মই অসমীয়া

১)  চৈয়দ আব্দুল মালিকৰ কিমান চনত জন্ম হৈছিল?

(ক) ১৯১০ চনত

(খ) ১৮৯৯ চনত

(গ) ১৯১৯ চনত

উত্তৰঃ (গ) ১৯১৯ চনত

২)   অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল?

(ক) বৰাচাউল আৰু মিঠৈয়ে

(খ) হাঁহ-কণী আৰু চাউলৰে

(গ) চিমেন্ট আৰু বালিয়ে

উত্তৰঃ  (খ) হাঁহ-কণী আৰু চাউলৰে

৩)   অসমৰ হেংদাং ক'ত জিলিকিছিল?

(ক) দুপৰৰ পূৰ্ণ আলোকত

(খ) গোলাঘাটত

(গ) সন্ধিয়া

উত্তৰঃ  (ক) দুপৰৰ পূৰ্ণ আলোকত

৪)  চৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমী বটাঁ লাভ কৰে?

(ক) পৰশমণি

(খ) অঘৰী আত্মাৰ কাহিনী

(গ) জেতুকা পাতৰ দৰে

উত্তৰঃ (খ) অঘৰী আত্মাৰ কাহিনী

৫)  অসমীয়াসকলে কিহৰে তৈয়াৰী পেঁপা বজাইছিল?

(ক) বাহঁৰ

(খ) বেতঁৰ

(গ) ম'হ-শিংৰ

উত্তৰঃ (গ) ম'হ-শিংৰ

৬)  কিমান চনত চৈয়দ আব্দুল মালিক অসম সাহিত্য সভাৰ অভয়াপুৰী অধীৱেশনৰ সভাপতি আছিল?

(ক) ১৯৭৭ চনত

(খ) ১৯৭৮ চনত

(গ) ২০০০ চনত

উত্তৰঃ  (ক) ১৯৭৭ চনত

৭)  চৈয়দ আব্দুল মালিকৰ এখন ৰচনাৰাজিৰ নাম লিখা

(ক) সুৰুযমুখীৰ স্বপ্ন

(খ) আধাৰশিলা

(গ) মমতাজ

উত্তৰঃ (খ) আধাৰশিলা

৮)  চৈয়দ আব্দুল মালিকক কি বুলি কোৱা হয়?

(ক) গল্পসম্ৰাট

(খ) বিহগী কবি

(গ) ৰসৰাজ

উত্তৰঃ  (ক) গল্পসম্ৰাট

৯) চৈয়দ আব্দুল মালিকৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি?

(ক) ছবিঘৰ

(খ) বেদুইন

(গ) ৰূপতীৰ্থৰ যাত্ৰী

উত্তৰঃ (খ) বেদুইন

১০)   ধূসৰ শব্দৰ অৰ্থ কি?

(ক) অস্পষ্ট

(খ) এলেহুৱা

(গ) আলোকিত

উত্তৰঃ (ক) অস্পষ্ট

১১)  পুঠিয়ে কাণত কি পিন্ধিছিল?

(ক) ৰূপৰ থুৰীয়া

(খ) সোণৰ থুৰীয়া

(গ) তামৰ থুৰীয়া

উত্তৰঃ  (খ) সোণৰ থুৰীয়া

১২)  কবিতাটোত ৰাজ আলি কোনে বান্ধিছিল?

(ক) মিস্ত্ৰীয়ে

(খ) নিষ্কমা ধোদৰ দলে

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) নিষ্কমা ধোদৰ দলে

১৩) তেও গল্প-উপন্যাসৰ পৰা ৰচনা কৰা এখন চলচ্চিত্ৰৰ নাম কি?

(ক) ৰঙাগৰা

(খ) মৰহা ফুল

(গ) মমতাজ

উত্তৰঃ  (গ) মমতাজ

১৪) তেওঁ লিখা বিখ্যাত উপন্যাস খনৰ নাম কি?

(ক) সূৰুযমুখীৰ স্বপ্ন

(খ) ধন্য নৰতুন ভাল

(গ) স্বাক্ষৰ

উত্তৰঃ  (ক) সূৰুযমুখীৰ স্বপ্ন

১৫)  চৈয়দ আব্দুল মালিকৰ কিমান চনত দেহান্তৰ ঘটে?

(ক) ১৯৯৮ চনত

(খ) ২০০২ চনত

(গ) ২০০০ চনত

উত্তৰঃ  (গ) ২০০০ চনত

১৬)  ৰংঘৰ কাৰেংঘৰ কি আছিল?

(ক) অময়াপুৰী

(খ) স্বৰ্গপুৰী

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) স্বৰ্গপুৰী

১৭)  বাঘৰ নখেৰে বনোৱা কি পিন্ধিছিল?

(ক) খাৰু

(খ) চেন

(গ) থুৰীয়া

উত্তৰঃ (ক) খাৰু

১৮)  দূবৰিৰ পাতে পাতে কি থকা বুলি কৈছে?

(ক) নিয়ৰৰ টোপাল

(খ) অলংকাৰৰ থোপা

(গ) মুকুটাৰ থোপা

উত্তৰঃ (গ) মুকুটাৰ থোপা

১৯)  আলোক শব্দৰ বিপৰীত শব্দ কি?

(ক) পোহৰ

(খ) আন্ধাৰ

(গ) মুকলি

উত্তৰঃ (খ) আন্ধাৰ

২০)  সমৰ শব্দৰ অৰ্থ কি?

