আগমনৰ ভিত্তি

১) কাৰ্য-কাৰণ বিধিয়ে  কিহৰ ওপৰত ভিত্তি কৰে?

ক) আগমনৰ আকাৰগত ভিত্তি

খ) আগমনৰ বস্তুগত ভিত্তি

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) আগমনৰ আকাৰগত ভিত্তি

২) আগমনৰ বস্তুগত ভিত্তি কি?

ক) কাৰ্য-কাৰণ

খ) নিৰীক্ষণ

গ) পৰ্যৱেক্ষণ

উত্তৰঃ গ) পৰ্যৱেক্ষণ

৩) প্ৰকৃতিৰ কি বিধি তৰ্কবিজ্ঞানৰ এটা আৱশ্যস্বীকাৰ্য স্বতঃসিদ্ধ নিয়ম।

ক) পুনৰাবৃত্তি

খ) নিৰীক্ষণ

গ) একৰূপতা

উত্তৰঃ গ) একৰূপতা

৪) আকাৰৰ ফালৰ পৰা প্ৰকৃতিৰ একৰূপতা বিধিটোক কেইটা ভাগত ভাগ কৰা হয়।

ক) এটা

খ) দুটা

গ) তিনিটা

উত্তৰঃ খ) দুটা

৫) পদাৰ্থবিজ্ঞানত থকা প্ৰকৃতিৰ মূল নিয়মটো কি?

ক) ৰাসায়নিক শক্তি

খ) মাধ্যাকৰ্ষণ শক্তি

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) মাধ্যাকৰ্ষণ শক্তি

৬। প্ৰকৃতিৰ একৰূপতা বিধিৰ অৰ্থ কি ?

ক) একে পৰিৱেশত প্ৰকৃতিয়ে ভিন্ন আচৰণ কৰে।

খ) একেই পৰিৱেশত প্ৰকৃতিয়ে একেই আচৰণ কৰে।

গ) ওপৰৰ দুয়োটাই।

উত্তৰঃ খ) একেই পৰিৱেশত প্ৰকৃতিয়ে একেই আচৰণ কৰে।

৭। প্ৰকৃতিৰ একৰূপতা বিধিটো কিহৰ ভিত্তি?

ক) অবৈজ্ঞানিক আগমনৰ ভিত্তি

খ) বৈজ্ঞানিক আগমনৰ ভিত্তি

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) বৈজ্ঞানিক আগমনৰ ভিত্তি

৮। সকলো বস্তু কিহৰ সহায়ত আহৰণ কৰা হয়।

ক) আকাৰ

খ) আহৰণ

গ) অভিজ্ঞতা

উত্তৰঃ গ) অভিজ্ঞতা

৯। প্ৰকৃতিৰ আচৰণ ৰূপ কেইটা?

ক) একৰূপী

খ) দ্বিৰূপী

গ) বহুৰূপী

উত্তৰঃ ক) একৰূপী

১০) প্ৰকৃতিত ঘটনাবোৰৰ কি সম্পৰ্ক দেখিবলৈ পোৱা যায়

ক) সামন্তৰিক সম্পৰ্ক

খ) বহুৰূপী সম্পৰ্ক

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) সামন্তৰিক সম্পৰ্ক