মিলন

1. ভাৰত চৰকাৰে নলিনীবালা দেৱীক 'পদ্মশ্ৰী' উপাধি কিমান চনত প্ৰদাান কৰিছিল?

ক)১৯৫৪ চনত

খ)১৯৫৮ চনত

গ) ১৯৭৭ চনত

উত্তৰঃ খ)১৯৫৮ চনত

2. 'মিলন' কবিতাটো কোনখন কাব্য়গ্ৰন্থৰ পৰা লোৱা হৈছিল?

ক)'সন্ধিয়াৰ সুৰ'

খ)
'সপোন সুৰ'

গ)'অন্তিম সুৰ'

উত্তৰঃ ক)'সন্ধিয়াৰ সুৰ'

3. নলিনীবালা দেৱীৰ আত্মজীৱনীখনিৰ নাম কি?

ক)'অলকানন্দা'

খ)
'সন্ধিয়া সুৰ'

গ)'এৰি অহা দিনবোৰ'

উত্তৰঃ গ)'এৰি অহা দিনবোৰ'

4. অসমীয়া সাহিত্য়ত ৰহস্য়বাদী বা অতীন্দ্ৰিয়বাদী কবিৰূপে কাক জনা যায়?

ক)মাধৱদেৱক

খ)মফিজুদ্দিন আহমদ হাজৰিকাক

গ)নলিনীবালা দেৱীক

উত্তৰঃ গ)নলিনীবালা দেৱীক

5. মৰত শব্দ অৰ্থ কি?

ক)পৃথিৱী

খ)মৰ্ত্য়

গ)ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ গ)ওপৰৰ দুয়োটা শুদ্ধ

6. কবিয়ে তেওঁৰ  আৰাধ্য়জন ক'ত থকা বুলি কৈছে?

ক)মনৰ নিজান কোণত

খ)কণ্ঠত

গ)হৃদয়ত

উত্তৰঃ ক)মনৰ নিজান কোণত

7. নলিনীবালা দেৱী কিমান চনত জন্ম হয়?

ক)১৮৯৮ চনত

খ)১৯৫৪ চনত

গ)১৯৬৮ চনত

উত্তৰঃ ক)১৮৯৮ চনত

8. নলিনীবালা দেৱীয়ে কোনখন কাব্য়গ্ৰন্থৰ বাবে সাহিত্য় অকাডেমি বঁটা লাভ কৰিছিল?

ক)'এৰি অহা দিনবোৰ'

খ)'সন্ধিয়া সুৰ'

গ)'অলকানন্দা'

উত্তৰঃ গ)'অলকানন্দা'

9. 'মিলন' কবিতাটোত কবিয়ে 'তোমাৰ' বুলি কাক বুজাইছে? 

ক)পিতৃক

খ)মাতৃক

গ)পৰম আৰাধ্য়ক

উত্তৰঃ গ)পৰম আৰাধ্য়ক

10. নলিনীবালা দেৱী কিমান চনত মৃত্য়ু হয়?

ক)১৯৫৪ চনত

খ)১৯৫৮ চনত

গ)
১৯৭৭ চনত

উত্তৰঃ গ)১৯৭৭ চনত

11. মিলন কবিতাটো লিখক কোন?

ক)মফিজুদ্দিন আহমদ হাজৰিকাক

খ)নলিনীবালা দেৱী

গ)জ্য়োতিপ্ৰসাদ আগৰৱালা

উত্তৰঃ খ)নলিনীবালা দেৱী

12. কোনে নিয়ৰৰ মালা গাঁথি পুৱা কবিক দেখা দিয়েহি?

ক)পিতৃ কৰ্মবীৰ নবীন চন্দ্ৰ

খ)পৰম আৰাধ্য়

গ)ওপৰৰ এটাও নহয়

উত্তৰঃ খ)পৰম আৰাধ্য়

13. তীৰ মাৰে কি?

ক)প্ৰতিদিনে

খ)নিতৌ

গ)ওপৰৰ এটাও নহয়

উত্তৰঃ গ)ওপৰৰ এটাও নহয়

14. তন্দ্ৰা শব্দ অৰ্থ কি?

ক)টোপনি

খ)বেলি

গ)ধলপুৱা

উত্তৰঃ ক)টোপনি

15. 'জাগৃতি' কাব্য়গ্ৰন্থখনৰ মাজেৰে কবিৰ কি মনোভাৱ প্ৰকাশ পাইছে?

ক)পৰম আৰাধ্য় কথা

খ)স্ৱদেশ্ৱ প্ৰেমৰ মনোভাব

গ)ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ খ)স্ৱদেশ্ৱ প্ৰেমৰ মনোভাব

16. ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে কাক দেখা পায়?

ক)স্ৱামীক

খ)সন্তানক

গ)পৰম আৰাধ্য় ভগৱানক

উত্তৰঃ গ)পৰম আৰাধ্য় ভগৱানক

17. নলিনীবালা দেৱীয়ে ৰচনা কৰা জীৱনীৰ নাম কি?

ক)'স্মৃতিতীৰ্থ'

খ)'বিশ্ৱদীপা'

গ)ওপৰৰ দুয়োটা শুদ্ধ

উত্তৰঃ গ)ওপৰৰ দুয়োটা শুদ্ধ

18. নলিনীবালা দেৱীৰ কিামান বছৰ বয়সত স্ৱামী মৃত্য়ু হৈছিল?

ক)১৮ বছৰ বয়সত

খ)১৯ বছৰ বয়সত

গ)২০ বছৰ বয়সত

উত্তৰঃ খ)১৯ বছৰ বয়সত

19. নলিনীবালা দেৱীৰ কেইটাৰ সন্তাৰ মাতৃ হৈছিল?

ক)১ টা

খ)২ টা

গ)৩ টা

উত্তৰঃ খ)২ টা

20. কবিয়ে কোনে নিতে মংগল উৰুলি দিয়ে বুলি কৈছে?

ক)আকাশৰ তৰাৰে

খ)পৰম আৰাধ্য় ঈশ্ৱৰে

গ)ওপৰৰ এটাও নহয়

উত্তৰঃ ক)আকাশৰ তৰাৰে