১) পদাৰ্থৰ বিভাজ্য়তাৰ ধাৰণাটো ভাৰতত কিমান খ্ৰী. পূ. মানত বিবেচনা হৈছিল?                    

(ক) খ্ৰী. পূ. 200 চন মানত

(খ) খ্ৰী. পূ. 400 চন মানত

(গ) খ্ৰী. পূ 500 চন মানত

উত্তৰঃ (গ) খ্ৰী. পূ 500 চন মানত


২) পদাৰ্থৰ ক্ষুদ্ৰতম অবিভাজ্য় কণাবোৰক কোনে পৰমাণু নাম দিছিল?

(ক) ভাৰতীয় দাৰ্শনিক মহৰ্ষি কণাদে

(খ) লুই পেষ্টিয়েৰ

(গ) ছাৰ থ’মাছ ৰ’

উত্তৰঃ (ক) ভাৰতীয় দাৰ্শনিক মহৰ্ষি কণাদে


৩) খ্ৰীষ্টীয় কিমান শতিকাৰ শেষলৈ বিজ্ঞানীসকলে মৌল আৰু যৌগৰ মাজত প্ৰভেদ চিনিব পাৰিছিল?

(ক) খ্ৰীষ্টীয় সোতৰ শতিকাৰ শেষলৈ

(খ) খ্ৰীষ্টীয় ওঠৰ শতিকাৰ শেষলৈ

(গ) খ্ৰীষ্টীয় পোন্ধৰ শতিকাৰ শেষলৈ

উত্তৰঃ (খ) খ্ৰীষ্টীয় ওঠৰ শতিকাৰ শেষলৈ


৪) তলৰ কোনজন ব্য়ক্তিয়ে ৰাসায়নিক সংযোগৰ দুটা গুৰুত্বপূৰ্ণ বিধি উপস্থাপন কৰি ৰাসায়নিক বিজ্ঞানৰ ভেটি স্থাপন কৰিছিল?

(ক) ভাৰতীয় দাৰ্শনিক মহৰ্ষি কণাদে

(খ) এণ্টইনি এল লেভয়ছিয়াৰে

(গ) ছাৰ আইজাক নিউটন

উত্তৰঃ (খ) এণ্টইনি এল লেভয়ছিয়াৰে


৫) হাইড্ৰেজেন আৰু অক্সিজেনৰ ভৰৰ অনুপাত-

(ক) 1:2

(খ) 1:9

(গ) 1:8

উত্তৰঃ (গ) 1:8


৬) এম’নিয়াম নাইট্ৰজেন আৰু হাইড্ৰজেনৰ ভৰৰ অনুপাত সদায়েই-

(ক) 10:5

(খ) 13:15

(গ) 14:3

উত্তৰঃ (গ) 14:3


৭) তলৰ কোনজন ব্য়ক্তিয়ে স্থিৰানুপাত বিধিটো এনেদৰে উপস্থাপন কৰিছিল?

(ক) জোছেফ প্ৰাউষ্ট নামৰ ব্য়ক্তিজনে

(খ) ৰবাৰ্ট হুক নামৰ ব্য়ক্তিজনে

(গ) এজনো নহয়

উত্তৰঃ (ক) জোছেফ প্ৰাউষ্ট নামৰ ব্য়ক্তিজনে


৮) জন ডেল্টনৰ জন্ম কিমান চনত হৈছিল?

(ক) 1564 চনত

(খ) 1684 চনত

(গ) 1766 চনত

উত্তৰঃ (গ) 1766 চনত


৯) তলৰ কোনবিধ গ’ল্ড মৌলৰ চিহ্ন

(ক) G

(খ) Ag

(গ) Au

উত্তৰঃ (গ) Au


১০) কোনজন বিজ্ঞানীৰ মতে প্ৰতিটো মৌলৰে এক বিশিষ্ট পাৰমাণৱিক ভৰ থাকে?

(ক) এণ্টইনি এল লেভয়ছিয়াৰ

(খ) জোছেফ প্ৰাউষ্ট

(গ) জন ডেল্টন

উত্তৰঃ (গ) জন ডেল্টন


১১) তলৰ কোনজন ব্ৰিটিছ ৰসায়নবিদে প্ৰকৃতিৰ ওপৰত এক মৌলিক তত্ত্ব আগবঢ়াইছিল?

(ক) জে জে থমছন

(খ) ৰাডাৰ ফ’ৰ্ড

(গ) জন ডেল্টন

উত্তৰঃ (গ) জন ডেল্টন


১২) জন ডেল্টনে কোনখন দেশত জন্ম লাভ কৰিছিল?

(ক) আমেৰিকা যুক্তৰাষ্ট্ৰত

(খ) ভাৰতবৰ্ষত

(গ) ইংলেণ্ডত

উত্তৰঃ (গ) ইংলেণ্ডত


১৩) মৌলবোৰৰ বাবে এক সুনিৰ্দ্দিষ্ট অৰ্থবহ চিহ্ন ব্য়ৱহাৰ কৰা প্ৰথম বিজ্ঞানী জনৰ নাম আছিল-

(ক) ছাৰ থ’মাছ ৰ’

(খ) জন ডেল্টন

(গ) এন্টইনি এল. লেভয়ছিয়াৰ

উত্তৰঃ (খ) জন ডেল্টন


১৪) মৌল এটাৰ অণুবোৰ কিহেৰে গঠিত?

(ক) অণুজীৱৰে

(খ) বেক্টেৰিয়াৰে

(গ) পৰমাণুৰে গঠিত

উত্তৰঃ (গ) পৰমাণুৰে গঠিত


১৫) 16g অক্সিজেনত কিমান ম’ল পৰমাণু থাকে?

(ক) 2 ম’ল

(খ) 3 ম’ল

(গ) 1ম’ল

উত্তৰঃ (গ) 1ম’ল


১৬) 18u পানীত কেইটা পানীৰ অণু থাকে?

(ক) 1টা

(খ) 2টা

(গ) 3টা

উত্তৰঃ (ক) 1টা


১৭) ম’ল শব্দটো অৱতাৰনা কৰা বিজ্ঞানীজনৰ নাম কি?

(ক) জন ডেল্টন

(খ) উইলহেল্ম অষ্টৱাল্ড

(গ) বোস আইনষ্টাইন

উত্তৰঃ (খ) উইলহেল্ম অষ্টৱাল্ড