অৰ্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা


১) দেশত কিমান শতাংশতকৈও অধিক লোক কৃষিৰ সৈতে জড়িত?

৭০ শতাংশতকৈও অধিক লোক।

৬৭ শতাংশতকৈও অধিক লোক।

৪৭ শতাংশতকৈও অধিক লোক।

Answer: ৭০ শতাংশতকৈও অধিক লোক।


২) যোগাযোগ ব্যৱস্থাই আজি সমগ্ৰ বিশ্বতেই কিহৰ পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে?

এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ।

সমাজখনক ধ্বংস কৰিবলৈ।

ওপৰৰ এটাও নহয়।

Answer: এক বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ।


৩) চৰকাৰ এখনৰ মূল লক্ষ্য কি?

জনসাধাৰণক সুখী কৰি ৰখাতো।

দেশৰ উন্নয়ন আৰু জনসাধাৰণৰ কল্যাণ সাধন কৰা।

ওপৰৰ এটাও নহয়।

Answer: দেশৰ উন্নয়ন আৰু জনসাধাৰণৰ কল্যাণ সাধন কৰা।


৪) কেনেকুৱা ব্য়ক্তিয়ে দেশৰ উন্নয়নত অৰিহণা যোগাব পাৰে?

এলেহুৱা ব্যক্তিয়ে।

স্বাস্থ্যৱান ব্যক্তিয়ে।

অশিক্ষিত ব্যক্তিয়ে।

Answer: স্বাস্থ্যৱান ব্যক্তিয়ে।


৫) সমাজৰ বিকাশ আৰু উন্নতিৰ মূল আহিলা কি?

শিক্ষা।

স্বাস্থ্য়।

ওপৰৰ এটাও নহয়।

Answer: শিক্ষা।


৬) এম্বুলেঞ্চ সেৱাই কিমান বৰ্ষৰ পৰাই জৰুৰীকালীন সেৱা আগবঢ়াইছে?

২০০৮ বৰ্ষৰ পৰাই।

১৯২৪ বৰ্ষৰ  পৰাই।

২১৫ বৰ্ষৰ পৰাই।

Answer: ২০০৮ বৰ্ষৰ পৰাই।


৭) আমাৰ দেশৰ প্ৰধান জীৱিকাৰ ক্ষেত্ৰ কি?

কৃষি।

চিকিৎসা সেৱা।

ওপৰৰ এটাও নহয়।

Answer: কৃষি।


৮) মানৱ জাতিৰ উন্নতিৰ যোগাযোগ ব্যৱস্থাৰ অৱদান অতুলনীয় ।

শুদ্ধ।

অশুদ্ধ।

Answer: শুদ্ধ।


৯) দেশৰ উন্নয়নৰ প্ৰথম খলপ কি?

যাতায়ত ব্যৱস্থা।

শিক্ষা।

ওপৰৰ এটাও নহয়।

Answer: যাতায়ত ব্যৱস্থা।


১০) কাৰ অবিহনে আমি কেতিয়াওঁ উন্নত জীৱন-যাপন কৰিব নোৱাৰো?

শিক্ষাৰ অবিহনে।

যাতায়ত ব্যৱস্থাৰ অবিহনে।

ওপৰৰ  এটাও নহয়।

Answer: শিক্ষাৰ অবিহনে।


১১) দেশ এখনৰ মুৰব্বী অনুষ্ঠান কি?

জনসাধাৰণ।

গ্ৰাম্য অঞ্চলৰ লোকসকল।

চৰকাৰ।

Answer: চৰকাৰ।


১২) বিদ্যুৎৰ ব্যৱহাৰে মানুহৰ জীৱন কি কৰি তুলিছে?

মানুহক এটা সুখী জীৱনম যাপনত কৰাত সহায় কৰি তুলিছে।

মানুহৰ জীৱন যথেষ্ট সুচল আৰু উন্নয়নমুখী কৰি তুলিছে।

ওপৰৰ এটাও নহয়।

Answer: মানুহৰ জীৱন যথেষ্ট সুচল আৰু উন্নয়নমুখী কৰি তুলিছে।


১৩) বৰ্তমান অসমত মুঠ কেইটা ৰাষ্ট্ৰীয় ঘাইপথ আছে?

১৮ টা।

৩৭ টা।

৩৮ টা।

Answer: ৩৮ টা।

'

১৪) দেশৰ উন্নয়নত শিক্ষিত আৰু কেনেকুৱা ব্যক্তিয়ে মূখ্য ভূমিকা গ্ৰহণ কৰিব পাৰে?

কৌশলী।

অশিক্ষিত।

ওপৰৰ এটাও নহয়।

Answer: কৌশলী।


১৫) চৰকাৰে হৃদযন্ত্ৰত ফুটা থকা শিশুসকলকল কি কৰে?

সাধাৰণ চিকিৎসালয়ত চিকিৎসা কৰা হয়।

দেশৰ আগশাৰী চিকিৎসালয়ত বিনোমূলীয়া অস্ত্ৰোপচাৰ।

ওপৰৰ এটাও নহয়।

Answer: দেশৰ আগশাৰী চিকিৎসালয়ত বিনোমূলীয়া অস্ত্ৰোপচাৰ।


১৬) চাৰিলেনযুক্ত ৰাস্তা কিহেৰে নিৰ্মাণ কৰা হয়?

ইটাই।

মাটিয়ে।

কংক্ৰিটেৰে (লোহা, চিমেন্ট, বালি শিল)

Answer: কংক্ৰিটেৰে (লোহা, চিমেন্ট, বালি শিল)


১৭) অসমৰ ঘাইপথবোৰে ৰাজ্যখনৰ  কিমান কিঃমিঃ দৈৰ্ঘ্যৰ পথ সামৰি লৈছে?

৫৬৭৪.৯২৩ কিঃমিঃ।

৪.৬০৯ কিঃমিঃ।

৩৭৮৭.২০৭ কিঃমি

Answer: ৩৭৮৭.২০৭ কিঃমিঃ


১৮) যাতায়ত ব্য়ৱস্থা সুচল হোৱাৰ ফলত আমাৰ দেশে কি কৰিবলৈ সক্ষম হ'ব?

বিভিন্ন দেশলৈ যাতায়ত কৰিবলৈ।

পৃথিৱীৰ উন্নত দেশসমূহৰ লগত সহজে ফেৰ মাৰিবলৈ সক্ষম হ'ব।

ওপৰৰ এটাও নহয়।

Answer: পৃথিৱীৰ উন্নত দেশসমূহৰ লগত সহজে ফেৰ মাৰিবলৈ সক্ষম হ'ব।


১৯) শৰীৰ সুস্থ থাকিলে কি কৰিব পাৰো?

শাৰীৰিক আৰু মানসকি শ্ৰম।

কষ্টকৰ কাম।

ওপৰৰ এটাও নহয়।

Answer: শাৰীৰিক আৰু মানসকি শ্ৰম।

 

২০) কিষাণ ক্ৰেডিত কাৰ্ডৰ সহায়ত এতিয়া কৃষকসকলে অতি সহজে কি পাব পাৰে?

অধিক ফচল।

হ্ৰস্বম্যাদী কৃষি ঋণ।

ওপৰৰ এটাও নহয়।

Answer: হ্ৰস্বম্যাদী কৃষি ঋণ।