ভূ-আকৃতিক প্ৰক্ৰিয়া

 ১. ভূ-পৃষ্ঠৰ অৱয়ববোৰক কি বুলি কোৱা হয় ?

(ক) উপত্যকা

(খ) নিম্নভূমি

(গ) স্থলাকৃতি

উত্তৰঃ (গ) স্থলাকৃতি

২. স্থলাকৃতিৰ সৃষ্ট আৰু বিকাশৰ লগত জড়িত প্ৰক্ৰিয়া বোৰক কি বোলা হয়?

(ক) অবলমন প্ৰক্ৰিয়া

(খ) ভূ-আকৃতিক প্ৰক্ৰিয়া

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) ভূ-আকৃতিক প্ৰক্ৰিয়া

৩. কোনো এক অংশৰ পৰা ধূলি-বালি উৰুৱাই নি সেই অংশক আপেক্ষিকভাৱে দ কৰি তোলা প্ৰক্ৰিয়াক কি বোলা হয়?

(ক) অবনমন প্ৰক্ৰিয়া

(খ) ভূ-আকৃতিক প্ৰক্ৰিয়া

(গ) অৱক্ষেপন প্ৰক্ৰিয়া

উত্তৰঃ (ক) অবনমন প্ৰক্ৰিয়া

৪. কিছুমান বালিয়াৰী বতাহৰ দিশত দীঘলকৈ গঠিত হো ইয়াক কি বোলা বালিয়াৰী হয়?

(ক) অনুদৈৰ্ঘ্য় বালিয়াৰী

(খ) পাহাৰ বালিয়াৰী

(গ) চন্দ্ৰাকৃতিৰ বালিয়াৰি

উত্তৰঃ (ক) অনুদৈৰ্ঘ্য় বালিয়াৰী

৫.কোনো ঠাইত পৰিস্থিতি সাপেক্ষে অৰ্ধ চন্দ্ৰাকৃতিৰ বালিয়াৰিৰো সৃষ্টি হয় । এই বোৰক কি বোলা হয়?

(ক) অনুপ্ৰস্থ বালিয়াৰি

(খ) বাৰখান

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) বাৰখান

 ৬. বালিয়াৰিবোৰ কি অঞ্চলৰ ভূমিদৃশ্যৰ এক উল্লেখযোগ্য উপাদান?

(ক) মৰু অঞ্চল

(খ) সমেৰু অঞ্চল

(গ) কুমেৰু অঞ্চল

উত্তৰঃ (ক) মৰু অঞ্চল

 ৭. ঘৰ্ষণৰ যোগেদি কৰা ক্ষয়কাৰ্যক কি বোলা হয় ?

(ক) অৱক্ষয়জনিত

(খ) অপঘৰ্ষণ

(ঘ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (খ) অপঘৰ্ষণ

৮. মৰুভূমিত বতাহে সৃষ্ঠ কৰা এটা ঘৰ্ষনজনিত প্ৰক্ৰিয়া কি?

(ক) নিঘৰ্যণ প্ৰক্ৰিয়া

(খ) সংনিঘৰ্ষণ প্ৰক্ৰিয়া

(গ) ভূ-আকৃতিক প্ৰক্ৰিয়া

উত্তৰঃ (খ) সংনিঘৰ্ষণ প্ৰক্ৰিয়া

৯. হঠাতে হোৱা বানপানীক কি বোলি কোৱা হয়?

(ক) বিস্তৃত বানপানী

(খ) স্থলাকৃতি বানপানী

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) বিস্তৃত বানপানী

১০. ধীৰ গতিৰে নামি অহা বৰফক কি বোলা হয়?

(ক) হিমবাহ

(খ) পানী

(গ)বৰষুন

উত্তৰঃ (ক) হিমবাহ

 ১১. হিমবাহ প্ৰধানকৈ কেই প্ৰকাৰৰ ?

