৪। পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ
১। পৃথিৱীৰ প্ৰধান মহাদেশ কেইখন?
a) ৫ খন
b) ৭ খন
c) ৬ খন
উত্তৰঃ b) ৭ খন
২। এছিয়া মহাদেশৰ পৰা ইউৰোপক পৃথক কৰা পৰ্বতমালা কি?
a) এণ্ডিজ
b) হিমালয়
c) যুৰাল
উত্তৰঃ c) যুৰাল
৩। শতকৰা হিচাপত বায়ুমণ্ডলত আটাইতকৈ বেছিকৈ থকা উপাদানবিধ কি?
a) নাইট্ৰ'জেন
b) অক্সিজেন
c) কাৰ্বন-ডাই-অক্সাইড
উত্তৰঃ a) নাইট্ৰ'জেন
৪। কঠিন শিলাৰে গঠিত পৃথিৱীৰ প্ৰধান মণ্ডলটো কি?
a) বায়ুমণ্ডল
b) জলমণ্ডল
c) স্থলমণ্ডল
উত্তৰঃ c) স্থলমণ্ডল
৫। আটাইতকৈ বৃহৎ মহাদেশ কোনখন?
a) আফ্ৰিকা
b) এছিয়া
c) ওচেনিয়া
উত্তৰঃ b) এছিয়া
৬। পৃথিৱীৰ প্ৰধান মহাসাগৰ কেইখন?
a) ৫ খন
b) ৭ খন
c) ৬ খন
উত্তৰঃ a) ৫ খন
৭। পৃথিৱীৰ বৃহত্তম আৰু গভীৰতম মহাসাগৰ কোনখন?
a) উত্তৰ মহাসাগৰ
b) প্ৰশান্ত মহাসাগৰ
c) ভাৰত মহাসাগৰ
উত্তৰঃ b) প্ৰশান্ত মহাসাগৰ
৮। পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন?
a) উত্তৰ আমেৰিকা মহাদেশ
b) আফ্ৰিকা মহাদেশ
c) ওচেনিয়া মহাদেশ
উত্তৰঃ c) ওচেনিয়া মহাদেশ
৯। দুই বহল স্থলভাগক লগ কৰা ঠেক স্থলভাগক কি বোলে?
a) প্ৰণালী
b) যোজক
c) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ b) যোজক
১০। আটলাণ্টিক মহাসাগৰখনৰ আকৃতি ইংৰাজী কি আখৰটোৰ নিচিনা?
a) S আখৰটোৰ নিচিনা
b) O আখৰটোৰ নিচিনা
c) G আখৰটোৰ নিচিনা
উত্তৰঃ a) S আখৰটোৰ নিচিনা
১১। বায়ুমণ্ডলত কিমান শতাংশ নাইট্ৰ'জেন আছে?
a) ৭৭ শতাংশ
b) ৭৮ শতাংশ
c) ৭৫ শতাংশ
উত্তৰঃ b) ৭৮ শতাংশ
১২। বায়ুমণ্ডলত কিমান শতাংশ অক্সিজেন আছে?
a) ২১ শতাংশ
b) ২৫ শতাংশ
c) ২০ শতাংশ
উত্তৰঃ a) ২১ শতাংশ
১৩। কিমান শতাংশ কাৰ্বন-ডাই-অক্সাইড, আৰ্গন আৰু আন আন গেছেৰে বায়ুমণ্ডল গঠিত?
a) ১ শতাংশ
b) ২ শতাংশ
c) ৫ শতাংশ
উত্তৰঃ a) ১ শতাংশ
১৪। বায়ুমণ্ডলত কি গেছৰ পৰিমাণ বৰ কম যদিও ই বৰ দৰকাৰী গেছ?
a) অক্সিজেন
b) নাইট্ৰ'জেন
c) কাৰ্বন-ডাই-অক্সাইড
উত্তৰঃ c) কাৰ্বন-ডাই-অক্সাইড
১৫। উচ্চ চাপ থকা অঞ্চলৰ পৰা বায়ু নিম্ন চাপ থকা অঞ্চললৈ গতি কৰে। এই চলাচল কৰা বায়ুক কি বোলে?
