৰ শিক্ষা প্ৰদান কৰা হয়। তলত এই বিষয়ে বর্ণনা আগবঢ়োৱা হ'ল—

(ক) পাঠ্যক্রমিক কার্যসূচী (Curricular Programme ) :


(i) ভাষা (Language)

ভাষা আৰু মূল্যবোধ শিক্ষা একেলগে আগবাঢ়ে। মূল্যবোধ শিক্ষাই মানুহ আৰু সমাজৰ লগত সম্বন্ধ ৰক্ষা কৰে আৰু ভাষাই মানুহক নিজৰ ভাৱ আৰু যোগাযোগৰ বাবে মাধ্যম প্ৰদান কৰে। ভাষাৰ বিভিন্ন বিষয়বোৰৰ যোগেদি সৌন্দর্যবোধক মূল্যবোধ, সৃজনশীলতা, নন্দন তত্ব, আনৰ মনৰ ভাৱ অনুভূতি আদিৰ বিষয়ে ছাত্র-ছাত্রীসকল জ্ঞাত হ'ব পাৰে। ভাষা আৰু সাহিত্যৰ অংগ স্বৰূপ গল্প, কবিতা, প্ৰৱন্ধ, উপন্যাস, নাটক আদিৰ যোগেদি সকলো ধৰণৰ মৌলিক মূল্যবোধৰ জ্ঞান ছাত্র- ছাত্ৰীসকলে লাভ কৰিব পাৰে।

(ii) গণিত (Mathematics)

গণিত বিষয়ৰ যোগেদিও মাধ্যমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীসকলক কেতবোৰ গুৰুত্বপূৰ্ণ মূল্যবোধ যেনে- জটিল চিন্তন, সমানতা, যৌক্তিক চিন্তা, সমস্যা সমাধান, সঠিকতা, বিশ্লেষণ, তীক্ষ্ণ আৰু সুক্ষ্ম দৃষ্টি আদিৰ জ্ঞান প্ৰদান কৰিব পাৰি।


(iii) বিজ্ঞান (Science)

বিজ্ঞানৰ বিভিন্ন শাখা হ'ল প্রাণী বিজ্ঞান, উদ্ভিদ বিজ্ঞান, ৰসায়ন বিজ্ঞান, পদার্থ বিজ্ঞান আদি। বিজ্ঞান প্রধানত এক বস্তুনিষ্ঠ আৰু বাস্তৱসন্মত অধ্যয়নৰ বিষয়। মানৱ সেৱাত বিজ্ঞানৰ অৱদান, বিশিষ্ট বিজ্ঞানীৰ জীবন কাহিনী, আৱিস্কাৰ, সময়, দূৰত্ব, বায়ু, পানী আদিৰ লগত মানুহৰ সম্বন্ধ, কৃষি আৰু ঔদ্যোগিক বিকাশত প্ৰয়োগ কৰা প্ৰযুক্তিবিজ্ঞান আদিৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলৰ মনত সত্যৰ উদ্‌ঘাটন, নতুনত্ব সৃষ্টি, মুক্ত অনুসন্ধান, বৈজ্ঞানিক চিন্তা, যৌক্তিক চিন্তা, সূক্ষ্ম পর্যবেক্ষণ আদি বিকশাই তুলিব পাৰে।


(iv) বুৰঞ্জী (History)

বুৰঞ্জী বিষয়ৰ যোগেদি মাধ্যমিক স্তৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিভিন্ন ধৰণৰ মানৱীয় মূল্যবোধ বিকশাই তুলিব পাৰি। বুৰঞ্জী বিষয়ত অন্তর্ভুক্ত বিভিন্ন ৰজা-মহাৰজাসকলৰ সৌর্য-বীর্য, ত্যাগ, বলিদান, দেশপ্রেম, বিভিন্ন দেশৰ বুৰঞ্জী আদিৰদ্বাৰা বিভিন্ন ধৰণৰ মূল্যবোধ যেনে—অনুশাসন, সামাজিক ন্যায়, মৈত্রী, সহনশীলতা আদি বিকশাই তুলিব পাৰি ।

(v) ভূগোল (Geography)

