নেপালীভাষী গোৰ্খাসকল


1) সাম্প্ৰতিক সময়ত ভাৰতৰ 'নেপালীভাষী' লোকক কি নামাৰে জনা যায় ?

ক) তামাং

খ) গোৰ্খা

গ) ৰাই

উত্তৰঃ খ) গোৰ্খা


2) ২০১১ চনৰ লোকপ্ৰিয়লৰ তথ্য়মতে অসমৰ নেপালীভাষী লোকৰ সংখ্য়া কিমান ?

ক) ৭, ৩৫, ১৯৮ গৰাকী

খ)  ২, ২৯, ৮০০ গৰাকী

গ)  ৫, ৯৬, ২১০ গৰাকী

উত্তৰঃ গ)  ৫, ৯৬, ২১০ গৰাকী


3) কিমান খ্ৰী.পূ. ৰ পৰা অসম আৰু নেপালৰ মাজত পাৰস্পৰিক সম্বন্ধ আৰু প্ৰব্ৰজন আছিল ?

ক) ৩১৩৯ খ্ৰী.পূ.

খ) ৩০১৫ খ্ৰী.পূ.

গ) ৩০২৯ খ্ৰী.পূ.

উত্তৰঃ ক) ৩১৩৯ খ্ৰী.পূ.


4)  প্ৰাগজ্য়োতিষপুৰৰ ৰজা নৰকে ক'ত জন্ম গ্ৰহণ কৰিছিল ?

ক) যোৰহাটত

খ) বৰদোৱাত

গ) বৰ্তমান নেপালৰ চুনচৰী জিলাৰ বৰাহ ক্ষেত্ৰত

উত্তৰঃ গ) বৰ্তমান নেপালৰ চুনচৰী জিলাৰ বৰাহ ক্ষেত্ৰত


5) 'নেপালী সত্ৰ' কোনে স্থাপন কৰিছিল ?

ক) ছবিলাল উপাধ্য়ায়ে

খ) ৰতিকান্ত উপাধ্য়ায়ে

গ) দলবীৰ সিং লোহাৰ

উত্তৰঃ খ) ৰতিকান্ত উপাধ্য়ায়ে


6) কাৰ আহ্বানত স্বৰাজোত্তৰ লোকপিয়লত অধিকাংশ নেপালীভাষীয়ে তেওঁলোকৰ মাতৃভাষা অসমীয়া বুলি লিখিছিল ?

ক) ভক্ত বাহাদুৰ প্ৰধান

খ) প্ৰসাদ সিং চুব্বা

গ) অম্বিকাগিৰী ৰায় চৌধুৰী

উত্তৰঃ গ) অম্বিকাগিৰী ৰায় চৌধুৰী


7) ভাতৃ-ভগ্নীৰ প্ৰেমৰ উৎসৱটোৰ নাম কি ?

ক) তিহাৰ

খ) বড়া দশৈ

গ) তীজ

উত্তৰঃ ক) তিহাৰ


8)  ছবিলাল উপাধ্য়ায়ৰ জন্ম কিমান চনত হৈছিল ?

ক) ১৯১৫ চনৰ ২৬ জানুৱাৰীত

খ) ১৮৮২ চনৰ ১২ মে'ত

গ) ১৯১৫ চনৰ ১৫ মাৰ্চত 

উত্তৰঃ খ) ১৮৮২ চনৰ ১২ মে'ত


9) ১৯৬৯ চনৰ ২৯ জুলাই তাৰিখে কাৰ মৃত্য়ু হৈছিল ?

ক) দলবাৰী সিং লোহাৰ

খ) হৰিপ্ৰসাদ গোৰ্খা ৰাই

গ) ছবিলাল উপাধ্য়ায়

উত্তৰঃ ক) দলবাৰী সিং লোহাৰ


10) হৰিপ্ৰসাদ গোৰ্খা ৰাই ৰ পিতৃ-মাতৃৰ নাম কি ?

ক) কুসুম্বৰ ভূঞা আৰু সত্য়সন্ধা

খ) ধনৰাজ ৰাই আৰু যশোদা ৰাই

গ)  ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ খ) ধনৰাজ ৰাই আৰু যশোদা ৰাই