BA 3rd Sem Education Major Chapter 5 Question and Answer Assam | B.A 3rd Semester Education Notes | B.A 3rd Semester Education Free Suggestion | B.A 3rd Semester Education Solution | B.A 3rd Semester Education Question and Answer | শান্তি শিক্ষাৰ প্ৰত্যাহ্বানসমূহ আৰু বিভিন্ন সংগঠনৰ ভূমিকা (Challenges of peace Education and Role of Different Organisations) পাঠটোৰ প্ৰশ্ন-উত্তৰ |  BA 3rd Sem Major Education Paper 3 |


প্রশ্নাৱলী


(I) অতি চমু উত্তৰ দিয়া (Give very short answers)

১। I.I.P ৰ সম্পূৰ্ণ আকাৰটো কি?

What is full form of IIP?

উত্তৰঃ I.I.P ৰ সম্পূৰ্ণ আকাৰটো হ'ল- International Institute for Peace.

২। আন্তঃৰাষ্ট্ৰীয় শান্তি প্রতিষ্ঠান কোন চনত স্থাপন কৰা হৈছিল ?

When International Institute for peace was established?

উত্তৰঃ  আন্তঃৰাষ্ট্ৰীয় শান্তি প্রতিষ্ঠান ১৯৫৬ চনত স্থাপন কৰা হৈছিল।

৩। আন্তঃৰাষ্ট্ৰীয় শান্তি প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত?

Where the headquarter of International Institute for peace is situated?

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় শান্তি প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় অষ্ট্ৰিয়াৰ ভিয়েনাত অৱস্থিত।

৪। UNESCO ৰ সম্পূৰ্ণ আকাৰটো কি?

What is the full form of UNESCO?

উত্তৰঃ  UNESCO ৰ সম্পূৰ্ণ আকাৰটো হ'ল- United Nation Education, Scientific and Cultural Organisation.

৫। UNESCO কোন চনত স্থাপন কৰা হৈছিল ?

When UNESCO was established? 

উত্তৰঃ UNESCO 1945 চনৰ ১৬ নৱেম্বৰ স্থাপন কৰা হৈছিল।

৬। IPB ৰ সম্পূৰ্ণ আকাৰটো কি?

What is the full form of IPB?

উত্তৰঃ IPB ৰ সম্পূৰ্ণ আকাৰটো হ'ল- International Peace Burearu.

৭। IPB ক কোন চনত শান্তিৰ বাবে ন'বেল বঁটা প্ৰদান কৰা হৈছিল ? 

In which year IPB was awarded with Nobel Peace Prize? 

উত্তৰঃ  IPB ক  ১৯১০ শান্তিৰ বাবে ন'বেল বঁটা প্ৰদান কৰা হৈছিল।

৮। আন্তঃৰাষ্ট্ৰীয় শান্তি ব্যুৰোৰ প্ৰধান পৃষ্ঠপোষক কোন আছিল?

Who was the main founder of International Peace Bureau?

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় শান্তি ব্যুৰোৰ প্ৰধান পৃষ্ঠপোষক ফ্ৰেডিক বাজেৰ আছিল।

৯। ৰাষ্ট্ৰসংঘ কোন চনত স্থাপন কৰা হয় ?

In which year United Nations Organisation was established?

উত্তৰঃ  ৰাষ্ট্ৰসংঘ ১৯৪৫ চনৰ ২৪ অক্টোবৰত স্থাপন কৰা হয়।

 ১০। বর্তমান UNO ৰ সদস্য সংখ্যা কিমান?

What is the present member strength of UNO?

উত্তৰঃ বর্তমান UNO ৰ সদস্য সংখ্যা হ'ল- ১৯৩ 

১১। ৰাষ্ট্ৰসংঘৰ মুখ্য অংশসমূহ কি কি?

