জিকিৰ 

1)  জিকিৰৰ ৰচক কোন  

(ক) আজান ফকিৰ

(খ) ৰঘুনাথ চৌধাৰী

(গ) চৈয়দ আব্দুল মলিক

উত্তৰঃ (ক) আজান ফকিৰ

2)  ৰহম অৰ্থ কি?

(ক) ধ্ৰুৱ নক্ষত্ৰ

(খ) দয়া

(গ) আকাশ

উত্তৰঃ (খ) দয়া

3)  জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে?

(ক) সাগৰ

(খ) আৰবী

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ  (খ) আৰবী

4)  আজান ফকীৰৰ আচল নাম কি?

(ক) হজৰত মহমদ

(খ) চৈয়দ আব্দুল মালিক

(গ) হজৰত শ্বাহ মিলন

উত্তৰঃ  (গ) হজৰত শ্বাহ মিলন

5)  তিৰবেণীৰ ঘাটত বেহাবলৈ যাওঁতে কিহে বাট ভেটা দিয়ে?

(ক) ভূত-প্ৰেতে

(খ) মায়াই

(গ) মানুহে

উত্তৰঃ (খ) মায়াই

6)  ৰচুল শব্দৰ অৰ্থ কি?

(ক) দেৱদূত

(খ) সাগৰ

(গ) ভৃত্য

উত্তৰঃ  (ক) দেৱদূত

7) অসমীয়া থলুৱা ভাষাৰ লগতে আৰু কি ভাষা জিকিৰত অন্তৰ্ভূক্ত হৈছে?

(ক) ব্ৰজাৱলী

(খ) আৰবী-পাৰ্চী

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) আৰবী-পাৰ্চী

8)  উজনী অসমত প্ৰচলিত এটা লোকগীতৰ নাম কি?

(ক) 'টোকাৰী গীত'

(খ) 'ভক্তিমূলকগীত'

(গ) 'লোকগীত'

উত্তৰঃ (ক) 'টোকাৰী গীত'

9)  'আদম' শব্দৰ অৰ্থ কি?

(ক) আকাশ

(খ) আল্লাৰ দূত

(গ) আদি মানৱ

 উত্তৰঃ (গ) আদি মানৱ

10 ) গদাধৰ সিংহই ক'ত আজান ফকিৰক মছজিদ সজাই দিছিল?

(ক) সাগৰৰ পাৰত

(খ) দিখৌমুখৰ সৰাগুৰি চাপৰিত

(গ) লক্ষীমপুৰৰ লেটেকীপুখুৰীৰ পাৰত

উত্তৰঃ  (খ) দিখৌমুখৰ সৰাগুৰি চাপৰিত

11)   আজান ফকীৰে কাৰ সময়ছোৱাত জিকিৰ আৰু জাৰী গীত ৰচনা কৰিছিল?

(ক) দ্বিতীয় বাহাদুৰ ছাহৰ সময়ছোৱাত

(খ) গদাধৰ সিংহৰ সময়ছোৱাত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) গদাধৰ সিংহৰ সময়ছোৱাত

12)  মক্কাৰ দুৱাৰত কি ঘাটৰ কথা কোৱা হৈছে?

(ক) গংগা নদীৰ ঘাট

(খ) যমুনা নদীৰ ঘাটত

(গ) তিৰবেণীৰ ঘাটত

উত্তৰঃ  (গ) তিৰবেণীৰ ঘাটত

13)  খোদা ৰছুল কাৰ আঁৰত লুকাই আছিল?

(ক) গছৰ আঁৰত

(খ) মোমিনৰ আঁৰত

(গ) পাতৰ আঁৰত

উত্তৰঃ (খ) মোমিনৰ আঁৰত

14)  আচমান শব্দৰ সমাৰ্থক শব্দ কি?

(ক) আকাশ

(খ) বিশ্বাসী

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ  (ক) আকাশ

15 )  আজান ফকীৰ বিদেশৰ পৰা ক'লৈ  আহিছিল?

(ক) জাপানলৈ

(খ) আমেৰিকালৈ

(গ) অসমলৈ

উত্তৰঃ  (গ) অসমলৈ

16)  অসমীয়া গীতি-সাহিত্যৰ ইতিহাসত 'জিকিৰ আৰু জাৰী' গীত সমূহ কি?

(ক) অমূল্য সম্পদ

(খ) প্ৰকৃতিক সম্পদ

(গ) মানৱ সৃষ্ট সম্পদ

উত্তৰঃ  (ক) অমূল্য সম্পদ

17)  মোমিন শব্দৰ অৰ্থ কি?

(ক) বেপাৰ কৰা

(খ) সঁচাৰ

(গ) বিশ্বাসী

উত্তৰঃ (গ) বিশ্বাসী

18)  আনুমানিক কিমান শতিকাত জিকিৰ আৰু জাৰী ৰচনা কৰিছিল?

(ক) খ্ৰীষ্টীয় সপ্তদশ শতিকাত

(খ) খ্ৰীষ্টীয় পঞ্চদশ শতিকাত

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) খ্ৰীষ্টীয় সপ্তদশ শতিকাত

19)  আজান ফকীৰ ক'ত আহি বিভিন্ন শাস্তীৰ সন্মুখীন হ'ব লগা হৈছিল?

