১৪ মহাজনপদ

১। তলৰ কোনখন মহাজনপদত ৰাজতন্ত্ৰ নাছিল?  

ক) মগধ

খ) অঙ্গ

গ) অৱন্তী

উত্তৰঃ গ) অৱন্তী

২। মগধ ৰাজ্যৰ কাষতে থকা নদীখনৰ নাম কি?

ক) গংগা

খ) যমুনা

গ) কোশী

উত্তৰঃক) গংগা

৩। তলৰ কোন খন ঠাই ষোল্লমহাজনপদৰ অন্তৰ্ভুক্ত নহয়?

ক) কোশল

খ) বৎস

গ) হস্তিনাপুৰ

উত্তৰঃগ) হস্তিনাপুৰ

৪। কোন বৃত্তিৰ লোক মহাজনপদসমূহত নাছিল?

ক) কুমাৰ

খ) শিপিনী

গ) পেছাদাৰী স্থপতি

উত্তৰঃগ) পেছাদাৰী স্থপতি

৫। কোনজন ৰজাৰ দিনত মগধ সাম্ৰাজ্যত পৰিণত হৈছিল?

ক) বিম্বিসাৰ

খ) অজাতশত্ৰু

গ) চন্দ্ৰগুপ্ত মৌৰ্য

উত্তৰঃগ) চন্দ্ৰগুপ্ত মৌৰ্য

৬। তিষ্ঠি থকা চাৰিখন মহাজনপদৰ ভিতৰত কোনখন মহাজনপদ সকলোতকৈ শক্তিশালী আছিল?

ক) মগধ

খ) কোশল

গ) বৎস

ঘ) অৱন্তী

উত্তৰঃক) মগধ

৭। মগধৰ কোনো কোনো অঞ্চলত কি পোৱা গৈছে?

ক) কয়লা

খ) সোণ

গ) 'লো'ৰ খনি

উত্তৰঃগ) 'লো'ৰ খনি

৮। মহাজনপদৰ সময়ত শস্য উৎপাদনৰ কিমান অংশ কৰ হিচাপে ৰজাক দিব লাগিছিল?

ক) ১/৬ অংশ

খ) ১/৫ অংশ

গ) ২/৫ অংশ

উত্তৰঃক) ১/৬ অংশ

৯। জনবোৰৰ জীৱিকা নিৰ্বাহৰ মূল উৎস কি আছিল?

ক) পশুপালন

খ) কৃষি

গ) মাছ মৰা

উত্তৰঃক) পশুপালন

১০। জনপদৰ বাসিন্দাসকলে সাধাৰণতে কি ঘৰত বাস কৰিছিল?

ক) পকা ঘৰত

খ) মাটিৰ ঘৰত

গ) জুপুৰি ঘৰত

উত্তৰঃগ) জুপুৰি ঘৰত

১১। অতীত ভাৰতত দ্ৰাবিড়, আৰ্য-অনাৰ্য আদি বহুতো জাতি-গোষ্ঠীয়ে কি কৰিছিল?

ক) বসবাস

খ) পশুপালন

গ) চিকাৰ

উত্তৰঃক) বসবাস

১২। বৰ্তমানৰ নিচিনা আৰ্যসকলৰ সামাজিক আৰু ৰাজনৈতিক জীৱনৰো ভিত্তি কি আছিল?

ক) সমাজ

খ) পুহনীয়া জন্তু

গ) পৰিয়াল

উত্তৰঃগ) পৰিয়াল

১৩। আজিকালিৰ নিচিনা সেই সময়তো কেইবাটাও পৰিয়াল ওচৰা-উচৰিকৈ বাস কৰি একোখন কি গঢ়ি তুলিছিল?

ক ৰাজ্য়

খ) নগৰ

গ) সমাজ

উত্তৰঃগ) সমাজ

১৪। তলৰ ছবিখনত থকা মুদ্ৰা কেইটা কি যুগৰ মুদ্ৰা?





ক) মধ্য়

খ) পাচীন

গ) আধুনিক

উত্তৰঃখ) পাচীন

১৫। তলত থকা ছবিখন কিহৰ লিপি?









ক) প্ৰাচীন লিপি

খ) আধুনিক লিপি

গ) মধ্য় যুগৰ লিপি

উত্তৰঃক) প্ৰাচীন লিপি

১৬। তলৰ ছবিখনত কিহৰ পাত্ৰ দিয়া আছে?








ক) বাঁহৰ

খ) কাঠৰ

গ) মাটিৰ

উত্তৰঃগ) মাটিৰ

১৭। "সভা" আৰু "সমিতি" জনৰ কেইটা উল্লেখযোগ্য় অনুষ্ঠান আছিল?

ক) দুটা

খ) তিনিটা

গ) পাঁচটা

উত্তৰঃক) দুটা

১৮। নিজকে নিৰাপদ আৰু সুৰক্ষিত কৰিবলৈ মহাজনপদসমূহে কি নিৰ্মাণ কৰিছিল?

ক) ঘৰ

খ) দুৰ্গ

গ) উদ্য়োগ

উত্তৰঃখ) দুৰ্গ

১৯। মহাজনপদৰ সময়ত কি ব্য়ৱহাৰ বৃদ্ধি পাইছিল?

ক) সা-সঁজুলিৰ

খ) আ-অলংকাৰ

গ) মুদ্ৰাৰ

 উত্তৰঃগ) মুদ্ৰাৰ

২০। কোনজন ৰজাৰ দিনত মগধ সাম্ৰাজ্য়ত পৰিণত হৈছিল?

ক) চন্দ্ৰগুপ্ত মৌৰ্য

খ) মহাপদ্মনন্দ

গ) অজাতশত্ৰু

উত্তৰঃক) চন্দ্ৰগুপ্ত মৌৰ্য