What are the main organs of UNO 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ মুখ্য অংশসমূহ হ'ল- 

(ক) সাধাৰণ সভা

(খ) নিৰাপত্তা পৰিষদ

(গ) অর্থনৈতিক আৰু সামাজিক পৰিষদ

(ঘ) ন্যায় পৰিষদ

(ঙ) আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়

(চ) ৰাষ্ট্ৰসংঘৰ সচিবালয়

১২। UNICEF ৰ সম্পূৰ্ণ আকাৰটো কি? 

What is the full form of UNICEF?

উত্তৰঃ UNICEF ৰ সম্পূৰ্ণ আকাৰটো হ'ল- The United Nations International Children's Emergency Fund.

 ১৩। UNICEF ৰ মুখ্য কাৰ্যালয় কত অৱস্থিত?

Where the headquarter of UNICEF is situated?

উত্তৰঃ UNICEF ৰ মুখ্য কাৰ্যালয় নিউয়ৰ্ক চহৰত অৱস্থিত। 

 ১৪। বিশ্ব শান্তি ফাউণ্ডেচন কোন চনত গঠন কৰা হৈছিল?

In which year Global Peace Foundation was formed?

উত্তৰঃ  বিশ্ব শান্তি ফাউণ্ডেচন ২০০৯ চনত গঠন কৰা হৈছিল।

১৫। MGIEP ৰ সম্পূৰ্ণ আকাৰটো কি?

What is the full form of MGIEP?

উত্তৰঃ  MGIEP ৰ সম্পূৰ্ণ আকাৰটো হ'ল- Mahatma Gandhi Institute of Education for Peace and Sustainable Development.

১৬। MGIEP ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ? 

Where the headquarter of MGIEP is situated?

উত্তৰঃ MGIEP ৰ মুখ্য কাৰ্যালয় দিল্লীত অৱস্থিত।

(II) চমু উত্তৰৰ প্ৰশ্ন (Questions of Short Answer )

১। শান্তি শিক্ষাৰ দুটা প্রত্যাহ্বান লিখা?

Write two challenges of Peace education?

উত্তৰঃ শান্তি শিক্ষাৰ দুটা প্রত্যাহ্বান হ'ল-

১। অপর্যাপ্ত জ্ঞান (Inadequate Knowledge) : শাস্তি শিক্ষাৰ এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান হৈছে এই বিষয় সম্পর্কে পর্যাপ্ত জ্ঞানৰ অভাৱ। শান্তি শিক্ষাৰ ধাৰণা, লক্ষ্য উদ্দেশ্য সম্পর্কে সমাজৰ ব্যক্তিসকল, নীতি-নিৰ্ধাৰনকাৰীসকল আৰু চৰকাৰৰ উপযুক্ত জ্ঞানৰ অভাৱ পৰিলক্ষিত হয়। 

২। পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হোৱা নাই (Not included in curriculum) : বৰ্তমান সময়ত শান্তি শিক্ষাৰ যথেষ্ট গুৰুত্ব থকা স্বত্বেও শান্তি শিক্ষাক আমাৰ বিদ্যালয় পাঠ্যক্ৰমত অন্তভুক্ত কৰা হোৱা নাই। উচ্চ শিক্ষাৰ ক্ষেত্ৰতো এই শিক্ষাক আংশিকভাৱেহে অন্তৰ্ভুক্ত কৰা হৈছে। 

২। শান্তি শিক্ষাৰ ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা দুটা সংগঠনৰ নাম লিখা ?

Write the names of two organisations which contributed for Peace education?

উত্তৰঃ শান্তি শিক্ষাৰ ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা দুটা সংগঠনৰ নাম হ'ল-

(১) ইউনেস্কো অথবা ৰাষ্ট্ৰসংঘৰ শিক্ষা (UNESCO)

(2) ৰাষ্ট্ৰসংঘ (UNO)

 ৩। আন্তঃৰাষ্ট্ৰীয় শান্তি প্ৰতিষ্ঠানৰ উদ্দেশ্যসমূহ কি কি?

What are the objectives of International Institute for Peace? 

