Chapter-1

১। শস্য উৎপাদন আৰু ব্য়ৱস্থাপনা


১। মাটি উপৰিভাগৰ পৰা কিমান গভীৰতালৈ পুষ্টিদ্ৰব্য থাকে?

(ক) ৭-১০ ছেমি.

(খ) ৮-১০ছেমি.

(গ) ৫-১০ ছেমি.

উত্তৰঃ (গ) ৫-১০ ছেমি.।


২। উদ্ভিদক কেইবিধ খাদ্য বা পুষ্টিদ্ৰব্যৰ আৱশ্যক হয়?

(ক) ২৩ বিধ

(খ) ১৬ বিধ

(গ)১৭ বিধ

উত্তৰঃ (খ) ১৬ বিধ।


৩। ট্ৰেক্টৰৰ পিছফালে থকা  ধাতুৰ কাঁহীবোৰক কি বোলে?  

(ক) হেৰ’

(খ) কাল্টিভেটৰ

(গ) নাঙল

উত্তৰঃ (ক) হেৰ’।


৪। শুকান বীজবোৰ মাটিৰ পৰা কিমান চে:মি ওপৰত  ৰাখিব লাগে

(ক) ৩০ চেমি

(খ) ৫০ চেমি

(গ) ৬০ চেমি

উত্তৰঃ (গ) ৬০ চেমি।


৫। আধুনিক জলসিঞ্চন কেইভাগত ভগাব পাৰি?

(ক) ২ ভাগত

(খ) ৬ ভাগত

(গ) ৫ ভাগত

উত্তৰঃ (ক) ২ ভাগত।


৬।  টেক্টৰৰ হেৰ’বোৰ কিমান চে:মি আঁতৰে আঁতৰে লগোৱা থাকে?

(ক) ১৭ চেমি

(খ) ১৮ চেমি

(গ) ১৫ চেমি

উত্তৰঃ (গ) ১৫ চেমি।


৭। নাঙল কি কামত ব্যবহাৰ কৰা হয়?

(ক) মাটি চহ কৰা

(খ) বীজ সিঁচা

(গ) বীজ নিৰ্বাচন কৰা

উত্তৰঃ (ক) মাটি চহ কৰা।


৮। মাটি তল-ওপৰ কৰা পদ্ধতিটোক কি বোলা হয়?

(ক) হালবোৱা

(খ) বীজ সিঁচা

(গ) সাৰ প্ৰয়োগ কৰা

উত্তৰঃ (ক) হালবোৱা।


৯। মাহ জাতীয় শস্য সাল-সলনি কৰা পদ্ধতিটোক কি বোলা হয়?

(ক) শস্য চপোৱা

(খ) শস্যাবৰ্তন

(গ) হালবোৱা

উত্তৰঃ (খ) শস্যাবৰ্তন।


১০। চাহ বাগিচাত কি পদ্ধতিয়ে পানী যোগান ধৰা হয়?

(ক) জলসিঞ্চন পদ্ধতিয়ে

(খ) স্প্ৰিংকলাৰ পদ্ধতিয়ে

(গ) ড্ৰিপ জলসিঞ্চল পদ্ধতিয়ে

উত্তৰঃ (খ) স্প্ৰিংকলাৰ পদ্ধতিয়ে।


১১। অপতৃণক খেতিপথাৰৰ পৰা আঁতৰাই দিয়াক  কি বোলে?

(ক) অপতৃণ নিৰণী

(খ) অপতৃণ শস্য় চপোৱা

(গ) অপতৃণ নিয়ন্ত্ৰণ

উত্তৰঃ (ক) অপতৃণ নিৰণী।


১২। সাৰ কেইটা ভাগত ভগাব পাৰি?

(ক) ২ টা ভাগত

(খ) ৪ টা ভাগত

(গ) ৬ টা ভাগত

উত্তৰঃ (ক) ২ টা ভাগত।


১৩। মাহজাতীয় শস্যৰ টেমুনাত থকা বেক্টেৰিয়াটোৰ নাম কি?

(ক) ৰাইজ’বিয়াম

(খ) ইউৰিয়া

(গ) পটাছ

উত্তৰঃ (ক) ৰাইজ’বিয়াম।


১৪। কোনবিধ শীতকালীন শস্য নহয়?

(ক) আলু

(খ) সৰিয়হ

(গ) চয়াবিন

উত্তৰঃ (গ) চয়াবিন।


১৫। কোনবিধ মাহজাতীয় শস্য় নহয়?

(ক) ৰহৰ

(খ) সৰিয়হ

(গ) মচুৰ

উত্তৰঃ (খ) সৰিয়হ।


১৬। তলৰ সঁজুলি বিধৰ নাম কি ?

(ক) চক্ৰকাৰ কোৰ

(খ) নাঙল

(গ) খুৰপি

উত্তৰঃ (গ) খুৰপি।


১৭। উদ্ভিদে পানী ন’হলে জীয়াই থাকিব পাৰে নে ?

(ক) পাৰে

(খ) নোৱাৰে

(গ) এটাও নহয়

উত্তৰঃ (খ) নোৱাৰে।


১৮। অপতৃণৰ উপদ্ৰৱত কিমান শতাংশ পানী প্ৰয়োজন হয় ?

(ক) ২০ %

(খ) ৫০ %

(গ) ৭০ %

উত্তৰঃ (গ) ৭০ %।


১৯। চাহ বাগানত কি পদ্ধতিৰে পানী যোগান ধৰা হয় ?

(ক) মেচিনৰ দ্বাৰা

(খ) স্প্ৰিংকলাৰ

(গ) ওপৰৰ দুয়োটা


২০। খেতিপথাৰত থকা অপ্ৰয়োজনীয় গছবোৰক কি বোলে ?

(ক) অপ্ৰয়োজনীয় গছ

(খ) অপতৃণ

(গ) তৃণ

উত্তৰঃ (খ) অপতৃণ।