ভূ-আকৃতি আৰু বিকাশ

১। ভূ-গঠনৰ কোনটো পৰ্যায়ত নিম্নমুখী খনন কাৰ্য অধিক-

(১)তৰুণ অৱস্থা

(২)প্ৰৌঢ় অৱস্থা

(৩)বৃদ্ধ অৱস্থা

উত্তৰঃ (১)তৰুণ অৱস্থা

২। বেলিকা বা ষ্টেপ থকা ঢালৰ সৈতে গভীৰ উপত্যাকাক কোৱা হয়-

(১)খাত

(২)কন্দৰ

(৩)অন্ধ উপত্যাকা

উত্তৰঃ (২)কন্দৰ

৩। ভৌতিক বিচূৰ্ণীভৱন প্ৰক্ৰিয়াতকৈ ৰাসায়নিক বিচূৰ্ণীভৱন প্ৰক্ৰিয়া তলৰ কোনটো অঞ্চলত অধিক-

(১)মৰু অঞ্চল

(২)তুষাৰ আবৃত অঞ্চল

(৩)আৰ্দ্ৰ অঞ্চল

উত্তৰঃ (৩)আৰ্দ্ৰ অঞ্চল

৪। নদী উপত্যাকাৰ আকৃতি কেনেকুৱা হয়?

(১)X আকৃতিৰ

(২)Y আকৃতিৰ

(৩)V আকৃতিৰ

উত্তৰঃ (৩)V আকৃতিৰ

৫। লুপৰ গভীৰতা কিমান ধৰণৰ হব পাৰে ?

(১)এক ধৰণৰ

(২)দুই ধৰণৰ

(৩)বহুধৰণৰ

উত্তৰঃ (২)দুই ধৰণৰ

৬। উষ্ণ মৰুভূমি অঞ্চলত প্ৰবল কাৰক হল-

(১)বতাহ

(২)ভূমিকম্প

(৩)পানী

উত্তৰঃ (১)বতাহ

৭। চূনশিলৰ অঞ্চলত থকা মূল ৰাসায়নিক দ্ৰব্যবিধ হল-

(১)কাৰ্বন

(২)দোলাইন

(৩)কেলছিয়াম

উত্তৰঃ (৩)কেলছিয়াম

৮। হিমবাহ উপত্যাকা কি আকৃতিৰ হয় ?

(১)U আকৃতিৰ

(২)V আকৃতিৰ

(৩)X আকৃতিৰ

উত্তৰঃ (১)U আকৃতিৰ

৯। তলৰ কোনটো বাক্যই লেপি সংজ্ঞাটো অতি ভালকৈ বুজাব পাৰিছে -

(১)সৰুৰ পৰা মধ্যমীয়া জোখৰ অগভীৰ নিম্নভাগ

(২)উপৰিভাগৰ পৰা পানী জিপ-জিপকৈ সৰকি যোৱাৰ ফলত সৃষ্টি হোৱা ভূ-অবয়ব

(৩)তীক্ষ্ন পিনকোন, গাত আৰু শৈলশিৰা থকা অসমান ভূ-পৃষ্ঠ

উত্তৰঃ (৩)তীক্ষ্ন পিনকোন, গাত আৰু শৈলশিৰা থকা অসমান ভূ-পৃষ্ঠ

১০। গভীৰ,দীঘল আৰু বহল গাত মূৰৰফালে আৰু দুই কাষে, থকা বৰ থিয় উচ্চ বেৰযুক্ত দ্ৰোণীক কোৱা হয়-

(১)চাৰ্ক

(২)পাৰ্শ্ব গ্ৰাৱ

(৩)এস্কাৰ

উত্তৰঃ (১)চাৰ্ক