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় শান্তি প্ৰতিষ্ঠানৰ উদ্দেশ্যসমূহ হ'ল-

১। সুৰক্ষা, সংঘাট নিৰাময়, শান্তি প্রতিষ্ঠা বিশেষকৈ নাগৰিকৰ সুৰক্ষা, যুৱ হিংসাৰ প্ৰতিকাৰ, জলবায়ু পৰিৱৰ্তন, পৰিৱেশ আৰু শান্তি প্রতিষ্ঠা, নাৰী আৰু শান্তি আদি বিষয়ত বিশেষ গৱেষণাক গুৰুত্ব দিয়া।

২। হিংসাত্মক সংঘষাত আৱদ্ধ সমাজক, সশস্ত্র সংগ্রামক আলোচনা আৰু পাৰস্পৰিক বুজাপৰাৰ মাজত নিবাৰণ কৰিবলৈ সহযোগিতা আগবঢ়োৱা।

৩। হিংসাৰ ফলত সৃষ্টি নাগৰিকৰ অসুৰক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় চৰকাৰ আৰু সামাজিক অনুষ্ঠান সমূহক সামাজিক নীতি ৰচনা আৰু প্ৰয়োগ কৰিবলৈ সহায় কৰা।

৪। ইণ্টাৰনেটৰ জৰিয়তে ব্যক্তি আৰু অনুষ্ঠানসমূহৰ মাজত এক গোট বা সংযোগ স্থাপন কৰা আৰু প্ৰয়োজন অনুসাৰে শান্তিপূৰ্ণ, মুক্ত আৰু ধাৰণক্ষম সমাজ গঢ়াৰ ক্ষেত্ৰত শান্তি প্রতিষ্ঠা আৰু সংঘাত নিৰাময়ৰ প্ৰশিক্ষণ প্ৰদান কৰা ৷

৪। ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংগঠনৰ মুখ্য উদ্দেশ্যসমূহ কি কি? What are the objectives of United Nations Education, Scientific and Cultural Organisation?

উত্তৰঃ  ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংগঠনৰ মুখ্য উদ্দেশ্যসমূহ হ'ল-


৫। UNESCO ৰ দুটা মুখ্য কাৰ্যৰ বিষয়ে লিখা ।

Write two major functions of UNESCO. 

উত্তৰঃ  UNESCO ৰ দুটা মুখ্য কাৰ্যৰ হ'ল-

1. ইয়াৰ প্ৰধান কাৰ্য হৈছে ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা বিকাশৰ মাধ্যমেৰে বিশ্ব শান্তি আৰু সুৰক্ষাৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা। শিক্ষা, বিজ্ঞান, সংস্কৃতি আৰু যোগাযোগৰ ক্ষেত্ৰত কৰা অধ্যয়নে ভৱিষ্যতৰ শান্তিপূর্ণ সমাজ গঢ়াত সহায় কৰিব।

2. এই সংগঠনে গৱেষণাৰ ক্ষেত্ৰত এক বৃহৎ অংশ ব্যয় কৰে। বিজ্ঞানী, গৱেষক আৰু শিল্পীৰ মাজত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা প্ৰদান কৰে। ই গৱেষনা, প্ৰশিক্ষণ আৰু শিক্ষণ কাৰ্যসমূহৰ দ্বাৰা জ্ঞানৰ অগ্রগতি হস্তান্তৰ আৰু জ্ঞানৰ আদান-প্ৰদান কৰে।

3. এই সংগঠনে আন্তঃৰাষ্ট্ৰীয় মানদণ্ড আৰু মান নিৰ্ধাৰণ, প্ৰয়োগ, পৰ্যবেক্ষণ আৰু পুনৰীক্ষণ কাৰ্য সাধন কৰে। আভ্যন্তৰীণ ব্যৱস্থা আৰু বিধি নিৰ্দেশনাসমূহৰ প্ৰস্তুতি আৰু গ্ৰহণৰ ক্ষেত্ৰত মানদণ্ড নির্ণায়ক কার্য সংঘটিত কৰে।

৬। আন্তৰাষ্ট্ৰীয় শান্তি ব্যুৰো'ৰ তিনিটা উদ্দেশ্য লিখা।

Write three objectives of International Peace Bureau. 

