মাটি
১। পলিথিনে মাটিক কি কৰে?
সেমেকা
প্ৰদূষিত
ইয়াৰ ভিতৰত এটাও নহয়
Answer: প্ৰদূষিত
২। মাটিত থকা পচা মৃত পদাৰ্থক কি বোলে?
সূচক
অম্ল
হিউমাছ
Answer: হিউমাছ
৩। শিল ভাঙি মাটি উৎপন্ন হোৱা প্ৰক্ৰিয়াটোক কি বোলে?
হাৰিকেন
টৰ্নেড'
বিচূৰ্ণীভৱন
Answer: বিচূৰ্ণীভৱন
৪। মাটিৰ বিভিন্ন তৰপবোৰৰ মাজেৰে কৰা উলম্ব ছেদনক মাটিৰ কি বোলে?
পাৰ্শ্ব-চিত্ৰ
হিউমাছ
ইয়াৰ ভিতৰত এটাও নহয়
Answer; পাৰ্শ্ব-চিত্ৰ
৫। তৰপৰ আন এটা নাম কি?
স্তৰ
অম্ল
টাইফুন
Answer: স্তৰ
৬। পাহাৰীয়া অঞ্চলত স্তৰ বোৰ সাধাৰণতে কত দেখা পোৱা যায়?
ৰাস্তাৰ কাষত
ৰাস্তাৰ মাজত
ইয়াৰ ভিতৰত এটা নহয়
Answer; ৰাস্তাৰ কাষত
৭। মাটিৰ প্ৰথম স্তৰটো কিহেৰে সমৃদ্ধ?
কাবৰ্ন-ডাই- অক্সাইড
নাইট্ৰ'জেন
হিউমাছ আৰু খনিজ পদাৰ্থ
Answer: হিউমাছ আৰু খনিজ পদাৰ্থ
৮। হিউমাছে মাটি কি কৰে?
সেমেকা
সাৰুৱা
ইয়াৰ ভিতৰত এটা নহয়
Answer; সাৰুৱা
৯। ক-স্তৰৰ আন এটা নাম কি?
এমিবা
বিকিৰণ
শাৰ্ষ মৃত্তিকা
Answer: শাৰ্ষ মৃত্তিকা
১০। শাৰ্ষ মৃত্তিকাত বহুতো জীৱই বাস কৰেনে?
নকৰে
কৰে
ইয়াৰ ভিতৰত এটা নহয়
Answer: কৰে
১১। সৰু সৰু উদ্ভিদৰ শিপাবোৰে কোনটো স্তৰক ধৰি থাকে?
খ-স্তৰক
ক-স্তৰক
চ-স্তৰক
Answer: ক-স্তৰক
১২। খ-স্তৰত কোন বিধ পদাৰ্থৰ পৰিমাণ বেছি?
হিউমাছ
খনিজ
ইয়াৰ ভিতৰত এটা নহয়
Answer: খনিজ
১৩। খ-স্তৰৰ আন এটা নাম কি?
অম্ল
মধ্য় তৰপ
ইয়াৰ ভিতৰত এটা নহয়
Answer: মধ্য় তৰপ
১৪। গ-স্তৰ কিহেৰে গঠিত?
সৰু শিলৰ টুকুৰাৰে
সৰু লোৰ টুকুৰাৰে
ইয়াৰ ভিতৰত এটা নহয়
Answer; সৰু শিলৰ টুকুৰাৰে
১৫। গ-স্তৰৰ তলত থকা স্তৰ টোক কি বোলে?
শিল
মাটি
শৈল সংস্তৰ
Answer; শৈল সংস্তৰ
১৬। শৈল সংস্তৰ কঠিন নে কোমল?
কোমল
কঠিন
ইয়াৰ ভিতৰত এটা নহয়
Answer: কঠিন
১৭। মাটিক কেই প্ৰকাৰত ভাগ কৰা হৈছে?
১০
৬
৩
Answer; ৩
১৮। কিহৰ ওপৰত ভিত্তি কৰি মাটিক শ্ৰেণী বিভাগ কৰা হয়?
অনুজীৱৰ
পৰজীৱৰ
কণিকাৰ
Answer: কণিকাৰ
১৯। কৃষিৰ কাৰণে কি আৱশ্য়ক?
মাটি
পানী
বায়ু
Answer: মাটি
২০। মাটিৰ পাত্ৰ, পুতলা আদি তৈয়াৰ কৰিবলৈ কোন বিধ মাটি প্ৰয়োজন হয়?
বালিচঁহীয়া মাটি
আলতীয়া মাটি
দোমোজা মাটি
Answer: আলতীয়া মাটি