অসমত আহোম ৰাজত্বৰ পতন আৰু বৃটিছৰ উত্থান


১। কাৰ ৰাজত্ব কালৰপৰা অসমত হিন্দু শাক্ত ধৰ্মৰ পুনৰুত্থান হোৱা বুলি কোৱা হয় ?

গৌৰীনাথ সিংহৰ

স্বৰ্গদেউ লক্ষ্মী সিংহৰ

এটাও নহয়

উত্তৰ-স্বৰ্গদেউ লক্ষ্মী সিংহৰ

২। এদিন লক্ষ্মী সিংহ স্বৰ্গদেউৰ ৰাজসভাত থকা কীৰ্তিচন্দ্ৰ বৰবৰুৱা নামৰ বিতৰ্কিত, ঘোৰ শাক্তপন্থী বিষয়াই চেগ বুজি মহন্তসকলৰ কাক অপমান কৰিছিল ?

গুৰু মোৱামৰীয়া মহন্তক

বদনচন্দ্ৰ মহন্তক

এটাও নহয়

উত্তৰ-গুৰু মোৱামৰীয়া মহন্তক

৩। মহন্তসকল অতি ক্ষুণ্ণ হয় আৰু প্ৰথম ___________ বিদ্ৰোহৰ সূত্ৰপাত ঘটে ।

মোৱামৰীয়া

মান

এটাও নহয়

উত্তৰ-মোৱামৰীয়া

৪। মানসকল কোন ঠাইৰ লোক আছিল ? 

ইয়াণ্ডাবু

ব্ৰহ্মদেশৰ

এটাও নহয়

উত্তৰ-ব্ৰহ্মদেশৰ

৫। ব্ৰহ্মদেশক বৰ্তমান কি নামেৰে জনা যায় ?

ম্য়ানমাৰ

ইনৱা

এটাও নহয়

উত্তৰ-ম্য়ানমাৰ

৬। গৱৰ্ণৰ জেনেৰেল কৰ্ণৱালিছে কিমান খ্ৰীষ্টাব্দত কেপ্তেইন ৱেলছক অসমলৈ পঠিয়াই দিয়ে ?

১৭৮২

১৭৭২

এটাও নহয়

উত্তৰ-এটাও নহয়

৭। ব্ৰহ্মদেশৰ প্ৰকৃত নাম ?

বাম্বা বা বৰ্মা

মান বা ম্য়ানমাৰ

এটাও নহয়

উত্তৰ-বাম্বা বা বৰ্মা

৮। আমাৰ দেশৰ __________ কোণত পাটকাই পৰ্বতৰ শাৰী আছে ।

উত্তৰ-পশ্চিম

দক্ষিণ-পূব

এটাও নহয়

উত্তৰ-দক্ষিণ-পূব

৯। ইয়াণ্ডাবু ঠাইখন আভাৰ পৰা কিমান কিল'মিটাৰ নিলগত ।

৬০ কিল'মিটাৰ

৯০ কিল'মিটাৰ

এটাও নহয়

উত্তৰ-এটাও নহয়

১০। আভাৰ বৰ্তমান নাম কি ?

ইয়াণ্ডাবু

ইনৱা

এটাও নহয়

উত্তৰ-ইনৱা

১১। লক্ষ্মীসিংহৰ মৃত্য়ুৰ পাছত কোন আহোমৰ ৰাজপটত বহে ?

গৌৰীনাথ সিংহ

মোৱামৰীয়া

ঘনশ্য়াম বৰবৰুৱা

উত্তৰ-গৌৰীনাথ সিংহ

১২। গৌৰীনাথে যুদ্ধত বিফল হোৱা কাৰণে ৰাজধানী এৰি ক'ত পলাই গ'ল ?

কলিকতালৈ

গুৱাহাটীলৈ

মৰিগাঁওলৈ

উত্তৰ-গুৱাহাটীলৈ

১৩। বদন চন্দ্ৰ বৰফুকন কেনেকোৱা ব্য়ক্তি আছিল ?

বুদ্ধিজীৱি

ধৰ্মনিৰপেক্ষ

ক্ষমতালোভী

উত্তৰ-ক্ষমতালোভী

১৪। কাৰ সহায়ত অসমে পোন প্ৰথমবাৰৰ বাবে অসমত বৃটিছৰ আৰ্হিত সৈন্য়-বাহিনী গঠন কৰিবলৈ শিকিছিল?

আলুমিঙ্গিৰ

কেপ্তেইন ৱেলছৰ

ৰুচিনাথৰ

উত্তৰ-কেপ্তেইন ৱেলছৰ

১৫। চন্দ্ৰকান্ত সিংহ ৰজা হোৱাৰ সত্ত্বেও কোনে অসম দেশ শাসন কৰিছিল ?

পূৰ্ণানন্দ বুঢ়াগোঁহাইয়ে

বদন চন্দ্ৰ বৰফুকন

মিঙ্গিমাহায়ে

উত্তৰ-মিঙ্গিমাহায়ে

১৬। ব্ৰহ্মদেশত ইংৰাজ সৈন্য়দলৰ সেনাপতি কোন আছিল ?

চাৰ আৰ্চিবেল কেম্বল চাহাব

চন্দ্ৰকান্ত

ওপৰৰ এটাও নহয়

উত্তৰ-চাৰ আৰ্চিবেল কেম্বল চাহাব

১৭। ইয়াণ্ডাবু সন্ধি কিমান খ্ৰীষ্টাব্দত হৈছিল ?

১৯৪৭ খ্ৰীষ্টাব্দত

১৮২৪ খ্ৰীষ্টাব্দত

১৮২৬ খ্ৰীষ্টাব্দত

উত্তৰ-১৮২৬ খ্ৰীষ্টাব্দত

১৮। আমাৰ দেশ ভাৰতবৰ্ষ কিমান চনত স্বাধীন হৈছিল ?

১৯৪৭ চনত

১৮৪৭ চনত

১৭৪৭ চনত

উত্তৰ-১৯৪৭ চনত

১৯। কিমান খ্ৰীষ্টাব্দত কেপ্তেইন ৱেলছ অসমলৈ আহিছিল ?

১৭৯৪ খ্ৰীষ্টাব্দত

১৭৯২ খ্ৰীষ্টাব্দত

১৮২৬ খ্ৰীষ্টাব্দত

 উত্তৰ-১৭৯২ খ্ৰীষ্টাব্দত

২০। মানে কেইবাৰ অসম আক্ৰমণ কৰিছিল ?

দুবাৰ

ছয়বাৰ

তিনিবাৰ

 উত্তৰ-তিনিবাৰ