উত্তৰঃ আন্তৰাষ্ট্ৰীয় শান্তি ব্যুৰো'ৰ তিনিটা উদ্দেশ্য হ'ল- 

 ১। আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বিকাশৰ বাবে শান্তিৰ উদ্দেশ্যে কাম কৰা।

২। আন্তঃৰাষ্ট্ৰীয় সংঘৰ্ষসমূহৰ অহিংসামূলক সমাধান আগবঢ়োৱা।

৩। পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰৰ বহিষ্কাৰৰ দ্বাৰা ভৱিষ্যত প্ৰজন্মৰ বাবে এখন নিৰাপদমুক্ত পৃথিৱী গঢ়ি তোলা ।

৪। বিভিন্ন শান্তি সংস্থাৰ কাৰ্যসমূহৰ মাজত সমন্বয় সাধন কৰিবৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিৰোধৰ শান্তিপূর্ণ সমাধানৰ ধাৰণা প্ৰচাৰ কৰা।

৭। আন্তঃৰাষ্ট্ৰীয় শান্তি ব্যুৰো'ৰ দুটা মুখ্য কাৰ্য্য লিখা।

Write two function of International Peace Bureau. 

উত্তৰঃ  আন্তঃৰাষ্ট্ৰীয় শান্তি ব্যুৰো'ৰ দুটা মুখ্য কাৰ্য্য হ'ল-

১। পাৰমাণৱিক অস্ত্ৰ নিষিদ্ধকৰণৰ বাবে কাম কৰে। এই সংগঠনৰ বিশ্বজুৰি প্ৰায় ৯০ খন দেশৰ ২০০০ সংস্থাই পৃথিৱীৰ পৰা পাৰমাণৱিক অস্ত্ৰ নোহোৱা কৰাৰ বাবে এখন আন্তঃৰাষ্ট্ৰীয় চুক্তিৰ বাবে কাম কৰি আছে।

২। আন্তঃৰাষ্ট্ৰীয় শান্তি ব্যুৰোই সামৰিক ব্যয় হ্ৰাস কৰা সম্পৰ্কে আৰু উন্নয়নৰ দিশত বাধা প্রদান কৰা কাৰকসমূহৰ বিষয়ে আলোচনা কৰে ৷

৩। বিভিন্ন ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতা আৰু আন্তঃৰাষ্ট্ৰীয় সংঘৰ্ষসমূহৰ সমাধানৰ মাজেদি আন্তঃৰাষ্ট্ৰীয় শাস্তি ব্যুৰো'ই শান্তি স্থাপন কৰে।


৮। ৰাষ্ট্ৰসংঘৰ মূল লক্ষ্য-উদ্দেশ্যসমূহ কি কি?

What are the main aims and objectives of United Nations Organisation. 

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ মূল লক্ষ্য-উদ্দেশ্যসমূহ হ'ল- 

১। আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সুৰক্ষা স্থাপন কৰা আৰু তাৰ বাবে সমূহীয়া কাৰ্যকৰী ব্যৱস্থা গ্রহণ কৰা শান্তিৰ বাবে আহিবলগীয়া প্ৰত্যাহ্বানসমূহ নিৰ্মূল কৰা আৰু শান্তিক বিঘ্নিত কৰিব পৰা যুঁজাৰু মনোভাৱক দমন কৰা আৰু আন্তঃৰাষ্ট্ৰীয় ন্যায় আৰু অনিবৱাৰ সংঘাতসমূহৰ শান্তিপূর্ণ সমাধানৰ ব্যৱস্থা কৰা।

২। বিভিন্ন ৰাষ্ট্ৰৰ মাজত সম অধিকাৰ, ব্যক্তিৰ আত্ম নিয়ন্ত্ৰণৰ অধিকাৰ আৰু বিশ্বশান্তিৰ বাবে কাৰ্যকৰী ব্যৱস্থা কৰি বন্ধুত্বমূলক সম্পর্ক বৃদ্ধি কৰা। 

