প্ৰাণী আৰু উদ্ভিদৰ পৰিবহণ তন্ত্ৰ
১। তেজ কি?
ৰাসায়নীক পদাৰ্থ
ক্ষাৰক পদাৰ্থ
তৰল পদাৰ্থ
Answer:তৰল পদাৰ্থ
২। তৰল পদাৰ্থ কি নলীৰে প্ৰৱাহিত হয়?
গ্ৰসিকা নলীৰে
ক্ষুদ্ৰান্ত্ৰ নলীৰে
ৰক্ত নলীৰে
Answer: ৰক্ত নলীৰে
৩। তেজে হজম হোৱা খাদ্য় কণাসমূহ কিহৰ পৰা শৰীৰৰ বিভিন্ন অংশলৈ পৰিবহণ কৰে?
পাকস্থলীৰ পৰা
ক্ষুদ্ৰান্ত্ৰৰ পৰা
ইয়াৰ ভিতৰত এটাও নহয়
Answer: ক্ষুদ্ৰান্ত্ৰৰ পৰা
৪। হাওঁফাওঁৰ পৰা কিহে অক্সিজেন কঢ়িয়াই নিয়ে?
ৰক্তই
ক্ষুদ্ৰান্ত্ৰই
গ্ৰসিকাই
Answer: ক্ষুদ্ৰান্ত্ৰই
৫। তেজৰ জুলীয়া অংশক কি বোলে?
অম্ল
ক্ষাৰক
প্লাজমা
Answer: প্লাজমা
৬। লোহিত ৰক্ত কোষ য'ত হিম'গ্লবিন নামৰ এবিধ কি কণিকা থাকে?
অম্ল
প্লাজমা
ৰঙা ৰঞ্জ
Answer; ৰঙা ৰঞ্জ
৭। কিহৰ অবিহনে শৰীৰৰ কোষবোৰলৈ উপযুক্তভাৱে অক্সিজেন যোগান ধৰাটো সম্ভৱ নহয়?
ৰঙা ৰঞ্জৰ
হিম'গ্লবিন
ইয়াৰ ভিতৰত এটাও নহয়
Answer: হিম'গ্লবিন
৮। শৰীৰত দুই ধৰণৰ ৰক্ত নলীকা থাকে সেই কেই ডাল হ'ল
ৰক্ত সিৰা আৰু মৰ্দ্ধ্য় সিৰা
ধমনী আৰু সিৰা
ইয়াৰ ভিতৰত এটাও নহয়
Answer: ধমনী আৰু সিৰা
৯। ধমনীয়ে অক্সিজেনেৰে সমৃদ্ধ তেজ হৃদযন্ত্ৰৰ পৰা কিহলৈ কঢ়িয়ায়?
শৰীৰৰ বিভিন্ন অংশ লৈ
মূৰলৈ
হাতলৈ
Answer: শৰীৰৰ বিভিন্ন অংশ লৈ
১০। আমাৰ শৰীৰৰ কোন বিধ কোষে শৰীৰত প্ৰৱেশ কৰা বীজাণু বোৰক প্ৰতিহত কৰে?
স্থায়ী কোষ
অস্থায়ী কোষ
শ্বেত ৰক্ত কোষ
Answer: শ্বেত ৰক্ত কোষ
১১। কিহৰ উপস্থিতিত তেজে খমলা বান্ধে?
অক্সিজেনৰ
তেজৰ
অনুচক্ৰিকা
Answer: অনুচক্ৰিকা
১২। তেজে কোষৰপৰা বৰ্জিত পদাৰ্থৰ লগতে আৰু কি সংগ্ৰহ কৰে?
কাৰ্বন-ডাই- অক্সাইড
নাইট্ৰ' জেন
ইয়াৰ ভিতৰত এটাও নহয়
Answer: কাৰ্বন-ডাই- অক্সাইড
১৩। স্পন্দনক কি বোলে?
নাড়ী স্পন্দন
তেজৰ স্পন্দন
শৰীৰৰ স্পন্দন
Answer: নাড়ী স্পন্দন
১৪। এক মিনিটত নাড়ী স্পন্দন হোৱাক কি বোলে?
তেজৰ স্পন্দনৰ হাৰ
নাড়ী স্পন্দনৰ হাৰ
ইয়াৰ ভিতৰত এটাও নহয়
Answer; নাড়ী স্পন্দনৰ হাৰ
১৫। বিশ্ৰামত থকা এজন মানুহৰ নাড়ী স্পন্দনৰ হাৰ সাধাৰণতে কিমানৰ ভিতৰত থাকে?
৮০ ৰ পৰা ১০০
৭২ ৰ পৰা ৮০
১০ ৰ পৰা ৮০
Answer: ৭২ ৰ পৰা ৮০
১৬। কাৰ্বন-ডাই- অক্সাইডেৰে সমৃদ্ধ তেজ শৰীৰৰ বিভিন্ন অংশৰপৰা কঢ়িয়াই পুনৰ হৃদযন্ত্ৰলৈ ঘূৰাই অনা ৰক্ত নলীকাবোৰক কি বোলে?
অম্ল
সিৰা
ইয়াৰ ভিতৰত এটাও নহয়
Answer: সিৰা
১৭। সিৰাৰ বেৰ পাতল নে ডাঠ?
পাতল
ডাঠ
ইয়াৰ ভিতৰত এটাও নহয়
Answer: পাতল
১৮। পানীৰ লগত নিমখ আৰু কি ঘাম হিচাপে ওলাই আহে?
ৰাসায়নিক সাৰ
ইউৰিয়া
জাইলেম
Answer: ইউৰিয়া
১৯। সংবহন তন্ত্ৰ কিহৰ দ্বাৰা গঠিত?
হৃদযন্ত্ৰ আৰু ৰক্ত নলীকা
অম্ল আৰু ক্ষাৰক
ইয়াৰ ভিতৰত এটাও নহয়
Answer: হৃদযন্ত্ৰ আৰু ৰক্ত নলীকা
২০। হৃদযন্ত্ৰৰ ওপৰত কেইটা কোঠালি থাকে?
৮ টা
১ টা
২ টা
Answer: ২ টা