পৃথিৱীৰ জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তন

১। তলৰ কোনটো কোপেনৰ 'A' প্ৰকাৰৰ জলবায়ুৰ কাৰণে গ্ৰহণযোগ্য ?

(ক)১২ মাহে অধিক বৰষুণ

(খ)১২ মাহৰ ভিতৰত, প্ৰত্যেক মাহৰে গড় উত্তাপ ১৮° ছে.ৰ ওপৰত থাকে

(গ)প্ৰত্যেক মাহৰ গড় উত্তাপ ১০° ছে. ৰ তলত থাকে

উত্তৰঃ (খ)১২ মাহৰ ভিতৰত, প্ৰত্যেক মাহৰে গড় উত্তাপ ১৮° ছে.ৰ ওপৰত থাকে

২। কোপেনৰ জলবায়ুৰ শ্ৰেণীবিভাজনক কোৱা হয়ঃ

(ক)দৃষ্টভিত্তিক বা দেখি ধাৰণা কৰা বিধৰ

(খ)জন্মভিত্তিক বা সৃষ্টিধৰ্মী

(গ)ব্যৱহাৰিক

উত্তৰঃ (ক)দৃষ্টভিত্তিক বা দেখি ধাৰণা কৰা বিধৰ

৩। কোপেনৰ পদ্ধতি মতে, ভাৰতৰ অধিক অঞ্চলক ভাগ কৰা হৈছে তলৰ কোনটোৰেঃ

(ক)'Af'

(খ)'Cfb'

(গ)
'Am'

উত্তৰঃ (গ)'Am'

৪। তলত দিয়াবোৰৰ কোনটো বছৰত গোলকীয় উত্তাপ বেছি আছিল-

(ক)১৯৯০

(খ)১৯৯৮

(গ)১৯৫০


উত্তৰঃ 
(খ)১৯৯৮

৫। তলৰ চাৰিটা গোটৰ কোনটোৱে আৰ্দ্ৰ অৱস্থা বুজায়?

(ক)A-B-C-E

(খ)A-C-D-E

(গ)
A-C-D-F

উত্তৰঃ (গ)A-C-D-F

৬। ক্ৰান্তীয় আৰ্দ্ৰ জলবায়ুক কেইটা ভাগত ভাগ কৰা হৈছে ?

(ক)তিনিটা

(খ)ছয়টা

(গ)নটা

উত্তৰঃ 
(ক)তিনিটা

৭। কোপেনে কেইটা জলবায়ুৰ ভাগ উলিয়াইছিল ?

(ক)চাৰিটা

(খ)পাঁচটা

(গ)
ছয়টা

উত্তৰঃ (খ)পাঁচটা

৮। শুকান জলবায়ুক কেইটা ভাগত ভগোৱা হৈছে-

(ক)২ টা

(খ)৩ টা

(গ)৪ টা

উত্তৰঃ (ক)২ টা

৯। মেৰুদেশীয় জলবায়ু দুই প্ৰকাৰত ভাগ কৰা হৈছে, সচাঁ নে মিছা-

(ক)সচাঁ

(খ)মিছা

উত্তৰঃ (ক)সচাঁ

১০। মিথেন এটা সেউজগৃহ গেছ হয়নে-

(ক)হয়

(খ)নহয়

উত্তৰঃ (ক)হয়

১১। অজন গেছে পৃথিৱীৰ পৰা বিকিৰণ হোৱা              ধৰি ৰাখে।

(ক)ৰশ্মি

(খ)গেছ

(গ)
বায়ু

উত্তৰঃ (ক)ৰশ্মি

১২। শীতল বৰফযুক্ত জলবায়ুক কেইটা ভাগত ভাগ কৰা হৈছে-

(ক)দুটা

(খ)তিনিটা

(গ)
চাৰিটা

উত্তৰঃ (ক)দুটা

১৩। বৰফহীন যুগৰ আৰম্ভণি কিমান বছৰৰ আগত হৈছিল-

(ক)১০০০ বছৰৰ

(খ)১০,০০০ বছৰৰ

(গ)
১১,০০০ বছৰৰ আগত

উত্তৰঃ (খ)১০,০০০ বছৰৰ

১৪। উপক্ৰান্তীয় ষ্টেপী আৰু উপক্ৰান্তীয় মৰু জলবায়ুক কেইটা ভাগত ভাগ কৰা হৈছে ?

(ক)দুটা

(খ)তিনিটা

(গ)
চাৰিটা

উত্তৰঃ (গ)চাৰিটা

১৫। তুন্দ্ৰা অঞ্চলত গ্ৰীষ্মকালি দিন তি দীঘলীয়া হয়, সচাঁ নে মিছা-

(ক)মিছা

(খ)সচাঁ

উত্তৰঃ 
(খ)সচাঁ