৩। অর্থনৈতিক, সাংস্কৃতিক আৰু মানৱীয় দিশৰ পৰা গঢ়ি লোৱা আন্তঃৰাষ্ট্ৰীয় সমস্যা সহযোগিতাৰে সমাধান কৰা আৰু জাতি, ধর্ম, লিংগ ভাষা আদিৰ ভিত্তিত কোনো বিভেদতা নোহোৱাকৈ মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতা ৰক্ষা কৰা। 

৪। ওপৰোক্ত লক্ষ্যসমূহ অৰ্জন কৰিবলৈ বিভিন্ন ৰাষ্ট্ৰসমূহৰ মাজত ঐক্যৱদ্ধ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ এক কেন্দ্র হিচাপে প্রতিষ্ঠিত হোৱা।

৯। ৰাষ্ট্ৰসংঘৰ যিকোনো দুটা মুখ্য কার্য লিখা।

Write any two main functions of United Nations Organisation.

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ যিকোনো দুটা মুখ্য কার্য হ'ল-

১। আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা (Maintenance of International Peace and Security) : ৰাষ্ট্ৰসংঘৰ প্ৰধান কাৰ্য হৈছে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সুৰক্ষা নিশ্চিত কৰা। প্ৰস্তাৱনাৰ ৬ নং অনুচ্ছেদ মতে ৰাষ্ট্ৰসংঘই নিৰাপত্তা পৰিষদৰ হস্তক্ষেপত আলোপ-আলোচনা, মধ্যস্থতা আৰু ন্যায়িক সিদ্ধান্তৰ মাজেৰে সংঘাতৰ সমাধান কৰে। আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাক ক্ষতিসাধন কৰিব পৰা যিকোনো বিতর্ক বা পৰিস্থিতিক নিৰাপত্তা পৰিষদে তদন্ত কৰিব পাৰে। 

২। শান্তি প্রতিষ্ঠা আৰু শান্তি ৰক্ষা (Peace building and Peace Keeping)ঃ আন্তঃৰাষ্ট্ৰীয় সশস্ত্ৰ সুৰক্ষাবাহিনী প্রথম বাৰৰ বাবে ১৯৪৮ চনত কাশ্মীৰ আৰু পেলেচটাইনত ব্যৱহাৰ কৰা হৈছিল। সাধাৰণতে এই শক্তিক দুখন যুদ্ধক্ষেত্ৰত থকা দেশৰ সামৰিক বাহিনীৰ পশ্চাদগমন। আৰু মধ্যস্থতাৰ কামত ব্যৱহাৰ কৰা হয়। এই কাৰ্য ১৯৫৬ চনত স্থায়ী ৰূপ দিয়া হয় যেতিয়া চুৱেজ কেনেলৰ বাবে ইজিপ্ত, ইজৰাইল, ফ্রান্স আৰু ইংলেণ্ডৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল।  

১০। UNICEF ৰ দুটা লক্ষ্য লিখা।

 Write two aims of UNICEF.

উত্তৰঃ UNICEF ৰ দুটা লক্ষ্য হ'ল- 

১। বিশ্বজুৰি প্ৰাথমিক শিক্ষাৰ পৰিকাঠামোৰ সুবিধা প্রদান কৰা। 

২। উন্নয়নশীল বিশ্বত শিশুৰ বাচি থকা হাৰ বৃদ্ধি কৰা। বিশ্বৰ সকলো ঠাইতে শিশুৰ মৃত্যুৰ হাৰ ৰোধ কৰাত এই সংস্থাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।

৩। সর্বাধিক সুবিধাবঞ্চিত, যুদ্ধ, বিপদগ্রস্ততা, দৰিদ্ৰতা, হিংসাত্মক, শোষণৰ ভুক্তভোগী শিশুৰ সুৰক্ষা প্ৰদান নিশ্চিত কৰা।

১১। বিশ্ব শান্তি ফাউণ্ডেচনৰ দুটা কাৰ্য লিখা । 

Write two functions of Global peace Foundation.

