আৱৰ্জনা আৰু ইয়াৰ নিষ্কাসন

Chapter-18


১। কল-কাৰখানাৰ আৱৰ্জনাই কি ক্ষতি কৰে ?

ক) গেলি-পচি বেয়া গোন্ধ ওলাই

খ) বায়ু প্ৰদূষিত কৰে

গ) এটাও নহয়

উত্তৰঃ খ) বায়ু প্ৰদূষিত কৰে।


২। আজিকালি নতুনকৈ উদ্ভৱ হোৱা এবিধ আৱৰ্জনা কি ?

ক) বৈদ্য়ুতিক আৱৰ্জনা

খ) গাড়ী-মটৰৰ আৱৰ্জনা

গ) এটাও নহয়

উত্তৰঃ ক) বৈদ্য়ুতিক আৱৰ্জনা।


৩। ধোঁৱা সাধাৰণতে কি অৱস্থাত থাকে ?

ক) জুলীয়া

খ) গোটা

গ) এটাও নহয়

উত্তৰঃ গ) এটাও নহয়।


৪। যিবোৰ আৱৰ্জনা গেলি-পচি যায়, সেইবোৰক কি বুলি কোৱা হয় ?

ক) জীৱ-পচনঅক্ষম

খ) জীৱ-পচনক্ষম

গ) এটাও নহয়

উত্তৰঃ) খ) জীৱ-পচনক্ষম।


৫। যিবোৰ জীৱক খালী চকুৰে দেখা পোৱা নাযায় সেইবোৰক কি বোলে ?

ক) অনুজীৱ

খ) জীৱ

গ) এটাও নহয়

উত্তৰঃ ক) অনুজীৱ।


৬। তলৰ কোনবোৰ আৱৰ্জনা অণুজীৱই পচন ঘটাব নোৱাৰে ?

ক) কল, কমলা আদি

খ) পলিথিনৰ মোনা, কাঁচৰ টুকুৰা আদি

গ) এটাও নহয়

উত্তৰঃ খ) পলিথিনৰ মোনা, কাঁচৰ টুকুৰা আদি।


৭। যিবোৰ আৱৰ্জনা পচি মাটিৰ লগত মিহলি হৈ নাযায়, সেইবোৰক কি বুলি কোৱা হয় ?

ক) জীৱ-পচনঅক্ষম

খ) জীৱ-পচনক্ষম

গ) এটাও নহয়

উত্তৰঃ ক) জীৱ-পচনঅক্ষম।


৮। আৱৰ্জনাৰ পৰা ক্ষতিকাৰক পদাৰ্থ আতৰোৱা প্ৰক্ৰিয়াক কি বোলে ?

ক) পৰিশোধন

খ) পুনৰাৱৰ্তন

গ) এটাও নহয়

উত্তৰঃ ক) পৰিশোধন।


৯। আৱৰ্জনাক নতুন ব্য়ৱহাৰযোগ্য় পদাৰ্থলৈ পৰিৱৰ্তিত কৰাকেই কি বুলি কোৱা হয় ?

ক) পুনৰাৱৰ্তন

খ) পচন-সাৰ

গ) এটাও নহয়

উত্তৰঃ ক) পুনৰাৱৰ্তন।


১০। এল পি জি ৰ উপৰিও মানুহে কি গেছেৰে ভাত-আঞ্জা ৰান্ধিব পাৰে ?

ক) কেঁচুসাৰে

খ) জৈৱ গেছেৰে

গ) এটাও নহয়

উত্তৰঃ খ) জৈৱ গেছেৰে।


১১। আৱৰ্জনাৰ পৰা ভিন ভিন পদ্ধতিৰে সম্পদ বা শক্তি আহৰণ কৰিব পৰা পদ্ধতিক কি বোলে ?

ক) পুনৰুদ্ধাৰ

খ) পুনৰাৱৰ্তন

গ) এটাও নহয়

উত্তৰঃ ক) পুনৰুদ্ধাৰ


১২। আৱৰ্জনা কি ?

ক) পুনৰাৱৰ্তন প্ৰক্ৰিয়া

খ) ব্য়ৱহাৰ অনুপযোগী বস্তু

গ) এটাও নহয়

উত্তৰঃ খ) ব্য়ৱহাৰ অনুপযোগী বস্তু।


১৩। আৱৰ্জনা মূলত কেই প্ৰকাৰৰ ?

ক) তিনি প্ৰকাৰৰ

খ) চাৰি প্ৰকাৰৰ

গ) এটাও নহয়

উত্তৰঃ ক) তিনি প্ৰকাৰৰ।


১৪। জীৱৰ পচনক্ষম আৱৰ্জনাৰ পৰা কি কি ইন্ধন উৎপাদন কৰিব পাৰি ?

ক) পেট্ৰল, কয়লা

খ) পচনসাৰ, জৈৱ ইন্ধন

গ) এটাও নহয়

উত্তৰঃ খ) পচনসাৰ, জৈৱ ইন্ধন।


১৫। আৱৰ্জনা ব্য়ৱস্থাপনাৰ স্তৰকেইটাক একেলগে কি বুলি কোৱা হয় ?

ক) 9R

খ) 6R

গ) এটাও নহয়

উত্তৰঃ গ) এটাও নহয়।


১৬। কি আৱৰ্জনাৰ পৰা পুনৰ ব্য়ৱহাৰ আৰু পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ দ্বাৰা নতুন ব্য়ৱহাৰযোগ্য় সামগ্ৰী বনাৰ পাৰি ?

ক) জীৱ-পচনক্ষম

খ) জীৱ-পচনঅক্ষম

গ) এটাও নহয়

উত্তৰঃ খ) জীৱ-পচনঅক্ষম।


১৭। ৰঙা কেঁচুৰ সহায়ত আৱৰ্জনাৰ পৰা প্ৰস্তুত কৰা সাৰক কি বোলে ?

ক) কেঁচুসাৰ

খ) গোবৰ গেছ

গ) এটাও নহয়

উত্তৰঃ ক) কেঁচুসাৰ।


১৮। প্ৰতি বছৰে আমাৰ মহাসাগৰবোৰত কিমান টন প্লাষ্টিক জমা হয় ?

ক) প্ৰায় 4,500 টন

খ) প্ৰায় 45,000 টন

গ) এটাও নহয়

উত্তৰঃ খ) প্ৰায় 45,000 টন।


১৯। আৱৰ্জনাবোৰ জ্বলাই দিয়াটো উচিতনে ?

ক) উচিত

খ) অনুচিত

গ) এটাও নহয়

উত্তৰঃ খ) অনুচিত।


২০। ________ পলিথিনৰ মোনাবোৰত বহুতো বিষাক্ত পদাৰ্থ থাকে ।

ক) ৰঙীন

খ) জ্বলোৱা

গ) এটাও নহয়

উত্তৰঃ ক) ৰঙীন।