১২ প্ৰাচীন নগৰীয়া সভ্যতা
১। নগৰীয় সভ্যতাৰ উত্থান আজিৰ পৰা কিমান বছৰৰ আগতে ঘটিছিল বুলি ইতিবাসবিদসকলে অনুমান কৰে?
ক) ৪৪০০ বছৰৰ
খ) ৪৫০০ বছৰৰ
গ) ৪৬০০ বছৰৰ
উত্তৰঃখ) ৪৫০০ বছৰৰ
২। নদী পাৰৰ মাটি কেনেকুৱা?
ক) পলসুৱা
খ) সাৰুৱা
গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃখ) সাৰুৱা
৩। কিমান চনত মহেঞ্জোদাৰো আৰু হৰপ্পা সভ্যতাৰ আৱিস্কাৰ হৈছিল?
ক) ১৯২১ চনত
খ) ১৯১২ চনত
গ) ১৯২২ চনত
উত্তৰঃগ) ১৯২২ চনত
৪। হৰপ্পা সংস্কৃতিৰ মানুহে কি জন্তুৰ ব্যৱহাৰ কম কৰিছিল?
ক) গৰু
খ) ঘোঁৰা
গ) হাতী
উত্তৰঃখ) ঘোঁৰা
৫। হৰপ্পা সংস্কৃতিৰ মানুহে পোনপ্ৰথমে কি খেতি কৰিছিল বুলি ধাৰণা কৰা হয়?
ক) ধান খেতি
খ) জলকীয়া খেতি
গ) কপাহ খেতি
উত্তৰঃগ) কপাহ খেতি
৬। সা-সামগ্ৰী আন দেশৰ পৰা নিজ দেশলৈ অনা কাৰ্য কি বোলে?
ক) আমদানি
খ) ৰপ্তানি
গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃক) আমদানি
৭। কি নগৰৰ ৰাস্তাবোৰ পোন আছিল?
ক) মহেঞ্জোদাৰো
খ) সিন্ধু উপত্যকা
গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃক) মহেঞ্জোদাৰো
৮। সিন্ধু উপত্যকাৰ ঘৰবোৰক কেইটা ভাগত ভাগ কৰা হৈছে?
ক) ৩ টা
খ) ৪ টা
গ) ২ টা
উত্তৰঃক) ৩ টা
৯। মহেঞ্জোদাৰোত আৱিস্কাৰ হোৱা ভগ্নাৱশেষবোৰৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য নিদৰ্শণ কি?
ক) সাধাৰণ মানুহ থকা ঘৰ
খ) ডাঙৰ অট্টালিকা
গ) ৰাজহুৱা স্নানাগাৰ
উত্তৰঃগ) ৰাজহুৱা স্নানাগাৰ
১০। হৰপ্পা সংস্কৃতিৰ মানুবিলাকে ধৰিত্ৰী দেৱীৰ লগতে গছ আৰু কিহৰ পূজা কৰিছিল বুলি অনুমান কৰা হয়?
ক) গৰুৰ
খ) সাপৰ
গ) হাতীৰ
উত্তৰঃখ) সাপৰ
১১। হৰপ্পা সংস্কৃতিৰ সৰহভাগ মানুহে কি কৰি জীৱিকা নিৰ্বাহ কৰিছিল?
ক) মাছ ধৰি
খ) খেতি কৰি
গ) পশুপালন কৰি
উত্তৰঃখ) খেতি কৰি
১২। বেপাৰ-বাণিজ্যত কিহে প্ৰাধান্য পাইছিল?
ক) গৰু গাড়ীয়ে
খ) নাৱে
গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃখ) নাৱে
১৩। সা-সামগ্ৰীক বিক্ৰীৰ নিমিত্তে অন্য দেশলৈ পঠোৱা কাৰ্যক কি বোলে?
ক) আমদানি
খ) ৰপ্তানি
গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃখ) ৰপ্তানি
১৪। সিন্ধু উপত্যকাত কিমান হাজাৰতকৈ অধিক শিল আৰু মাটিৰ মোহৰ পোৱা গৈছে?
ক) ৫ হাজাৰতকৈ
খ) ৩ হাজাৰতকৈ
গ) ২ হাজাৰতকৈ
উত্তৰঃগ) ২ হাজাৰতকৈ
১৫। মহেঞ্জোদাৰোত ঘৰবোৰ কিহেৰে নিৰ্মাণ কৰিছিল?
ক) ইটা আৰু শিলেৰে
খ) ইটা আৰু বোকাৰে
গ) ইটা আৰু চিমেণ্টেৰে
উত্তৰঃখ) ইটা আৰু বোকাৰে
১৬। নীল নদীৰ পাৰত কি সভ্যতাৰ উদ্ভৱ হৈছিল?
ক) বেবিলনীয় সভ্যতা
খ) চীনা সভ্যতা
গ) মিছৰীয় সভ্যতা
উত্তৰঃগ) মিছৰীয় সভ্যতা
১৭। ইউফ্ৰেটিচ আৰু ট্ৰাইগ্ৰীছ নদীৰ পাৰত কি সভ্যতাৰ উদ্ভৱ হৈছিল?
ক) বেবিলনীয় সভ্যতা
খ) মিছৰীয় সভ্যতা
গ) চীনা সভ্যতা
উত্তৰঃক) বেবিলনীয় সভ্যতা
১৮। হোৱাংহো আৰু ইয়াং চিকিয়াং নদীৰ পাৰত কি সভ্যতাৰ উদ্ভৱ হৈছিল?
ক) চীনা সভ্যতা
খ) মিছৰীয় সভ্যতা
গ) বেবিলনীয় সভ্যতা
উত্তৰঃক) চীনা সভ্যতা
১৯। বস্তু কঢ়িয়াবলৈ কি কি জন্তু ৰাখিছিল?ম
ক) গাধ আৰু ঘোঁৰা
খ) উট আৰু ঘোঁৰা
গ) উট আৰু গাধ
উত্তৰঃগ) উট আৰু গাধ
২০। নদী উপত্যকাত গঢ় লৈ উঠা কাৰণে হৰপ্পা সংস্কৃতিৰ মূল অৰ্থনৈতিক ভেটি কি আছিল বুলি অনুমান কৰিব পাৰি?
ক) মাছ ধৰা
খ) খেতি কৰা
গ) পশুপালন কৰা
উত্তৰঃখ) খেতি কৰা
২১ | সিন্ধু নদীৰ পাৰত কি সভ্যতা গঢ় লৈ উঠিছিল ?
ক) সিন্ধু সভ্যতা
খ) মিছৰীয়া সভ্যতা
গ) চীনা সভ্যতা
উত্তৰঃ ক) সিন্ধু সভ্যতা
0 Comments