১১ আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস (নৱপ্ৰস্তৰ যুগ)

 ১। সুমনে কাৰ লগত বজাৰলৈ গৈছিল?

ক) দেউতাকৰ লগত

খ) ককাকৰ লগত

গ) মাকৰ লগত

উত্তৰঃক) দেউতাকৰ লগত

২। কি খেতিত বেছি পানী নালাগে?

ক) ধান খেতিত

খ) জলকীয়া খেতিত

গ) কুঁহিয়া খেতিত

উত্তৰঃগ) কুঁহিয়া খেতিত

৩। তেওঁলোকে শস্যবোৰ কিয় সাঁচি ৰাখিছিল?

ক) পুনৰ বীজৰ পৰা ফল হোৱালৈ তেওঁলোকে খাবৰ বাবে

খ) পুনৰ খেতিৰ বীজ হিচাপে

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃখ) পুনৰ খেতিৰ বীজ হিচাপে

৪। শস্যৰ ৰখাৰ বাবে কিহেৰে খৰাহি বনাইছিল?

ক) শিলেৰে

খ) ঘাঁহ-বনেৰে

গ) কাঠেৰে

উত্তৰঃখ) ঘাঁহ-বনেৰে

৫। খেতি কৰিবলৈ প্ৰথমে তেওঁলোকে শিলেৰে নিৰ্মিত কিহৰ দৰে অস্ত্ৰ ব্যৱহাৰ কৰিছিল?

ক) কুৰৰ দৰে অস্ত্ৰ

খ) কুঠাৰৰ দৰে অস্ত্ৰ

গ) খণ্টিৰ দৰে অস্ত্ৰ

উত্তৰঃখ) কুঠাৰৰ দৰে অস্ত্ৰ

৬। জীৱ-জন্তুক ঘৰুৱাভাৱে প্ৰতিপালন কৰা প্ৰক্ৰিয়াটো পৃথিৱীত কিমান হাজাৰ বছৰৰ আগতে আৰম্ভ হৈছিল?

ক) ১২,০০০ হাজাৰ বছৰৰ

খ) ১৩,০০০ হাজাৰ বছৰৰ

গ) ১১,০০০ হাজাৰ বছৰৰ

উত্তৰঃক) ১২,০০০ হাজাৰ বছৰৰ

৭। আদিম মানুহৰ আন এটা উল্লেখযোগ্য আৱিস্কাৰ কি?

ক) জুই

খ) কৃষি কৰ্ম

গ) চকা

উত্তৰঃগ) চকা

৮। কি অঞ্চলত মানুহে মাটি তললৈ ঘৰ সাজিছিল?

ক) বুৰ্জাহোমত (বৰ্তমান কাশ্মীৰত)

খ) চীৰাণ্ড (বৰ্তমান বিহাৰ প্ৰদেশত)

গ) পৈয়ামপল্লী (বৰ্তমান অন্ধ্ৰপ্ৰদেশত)

উত্তৰঃক) বুৰ্জাহোমত (বৰ্তমান কাশ্মীৰত)

৯। আদিম মানুহৰ কিহৰ সীমা নাই?

ক) আনন্দৰ

খ) কষ্টৰ

গ) ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃখ) কষ্টৰ

১০।  আদিম মানুহে প্ৰথমে  কি জন্তু পুহিছিল?

ক) কুকুৰ

খ) গৰু

গ) ঘোঁৰা

উত্তৰঃক) কুকুৰ

১১। ধান উৎপাদনৰ বাবে যথেষ্ট কিহৰ প্ৰয়োজন?

ক) পানী

খ) বালি 

গ) মানুহৰ

উত্তৰঃক) পানী

১২। আদিম মানুহে শস্য়বোৰ কেনেকৈ সাঁচি ৰাখিব সেই কথা চিন্তা কৰি ডাঙৰ ডাঙৰ কি বনাইছিল?

ক) কাঁহৰ পাত্ৰ

খ) মাটিৰ পাত্ৰ

গ) ষ্টিলৰ পাত্ৰ

উত্তৰঃখ) মাটিৰ পাত্ৰ

১৩। তলৰ ছবিখনত কিহৰ সা-সঁজুলি আছে?

ক) তামৰ

খ) লোহাৰ

গ) শিলৰ

উত্তৰঃগ) শিলৰ

১৪। খেতি কৰিবলৈ প্ৰথমে আদিম মানুহে কিহেৰে নিৰ্মিত কুঠাৰৰ দৰে অস্ত্ৰ ব্য়ৱহাৰ কৰিছিল?

ক) কাঠেৰে

খ) বাঁহেৰে

গ) শিলেৰে

উত্তৰঃগ) শিলেৰে

১৫। আদিম মানুহে বনৰীয়া জীৱ-জন্তু চিকাৰ কৰি তাৰ কি খাইছিল?

ক) মঙহ

খ) তেজ

গ) হাড়

উত্তৰঃক) মঙহ

১৬। মানুহৰ প্ৰথম পোহনীয়া জন্তু কি আছিল?

ক) হাতী

খ) কুকুৰ

গ) মেকুৰী

উত্তৰঃখ) কুকুৰ

১৭। ঘৰ পহৰা দিয়া, চিকাৰত সহায় কৰা আদি কামবোৰ কোনে কৰিছিল?

ক) আদিম মানুহে

খ) মেকুৰীয়ে

গ) কুকুৰে

উত্তৰঃগ) কুকুৰে

১৮। জুই আৰু কৃষিকৰ্মৰ আৱিষ্কাৰৰ পাছত আদিম মানুহৰ আন এটি উল্লেখযোগ্য় কি আৱিষ্কাৰ কৰিছিল?

ক) চকা

খ) ঘৰ

গ) গাড়ী

উত্তৰঃক) চকা

১৯। কোন ঠাই মানুহে মাটিৰ তললৈ খান্দি ঘৰ সাজিছিল আৰু তাত সোমাবলৈ খটখটী সাজিছিল?

ক) কলকাতা

খ) বুৰ্জাহোম

গ) ভীমবেট্কা

উত্তৰঃখ) বুৰ্জাহোম

২০। কি আৰম্ভ কৰাৰ লগে লগে আদিম মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল?

ক) চকা

খ) খেতি

গ) শিলৰ সঁজুলি

উত্তৰঃখ) খেতি