(ক) ৪ প্ৰকাৰৰ

(খ) ২ প্ৰকাৰৰ

(গ) ৩ প্ৰকাৰৰ

উত্তৰঃ (গ) ৩ প্ৰকাৰৰ

১২. হিমবাহে সৃষ্ট কৰা অন্য এক ক্ষয়জনিত অৱয়বক কি বোলা হয়।

(ক) পাৰ্বত্য হিমবাহ

(খ) ওলোমা উপত্যকা

(গ) গিৰিপদ হিমবাহ

উত্তৰঃ (খ) ওলোমা উপত্যকা

 ১৩. উপত্যকাৰ দাতিয়েদি উটি অহা গ্ৰাবক কি গ্ৰাব বোলে?

(ক) মধ্য গ্ৰাব

(খ) প্ৰাৰ্শ্বগ্ৰাব

(গ) ভূমিগ্ৰাব

উত্তৰঃ (খ) প্ৰাৰ্শ্বগ্ৰাব

 ১৪. কিছুমান গ্ৰাব উপত্যকাটোৰ তলিয়েদি বাগৰি আহে । সেইবোৰক কি গ্ৰাব বোলা হয়?

(ক) ভূমিগ্ৰাব

(খ) প্ৰাৰ্শ্বগ্ৰাব

(গ) মধ্যগ্ৰাব

উত্তৰঃ (ক) ভূমিগ্ৰাব

১৫. হিমবাহৰ মাজভাগেৰে উটি অহা গ্ৰাবক কি গ্ৰাব বোলি কোৱা হয় ?

(ক) প্ৰান্ত গ্ৰাব

(খ) মধ্যগ্ৰাব

(গ) অন্তিম গ্ৰাব

উত্তৰঃ (খ) মধ্যগ্ৰাব

১৬. হিমবাহে গতিপথেৰে বৰফখণ্ডৰ লগত কি কঢ়েয়াই আনে ?

(ক) শিলাখণ্ড, শিল বালি

(খ) বৰষুণ

(গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ (ক) শিলাখণ্ড, শিল বালি

 ১৭. হিমবাহ এটা নামি আহোতে ই বৰফৰ বহিৰে অন্য কি পদাৰ্থ কঢ়িয়াই আনে?

(ক) গ্ৰাব

(খ) ছুইছ আল্পাছত

(গ) অৱক্ষেপন

উত্তৰঃ (ক) গ্ৰাব

 ১৮. কিমান নিযুত ঘন কিল'মিটাৰ পৰিমাণৰ পানীয়ে বৰফ আকাৰে জমা কৰি ৰাখে?

(ক) ৫ নিযুত

(খ) ২৯ নিযুত

(গ) ১২ নিযুত

উত্তৰঃ (খ) ২৯ নিযুত

 ১৯. বৰ্তমান পৃথিৱীৰ স্থলভাগ কিমান শতাংশত ধীৰ গতিৰে নামি আহে?

(ক) ২০ শতাংশ

(খ) ২৯ শতাংশ

(গ) ১১ শতাংশ

উত্তৰঃ (গ) ১১ শতাংশ

 ২০. বেছিভাগ ঠাইত বাৰ্ষিক বৰষুণৰ পৰিমাণ কিমান চেন্টিমিটাৰতকৈ কম?

(ক) ১৬ চেন্টিমিটাৰ

(খ) ২০ চেন্টিমিটাৰ

(গ) ৩৫ চেন্টিমিটাৰ

উত্তৰঃ (খ) ২০ চেন্টিমিটাৰ

২১. অৰ্থনৈতিক ভূগোলৰ মূল বিষয় কি?

