বৰগীত
পাঠ - ১

1) বৰগীতটি কোনে ৰচনা কৰিছিল?

(ক) নলিনীবালা দেৱী

(খ) কৃষ্ণকান্ত সন্দিকৈ

(গ) শ্ৰীশ্ৰীমাধৱদেৱ

উত্তৰঃ (গ) শ্ৰীশ্ৰীমাধৱদেৱ


2) মোহ-পাশ মানে কি?

(ক) মায়াজালৰ বন্ধন

(খ) মুক্তিলাভ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ  (ক) মায়াজালৰ বন্ধন


 3) মাধৱদেৱ কিমান চনত জন্ম হৈছিল?

(ক) ১৮৬৩ চনত

(খ) ১৪৮৯ চনত

(গ) ১৩৭৮ চনত

উত্তৰঃ (খ) ১৪৮৯ চনত


4) মাধৱদেৱে ৰচনা কৰা বৰগীতৰ সংখ্যা কিমান?

(ক) ১৬৮-টা

(খ) ১৭৮-টা

(গ) ১৯১-টা

উত্তৰঃ  (গ) ১৯১-টা


5) 'ছোড়' শব্দৰ অৰ্থ কি?

(ক) চিঙি দিয়া

(খ) নিগম শাস্ত্ৰ

(গ) ধ্যাৱ কৰে

উত্তৰঃ (ক) চিঙি দিয়া


6)  মাধৱদেৱৰ ক'ত মৃত্যু হৈছিল?

(ক) বৰদোৱা

(খ) কোচবিহাৰ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) বৰদোৱা


7)  কবিয়ে 'বান্ধৱ' বুলি কাক সম্বোধন কৰিছে।

(ক) হৰিক

(খ) শংকৰদেৱ

(গ) যোগসিদ্ধ

উত্তৰঃ  (ক) হৰিক

8)  মাধৱদেৱ কোনজন গুৰুৰ প্ৰিয়তম শিষ্য আছিল?

(ক) মহেন্দ্ৰ কন্দলি

(খ) শংকৰদেৱ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) শংকৰদেৱ

9) কবি কিহত আতুৰ হোৱা বুলি কৈছে?

(ক) সাংসাৰিক দুখ

(খ) মায়াৰ

(গ) হৰিৰ মহিমাৰ

উত্তৰঃ (ক) সাংসাৰিক দুখ

10) মাধৱদেৱৰ পিতৃ নাম কি আছিল?

(ক) যোগসিদ্ধ

(খ) গোবিন্দগিৰী ভূঞা

(গ) ইয়াৰ বিতৰত এটাও নহয়

উত্তৰঃ  (খ) গোবিন্দগিৰী ভূঞা

11) মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি ?

(ক) কীৰ্তনঘোষা

 (খ) নামঘোষা

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ  (খ) নামঘোষা

12)  মাধৱদেৱৰ এখন আখ্যানমূলক ৰচনা কি?

(ক) ৰাজসূয় কাব্য

(খ) ভক্তি-ৰত্নাৱলী

(গ) উত্তৰাকাণ্ড

উত্তৰঃ  (ক) ৰাজসূয় কাব্য

13)  হেজাৰী ঘোষা বুলি কাক কোৱা হয়?

(ক) নামঘোষাক

(খ) কীৰ্তনঘোষাক

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ  (ক) নামঘোষাক

14)  মাধৱদেৱৰ কোন জিলাত জন্ম হৈছিল?

(ক) লক্ষীমপুৰ জিলাত

(খ) শিৱসাগৰ জিলাত

(গ) নগাওঁ জিলাত

উত্তৰঃ  (ক) লক্ষীমপুৰ জিলাত

15)  ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি?

(ক) ভোজপৰী

(খ) সংস্কৃত

(গ) মৈথিলী

উত্তৰঃ  (গ) মৈথিলী

16)  মাধৱদেৱৰ মুঠ বৰগীতৰ ভিতৰত ভণিতা থকা কিমান বৰগীত পোৱা যায়?

(ক) ১৩৫ টা

(খ) ১৫৭ টা

(গ) ১৮৮টা

উত্তৰঃ (খ) ১৫৭ টা

17)  মাধৱদেৱে ৰচনা কৰা এখন নাটকৰ নাম কি?

(ক) চোৰধৰা

(খ) অৰ্জুন-ভঞ্জন

(গ) নামমালিকা

উত্তৰঃ  (খ) অৰ্জুন-ভঞ্জন

18)  'নিগম' শব্দৰ আধুনিক ৰূপ কি?

(ক) নিগম শাস্ত্ৰ

(খ) ধ্যান কৰা

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ  (ক) নিগম শাস্ত্ৰ

19 )  মাধৱদেৱে ধৰ্ম প্ৰচাৰ কৰা এখন ঠাইৰ নাম কি?

(ক) মাজুলী

(খ) ভেলাডাংগা

(গ) বৰদোৱা

উত্তৰঃ  (খ) ভেলাডাংগা

20)  মাধৱদেৱৰ এখন ঝুমুৰা নাম কি?

(ক)  জন্মৰহস্য

(খ) ভুমি-লেটোৱা

(গ) দধিমথন

উত্তৰঃ  (খ) ভুমি-লেটোৱা