অগতানুগতিক শিক্ষা

১. শিক্ষা প্ৰসাৰৰ মাধ্যম বুলিলে কেই প্ৰকাৰৰ বুজা যায় ?

ক)দুই

খ)এক

গ)চাৰি

উত্তৰঃ ক)দুই

২. শিক্ষাদান পদ্ধতিৰ ভিত্তিত শিক্ষা  প্ৰসাৰৰ মাধ্যমসমূহ কেইটা ভাগত ভাগ কৰিব পাৰি ?

ক)দুই

খ)পাঁচ

গ)তিনি

উত্তৰঃ গ)তিনি

৩. যি শিক্ষাত বয়সৰ সীমা থাকে সেই শিক্ষাক বোলা হয় ?

ক)অনানুষ্ঠানিক শিক্ষা

খ)আনুষ্ঠানিক শিক্ষা

গ)অগতানুগতিক শিক্ষা

উত্তৰঃ খ)আনুষ্ঠানিক শিক্ষা

৪. বহুমুখী আৰু জীৱনজোৰা শিক্ষা ব্যৱস্থা কাক বোলে ?

ক)অগতানুগতিক শিক্ষা

খ)অনানুষ্ঠানিক শিক্ষা

গ)আনুষ্ঠানিক শিক্ষা

উত্তৰঃ ক)অগতানুগতিক শিক্ষা

৫. কিমান চনত নতুন দিল্লীত 'ইন্দিয়া গান্ধীৰ মুক্ত বিশ্ববিদ্যালয়' স্থাপন কৰা হৈছিল ?

ক)১৯৬৫

খ)১৯৮৫

গ)১৯৬১

উত্তৰঃ খ)১৯৮৫

৬. অসমত কিমান চনত মাধ্যমিক শিক্ষাৰ আইন প্ৰৱৰ্তন কৰা হৈছিল ?

ক)১৯৮৫

খ)১৯৪৪

গ)১৯৬১

উত্তৰঃ গ)১৯৬১

৭. অসমত কিমান চনত উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ গঠন কৰা হৈছিল ?

ক)১৯৮৪

খ)১৯৮৭

গ)১৯৪৯

উত্তৰঃ ক)১৯৮৪

৮. মুক্ত শিক্ষা ব্যৱস্থা কেইটা ভাগত ভাগ কৰিব পাৰি ?

ক)তিনিটা

খ)চাৰিটা

গ)দুটা

উত্তৰঃ গ)দুটা

৯. অগতানুগতিক শিক্ষা কেইটা মাধ্যমৰ দ্বাৰা প্ৰদান কৰিব পাৰি ?

ক)দহটা

খ)তিনিটা

গ)ছয়টা

উত্তৰঃ খ)তিনিটা

১০. আধুনিক শিক্ষাৰ ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অৱদান কি ?

ক)মাধ্যমিক শিক্ষা

খ)আনুষ্ঠানিক শিক্ষা

গ)দূৰত্ব শিক্ষা

উত্তৰঃ গ)দূৰত্ব শিক্ষা

১১. কি শিক্ষাত ডিগ্ৰী, ডিপ্লোমা, চাৰ্টিফিকেট প্ৰধান কৰা হয় ?

ক)আনুষ্ঠানিক শিক্ষা

খ)অনানুষ্ঠানিক শিক্ষা

গ)অগতানুগতিক শিক্ষা

উত্তৰঃ ক)আনুষ্ঠানিক শিক্ষা

১২. কোনজন শিক্ষাবিধৰ মতে "দূৰত্ব শিক্ষা হৈছে শিক্ষা আহৰণৰ পদ্ধতি, যি বিদ্যালয়ৰ চৌহদৰ শিক্ষা ব্যৱস্থাত থকা কেতবোৰ বৈশিষ্ট্যতকৈ পৃথক" বুলি কৈছিল ?

ক)মুৰে

খ)পেৰাটন

গ)জেক্ ফকচে

উত্তৰঃ গ)জেক্ ফকচে

১৩. তলত দিয়াকেইটাৰ ভিতৰত কোনটো দূৰত্ব শিক্ষাৰ বৈশিষ্ট্য ?

ক)জনসংখ্যাৰ বিস্ফোৰণ

খ)সমন্বয়

গ)সহজলভ্য শিক্ষা

উত্তৰঃ গ)সহজলভ্য শিক্ষা

১৪. কিমান চনত কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বোৰ্ডে পোন প্ৰথমবাৰৰ বাবে মুক্ত শিক্ষাৰ ধাৰণা অৱতাৰণা কৰিছিল ?

ক)১৯৫৬

খ)১৯৭৯

গ)১৯৬১

উত্তৰঃ খ)১৯৭৯

১৫. তলত দিয়া কোনটো মুক্ত শিক্ষাৰ উদ্দেশ্য ?

ক)শিক্ষা ব্যৱস্থাৰ মানদণ্ড উন্নতি সাধন কৰা

খ)শিক্ষা ব্যবস্থাৰ ভাৰসাম্যহীনতা

গ)নাগৰিকতাৰ শিক্ষাদান

উত্তৰঃ ক)শিক্ষা ব্যৱস্থাৰ মানদণ্ড উন্নতি সাধন কৰা

১৬. সাধাৰণ স্কুলীয়া শিক্ষাৰ সমান্তৰালভাৱে বিদ্যালয়ৰ শিক্ষা মুক্তভাৰে প্ৰদানৰ ব্যৱস্থাক কি শিক্ষা বোলে ?

ক)মুক্ত বিশ্ববিদ্যালয় শিক্ষা

খ)মুক্ত বিদ্যালয় শিক্ষা

গ)মুক্ত শিক্ষা

উত্তৰঃ খ)মুক্ত বিদ্যালয় শিক্ষা

১৭. মাধ্যমিক স্তৰৰ কিমান বছৰৰ ঊৰ্ধ্ব বয়সৰ শিক্ষাৰ্থীবাবে মুক্ত বিদ্যালয় স্থাপন কৰা উচিত বুলি পৰিষদে কৈছিল ?

ক)

খ)১০

গ)১৪

উত্তৰঃ গ)১৪

১৮. মুক্ত বিদ্যালয় ব্যৱস্থাৰ কাৰ্যকৰীকৰণৰ বাবে কিমান চনত ক্ৰিয়াদল গঠন কৰা হৈছিল ?

ক)১৯৬৫

খ)১৯৭৪

গ)১৯৯০

উত্তৰঃ খ)১৯৭৪

১৯. ১৯৬৩ চনত ইংলেণ্ডত মুক্ত বিশ্ববিদ্যালয় পোন প্ৰথমে আৰম্ভ হৈ যদিও কিমান চনত আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছিল ?

ক)১৯৫৭

খ)১৯৭০

গ)১৯৬৯

উত্তৰঃ গ)১৯৬৯

২০. অন্ধ্ৰ প্ৰদেশত কিমান চনত মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল ?

ক)১৯৯৮

খ)১৯৭৪

গ)১৯৮২

উত্তৰঃ গ)১৯৮২