ভূগোলৰ বিভিন্ন বিষয় যেনে— বিভিন্ন দেশৰ মানুহৰ জীৱনৰ ধাৰণৰ অৱস্থা, জীৱন নিৰ্বাহৰ উপায়, ভৌগলিক আৰু পৰিৱেশীয় অৱস্থা আদিৰ যোগেদি কেতবোৰ মূল্যবোধ যেনে—বৈচিত্ৰতাৰ মাজত একতা, সহযোগিতা, সমতা, পৰিৱেশ সংৰক্ষণ, জাতীয় সংহতি আদি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিকশাই তুলিব পাৰি।



(খ) সহ-পাঠ্যক্রমিক কার্যসূচী (Co-curriculum. Programme) : 

(i) পুৱাৰ সমাৱেশ (প্ৰাৰ্থনা, ধর্মীয় গীত পৰিৱেশন, নৈতিক বক্তৃতা প্রদান, ধর্মীয় বাণী পঠন আদি)।

(ii) নৈতিক বা মূল্যবোধভিত্তিক শিক্ষাৰ ওপৰত সম্প্ৰসাৰণমূলক বক্তৃতা প্রদান।

(iii) মূল্যবোধ ভিত্তিক নাটক প্রদর্শন।

(iv) মূল্যবোধ ভিত্তিক আলোচনীৰ প্ৰকাশ।

(v) কিতাপৰ প্ৰদর্শনী।

৫। মূল্যবোধ শিক্ষা প্ৰদানত শিক্ষক আৰু পৰিয়ালৰ ভূমিকা বৰ্ণনা কৰা। 

Describe the role of teacher and family in imparting value education.

উত্তৰঃ প্রাচীন ভাৰতীয় মহাগ্রন্থ বেদ আৰু উপনিষদত উল্লেখ অনুসৰি “মাতৃ দেৱ ভৱো, পিতৃ দেৱ ভৱ, আচাৰ্য দেৱ ভৱ” অর্থাৎ পিতৃ, মাতৃ আৰু শিক্ষকসকলক ঈশ্বৰৰ দৰে শ্ৰদ্ধা কৰিব লাগে। পিতৃ- মাতৃ হ'ল ঈশ্বৰ সদৃশ কিয়নো তেওঁলোকে এই পৃথিৱীত জীৱন দিছে আৰু আমাৰ বিকাশত অৰিহণা যোগাইছে। শিক্ষকসকলো ঈশ্বৰ সদৃশ কিয়নো শিক্ষকে আমাৰ জীৱন পৰিচালনাৰ বাবে শিক্ষা আৰু জ্ঞান দিছে। বৰ্তমান সময়ৰ প্ৰেক্ষাপটত, য'ত ব্যক্তিসকলৰ নৈতিকতা অৱনমিত হৈছে, শিশুসকলৰ মনত মূল্যবোধৰ ভাৱ বিকশাই তোলাৰ আনুষ্ঠানিক দায়িত্ব পালন কৰে শিক্ষকে।

    শিক্ষকতা কেৱল এটা বৃত্তি বা অর্থ উপাৰ্জনৰ উপায়ে নহয়, বৰঞ্চ ভাল মানুহ গঢ়াৰ বাবে প্রয়োজনীয় মানৱীয় আৰু নৈতিক মূল্যবোধ প্ৰদানৰ এক গুৰুত্বপূৰ্ণ উৎসস্বৰূপ। শিশুৱে জীৱনৰ আৰম্ভণিৰ সময়ৰ বেছিভাগ কাল শিক্ষানুষ্ঠানত অতিবাহিত কৰে সেয়ে শিক্ষকসকলে শিক্ষানুষ্ঠানত এক আদর্শ পৰিৱেশ গঢ় দি তুলিব লাগে যাতে গুণমানবিশিষ্ট মূল্যবোধভিত্তিক শিক্ষা প্ৰদান কৰিব পৰা যায়।

    শিক্ষক এজনে নিজৰ বিষয়ৰ অধ্যায় আৰু ধাৰণাৰ বাচনি কৰিব লাগে যাৰ যোগেদি তেওঁ মূল্যবোধ উদ্বুদ্ধ কৰিব পাৰে। তেওঁ শিক্ষণ-শিকণ প্ৰক্ৰিয়া পুনৰাই প্ৰস্তুত কৰিব লাগে যাতে আকাংক্ষিত মূল্যবোধ ছাত্র-ছাত্রীক প্ৰদান কৰিব পাৰি। শিক্ষকসকল অধিক সম্পদশালী হ'ব লাগে। বিষয়বস্তুত থকা মূল্যবোধবোৰ শিক্ষকসকলে চিনাক্তকৰণ কৰিব লাগে আৰু শিক্ষাদানৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলৰ মূল্যবোধৰ প্ৰতি সংবেদনশীল কৰি গঢ়ি তুলিব লাগে।

