জনমভূমি


১। জনমভূমি কবিতাটো কোনে ৰচনা কৰিছিল?

মিত্ৰদেৱ মহন্ত

নলিনীবালা দেৱী

নৱকান্ত বৰুৱা

Answer: নলিনীবালা দেৱী


২। কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে?

নিজৰ আইৰ কোলাত

নিজৰ দেউতাকৰ কোলাত

নিজৰ মাহীয়েকৰ কোলাত

Answer: নিজৰ আইৰ কোলাত


৩। কবিয়ে পখী হৈ ক'ত বাহ ল'ম বুলি কৈছে?

গছত

বেলেগৰ ঘৰত

ওখ বিৰিখত

Answer: ওখ বিৰিখত


৪। কবি নলিনীবালা দেৱীৰ কিমান চনত জন্ম হৈছিল?

১৮৯৫ চনত

১৮৯৪ চনত

১৮৯৮ চনত

Answer: ১৮৯৮ চনত


৫। কবি নলিনীবালা দেৱীৰ ক'ত জন্ম হৈছিল?

বৰপেটাত

যোৰহাটত

ডিব্ৰুগড়ত

Answer: বৰপেটাত


৬। কবিয়ে হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ ক'ত ফুলি ৰম বুলি কৈছে?

পুখুৰীত

মানসী বিলত

ইয়াৰ ভিতৰত এটাও নহয়

Answer: মানসী বিলত


৭। নলিনীবালা দেৱী কাৰ জীয়ৰী?

লক্ষ্মীনাথ বেজবৰুৱাৰ

মিত্ৰদেৱ মহন্তৰ

নবীনচন্দ্ৰ বৰদলৈৰ

Answer: নবীনচন্দ্ৰ বৰদলৈৰ


৮। অসমীয়া সাহিত্যিক চৈয়দ আব্দুল মালিকৰ কিমান চনত জন্ম হৈছিল?

১৯২০ চনত

১৯১৮ চনত

১৯১৯ চনত

Answer: ১৯১৯ চনত


৯। চৈয়দ আব্দুল মালিকৰ ক'ত জন্ম হৈছিল?

গোলাঘাট জিলাৰ নাহৰণিত

লক্ষীমপুৰৰ নকাড়ী নামৰ গাঁৱত

ইয়াৰ ভিতৰত এটাও নহয়

Answer: গোলাঘাট জিলাৰ নাহৰণিত


১০। মীৰাবাঈ নামৰ শিশু নাটিকাখন কোনে ৰচনা কৰিছিল?

মিত্ৰদেৱ মহন্ত

নৱকান্ত বৰুৱা

নলিনী বালা দেৱী

Answer: নলিনী বালা দেৱী


১১। চৈয়দ আব্দুল মালিকৰ কিমান চনত মৃত্যু হৈছিল?

২০০০ চনত

১৯৯৯ চনত

১৯৯৭ চনত

Answer: ২০০০ চনত


১২। টিং শব্দৰ অৰ্থ কি?

বাল্টি

পৰ্বতৰ আগ বা ওখ ভাগ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: পৰ্বতৰ আগ বা ওখ ভাগ


১৩। নলিনী বালা দেৱীৰ এখন কবিতা পুথিৰ নাম কি?

পৰশমণি

কমল কলি

ইয়াৰ ভিতৰত এটাও নহয়

Answer: পৰশমণি


১৪। চৈয়দ আব্দুল মালিক কিমান চনত অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হৈছিল?

১৯৭৫ চনত

১৯৭৬ চনত

১৯৭৭ চনত

Answer: ১৯৭৭ চনত


১৫। অঘৰী আত্মাৰ কাহিনী উপন্যাসখন কোনে ৰচনা কৰিছিল?

নলীনীবালা দেৱীয়ে

চৈয়দ আব্দুল মালিকে

ইয়াৰ ভিতৰত এটাও নহয়

Answer: চৈয়দ আব্দুল মালিকে


১৬। কবিৰ ভাগৰুৱা আত্মাই কোন ঠাইত শেষ জিৰণি ল'বলৈ ইচ্ছা কৰিছে?

নিজৰ আইৰ ছায়াত

নিজৰ দেউতাকৰ ছায়াত

ইয়াৰ ভিতৰত এটাও নহয়

Answer: নিজৰ আইৰ ছায়াত


১৭। মই অসমীয়া কবিতাটোৰ ৰচক কোন?

নলিনীবালা দেৱী

চৈয়দ আব্দুল মালিক

নৱকান্ত বৰুৱা

Answer: চৈয়দ আব্দুল মালিক


১৮। নলিনীবালা দেৱীয়ে অকালতে স্বামীক হেৰুৱাই ক'ত মন দিছিল?

কাব্য-চৰ্চাত

সংস্কৃত চৰ্চাত

ইয়াৰ ভিতৰত এটাও নহয়

Answer: কাব্য-চৰ্চাত


১৯। চৈয়দ অব্দুল মালিক কোন আছিল?

এজন নেতা

এজন বিশিষ্ট গল্পকাৰ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: এজন বিশিষ্ট গল্পকাৰ


২০। নবীনচন্দ্ৰ বৰদলৈক কি উপাধিৰে জনা যায়?

কৰ্মবীৰ

ৰসৰাজ

ফণীশৰ্মা

Answer: কৰ্মবীৰ