Chapter 10
অসমৰ উৎসৱ – অনুষ্ঠান
১) অসমৰ উৎসৱ অনুষ্ঠানবোৰক বহুলভাবে কেইতা ভাগত ভগকৰিব পাৰি ?
(ক) ১. ২ টা
(খ) ২. ৩ টা
(গ) ৩. ৪ টা
উত্তৰঃ (খ) ২. ৩ টা।
২) বাথৌ আৰু খেৰাই পুজা কোন জাতিৰ লোকে পালন কৰে।
(ক) ১. বড়ো
(খ) ২. মিছিং
(গ) ৩. কাৰ্বি
উত্তৰঃ (ক) ১. বড়ো।
৩) বড়োসকলৰ উপাস্য় দেবতা কোন ?
(ক) ১. মহাদেৱ শিৱৰ
(খ) ২. শ্ৰী কৃষ্ণ
(গ) ৩. দুৰ্গা মা
উত্তৰঃ (ক) ১. মহাদেৱ শিৱৰ।
৪) নামনি অসমৰ এটা জনপিয় অনুষ্ঠান কি ?
(ক) ১. ভঠেলি
(খ) ২. ভোগালি
(গ) ৩. ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) ১. ভঠেলি।
৫) অসমৰ বড়ো আৰু কাছাৰীসকলে মাঘ বিহুক কি বোলি কৈছিল ?
(ক) ১. দোমাসী বা দোমাহী
(খ) ২. ভোগালি
(গ) ৩. কঙালি
উত্তৰঃ (ক) ১. দোমাসী বা দোমাহী।
৬) বড়োসকলে মাঘ বিহুৰ মেজিটোক কি বোলি কৈছিল ?
(ক) ১. বিলাগুৰ
(খ) ২. ভেলাঘৰ
(গ) ৩. এটাও নহয়
উত্তৰঃ (ক) ১. বিলাগুৰ।
৭) বড়ো সকলে বহাগ বিহুক কি বোলে ?
(ক) ১. গৌইছাগু
(খ) ২. বৌইছাগু
(গ) ৩. এটাও নহয়
উত্তৰঃ (খ) ২. বৌইছাগু।
৮) মাঘবিহু বছৰ কোনটো সময়ত পালন কৰা হয় ?
(ক) ১. ঠাণ্ডা দিনৰ সময়ত
(খ) ২. গৰম দিনৰ সময়ত
(গ) ৩. ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) ১. ঠাণ্ডা দিনৰ সময়ত।
৯) অসমৰ কৃষি উৎসৱ কেইতা আৰু কি কি ?
(ক) ৩ টা আৰু বহবাগ বিহু, কাতি বিহু, লক্ষি পুজা
(খ) ৩ টা আৰু দুৰ্গা পুজা, লক্ষি পুজা, কাতি বিহু
(গ) ৩ টা আৰু বহবাগ বিহু, কাতি বিহু, মাঘ বিহু
উত্তৰঃ (গ) ৩ টা আৰু বহবাগ বিহু, কাতি বিহু, মাঘ বিহু।
১০) লৃগাং বিহুৰ দিনা মিচিংসকলে পুৱা কুকুৰা ডাকতে কি বজায় ?
(ক) ১. ঢোল বজায়
(খ) ২. বৰ তাল বজায়
(গ) ৩. বৰ কাঁহ বজায়
উত্তৰঃ (গ) ৩. বৰ কাঁহ বজায়।
১১) মিচিং সকলে খেতিৰ অন্তত কি উৎসৱ পালন কৰে ?
(ক) ১. মাঘ বিহু
(খ) ২. পৰাগ বা নৰাছিঙা উৎসৱ
(গ) ৩. ওপৰৰ দুয়োতা
উত্তৰঃ (খ) ২. পৰাগ বা নৰাছিঙা উৎসৱ।
১২) পৰাগ বা নৰাছিঙা উৎসৱ কত পালন কৰা হয় ?
(ক) ১. পথাৰত সজা ভেলা ঘৰত
(খ) ২. গাওঁৰ মাজত সজা মৰং ঘৰত
(গ) ৩. নাম ঘৰত
উত্তৰঃ (খ) ২. গাওঁৰ মাজত সজা মৰং ঘৰত।
১৩) লালুংসকল কোতিয়া বিহু পাতে ?
(ক) ১. বহাগ মাহৰ প্ৰথম বুধ বাৰে
(খ) ২. বহাগ মাহৰ বুধবাৰে
(গ) ৩. বহাগমাহৰ পুণিমা দিনা ৰাতি
উত্তৰঃ (ক) ১. বহাগ মাহৰ প্ৰথম বুধ বাৰে।
১৪) কৰম পূজা কোন মাহত পালন কৰা হয় ?
(ক) ১. বহাগ মাহত
(খ) ২. ভাদ মাহত
(গ) ৩. আহিন মাহত
উত্তৰঃ (খ) ২. ভাদ মাহত।
১৫) কৰম পুিজা কিমান প্ৰকাৰ ?
(ক) ১. ১ প্ৰকাৰ
(খ) ২. ২ প্ৰকাৰ
(গ) ৩. ৩প্ৰকাৰ
উত্তৰঃ (খ) ২. ২ প্ৰকাৰ।
১৬) কৰম পুজাৰ ভাগকেইতা কি কি ?
(ক) ১. ৰাজহ কৰম, জিতিয়া কৰম
(খ) ২. ৰজা কৰম, জতিয়া কৰম
(গ) ৩. ৰাজ কৰম, জিতিয়া কৰম
উত্তৰঃ (ক) ১. ৰাজহ কৰম, জিতিয়া কৰম।
১৭) ভাদমাহৰ পঞ্চমী তিথিৰপৰা একাদশীলৈ কি কৰম পালন কৰা হয় ?
(ক) ৰাজহ কৰম
(খ) জিতিয়া কৰম
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (ক) ৰাজহ কৰম।
১৮) ভেকুলি বিয়া কিয় পতা হয় ?
(ক) বৰষুণ নহবৰ কাৰণে
(খ) বৰষুণ হবৰ কাৰণে
(গ) ৰদ দিবৰ কাৰণে
উত্তৰঃ (খ) বৰষুণ হবৰ কাৰণে।
১৯) টুচুপৰ্ব কেতিয়া পালন কৰা হয় ?
(ক) পুহ আৰু মাঘৰ সমকান্তি দিনা
(খ) ভাদ আৰু আহিনৰ সমকান্তি দিনা
(গ) কাতি আৰু আহিনৰ সমকান্তি দিনা
উত্তৰঃ (ক) পুহ আৰু মাঘৰ সমকান্তি দিনা।
২০) পতিমা বিসৰ্জন দিয়োতে স্নান কৰে সেই স্নানক কি স্ননা বোলে ?
(ক) মকৰ স্নান বোলে
(খ) দেবী স্নান বোলে
(গ) কৰ্ম স্নান বোলে
উত্তৰঃ (ক) মকৰ স্নান বোলে।
Type: Pompi Hazarika