১। বৰ্তমান পৃথিৱীৰ জনসংখ্য়াৰ প্ৰায় কিমান শতাংশ উত্তৰ গোলাৰ্ধৰ ঠাইসমূহত থূপ খাই  আছে ?

(ক) ২০ শতাংশ

(খ) ৯০ শতাংশ

(গ) ৪০ শতাংশ

উত্তৰঃ (খ) ৯০ শতাংশ


২। এছিয়া, দক্ষিণ এছিয়া, পশ্চিম ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ-পূব উপকূলীয় সমভূমি অঞ্চলত মুঠতে পৃথিৱীৰ প্ৰায় কিমান চতুৰ্থাংশ মানুহে বাস কৰে ?

(ক) তিনি-চতুৰ্থাংশ

(খ) দুই- চতুৰ্থাংশ

(গ) এক-চতুৰ্থাংশ

উত্তৰঃ (ক) তিনি-চতুৰ্থাংশ


৩। ৰাষ্ট্ৰসংঘৰ ঘোষণা অনুসৰি ২০১০ বৰ্ষৰ কিমান অক্টোবৰ তাৰিখে পৃথিৱীৰ জনসংখ্য়াই ৭০০ কোটি সম্পূৰ্ণ কৰিছে ?

(ক) ৩১ অক্টোবৰ

(খ) ১৩ অক্টোবৰ

(গ) ২৫ অক্টোবৰ

উত্তৰঃ (ক) ৩১ অক্টোবৰ


৪। পৃথিৱীৰ সকলো ঠাইতে জনসংখ্য়া বৃদ্ধিৰ হাৰ একে হয়নে ?

(ক) হয়

(খ) নহয়

(গ) এটাও নহয় ।

উত্তৰঃ (খ) নহয়


৫। পৃথিৱীৰ প্ৰায় আধা মানুহে কেৱল ভূ-পৃষ্ঠৰ কিমান শতাংশ  ভূমিতে থুপ খাই আছে ?

(ক) ৪ শতাংশ

(খ) ৫ শতাংশ

(গ) ৭ শতাংশ

উত্তৰঃ (খ) ৫ শতাংশ


৬। অতিপাত ঠাণ্ডা বা গৰম আৰু অতিবৃষ্টি বা শুকান অঞ্চলবোৰ কিহৰ বাবে উপযোগী নহয় ?

(ক) কৃষিকাৰ্যৰ

(খ) জলবায়ুৰ

(গ) জনসংখ্য়াৰ

উত্তৰঃ (ক) কৃষিকাৰ্যৰ


৭। অতি উন্নত জাপান আৰু পিছপৰা বাংলাদেশ দুয়োখন দেশতে জনসংখ্য়া ঘনত্ব কিমান বেছি ?

(ক) বহু

(খ) কম

(গ) এটাও নহয় ।

উত্তৰঃ (ক) বহু


৮। জনসংখ্য়াৰ বিতৰণ আৰু ঘনত্ব পৃথিৱীৰ সকলো ঠাইতে একে হয়নে ?

(ক) নহয়

(খ) হয়

(গ) এটাও নহয় ।

উত্তৰঃ (ক) নহয়


৯। চীনদেশ আৰু ভাৰতবৰ্ষকে ধৰি উপৰোক্ত দহখন দেশত পৃথিৱীৰ মুঠ জনসংখ্য়া কিমান শতাংশ বাস কৰে ?

(ক) ৫৮ শতাংশ

(খ) ৫৯ শতাংশ

(গ) ৬০ শতাংশ

উত্তৰঃ (খ) ৫৯ শতাংশ


১০।  কিমান চনত পৃথিৱীৰ জনসংখ্য়া প্ৰায় ১ মহানিযুত আছিল?

(ক) ১৯৫৯ চনত

(খ) ১৯০৮ চনত

(গ) ১৮০৮ চনত

উত্তৰঃ (গ) ১৮০৮ চনত


১১। উত্তৰ গোলাৰ্ধত কিমান শতাংশ মানুহ থূপ খাই আছে?

(ক) ৯০ শতাংশ

(খ) ৮৫ শতাংশ

(গ) ৯৫ শতাংশ

উত্তৰঃ (ক) ৯০ শতাংশ


১২। কোনখন দেশৰ জনসংখ্যা আটাইতকৈ বেছি?

(ক) ইউৰোপ

(খ) এছিয়া

(গ) আফ্ৰিকা

উত্তৰঃ (খ) এছিয়া


১৩। কোনখন মহাদেশৰ ঘনত্ব আটাইতকৈ কম?

(ক) আফ্ৰিকা

(খ) এছিয়া

(গ) ওছেনিয়া

উত্তৰঃ (গ) ওছেনিয়া


১৪। পৃথিৱীৰ উন্নত দেশ কোনখন?

(ক) এছিয়া

(খ) জাপান

(গ) আমেৰিকা

উত্তৰঃ (খ) জাপান


১৫। পৃথিৱীৰ পিছপৰা দেশ কোনখন?

(ক) ভাৰত

(খ) এছিয়া

(গ) বাংলাদেশ

উত্তৰঃ (গ) বাংলাদেশ


১৬। ২০১০ বৰ্ষৰ মতে এছিয়াৰ মুঠ জনসংখ্যা কিমান শতাংশ?

(ক) ৬১ শতাংশ

(খ) ৭১শতাংশ

(গ) ৮১শতাংশ

উত্তৰঃ (ক) ৬১ শতাংশ


১৭। ২০১০ বৰ্ষৰ মতে আফ্ৰিকাৰ মুঠ জনসংখ্যা কিমান শতাংশ?

(ক) ১৪.৭শতাংশ

(খ) ১৫.৭শতাংশ

(গ) ১৬.৭শতাংশ

উত্তৰঃ (ক) ১৪.৭শতাংশ


১৮। জনপ্ৰব্ৰজন কি কি ক্ষেত্ৰত হয়?

(ক) দূৰত্ব, সময়

(খ) দিন-ৰাতি

(গ) লাভ-লোকচান

উত্তৰঃ (ক) দূৰত্ব, সময়


১৯। জনপ্ৰব্ৰজনৰ কাৰক কেইটা?

(ক) দুটা

(খ) এটা

(গ) তিনিটা

উত্তৰঃ (ক) দুটা


২০। জনপ্ৰব্ৰজনৰ কাৰক কি কি?

(ক) আকৰ্ষী, বিকৰ্ষী

(খ) লাভ-লোকচান

(গ) ভাল-বেয়া

উত্তৰঃ (ক) আকৰ্ষী, বিকৰ্ষী

Answer type - Purnima kakati