(ক) জলবায়ু
(খ) সম্পদ আৰু অৰ্থনৈতিক কাৰ্যকলাপ 
(গ) জনসংখ্যা
(ঘ) পৰিবহন

উত্তৰঃ (খ) সম্পদ আৰু অৰ্থনৈতিক কাৰ্যকলাপ 

২২. সম্পদ বুলিলে কি বুজায়?
(ক) কেৱল খনিজ পদাৰ্থ
(খ) মানুহৰ বাবে উপযোগী বস্তু বা উপাদান 
(গ) কেৱল বন
(ঘ) কেৱল পানী

উত্তৰঃ (খ) মানুহৰ বাবে উপযোগী বস্তু বা উপাদান 

২৩. তলৰ কোনটো নবীকৰণযোগ্য সম্পদ?
(ক) কয়লা
(খ) পেট্ৰ'ল
(গ) সৌৰ শক্তি 
(ঘ) প্ৰাকৃতিক গেছ

উত্তৰঃ (গ) সৌৰ শক্তি 

২৪. তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ?
(ক) বতাহ
(খ) সূৰ্যৰ শক্তি
(গ) কয়লা 
(ঘ) পানী

উত্তৰঃ (গ) কয়লা 

২৫. জীৱসম্পদৰ উদাহৰণ কোনটো?
(ক) শিল
(খ) খনিজ
(গ) বনজ সম্পদ 
(ঘ) মাটি

উত্তৰঃ (গ) বনজ সম্পদ 

২৬. অজীৱ সম্পদৰ উদাহৰণ কোনটো?
(ক) গছ
(খ) পশু
(গ) কয়লা 
(ঘ) মাছ

উত্তৰঃ (গ) কয়লা 

২৭. সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য কি?
(ক) অপচয় বৃদ্ধি কৰা
(খ) ভৱিষ্যৎ প্ৰজন্মৰ বাবে সংৰক্ষণ কৰা 
(গ) কেৱল ব্যৱহাৰ কৰা
(ঘ) ৰপ্তানি কৰা

উত্তৰঃ (খ) ভৱিষ্যৎ প্ৰজন্মৰ বাবে সংৰক্ষণ কৰা 

২৮. তলৰ কোনটো প্ৰাথমিক অৰ্থনৈতিক কাৰ্যকলাপ?
(ক) কৃষি 
(খ) বেংকিং
(গ) বাণিজ্য
(ঘ) বীমা

উত্তৰঃ(ক) কৃষি 

২৯. তলৰ কোনটো দ্বিতীয়ক অৰ্থনৈতিক কাৰ্যকলাপ?
(ক) কৃষি
(খ) উদ্যোগ 
(গ) মাছ ধৰা
(ঘ) বন সংৰক্ষণ

উত্তৰঃ (খ) উদ্যোগ 

৩০. তৃতীয়ক অৰ্থনৈতিক কাৰ্যকলাপৰ উদাহৰণ কোনটো?
(ক) কৃষি
(খ) খনি
(গ) পৰিবহন 
(ঘ) বনজ উৎপাদন

উত্তৰঃ (গ) পৰিবহন 

৩১. চতুৰ্থক (Quaternary) কাৰ্যকলাপ কিহৰ সৈতে জড়িত?
(ক) জ্ঞান আৰু তথ্যসেৱা 
(খ) কৃষি
(গ) মীন পালন
(ঘ) বনজ সম্পদ

উত্তৰঃ (ক) জ্ঞান আৰু তথ্যসেৱা 

৩২. তলৰ কোনটো জাতীয় সম্পদ?
(ক) ব্যক্তিগত ঘৰ
(খ) ৰাজহুৱা পথ 
(গ) ব্যক্তিগত বাহন
(ঘ) ব্যক্তিগত খেতি

উত্তৰঃ (খ) ৰাজহুৱা পথ 

৩৩. আন্তঃৰাষ্ট্ৰীয় সম্পদৰ উদাহৰণ কোনটো?
(ক) ব্যক্তিগত মাটি
(খ) উচ্চ সমুদ্ৰ (High Seas) 
(গ) গাঁওৰ পথ
(ঘ) খেতি

উত্তৰঃ (খ) উচ্চ সমুদ্ৰ (High Seas) 

৩৪. সম্পদৰ গুণগত মান কি কাৰকে নিৰ্ধাৰণ কৰে?
(ক) উপযোগিতা 
(খ) ৰং
(গ) আকৃতি
(ঘ) ওজন