মূল্যবোধ শিক্ষা প্ৰদানত শিক্ষক ভূমিকা হ'ল-

১। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত নৈতিক মূল্যবোধৰ বিকাশ সাধনৰ বাবে শিক্ষকসকলে বিদ্যালয়ৰ পুৱাৰ সমাৱেশৰ গুৰুত্ব দিব লাগে। সমাৱেশত দুই মিনিট সময়ৰ বাবে নীৰৱতা পালন কৰা উচিত। সম্প্ৰদায়ৰ সংগীতো এই কাৰ্যসূচীৰ অংশ কৰা উচিত।

২। পুৱাৰ সমাৱেশত "আজিৰ বাবে চিন্তা' (Thought for the Day) গ্ৰহণ কৰিব লাগে। নৈতিক চিন্তাৰ মাধ্যমেৰে নৈতিকতা গুণৰ বিকাশ হয়। 

৩। প্রতিদিনে শিক্ষকসকলে পাঁচ মিনিট সময় নৈতিক বক্তৃতা প্ৰদানৰ বাবে খৰচ কৰিব লাগে। এই বক্তৃতাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক মুক্ত আৰু ব্যাপক মনৰ কৰি গঢ়ি তুলি অন্ধবিশ্বাস, কুসংস্কাৰ আদি উৰ্ধত স্থান প্ৰদানৰ বাবে প্ৰয়াস কৰা উচিত।

৪। শ্ৰেণীকোঠাৰ নিৰ্দেশনাত ভাল আচৰণ শিকোৱা আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত তাক বিকশাই তোলাত গুৰুত্ব দিব লাগে। সময় প্রয়োজন স্বৰূপে ইয়াৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিব লাগে।

৫। বিদ্যালয়ৰ কাৰ্যসূচীৰ প্ৰতি সপ্তাহত দুটা পিরিয়ড নৈতিক নির্দেশনা প্রদানৰ বাবে ৰাখিব লাগে। এই শ্রেণীত শিক্ষকে বিভিন্ন ধৰ্মৰ পৰা গ্ৰহণ কৰা আকৰ্ষণীয় ঘটনা বৰ্ণনা কৰিব লাগে আৰু সেইবোৰৰ নৈতিক মূল্যবোধ ব্যাখ্যা কৰিব লাগে।

৬। শিক্ষকে ছাত্র-ছাত্ৰীসকলক জ্ঞানৰ ভাণ্ডাৰস্বৰূপে গ্ৰন্থাগাৰলৈ যাবলৈ উপদেশ দিব লাগে। প্রস্থাগাৰত উপলব্ধ গ্রন্থবোৰ নৈতিকভাবে সমৃদ্ধ আৰু অনুপ্ৰেৰণাদায়ক ।

৭। শিক্ষকৰ নিৰ্দেশনাত নৈতিক মূল্যবোধৰ প্ৰচাৰৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে ভূমিকা পালন, নাটক আদিৰ প্ৰদৰ্শন কৰিব লাগে। ভূমিকা পালনৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলে নিজৰ লগতে পৃথিৱীৰ অন্য মানুহৰ লগত ওচৰ সম্বন্ধ স্থাপন কৰিব পাৰে।

৮। ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সামাজিক মূল্যবোধৰ বিকাশ সাধনৰ বাবে শিক্ষকসকলে সহাযোগিতামূলক শিকণত গুৰুত্ব দিব লাগে।

৯। শিক্ষকে আনৰ লগত সন্মানেৰে আচৰণ প্ৰদৰ্শন কৰিব লাগে। সদয় শব্দ আৰু নীৰৱতাই কিদৰে ক্ষতিকাৰক সংঘাত নিৰাময় কৰিব পাৰে আৰু শত্ৰুকো মিত্ৰলৈ ৰূপান্তৰ কৰিব পাৰি সেয়া শিক্ষকে দেখুৱাব লাগে। 

১০। সম্প্রদায় আৰু ব্যক্তিৰ প্ৰতি থকা সন্মান আৰু শ্ৰদ্ধাৰ মূল্যবোধৰ জ্ঞান শিক্ষকে ছাত্র-ছাত্রীসকলক প্ৰদান কৰিব লাগে।


