Class 12 Advance Assamese

Chapter 6

বুৰঞ্জীৰ দৌৰাত্ম্য


1. বুৰঞ্জীৰ দৌৰাত্ম্য গদ্যটো কোনে লিখিছিল ?

ক) জ্যোতিপ্ৰসাত আগৰৱালা

খ) লক্ষ্মীনাথ বেজবৰুৱা

গ) আনন্দচন্দ্ৰ আগৰৱালা

উত্তৰঃ খ) লক্ষ্মীনাথ বেজবৰুৱা

2. তেখেতৰ জন্ম কিমান চনত হৈছিল ? 

ক) ১৮৫৬ চনত

খ) ১৮৬৪ চনত

গ) ১৮৬৭ চনত

উত্তৰঃ খ) ১৮৬৪ চনত

3. ভাৰতীয়সকলৰ Historical Sense অৰ্থাৎ বুৰঞ্জী জ্ঞানৰ অভাৱ।- কথাষাৰ কোনে কৈছিল?

ক) কবিয়ে

খ) ভাৰতীয়সকলে

গ) বিদেশীসকলে

উত্তৰঃ গ) বিদেশীসকলে

4. জোনাকী যুগৰ বিখ্যাত কিহৰ অন্যতম ?

ক) সাহিত্যৰ

খ) গীতিকাৰ

গ) ত্ৰিমূৰ্তিৰ

উত্তৰঃ গ) ত্ৰিমূৰ্তিৰ

5. তেখেতক কি উপাধিৰে বিভূষিত কৰা হৈছে ?

ক) ৰসৰাজ

খ) ত্ৰিমূৰ্তিৰ

গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ ক) ৰসৰাজ

6. পুৰাণ বুৰঞ্জী হয়নে ?

ক) হয়।

খ)  নহয়।

উত্তৰঃ খ)  নহয়।

7. আধুনিক অসমীয়া সাহিত্যৰ প্ৰতিটো শাখাতে সাহিত্য ৰচনা কৰি বাট পোনোৱা কাৰণে অসমীয়াৰ মাজত তেওঁ কি ৰূপে সমাদৃত ?

ক) গীতিকাৰ

খ) সাহিত্যৰথী

গ) সাহিত্যিক

উত্তৰঃ খ) সাহিত্যৰথী

8. বেজবৰুৱা কিহৰ চুটিগল্পৰ বাটকটীয়া ?

ক) অসমীয়া

খ) হিন্দী

গ) ইংৰাজী

উত্তৰঃ ক) অসমীয়া

9. অসমীয়া বুৰঞ্জী আহোমসকলৰ দান। কথাষাৰ সচাঁনে মিছা ?

ক) সচাঁ

খ) মিছা

উত্তৰঃ ক) সচাঁ

10. তেখেতে ৰচনা কৰা উপন্যাস খনৰ নাম কি ?

ক) পাৰিজাত হৰণ

খ) ৰাম বিজয়

গ) পদুম কুঁৱৰী

উত্তৰঃ গ) পদুম কুঁৱৰী

11. তেখেতৰ গল্প পুথি কেইখন ?

ক) চাৰিখন

খ) তিনিখন

গ) দুখন

উত্তৰঃ ক) চাৰিখন

12. ৰামায়ন কি?

ক) বুৰঞ্জী

খ) ৰছনা

গ) মহাকাব্য

উত্তৰঃ গ) মহাকাব্য

13. তেখেতৰ শিশু সাহিত্য কইখন ?

ক) পাঁচখন

খ) সাতখন

গ) ছয়খন

উত্তৰঃ গ) ছয়খন

14. তেখেতৰ আত্মজীৱনী খনৰ নাম  ?

ক) মোৰ জীৱন সোঁৱৰণ

খ) ককাদেউতা আৰু নাতিল'ৰা

গ) জুনুকা

উত্তৰঃ ক) মোৰ জীৱন সোঁৱৰণ

15. তেখেতৰ কবিতাপুথি কেইখন ?

ক) এখন

খ) দুখন

গ) তিনিখন

উত্তৰঃ খ) দুখন

16. কলিকতাৰ পৰা কি কাকত প্ৰকাশ কৰাত তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল ?

ক) প্ৰতিদিন কাকত

খ) জোনাকী কাকত

গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ খ) জোনাকী কাকত

17. কিমান চনত তেখেতে প্ৰকাশিত 'বাঁহী' আলোচনী  সম্পাদনা কৰিছিল ? 

ক) ১৯০৭ চনত

খ) ১৯০৩ চনত

গ) ১৯০৯ চনত

উত্তৰঃ গ) ১৯০৯ চনত

18. ইংৰাজী কিমান চনত ডিচেম্বৰ মাহত গুৱাহাটীত বহা অসম সাহিত্য সভাৰ সপ্তম অধিৱেশনৰ তেখেত সভাপতি আছিল ?

ক) ১৯২৪ চনত

খ) ১৯৬৫ চনত

গ) ১৯৪৫ চনত

উত্তৰঃ ক) ১৯২৪ চনত

19. তেখেতৰ কিমান চনত মৃত্যু হৈছিল ? 

ক) ১৯৩৪ চনত

খ) ১৯০৮ চনত

গ) ১৯৩৮ চনত

উত্তৰঃ গ) ১৯৩৮ চনত

20. ৰামায়ন কোনে ৰচনা কৰিছিল ?

ক) বাল্মীকিয়ে

খ) ভট্টদেৱে

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) বাল্মীকিয়ে