উত্তৰঃ বিশ্ব শান্তি ফাউণ্ডেচনৰ দুটা কাৰ্য হ'ল- 

(১) বিশ্ব শান্তি সম্মিলন (Global Peace Convention) : এই সংস্থাই বিশ্ব শান্তি সন্মিলন অনুষ্ঠিত কৰে য'ত আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসক, নীতি নিৰ্ধাৰক আৰু শান্তিৰ পৃষ্ঠপোষকসকলে ধাৰণক্ষম শাস্তি আৰু বিকাশৰ বাবে প্রয়োজনীয় বিভিন্ন দিশৰ আলোচনা কৰে। বিশ্বশান্তি ফাউণ্ডেচনৰ কাৰ্যসূচীসমুহে সামাজিক সংহতি, পৰিয়াল শক্তিশালীকৰণ আৰু নৈতিক আৰু উদ্ভাৱনী নেতৃত্ব ক্ষমতাৰ বিকাশ সাধনৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।

(২) সম্প্ৰদায়ৰ বিকাশ (Community Development) : এই সংস্থাই সাম্প্ৰদায়ভিত্তিক উন্নয়নৰ বাবে সম্প্ৰদায়ৰ সদস্যসকলক আৰু স্থানীয় সংস্থাক জড়িত কৰাৰ মাধ্যমেৰে বিকাশৰ প্ৰত্যাহ্বানসমূহ সমাধান কৰিবলৈ চেষ্টা কৰে। কর্মশালা, প্ৰশিক্ষণ আৰু বাণিজ্যিক গোট স্থাপনৰ বিকাশৰ মাজেৰে স্বাস্থ্য, অর্থনৈতিক বিকাশ আৰু সুৰক্ষাৰ ক্ষেত্ৰত প্ৰাণবস্তু সম্প্রদায় গঢ়ি তুলিব পাৰি।

(৩) শিক্ষা (Education) : বিশ্ব শান্তি ফাউণ্ডেচনে হাতত লোৱা আঁচনিসমূহত শিক্ষাবিদ আৰু অংশীদাৰসকলে অংশ গ্রহণ কৰে আৰু ৰাজহুৱা মাধ্যমিক বিদ্যালয়সমূহত নীতিশাস্ত্ৰ আৰু একবিংশ শতিকাৰ প্ৰয়োজনীয় কৌশলসমূহ সংহতিকৰণেৰে প্রয়োগ কৰে। ইয়াৰ দ্বাৰা শিক্ষাৰ্থীসকলে পৰীক্ষামূলকভাৱে ডিজিটেল প্রযুক্তিবিদ্যা, দলীয় কাম-কাজ, বাস্তৱ জীৱনৰ সমস্যা সমাধান কৌশল, নেতৃত্ব আৰু সংহতিৰ মূল্যবোধসমূহ বিকশাই তোলে। 

১২। MGIEP ৰ প্ৰধান লক্ষ্য কি?

What is the main aim of MGIEP?

উত্তৰঃ MGIEP ৰ প্ৰধান লক্ষ্য হ'ল-

১৩। মহাত্মা গান্ধী শান্তি আৰু ধাৰণক্ষম বিকাশৰ শিক্ষা প্ৰতিষ্ঠানৰ যিকোনো চাৰিটা কাৰ্য লিখা।

Write any four functions of Mahatma Gandhi Institute of Education for Peace and Sustainable Development.