(ক) বিহাৰত

(খ) অসমত

(গ) জাপানত

উত্তৰঃ (খ) অসমত

20) আজান ফকাৰে পোনপ্ৰথম অসমত কি দিছিল?

(ক) আজান

(খ) বিভিন্ন সামগ্ৰী

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) আজান

২১.)  ‘জিকিৰ’ৰ ৰচক কোন?

(ক) শংকৰদেৱ

(খ) মাধৱদেৱ

(গ) আজান ফকিৰ 

(ঘ) ভট্টদেৱ

উত্তৰঃ(গ) আজান ফকিৰ 

২২) . আজান ফকিৰৰ প্ৰকৃত নাম কি আছিল?

(ক) শ্বাহ মিলান (হজৰত শ্বাহ মীৰান) 

(খ) আব্দুল কৰিম

(গ) নুৰউদ্দিন

(ঘ) মহম্মদ আলী

উত্তৰঃ(ক) শ্বাহ মিলান (হজৰত শ্বাহ মীৰান) 

২৩) . ‘জিকিৰ’ শব্দটো কোন ভাষাৰ পৰা আহিছে?

(ক) অসমীয়া

(খ) ফাৰ্চী

(গ) আৰবী 

(ঘ) সংস্কৃত

উত্তৰঃ(গ) আৰবী 

২৪) . ‘জিকিৰ’ শব্দৰ অৰ্থ কি?

(ক) নাম স্মৰণ কৰা 

(খ) নৃত্য কৰা

(গ) যুদ্ধ কৰা

(ঘ) গান গোৱা

উত্তৰঃ(ক) নাম স্মৰণ কৰা 

২৫. জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি?

(ক) বিয়াগীত

(খ) হিন্দুৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতিগীত 

(গ) বনগীত

(ঘ) বিহুগীত

উত্তৰঃ(খ) হিন্দুৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতিগীত 

২৬. ‘মোমিন’ৰ অৰ্থ কি?

(ক) সাধু

(খ) বিশ্বাসী মুছলমান 

(গ) কবি

(ঘ) শিক্ষক

উত্তৰঃ (খ) বিশ্বাসী মুছলমান 

২৭) . জিকিৰত কিহৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে?

(ক) ধন-সম্পত্তি

(খ) আল্লাহৰ নাম স্মৰণ আৰু ধৰ্মীয় জীৱন 

(গ) যুদ্ধ

(ঘ) কৃষি

উত্তৰঃ (খ) আল্লাহৰ নাম স্মৰণ আৰু ধৰ্মীয় জীৱন 

২৮) . আজান ফকিৰ কোন শতিকাৰ কবি আছিল?

(ক) ১৫শ

(খ) ১৬শ

(গ) ১৭শ 

(ঘ) ১৮শ

উত্তৰঃ(গ) ১৭শ 

২৯) . জিকিৰৰ মূল বিষয়বস্তু কি?

(ক) প্ৰকৃতিৰ সৌন্দৰ্য

(খ) ইছলাম ধৰ্মীয় আদৰ্শ আৰু আধ্যাত্মিকতা 

(গ) ৰাজনীতি

(ঘ) বিজ্ঞান

উত্তৰঃ(খ) ইছলাম ধৰ্মীয় আদৰ্শ আৰু আধ্যাত্মিকতা 

৩০) . জিকিৰৰ ভাষাৰ বৈশিষ্ট্য কি?

(ক) কেৱল সংস্কৃত শব্দ

(খ) সহজ অসমীয়া ভাষাত আৰবী-ফাৰ্চী শব্দৰ প্ৰয়োগ 

(গ) কেৱল ইংৰাজী শব্দ

(ঘ) কেৱল হিন্দী শব্দ

উত্তৰঃ(খ) সহজ অসমীয়া ভাষাত আৰবী-ফাৰ্চী শব্দৰ প্ৰয়োগ 

৩১) . জিকিৰত উল্লেখ থকা ‘আদম’ কোন?

(ক) এজন মানুহ 

(খ) এজন ৰজা

(গ) এজন কবি

(ঘ) এজন সৈনিক

উত্তৰঃ(ক) এজন মানুহ 

৩২) . জিকিৰৰ মূল উদ্দেশ্য কি?

(ক) মনোৰঞ্জন

(খ) ঈশ্বৰৰ স্মৰণ আৰু নৈতিক শিক্ষা প্ৰদান 

(গ) ইতিহাস বৰ্ণনা

(ঘ) যুদ্ধৰ কাহিনী

উত্তৰঃ(খ) ঈশ্বৰৰ স্মৰণ আৰু নৈতিক শিক্ষা প্ৰদান 

৩৩) . আজান ফকিৰে অসমলৈ কোন উদ্দেশ্যে আহিছিল?

(ক) ব্যৱসায় কৰিবলৈ

(খ) ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ 

(গ) চাকৰি কৰিবলৈ

(ঘ) শিক্ষা ল'বলৈ

উত্তৰঃ(খ) ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ 

৩৪) . জিকিৰত মানুহক কি কৰিবলৈ উপদেশ দিয়া হৈছে?

(ক) অহংকাৰ কৰিবলৈ

(খ) আল্লাহৰ নাম স্মৰণ কৰিবলৈ 

(গ) ধন সঞ্চয় কৰিবলৈ

(ঘ) যুদ্ধ কৰিবলৈ

উত্তৰঃ (খ) আল্লাহৰ নাম স্মৰণ কৰিবলৈ