a) মেঘ বোলে
b) বতাহ বোলে
c) বৰষুণ বোলে
উত্তৰঃ b) বতাহ বোলে
১৬। এটি গেছীয় বা বায়বীয় আৱৰণে পৃথিৱীখন আগুৰি আছে, এই আৱৰণটোক কি বোলে?
a) বায়ুমণ্ডল
b) জলমণ্ডল
c) স্থলমণ্ডল
উত্তৰঃ a) বায়ুমণ্ডল
১৭। জীৱক জীয়াই থাকিবৰ বাবে কি গেছৰ আৱশ্যক?
a) অক্সিজেন গেছৰ
b) নাইট্ৰ'জেন গেছৰ
c) কাৰ্বন-ডাই-অক্সাইড গেছৰ
উত্তৰঃ a) অক্সিজেন গেছৰ
১৮। উত্তৰ মহাসাগৰখন পৃথিৱীৰ কেই নম্বৰ স্থান?
a) চাৰি নম্বৰ স্থানত
b) তিনি নম্বৰ স্থানত
c) পাঁচ নম্বৰ স্থানত
উত্তৰঃ b) তিনি নম্বৰ স্থানত
১৯। পৃথিৱীৰ সৰ্ববৃহৎ উষ্ণ মৰুভূমি ছাহাৰা কোনখন মহাদেশত অৱস্থিত?
a) এছিয়া মহাদেশত
b) আফ্ৰিকা মহাদেশত
c) ওচেনিয়া মহাদেশত
উত্তৰঃ b) আফ্ৰিকা মহাদেশত
২০। পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা এণ্ডিজ কোনখন মহাদেশৰ পশ্চিম ফালেদি উত্তৰা-দক্ষিণাকৈ বিস্তৃত হৈ আছে?
a) উত্তৰ আমেৰিকা মহাদেশত
b) দক্ষিণ আমেৰিকা মহাদেশত
c) ইউৰোপ মহাদেশত
উত্তৰঃ b) দক্ষিণ আমেৰিকা মহাদেশত
২১ | পূথিৱীৰ প্ৰধান মণ্ডল কেইটা ?
a) ২ টা
b) ৩ টা
c) ৪ টা
উত্তৰঃ c) ৪ টা
২২ | পূথিৱীৰ উপৰিভাগৰ গোটা বা কঠিন অংশক কি বোলা হয় |
a) স্থলভাগ
b) জলভাগ
c) বায়ুমণ্ডল
উত্তৰঃ a) স্থলভাগ
২৩ | পূথিৱীৰ তূতীয় বূহত্তম মহাদেশ কি ?
a) এছিয়া
b) উত্তৰ আমেৰিকা
c) দক্ষিণ আমেৰিকা
উত্তৰঃ b) উত্তৰ আমেৰিকা
২৪ | আটাইতকৈ ডাঙৰ মহাদেশ খন কি ?
a) আমেৰিকা
b) ইউৰোপ
c) এছিয়া
উত্তৰঃ c) এছিয়া
২৫ | পূথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কি ?
a) এণ্ডিজ
b) হিমালয় পৰ্বত
c) ওপৰৰ এটাও নহয়
উত্তৰঃ a) এণ্ডিজ
২৬ | এছিয়াৰ উত্তৰ - পশ্চিম অংশত উত্তৰা - দক্ষিণাকৈ কি পৰ্বতমালা আছে ?
a) য়ুৰাল পৰ্বত
b) হিমালয় পৰ্বত
c) এণ্ডিজ পৰ্বত
উত্তৰঃ a) য়ুৰাল পৰ্বত
২৭ | ইউৰোপ মহাদেশখন এছিয়া মহাদেশতকৈ ভালেখিনি কি ?
a) ডাঙৰ
b) সৰু
c) সমান
উত্তৰঃ b) সৰু
২৮ | পূথিৱীৰ মহাদেশবোৰৰ ভিতৰত আটাইতকৈ সৰু মহাদেশ খন কি ?
a) এছিয়া
b) ওচেনিয়া
c) আমেৰিকা
উত্তৰঃ b) ওচেনিয়া
0 Comments