উত্তৰঃ (ক) উপযোগিতা 

৩৫. IUCN ৰ সম্পূৰ্ণ নাম কি?
(ক) International Union for Conservation of Nature 
(খ) Indian Union for Climate Network
(গ) International United Climate Nation
(ঘ) Indian Universal Conservation Network

উত্তৰঃ (ক) International Union for Conservation of Nature 

৩৬. WWF ৰ সম্পূৰ্ণ নাম কি?
(ক) World Wildlife Fund 
(খ) World Water Forum
(গ) World Wind Foundation
(ঘ) Wildlife Welfare Federation

উত্তৰঃ (ক) World Wildlife Fund 

৩৭. সম্পদৰ সঠিক ব্যৱহাৰক কি বোলা হয়?
(ক) সংৰক্ষণ 
(খ) অপচয়
(গ) ধ্বংস
(ঘ) দূষণ

উত্তৰঃ (ক) সংৰক্ষণ 

৩৮. তলৰ কোনটো মানৱ-সৃষ্ট সম্পদ?
(ক) নদী
(খ) বন
(গ) ৰাস্তা 
(ঘ) পাহাৰ

উত্তৰঃ (গ) ৰাস্তা 

৩৯. সম্পদ কিয় গতিশীল (Dynamic)?
(ক) ইয়াৰ মূল্য সলনি নহয়
(খ) সময়ৰ লগে লগে ব্যৱহাৰ আৰু মূল্য সলনি হয় 
(গ) সদায় একে থাকে
(ঘ) কেৱল প্ৰাকৃতিক

উত্তৰঃ (খ) সময়ৰ লগে লগে ব্যৱহাৰ আৰু মূল্য সলনি হয় 

৪০. সম্পদ সংৰক্ষণৰ বাবে কি প্ৰয়োজন?
(ক) পৰিকল্পিত ব্যৱহাৰ 
(খ) অপচয়
(গ) অতিব্যৱহাৰ
(ঘ) দূষণ

উত্তৰঃ (ক) পৰিকল্পিত ব্যৱহাৰ 

৪১. অসমৰ এটা পৰিৱেশ সংৰক্ষণ সংস্থা কোনটো?
(ক) আৰণ্যক (Aaranyak) 
(খ) NASA
(গ) UNESCO
(ঘ) UNICEF

উত্তৰঃ(ক) আৰণ্যক (Aaranyak) 

৪২. তলৰ কোনটো সম্পদৰ মালিকানাৰ ভিত্তিত ভাগ নহয়?
(ক) ব্যক্তিগত
(খ) জাতীয়
(গ) আন্তঃৰাষ্ট্ৰীয়
(ঘ) জলবায়ু 

উত্তৰঃ (ঘ) জলবায়ু 

৪৩. অৰ্থনৈতিক ভূগোলৰ অধ্যয়নৰ বিষয় কি?

(ক) কেৱল জলবায়ু
(খ) উৎপাদন, বিতৰণ আৰু ব্যৱহাৰ 
(গ) কেৱল নদী
(ঘ) কেৱল পাহাৰ

উত্তৰঃ (খ) উৎপাদন, বিতৰণ আৰু ব্যৱহাৰ 

৪৪. তলৰ কোনটো সম্পদ সংৰক্ষণৰ উপায়?
(ক) পুনঃবনায়ন 
(খ) বন ধ্বংস
(গ) অধিক খনন
(ঘ) অপচয়

উত্তৰঃ(ক) পুনঃবনায়ন 

৪৫. HSLC পৰীক্ষাৰ বাবে এই অধ্যায়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় কোনটো?
(ক) সম্পদৰ শ্ৰেণীবিভাজন 
(খ) নদীৰ নাম
(গ) পাহাৰৰ নাম
(ঘ) দেশৰ ৰাজধানী

উত্তৰঃ(ক) সম্পদৰ শ্ৰেণীবিভাজন