চুম্বকৰ লগত ধেমালি


১। মেগনেটাইট এবিধ কি ? 

গোল পদাৰ্থ

প্ৰাকৃতিক চুম্বক

চুম্বকীয় আকৃতিৰ এটা টুকুৰা

উত্তৰঃ প্ৰাকৃতিক চুম্বক


২। যিবোৰ বস্তু চুম্বকে আকৰ্ষণ নকৰে তেনে পদাৰ্থক কি বুলি কোৱা হয় ?

আকৰ্ষণীয়

আকৰ্ষণহীন পদাৰ্থ

অচুম্বকীয় পদাৰ্থ

উত্তৰঃ অচুম্বকীয় পদাৰ্থ


৩। প্ৰত্যেক চুম্বকৰে কেইটা মেৰু থাকে ?

দুটা

চাৰিটা

আঠটা

উত্তৰঃ দুটা


৪। কাগজ  পদাৰ্থ নহয়।

চুম্বকীয়

পাতলীয়

এটাও নহয়

উত্তৰঃ চুম্বকীয়


৫। দণ্ড চুম্বকৰ মেৰু দুটা কত থাকে ?

চুম্বকডালৰ তলৰ মূৰত

চুম্বকডালৰ ওপৰৰ মূৰত

চুম্বকডালৰ দুটা মূৰত

উত্তৰঃ চুম্বকডালৰ দুটা মূৰত


৬। মেগনাচ কোন দেশৰ আছিল ?

ভাৰতৰ

গ্ৰীচৰ

ইৰাকৰ

উত্তৰঃ গ্ৰীচৰ


৭। মেগনাচৰ লাঠিডালৰ মূৰটোত এটুকুৰা কি আছিল ?

লো

চুম্বক

শিলগুটি

উত্তৰঃ লো


৮। 'চুম্বক' শব্দৰ ইংৰাজী ৰূপ কি ?

Magnet

Magnetite

Pole

উত্তৰঃ Magnet


৯। মেগনাচে তাৰ ভেড়াবোৰ কোন ঠাইত চৰাবলৈ নিছিল ?

ওচৰৰ পথাৰখনলৈ

ওচৰৰ পাহাৰটোলৈ

ওচৰৰ বিলখনৰ পাৰলৈ

উত্তৰঃ ওচৰৰ পাহাৰটোলৈ


১০। তলৰ চিত্ৰখনে কি বুজাইছে ?



একে মেৰুৰ মাজত বিকৰ্ষণ

বিপৰীত মেৰুৰ মাজত বিকৰ্ষণ

একে মেৰুৰ মাজত আকৰ

উত্তৰঃ একে মেৰুৰ মাজত বিকৰ্ষণ


১১। দুটা বিপৰীত মেৰুৰে ইটোৱে সিটোক কি কৰে ?

বিকৰ্ষণ

আকৰ্ষণ

এটাও নহয়

উত্তৰঃ আকৰ্ষণ


১২। চুম্বকে আকৰ্ষণ কৰা পদাৰ্থক কি বুলি কোৱা হয় ?

আকৰ্ষণীয়

চুম্বকীয়

অচুম্বকীয়

উত্তৰঃ চুম্বকীয়


১৩। প্ৰত্যেক চুম্বকৰে কি কি মেৰু থাকে ? 

পূব আৰু পশ্চিম

উত্তৰ আৰু পূব

উত্তৰ আৰু দক্ষিণ

উত্তৰঃ উত্তৰ আৰু দক্ষিণ


১৪। মেগনেটাইটত কি থাকে ?

চিমেণ্ট

লো

শিল

উত্তৰঃ লো


১৫। লো আকৰ্ষণ কৰিব পৰা গুণ থকা দ্ৰব্যবোৰক কি বুলি কোৱা হয় ?

চুম্বক

মেগনেট্

ওপৰৰ দুয়োটা

উত্তৰঃ ওপৰৰ দুয়োটা


১৬। তলৰ কোনটো পদাৰ্থ অচুম্বকীয় ?

পলিথিন

লো

নিকেল

উত্তৰঃ পলিথিন


১৭। আগৰ দিনত নাৱিকে  দিশ নিৰ্ণয় কৰিবলৈ এটুকুৰা  ওলোমাই থৈছিল।

প্লাষ্টিক

চুম্বক

এটাও নহয়

উত্তৰঃ চুম্বক

 

১৮। দিশ নিৰ্ণয় কৰা মূৰ্তিৰ ৰথখন কাৰ আছিল ?

মেগনাচৰ

হোৱাংটিৰ

প্ৰজ্ঞানৰ

উত্তৰঃ হোৱাংটিৰ


১৯। চুম্বকডালৰ যিটো মূৰ উত্তৰ দিশত থাকে তাক কি বুলি কোৱা হয় ?

উত্তৰ দিশৰ মূৰ

উত্তৰ মেৰু

ওপৰৰ দুয়োটা

উত্তৰঃ ওপৰৰ দুয়োটা


২০। 'দক্ষিণ মেৰু' শব্দৰ ইংৰাজী ৰূপ কি ?

South pole

North pole

Magnetite

উত্তৰঃ South pole