    শিশুসকলৰ মূল্যবোধ গঠনত পৰিয়ালে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পিত-মাতৃ আৰু সন্তানৰ মাজত থকা বান্ধোনে শিশুৰ ব্যক্তিত্ব নিৰ্ধাৰণ কৰে। পৰিয়াল হ'ল এক আধাৰ যাৰ ভিত্তিত মূল্যবোধ গঠন কৰা হয়। পৰিয়ালত যিবোৰ মূল্যবোধ ব্যৱস্থাৰ অনুশীলন কৰা হয় সেইবোৰ স্বয়ংক্রিয়ভাৱে অনুজ সদস্যসকলে গ্ৰহণ কৰে। শিশুক সত্যতা আৰু মূল্যবোধ শিকোৱাটো পৰিয়ালৰ এক ডাঙৰ দায়িত্ব। পৰিয়ালত শিশুসকলক প্রধানত পিতৃ-মাতৃ আৰু অগ্ৰজ সদস্যসকলে মূল্যবোধৰ শিক্ষা প্ৰদান কৰে। শিশুৰ মূল্যবোধৰ বিকাশত পৰিয়ালৰ ভূমিকা এটা উদাহৰণৰ যোগেদি অধিক স্পষ্ট হৈ পৰিব। উদাহৰণটো হ'ল—“প্রাক্তন ৰাষ্ট্ৰপতি ড° আব্দুল কালাম তেওঁৰ বয়সৰ অন্য শিশুবোৰতকৈ পৃথক আছিল। তেওঁ সামাজিকতাৰ মূল্যবোধ মাক আশিয়াম্মাৰ পৰা লাভ কৰিছিল। তেওঁৰ দেউতাকে বস্তুবাদী আনন্দত বিশ্বাস কৰা নাছিল আৰু সেয়ে ড° কালামেও বিশ্বৰ আনন্দ আৰু স্বাচ্ছন্দপূৰ্ণ জীৱন-যাপন কৰাটো পছন্দ কৰা নাছিল। বাল্যকালৰ পৰাই আব্দুল কালাম মাক আৰু আইতাকৰ নিকট সান্নিধ্যত আছিল আৰু তেওঁলোকে কালামক ৰামায়ণ আৰু নবী মহম্মদৰ গল্প শুনাইছিল। সেইবাবে ড° আব্দুল কালামে বিশ্বাস কৰিছিল যে কিছুমান ঐশ্বৰিক শক্তি আছে যিয়ে ব্যক্তিক নিৰ্দেশনা প্ৰদান কৰে, সঠিক পথৰ সন্ধান দিয়ে আৰু দুৰ্ভোগ, অসুবিধা আৰু ব্যৰ্থতাৰ পৰা মুক্তি প্ৰদান কৰে।” এই বাস্তৱ উদাহৰণটোৰ পৰা স্পষ্টভাৱে সিদ্ধান্তত উপনীত হ'ব পাৰি যে শিশুসকলৰ মাজত মূল্যবোধৰ বিকাশত পৰিয়ালৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।

মূল্যবোধ শিক্ষা প্ৰদানত পৰিয়ালৰ ভূমিকা বৰ্ণনা কৰা হ'ল-

১। শিশুৰ আৰম্ভণিৰ সময়ছোৱাত মাক-দেউতাকে ইতিবাচক মনোভাৱ গ্ৰহণ কৰিব লাগে। শৈশৱ কালত ঘৰত শিকোৱা সকলো কথাৰ প্ৰভাৱ শিশুৰ চিন্তন প্ৰক্ৰিয়াত দেখিবলৈ পোৱা যায়। পৰিয়ালৰ সদস্যৰ ইতিবাচক মনোভাৱে শিশুসকলৰ মানসিক দৃষ্টিভংগীও ইতিবাচক কৰি গঢ়ি তোলে।

২। মূল্যবোধ বিকশাই তোলাৰ আন এক উপায় হ'ল শিশুৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ বাস্তৱভিত্তিক আকাংক্ষা। পিতৃ-মাতৃয়ে নিজৰ আকাংক্ষাৰ বোজা শিশুসকলৰ ওপৰত জাপি দিব নালাগে। শিশুসকলক নিজ ইচ্ছাৰে কৰ্ম সম্পাদন কৰিবলৈ দিব লাগে।

