আদি প্ৰস্তৰ যুগ

পাঠঃ ১০


১। আদি প্ৰস্তৰ যুগৰ সময় কিমান?

 ক) খ্ৰী: পূ: ৬,০০,০০০ৰ পৰা খ্ৰী: পূ: ৭০০০

খ) খ্ৰী: পূ: ৫,০০,০০০ৰ পৰা খ্ৰী: পূ: ৮০০০

গ)  খ্ৰী: পূ: ৪,০০,০০০ৰ পৰা খ্ৰী: পূ: ৯০০০

উত্তৰঃ খ) খ্ৰী: পূ: ৫,০০,০০০ৰ পৰা খ্ৰী: পূ: ৮০০০


২। আদিম মানুহবোৰক মূলতঃ কি বোলা হৈছিল?

ক) কৃষক

খ) চিকাৰী

গ) মাছমৰীয়া

উত্তৰঃ খ) চিকাৰী


৩। কিমান বছৰ আগতে চাৰিজন স্কুলীয়া ল'ৰা-ছোৱালীয়ে ফ্ৰান্স দেশৰ এই ঠাইডোখৰ আৱিস্কাৰ কৰিছিল?

ক) ২০০ বছৰ

খ) ১০০ বছৰ

 গ) ৫০০ বছৰ

উত্তৰঃ খ) ১০০ বছৰ

৪। প্ৰথমতে আদিম মানুহে কেনেকুৱা শিল ব্যৱহাৰ কৰিছিল?

ক) মিহি

খ) খহটা

গ) জোঙা

উত্তৰঃ খ) খহটা


৫। আদি প্ৰস্তৰ যুগক কেইটা স্তৰত ভাগ কৰা হৈছে?

ক) ৩ টা

খ) ৪ টা

গ) ৫ টা

উত্তৰঃ ক) ৩ টা


৬। আদিম মানুহে কিহেৰে তৈয়াৰী আ-অলংকাৰ পিন্ধিছিল?

ক) জন্তুৰ হাড়, দাঁত, খোলা আদিৰে তৈয়াৰী

খ) গছৰ বাকলি, জন্তুৰ ছাল, নোম আদিৰে তৈয়াৰী

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ ক) জন্তুৰ হাড়, দাঁত, খোলা আদিৰে তৈয়াৰী


৭। আদিম মানুহে কি আমোদজনক কাম কৰিছিল?

ক) ফুলনি বাগিচা পাতি, নৃত্য-গীত কৰি

খ) খাদ্য সংগ্ৰহ কৰিবলৈ যোৱা, ছবি আঁকি

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ খ) খাদ্য সংগ্ৰহ কৰিবলৈ যোৱা, ছবি আঁকি


৮। ফ্ৰান্স দেশৰ এটি গুহাত আৱিস্কাৰ হোৱা ছবিখন কিমান বছৰ আগতে অঁকা হৈছিল?

ক) ২০,০০০ৰ পৰা ৩০,০০০

খ) ১০,০০০ৰ পৰা ২০,০০০

গ) ৩০,০০০ৰ পৰা ৪০,০০০

উত্তৰঃ খ) ১০,০০০ৰ পৰা ২০,০০০


৯। কিছু কিছু গুহাত কিহৰ ছবি দেখিবলৈ পোৱা গৈছে?

ক) দলবান্ধি চিকাৰলৈ যোৱা ছবি

খ) চিকাৰ নৃত্যৰ ছবি

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ খ) চিকাৰ নৃত্যৰ ছবি


১০। আদিম মানুহৰ জীৱন যথেষ্ট কি আছিল?

ক) মিলা-প্ৰীতি আৰু আনন্দ

খ) বিপদ আৰু কঠিন

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ খ) বিপদ আৰু কঠিন

১১। আদিম মানুহে কেনেকুৱা জীৱন যাপন কৰিছিল? 

ক) কঠিন

খ) সহজ

গ) ওপৰৰ দুয়োটা

উত্তৰঃক) কঠিন

১২। আদিম মানুহে ঋতু অনুযায়ী কি বিচাৰি এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ভ্ৰমি ফুৰিছিল?

ক) পানী

খ) ফল-মূল

গ) জীৱ-জন্তু

উত্তৰঃখ) ফল-মূল

১৩। জীয়াই থাকিবলৈ প্ৰাণী আৰু মানুহ উভয়কে কিহৰ প্ৰয়োজন?

ক) সাজ-পাৰ

খ) বাসস্থান

গ) পানী

উত্তৰঃগ) পানী

১৪। সেই সময়ত আদিম মানুহে কেনেকৈ এঠাইৰ পৰা আন ঠাইলৈ অহা-যোৱা কৰিছিল?

ক) মটৰ চাইকেলেৰে

খ) খোজকাঢ়ি

গ) বাচেৰে

উত্তৰঃখ) খোজকাঢ়ি

১৫। আদিম মানুহে শীত,তাপ আদিৰ পৰা নিজকে ৰক্ষা কৰিবলৈ কি তৈয়াৰ কৰি পিন্ধিছিল?

ক) গছৰ বাকলি

খ) সাজ-পোছাক

গ) জীৱ-জন্তুৰ ছাল

উত্তৰঃখ) সাজ-পোছাক

১৬। আদিম মানুহে কিহেৰে তৈয়াৰী সাজ-পোছাক পিন্ধিছিল?

ক) গছৰ বাকলি, জন্তুৰ ছাল, নোম আদি

খ) সূতাৰে,পাতেৰে,ধানেৰে,প্লাষ্টিকেৰে

গ) কাপোৰে,আহেৰে,কাগজেৰে

উত্তৰঃক) গছৰ বাকলি, জন্তুৰ ছাল, নোম আদি

১৭। কোনে দলবান্ধি এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিছিল?

ক) মানুহে

খ) জন্তুৱে

গ) আদিম মানুহে

উত্তৰঃগ) আদিম মানুহে

১৮। আদিম মানুহে সঁজুলি হিচাপে কিহক ব্য়ৱহাৰ কৰিছিল?

ক) কাঠক

খ) বাঁহক

গ) শিলক

উত্তৰঃগ) শিলক

১৯। কি আদিম মানুহৰ প্ৰথম উল্লেখনীয় আৱিষ্কাৰ?

ক) জুই

খ) খেতি-বাতি

গ) আ-অলংকা

উত্তৰঃক) জুই

২০। সংগ্ৰহ কৰা খাদ্য় আদিম মানুহে কি কৰি ৰখাৰ  প্ৰয়োজনবোধ কৰা নাছিল?

ক) সাঁচি

খ) সংৰক্ষণ

গ) ওপৰৰ দুয়োটা

উত্তৰঃক) সাঁচি

২১ | আদিম মানুহৰ প্ৰথম উল্লেখনীয় আৱিষ্কাৰ কি ? 

ক) শিল 

খ) জুই 

গ) গছ 

উত্তৰঃ খ) জুই