কি, ক'ত, কেতিয়া আৰু কেনেকৈ

১। কিহৰ যোগেদি হেৰাই যোৱা কথাবোৰ পুনৰ আমি জানিব পাৰো?

ক) ইতিহাস অধ্যয়নৰ

খ) বুৰঞ্জী অধ্যয়নৰ

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ ক) ইতিহাস অধ্যয়নৰ

২। মানুহে আৰম্ভনিতে কথাবোৰ ক'ত লিখিছিল?

ক) গছৰ পাতত

খ) গছৰ বাকলিত

গ) কাগজত

উত্তৰঃখ) গছৰ বাকলিত

৩। পুৰণি ভাৰতত বহু পুথি কি ভাষাত লিখা হৈছিল?

ক) অসমীয়া

খ) সংস্কৃত

গ)  পালি

উত্তৰঃখ) সংস্কৃত

৪। কিহত ৰজা আৰু সম্ভ্ৰান্ত পৰিয়ালৰ বিৱৰণ পোৱা যায়?

ক) বুৰঞ্জীত

খ) ইতিহাসত

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃক) বুৰঞ্জীত

৫। প্ৰাচীন কালৰ পৰা বৰ্তমানলৈকে পৃথিৱীৰ বিভিন্ন প্ৰান্ত ঘটি থকা ঘটনাৱলীক কি বোলে?

ক) ইতিহাসৰ বোলে

খ) বুৰঞ্জীৰ বোলে

গ) ঘটনাৱলী বোলে

উত্তৰঃক) ইতিহাসৰ বোলে

৬। আমিনা আৰু জুমনৰ ঘৰ ক'ত?

ক) তিনিচুকীয়াত

খ) শিৱসাগৰত

গ) শুৱালকুছিত

উত্তৰঃগ) শুৱালকুছিত

৭। কিহৰ লগত সাধুকথা একে নহয়?

ক) বুৰঞ্জীৰ লগত

খ) ইতিহাসৰ লগত

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃখ) ইতিহাসৰ লগত

৮। কি ভাষাত অধিক সংখ্যক মানুহে ক'ব পাৰিছিল আৰু বুজি পাইছিল?

ক) পালি ভাষাত

খ) প্ৰাকৃত ভাষাত

গ) সংস্কৃত ভাষাত

উত্তৰঃখ) প্ৰাকৃত ভাষাত

৯। অতীতত আমাৰ দেশত কিহৰ ফলিত ৰজা-মহাৰজাই কিছুমান কথা লিখোৱাইছিল?

 ক) তামৰ ফলিত

খ) ৰূপৰ ফলিত

গ) সোণৰ ফলিত

উত্তৰঃ ক) তামৰ ফলিত

১০। কি অতীতত ঘটা প্ৰকৃত ঘটনাৰ ধাৰাবাহিক বিৱৰণ?

ক) বুৰঞ্জী

খ) ইতিহাস

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃখ) ইতিহাস

১১ | মানুহে আৰম্ভণিতে কথাবোৰ কত খোদিত লিখিছিল ? 

ক) শিলত 

খ) গছত 

গ)  পাতত 

উত্তৰঃ ক) শিলত