নৱম শ্ৰেণীৰ বিজ্ঞান

অধ্যায় ১: আমাৰ চাৰিওফালৰ বস্তুবোৰ — MCQ


১। বিশ্বব্ৰহ্মাণ্ডৰ সকলো বস্তু যাৰ দ্বাৰা গঠিত, তাক বিজ্ঞানীসকলে কি বুলি নামকৰণ কৰিছে?

ক) বায়ু

খ) পদাৰ্থ

গ) গ্ৰহ

উত্তৰঃ খ) পদাৰ্থ


২। ভাৰতবৰ্ষৰ প্ৰাচীন দাৰ্শনিকসকলে পদাৰ্থসমূহ কেইটা মৌলিক উপাদানৰ দ্বাৰা গঠিত বুলি বিশ্বাস কৰিছিল?

ক) এটা

খ) ছয়টা

গ) পাঁচটা

উত্তৰঃ গ) পাঁচটা


৩। আধুনিক বিজ্ঞানীসকলে পদাৰ্থসমূহক ভৌতিক আৰু ৰাসায়নিক গুণাগুণৰ ওপৰত ভিত্তি কৰি কেইটা ভাগত শ্ৰেণীবিভাগ কৰিছে?

ক) এটা

খ) দুটা

গ) তিনিটা

উত্তৰঃ খ) দুটা


৪। সাধাৰণতে আমাৰ চাৰিওফালৰ পদাৰ্থসমূহ কেইটা ভৌতিক অৱস্থাত পোৱা যায়?

ক) দুটা

খ) তিনিটা

গ) পাঁচটা

উত্তৰঃ খ) তিনিটা


৫। তলৰ কোনবিধ গোটা বা কঠিন পদাৰ্থ?

ক) অক্সিজেন

খ) কাঠৰ টুকুৰা

গ) পেট্ৰ’ল

উত্তৰঃ খ) কাঠৰ টুকুৰা


৬। তলৰ কোনবিধ জুলীয়া পদাৰ্থ?

ক) কেৰাচিন তেল

খ) বৰফ

গ) ৰবৰ

উত্তৰঃ ক) কেৰাচিন তেল


৭। তলৰ কোনবিধ গেছীয় পদাৰ্থ?

ক) পানী

খ) কাৰ্বন ডাই-অক্সাইড

গ) মাটি

উত্তৰঃ খ) কাৰ্বন ডাই-অক্সাইড


৮। জুলীয়া পদাৰ্থৰ নিজা নিৰ্দিষ্ট আকৃতি আছেনে?

ক) নাই

খ) আছে

গ) কেতিয়াবাহে থাকে

উত্তৰঃ ক) নাই


৯। তলৰ কোনটো গেছীয় পদাৰ্থৰ বৈশিষ্ট্য?

ক) নিজা নিৰ্দিষ্ট আকৃতি আৰু আয়তন আছে

খ) নিজা নিৰ্দিষ্ট আয়তন আছে, কিন্তু আকৃতি নাই

গ) নিজা নিৰ্দিষ্ট আকৃতি আৰু আয়তন দুয়োটাই নাই

উত্তৰঃ গ) নিজা নিৰ্দিষ্ট আকৃতি আৰু আয়তন দুয়োটাই নাই


১০। পানী প্ৰকৃতিত কেইটা অৱস্থাত পোৱা যায়?

ক) এটা

খ) দুটা

গ) তিনিটা

উত্তৰঃ গ) তিনিটা


১১। তাপ পালে বা উষ্ণতা বৃদ্ধি পালে পদাৰ্থৰ কণিকাবোৰৰ কোনবিধ শক্তি বৃদ্ধি পায়?

ক) গতিশক্তি

খ) সৌৰশক্তি

গ) ৰাসায়নিক শক্তি

উত্তৰঃ ক) গতিশক্তি


১২। স্বাভাৱিক বায়ুমণ্ডলীয় চাপত বৰফৰ গলনাংক কিমান?

ক) 273.15 K

খ) 373.15 K

গ) 100 K

উত্তৰঃ ক) 273.15 K


১৩। বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত জুলীয়া পদাৰ্থ উতলিবলৈ আৰম্ভ কৰে, সেই উষ্ণতাক কি বোলে?

ক) গলনাংক

খ) উতলাংক

গ) হিমাংক

উত্তৰঃ খ) উতলাংক


১৪। কঠিন পদাৰ্থ জুলীয়া অৱস্থালৈ পৰিৱৰ্তিত হোৱা প্ৰক্ৰিয়াটোক কি বোলে?

ক) ঘনীভৱন

খ) বিগলন

গ) বাষ্পীভৱন

উত্তৰঃ খ) বিগলন


১৫। কিহৰ তাৰতম্য ঘটাই পদাৰ্থৰ অৱস্থা পৰিৱৰ্তন কৰিব পাৰি?

ক) কেৱল ৰঙৰ

খ) উষ্ণতা আৰু চাপৰ

গ) কেৱল আকৃতিৰ

উত্তৰঃ খ) উষ্ণতা আৰু চাপৰ


১৬। ছেলছিয়াছ স্কেলৰ উষ্ণতাক কেলভিন স্কেললৈ ৰূপান্তৰ কৰিবলৈ কিমান যোগ কৰিব লাগে?

ক) 100

খ) 273

গ) 373

উত্তৰঃ খ) 273


১৭। গৰমৰ দিনত আমি কেনেধৰণৰ কাপোৰ পিন্ধা উচিত?

ক) নাইলনৰ কাপোৰ

খ) ঊণৰ কাপোৰ

গ) কপাহী কাপোৰ

উত্তৰঃ গ) কপাহী কাপোৰ


১৮। বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণক কি বোলে?

ক) অক্সিজেন

খ) আৰ্দ্ৰতা

গ) বায়ুৰ চাপ

উত্তৰঃ খ) আৰ্দ্ৰতা


১৯। ভাৰতীয় বিজ্ঞানী সত্যেন্দ্ৰ নাথ বসুৰ জন্ম কেতিয়া হৈছিল?

ক) ১৮৭৯ চনত

খ) ১৮৯৪ চনত

গ) ১৯০৫ চনত

উত্তৰঃ খ) ১৮৯৪ চনত


২০। বাষ্পীভৱনৰ ফলত সাধাৰণতে কি ঘটে?

ক) শীতলতা অনুভৱ হয়

খ) উষ্ণতা বৃদ্ধি পায়

গ) চাপ সদায় বৃদ্ধি পায়

উত্তৰঃ ক) শীতলতা অনুভৱ হয়


*****