উত্তৰঃ  মহাত্মা গান্ধী শান্তি আৰু ধাৰণক্ষম বিকাশৰ শিক্ষা প্ৰতিষ্ঠানৰ যিকোনো চাৰিটা কাৰ্য হ'ল-

১। সমৰ্থন আৰু প্ৰচাৰ (Advocacy and Support) : MGIEP এ শান্তি আৰু ধাৰণক্ষম বিকাশৰ শিক্ষানীতিৰ ক্ষেত্ৰত উন্নয়নৰ বাবে নিৰন্তৰ প্ৰচেষ্টা আৰু বৌদ্ধিক সহযোগিতাৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় নীতি গোট হিচাপে কাম কৰে। এই প্রতিষ্ঠানে চৰকাৰৰ কাৰিকৰী পৰামৰ্শ সংস্থা হিচাপে কাম কৰি নীতি নিৰ্ধাৰণ কৰাত সহায় কৰে। 

২। তথ্য আৰু যোগাযোগ (Information and Communication) : এই প্ৰতিষ্ঠানৰ এটা মুখ্য লক্ষ্য হ'ল শান্তি আৰু ধাৰনক্ষমতাৰ বিষয়ে এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শিক্ষা ব্যৱস্থাৰ জৰিয়তে সচেতনতা বৃদ্ধি কৰা। সেয়ে এই প্রতিষ্ঠানে এই অঞ্চলত চলি থকা গৱেষণা, কৰ্মশালা আৰু অন্যান্য আনুষংগিক ঘটনা প্ৰৱাহৰ খবৰসমূহ প্ৰচাৰ হোৱাত সহায় কৰে।

৩। সম্পদ কেন্দ্র ( Resource Centre ) : এই প্রতিষ্ঠানে শান্তি আৰু ধাৰণক্ষমতাৰ শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত এক সম্পদকেন্দ্ৰ হিচাপে কাম কৰে। এই প্ৰতিষ্ঠানত সংৰক্ষিত সম্পদসমূহ তথা নিজৰ অধ্যয়ন, জৰীপ আৰু প্ৰকাশন বিলাক এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ উচ্চ গুণমান বিশিষ্ট সম্পদৰূপে পৰিগণিত হৈছে।

৪। গৱেষণা আৰু দক্ষতা সৃষ্টি (Research and Capacity Building) : MGIEP এ বিভিন্ন সংস্থা, চৰকাৰী অনুষ্ঠানসমূহ, বিশ্ববিদ্যালয় আৰু স্বেচ্ছাসেৱী অনুষ্ঠানসমূহৰ দ্বাৰা উচ্চমান বিশিষ্ট গৱেষণা শক্তিশালী কৰা আৰু সুবিধা প্ৰদান কৰাৰ বাবে চেষ্টা কৰে। এই সংস্থাই চৰকাৰৰ প্ৰয়োজন সাপেক্ষে তথা বিশ্ববিদ্যালয়, শিক্ষাবিদ আৰু পাঠ্যক্ৰম বিকাশকাৰী সকলৰ বাবে –এক দক্ষতা বিকাশৰ ভূমিকা গ্ৰহণ কৰে আৰু শান্তি আৰু ধাৰনক্ষম শিক্ষাৰ বাবে এক আন্তঃৰাষ্ট্ৰীয় যানদণ্ড নিৰ্ধাৰণ কৰে ।

৫। সহযোগিতা আৰু অংশীদাৰীত্ব (Cooperation and Partnership) : এই প্রতিষ্ঠানে বিভিন্ন ধৰণৰ জ্ঞানমূলক সম্প্রদায়সমূহৰ মাজত যোগসূত্র স্থাপন কৰিবলৈ অংশীদাৰীত্ব আৰু বিভিন্ন আদান-প্ৰদানৰ গোট স্থাপন কৰে। MGIEP এ জ্ঞানৰ শৃংখল সৃষ্টি কৰে আৰু তাৰ সুবিধার্থে বিশেষজ্ঞ সংস্থা, চৰকাৰ, বিশ্ববিদ্যালয়, গৱেষক আৰু শান্তি আৰু ধাৰণক্ষম উন্নয়নৰ শিক্ষা ব্যৱস্থাত জড়িত কৰ্মৰত ব্যক্তিসকলক সংযুক্ত কৰে।



Question And Answer Type: Himashree Bora.