(ক) সৰগ

(খ) যুদ্ধ

(গ) ধুনীয়া

উত্তৰঃ  (খ) যুদ্ধ

২১) . 'মই অসমীয়া' কবিতাটোৰ ৰচক কোন?

(ক) লক্ষ্মীনাথ বেজবৰুৱা

(খ) হেমচন্দ্ৰ গোস্বামী

(গ) চৈয়দ আব্দুল মালিক 

(ঘ) নবকান্ত বৰুৱা

উত্তৰঃ(গ) চৈয়দ আব্দুল মালিক 

২২) . চৈয়দ আব্দুল মালিকৰ জন্ম কিমান চনত হৈছিল?

(ক) ১৯১৭

(খ) ১৯১৮

(গ) ১৯১৯ 

(ঘ) ১৯২০

উত্তৰঃ(গ) ১৯১৯ 

২৩) . চৈয়দ আব্দুল মালিকক কি সম্ৰাট বুলি কোৱা হয়?

(ক) কবিতা সম্ৰাট

(খ) উপন্যাস সম্ৰাট

(গ) গল্প সম্ৰাট 

(ঘ) নাট্য সম্ৰাট

উত্তৰঃ(গ) গল্প সম্ৰাট 

২৪) . "প্ৰাণৰো প্ৰাণ মোৰ দেশখনি" — ইয়াত 'দেশখনি' বুলিলে কি বুজোৱা হৈছে?

(ক) ভাৰত

(খ) অসম 

(গ) পৃথিৱী

(ঘ) গাঁও

উত্তৰঃ(খ) অসম 

২৫) . কবিতাটোত কবিয়ে কিহৰ প্ৰতি গভীৰ ভালপোৱা প্ৰকাশ কৰিছে?

(ক) ধনৰ প্ৰতি

(খ) পৰিয়ালৰ প্ৰতি

(গ) জন্মভূমিৰ প্ৰতি 

(ঘ) বিদেশৰ প্ৰতি

উত্তৰঃ(গ) জন্মভূমিৰ প্ৰতি 

২৬) . কবিতাটোত অসমীয়া ভাষাক কেনেকৈ বৰ্ণনা কৰা হৈছে?

(ক) কঠিন ভাষা

(খ) অমিয়া (মধুৰ) ভাষা 

(গ) নতুন ভাষা

(ঘ) বিদেশী ভাষা

উত্তৰঃ(খ) অমিয়া (মধুৰ) ভাষা 

২৭) . "হেংদাং" শব্দটোৱে কি বুজায়?

(ক) ঢাল

(খ) ধনু

(গ) দেশপ্ৰেম 

(ঘ) বৰছা

উত্তৰঃ(গ) তৰোৱাল 

২৮) . কবিতাটোত অসমৰ বীৰত্বৰ উল্লেখ কিহৰ জৰিয়তে কৰা হৈছে?

(ক) গীত

(খ) হেংদাং 

গ) ফুল

(ঘ) নদী

উত্তৰঃ(খ) হেংদাং 

২৯) . কবিতাটোৰ মূল ভাব কি?

(ক) প্ৰকৃতি প্ৰেম

(খ) স্বদেশপ্ৰেম আৰু অসমীয়া জাতীয় গৌৰৱ 

(গ) বিজ্ঞান

(ঘ) খেল-ধেমালি

উত্তৰঃ(খ) স্বদেশপ্ৰেম আৰু অসমীয়া জাতীয় গৌৰৱ 

৩০) . কবিয়ে মৃত্যুৰ পিছতো কি আকাংক্ষা প্ৰকাশ কৰিছে?

(ক) বিদেশলৈ যোৱা

(খ) অসমতে পুনৰ জন্ম লোৱা 

(গ) পাহাৰত বাস কৰা

(ঘ) সাগৰত থকা

উত্তৰঃ(খ) অসমতে পুনৰ জন্ম লোৱা 

৩১) . কবিতাটো কোন সাহিত্যিক ধৰণৰ?

(ক) গল্প

(খ) নাটক

(গ) কবিতা 

(ঘ) উপন্যাস

উত্তৰঃ(গ) কবিতা 

৩২) . "অমিয়া" শব্দৰ অৰ্থ কি?

(ক) তিতা

(খ) টেঙা

(গ) মধুৰ 

(ঘ) গৰম

উত্তৰঃ(গ) মধুৰ 

৩৩) . কবিতাটোত অসমৰ কোন দিশ বিশেষভাৱে ফুটাই তোলা হৈছে?

(ক) উদ্যোগ

(খ) প্ৰকৃতি, ইতিহাস আৰু সংস্কৃতি 

(গ) ৰাজনীতি

(ঘ) বাণিজ্য

উত্তৰঃ(খ) প্ৰকৃতি, ইতিহাস আৰু সংস্কৃতি 

৩৪) . কবিতাটোৱে শিক্ষাৰ্থীক কি শিক্ষা দিয়ে?

(ক) ধনী হ'বলৈ

(খ) বিদেশলৈ যাবলৈ

(গ) নিজ ভাষা আৰু জন্মভূমিক ভাল পাবলৈ 

(ঘ) কেৱল খেলিবলৈ

উত্তৰঃ(গ) নিজ ভাষা আৰু জন্মভূমিক ভাল পাবলৈ 

৩৫. "মই অসমীয়া" কবিতাটোৰ মুখ্য অনুভূতি কি?

(ক) দুখ

(খ) ক্ৰোধ

(গ) দেশপ্ৰেম 

(ঘ) ভয়

উত্তৰঃ(গ) দেশপ্ৰেম