৬ পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ
Chapter 6
১। পাহাৰতকৈ পৰ্বত বেলেগ হোৱাৰ মূল কাৰণ কি?
a) উচ্চতা
b) ঢাল
c) গঠন প্ৰক্ৰিয়া
উত্তৰঃa) উচ্চতা
২। কি সমূহ সাধাৰণতে খনিজ সম্পদত চহকী?
a) সমভূমি
b) মালভূমি
c) মৰুভূমি
উত্তৰঃb) মালভূমি
৩। শাৰী শাৰীকৈ থকা পৰ্বতসমষ্টিক কি বোলে?
a) পাহাৰ
b) পৰ্বতমালা
c) দ্বীপ
উত্তৰঃb) পৰ্বতমালা
৪। মেঘালয়ত থকা জলপ্ৰপাত দুটি কি কি?
a) হুনদ্ৰু আৰু জগ
b) বিদন আৰু বিছপ
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃb) বিদন আৰু বিছপ
৫। ভাৰতৰ চোটনাগপুৰ অঞ্চলত প্ৰচুৰ পৰিমাণে কি পোৱা যায়?
a) মেঙ্গানিজ আৰু সোণ
b) লোৰ আকৰ আৰু কয়লা
c) কয়লা আৰু সোণ
উত্তৰঃb) লোৰ আকৰ আৰু কয়লা
৬। দাক্ষিণাত্য মালভূমিৰ ক'লা মাটিৰ অঞ্চল সেয়ে কি খেতিৰ বাবে উপযোগী?
a) কপাহ খেতিৰ
b) ধান খেতিৰ
c) জলকীয়া খেতিৰ
উত্তৰঃa) কপাহ খেতিৰ
৭। কিছুমান পৰ্বত বা পাহাৰ ওপৰত বহল সমতল ঠাই দেখা যায়। ইয়াক কি বোলে?
a) মালভূমি
b) সমভূমি
c) মৰুভূমি
উত্তৰঃa) মালভূমি
৮। পৰ্বতৰ ঢালেৰে নামি অহা বৰফৰ খণ্ডক কি বোলে?
a) হিমবাহ
b) পাহাৰ
c) পৰ্বত
উত্তৰঃa) হিমবাহ
৯। ভূ-অৱয়ৱক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হৈছে?
a) ৪ টা ভাগত
b) ৫ টা ভাগত
c) ৩ টা ভাগত
উত্তৰঃa) ৪ টা ভাগত
১০। ৰ'দ, বতাহ, বৰষুণ আদিৰ ফলত ভূ-আকৃতিৰ পৰিৱৰ্তন হ'লে তাক কি প্ৰক্ৰিয়াৰ দ্বাৰা হোৱা বুলি কোৱা হয়?
a) আভ্যন্তৰীণ প্ৰক্ৰিয়াৰ
b) বাৰ্হিক প্ৰক্ৰিয়াৰ
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃb) বাৰ্হিক প্ৰক্ৰিয়াৰ
১১। পৃথিৱীৰ ভিতৰতে এখন অতি পুৰণি ভংগিল পৰ্বত কি?
a) হিমালয়
b) আল্পচ
c) আৰাৱলী
উত্তৰঃc) আৰাৱলী
১২। পৃথিৱীৰ আটাইতকৈ উচ্চ মালভূমি কি?
a) দক্ষিণাত্য মালভূমি
b) তিব্বত মালভূমি
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃb) তিব্বত মালভূমি
১৩ | শাৰী শাৰীকৈ থকা পৰ্বতসমষ্টিক কি বোলে ?
a) মালভূমি
b) সমভূমি
c) পৰ্বতমালা
উত্তৰঃ c) পৰ্বতমালা
১৪ | আগ্নয়গিৰিৰ পৰা নিৰ্গত লাভাৰে গঠিত দাক্ষিণাৰত্য মালভূমিৰ কলা মাটি অঞ্চলটো কিহৰ বাবে বিখ্যাত ?
a) ধান খেতিৰ বাবে
b) কপাহ খেতিৰ বাবে
c) মাহ খেতিৰ বাবে
উত্তৰঃ b) কপাহ খেতিৰ বাবে
0 Comments