৩। বৰ্ধিত শিশুসকলৰ বাবে পৰিয়ালৰ সময় অতি গুৰুত্বপূৰ্ণ। পিতৃ-মাতৃয়ে শিশুসকলক পৰিয়ালৰ আন সদস্যসকলৰ লগত পৰিচয় কৰাই দিব লাগে। পৰিয়ালৰ আন সদস্যসকলৰ শিশুৰ সম্বন্ধ আৰু তেওঁলোকক কিদৰে সম্বোধন কৰিব লাগে সেয়া শিশুক শিকাব লাগে। ইয়াৰ পৰা শিশুৱে নিজৰ সম্বন্ধৰ মানুহবোৰৰ মূল্যবোধৰ বিষয়ে জানিব পাৰে।

৪। ভাল আচৰণৰ বাবে শিশুক পুৰস্কাৰ প্ৰদান কৰিব লাগে। ইয়ে শিশুসকলক সদায় ভাল আচৰণ কৰাৰ বাবে অভিৰোচিত কৰিব। অৱশ্যে পুৰস্কাৰ স্বৰূপে শিশুক বস্তু দিয়াৰ পৰিৱৰ্তে প্ৰশংসা, কৰমৰ্দন আদি কৰিব লাগে।

৫। শিশু বিশেষকৈ কিশোৰ-কিশোৰীসকলক প্ৰদান কৰা জেপ খৰচৰ পৰিমাণ যুক্তিসংগত হ'ব লাগে। হিচাপতকৈ অধিক জেপ খৰচ দিব নালাগে আৰু জেপ খৰচৰ টকা সঞ্চয় কৰিবৰ বাবে উৎসাহিত কৰিব লাগে।

৬। পিতৃ-মাতৃয়ে শিশুসকলক ঈশ্বৰৰ উপাসনা আৰু ভক্তি কৰাৰ পাঠ শিকাব লাগে আৰু প্ৰতিজন ব্যক্তিৰ মাজত যে ঈশ্বৰ বিৰাজমান সেয়া বৰ্ণনা কৰিব লাগে। পিতৃ-মাতৃয়ে শিশুক ইতিহাসৰ মহান ব্যক্তিসকলৰ ঘটনা ক'ব লাগে যিসকল তেওঁলোকৰ মূল্যবোধৰ বাবে জনাজাত।

৭। পিতৃ-মাতৃৰ নিজৰ আচৰণ, মনোভাৱ, বিশ্বাস আৰু মূল্যবোধে শিশুসকলৰ বিকাশত ব্যাপক প্রভাৱ বিস্তাৰ কৰে। সেয়েহে পিতৃ-মাতৃয়ে নিজৰ বিশ্বাসবোৰক স্বীকৃতি প্ৰদান কৰা প্ৰয়োজন। শিশুসকলে সুস্থ বিকাশৰ বাবে পিতৃ-মাতৃৰ অপৰ্যাপ্ত মৰম আৰু সমৰ্থন বিচাৰে। পিতৃ-মাতৃয়ে শিশুক সেয়া দিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

৮। পিতৃ-মাতৃয়ে সকলো শিশুকে এক অদ্বিতীয় উপহাৰ আৰু প্ৰতিভাৰ গৰাকীস্বৰূপে গ্ৰহণ কৰিব লাগে। প্রত্যেক শিশুৱে পৃথক সেয়েহে শিশুসকলৰ মাজত তুলনা কৰিব নালাগে।

৯। পিতৃ-মাতৃয়ে নিজৰ শিশুসকলৰ কথা শুনিব লাগে আৰু সহায় তথা নিৰ্দেশনা প্রদান কৰিব লাগে। শিশুসকলৰ প্রয়োজনবোৰ বন্ধুত্বসুলভভাৱে বুজি উঠিলে ই শিশুৰ মূল্যবোধৰ বিকাশৰ বাবে সহায়কাৰী।

১০। শিশুসকলে চিনেমা বা টি. ভি. চোৱাৰ সময়ত মাক-দেউতাক সিহঁতৰ লগত থাকিব লাগে। ভাষা বা আচৰণৰ ক্ষেত্ৰত টিভিৰ কাৰ্যসূচী বা চিনেমা বিৰূপ প্ৰকৃতিৰ হ'লৈ মাক-দেউতাকে সেয়া শিশুৰ লগত আলোচনা কৰিব লাগে।




Question And Answer Type: Himashree Bora.