শিক্ষাৰ  সাম্প্ৰতিক ধাৰণাসমূহ

১. পৰিৱেশক মূলতঃ সাধাৰণতে কেইটা ভাগত ভাগ কৰিব পাৰি ?

ক)এটা

খ)দুটা

গ)তিনিটা

উত্তৰঃ খ)দুটা

২. পৰিৱেশৰ প্ৰধানকৈ কেইটা উপাদানেৰে গঠিত ?

ক)চাৰিটা

খ)পাচঁটা

গ)দুটা

উত্তৰঃ গ)দুটা

৩. "পৰিৱেশ" শব্দটোৰ ইংৰাজী প্ৰতিশব্দ কি ?  

ক)'Biotic'

খ)'Hydrospher'

গ)'Environment'

উত্তৰঃ গ)'Environment'

৪. "পৰিৱেশ" শব্দটোৰ ইংৰাজী প্ৰতিশব্দ 'Environment' শব্দটো ফৰাছী ভাষাৰ কোনটো শব্দ পৰা আহিছে ?

ক)"Environir"

খ)"Atmosphere"

গ)"Hydrospher"

উত্তৰঃ ক)"Environir"

৫. "Environir" শব্দটোৰ অৰ্থ কি ?

ক)"Perceive"

খ)"Protection"

গ)"To surround"

উত্তৰঃ গ)"To surround"

৬. কোনজন মনোবিজ্ঞানীৰ মন্তব্য মতে ব্যক্তিৰ নিজৰ বংশগত গুণসমূহৰ বাহিৰে বাকী সকলো দিশৰ ওপৰত পেলোৱা প্ৰভাৱেই হৈছে পৰিৱেশ ?

ক)ডগলাচ

খ)আৰ. এছ উডৱৰ্থ

গ)হলেণ্ডৰ

উত্তৰঃ খ)আৰ. এছ উডৱৰ্থ

৭. কিমান চনত পৰিৱেশ সংৰক্ষণ আইন গঠন কৰা হৈছিল ?

ক)১৯৮৮

খ)১৯৮৬

গ)১৯৬৫

উত্তৰঃ খ)১৯৮৬

৮. পৰিৱেশ শিক্ষা কি সমস্যাৰ লগত জড়িত ?

ক)অতীতৰ

খ)ভৱিষ্যতৰ

গ)বাস্তৱৰ

উত্তৰঃ গ)বাস্তৱৰ

৯. কিমান চনত ব্ৰাজিলত ৰিঅ' ডী জানেৰিঅ' অনুষ্ঠিত হৈছিল ?

ক)১৯৫৩

খ)১৯৭৮

গ)১৯৯২

উত্তৰঃ গ)১৯৯২

১০. ভাৰতৱৰ্ষৰ ৰাজস্থানৰ যোধপুৰ জিলাৰ কোনগৰাকী বোৱাৰীয়ে গছ-গছনি সংৰক্ষণৰ বাবে জীৱন আহুতি দিছিল ?  

ক)অমৃতা বাই

খ)ৰাকেল কাৰচন

গ)ধৰিত্ৰী

উত্তৰঃ ক)অমৃতা বাই

১১. তলৰ কোনটো নীতি ১৯৭৭ চনত পূৰ্বৰ ছোভিয়েট বিপাব্লিকত অনুষ্ঠিত ৱিলিচি অধিবেশনত আগবঢ়োৱা নীতি ?

ক)পৰিৱেশৰ অৱনমনৰ পৰা ৰক্ষা

খ)পৰিৱেশ শিক্ষা আৰু আইন

গ)পৰিৱেশ শিক্ষা ধাৰাবাহিক বিধৰ হোবা উচিত

উত্তৰঃ গ)পৰিৱেশ শিক্ষা ধাৰাবাহিক বিধৰ হোবা উচিত

১২. "আলভা মিৰডাল" নামৰ মহিলা গৰাকীৰ গ্ৰন্থখনৰ নাম কি ?

ক)'Nation and Family'

খ)Only Family

গ)'Awarness'

উত্তৰঃ ক)'Nation and Family'

১৩. জনসংখ্যাৰ শিক্ষাৰ চূড়ান্ত লক্ষ্য কি ?

ক)জনগাঁঠনি সম্বন্ধে জ্ঞান

খ)মানৱ জীৱনৰ গুণমানৰ উন্নতি সাধন

গ)পৰিৱেশ শিক্ষা আৰু জীৱনৰ মানদণ্ড

উত্তৰঃ খ)মানৱ জীৱনৰ গুণমানৰ উন্নতি সাধন

১৪. সবলীকৰণ শব্দৰ আভিধানিক অৰ্থ কি ?

ক)ডাঙৰ

খ)সৰু

গ)বলী বা সবল

উত্তৰঃ গ)বলী বা সবল

১৫. নাইৰোবিতত পোন প্ৰথনবাৰৰ বাবে কিমান চনত 'আন্তৰ্জাতিক মহিলা সন্মিলন' অনুষ্ঠিত হৈছিল ?

ক)১৯৪৯

খ)১৯৫৫

গ)১৯৮৫

উত্তৰঃ গ)১৯৮৫

১৬. তলৰ কোনটো মহিলা সবলীকৰণৰ উদ্দেশ্য ?

ক)লিংগ বৈষম্য দূৰ কৰা

খ)দায়িত্বশীল নাগৰিকৰ সৃষ্টি

গ)আত্মবিশ্বাস বৃদ্ধি কৰা

উত্তৰঃ ক)লিংগ বৈষম্য দূৰ কৰা

১৭. স্বেচ্ছাসেৱী সংগঠনবোৰৰ যোগেদি নাৰীসকলৰ বাবে কল্যাণমূলক কাৰ্যসূচী ৰূপায়িত কৰাৰ উদ্দেশ্য আগত ৰাখি কিমান চনত কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ গঠন কৰা হৈছিল ?  

ক)১৯৭৭

খ)১৯৫৩

গ)১৯৬৭

উত্তৰঃ খ)১৯৫৩

১৮. পৰিৱেশ সংৰক্ষণ আৰু ৰক্ষণাৱেক্ষণৰ পদ্ধতিকগত জ্ঞানক কি শিক্ষা বোলা হয় ?

ক)পৰিৱেশ শিক্ষা

খ)জনসংখ্যা শিক্ষা

গ)শাৰীৰিক শিক্ষা

উত্তৰঃ ক)পৰিৱেশ শিক্ষা

১৯. আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয় ?

ক)৬ জুন

খ)১০ মে

গ)৮ মাৰ্চ

উত্তৰঃ গ)৮ মাৰ্চ

২০. কি শিক্ষাই ব্যক্তিৰ জীৱন সুন্দৰ কৰি তোলাত সহায় কৰে ?

ক)মূল্যবোধ শিক্ষা

খ)পৰিবেশ শিক্ষা

গ)প্ৰাথমিক শিক্ষা

উত্তৰঃ ক)মূল্যবোধ শিক্ষা