Chapter- 11

বল

১। কি বস্তুৱে নিজে নিজে গতি কৰিব নোৱাৰে ?

(ক) টান বস্তুৱে

(খ) পাতল বস্তুৱে

(গ) জড় বস্তুৱে

উত্তৰঃ (গ) জড় বস্তুৱে।

২। তলৰ কোনটো জড় বস্তুটো নহয় ?

(ক) মানুহে খোজ কঢ়া

(খ) চকী

(গ) মেজ

উত্তৰঃ (ক) মানুহে খোজ কঢ়া।

৩। কোনো গতিশাল বস্তুৱে একক সময়ত অতিক্ৰম কৰা দূৰত্বক কি বোলা হয় ?

(ক) সুষম গতি

(খ) দ্ৰুতি

(গ) গতিশীল

উত্তৰঃ (খ) দ্ৰুতি।

৪। কিহে টনাৰ বাবে ঘোঁৰাগাড়ীখনে গতি কৰে ?

(ক) গৰু

(খ) কুকুৰ

(গ) ঘোঁৰা

উত্তৰঃ (গ) ঘোঁৰা।

৫। মহাবীৰ আলেকজেণ্ডাৰৰ শিক্ষক কোন আছিল ?

(ক) লুই পেষ্টুই

(খ) এৰিষ্ট’টল

(গ) এৰ্ডৱাড

উত্তৰঃ (খ) এৰিষ্ট’টল।

৬। কোন দেশত এৰিষ্ট’টলৰ জন্ম হয় ?

(ক) আমেৰিকা

(খ) গ্ৰীচ

(গ) জাপান

উত্তৰঃ (খ) গ্ৰীচ।

৭। ৩৮৪ খ্ৰীষ্টপূৰ্ব সকলো বস্তু কেইবিধ বস্তুৰ দ্বাৰা তৈয়াৰ কৰা হয় ?

(ক) দুই বিধ

(খ) চাৰিবিধ

(গ) ছয়বিধ

উত্তৰঃ (খ) চাৰিবিধ।

৮। মাটি আৰু বায়ুৰ বাবে নিৰ্দিষ্ট স্থান কি ?

(ক) পৃথিৱী আৰু আকাশ

(খ) পৃথিৱী আৰু পানী

(গ) পৃথিৱী আৰু পাতাল

উত্তৰঃ (ক) পৃথিৱী আৰু আকাশ।

৯। বলেই বস্তুৰ গতিৰ কাৰণ

(ক) হয়

(খ) নহয়

(গ) ওপৰৰ গোটেই কেইটা

উত্তৰঃ (ক) হয়।

১০। বল প্ৰয়োগ কৰি বস্তুৰ কি সলনি কৰিব পাৰি ?

(ক) সলনি কৰিব পাৰি

(খ) সলনি কৰিব নোৱাৰি

(গ) কেতিয়াবা পাৰি

উত্তৰঃ (ক) সলনি কৰিব পাৰি।

১১। কি বল দূৰৰ পৰা প্ৰয়োগ কৰিব নোৱাৰি ?

(ক) মাধ্যাকৰ্ষণ বল

(খ) পেশী বল

(গ) চুম্বকীয় বল

উত্তৰঃ (খ) পেশী বল।

১২। চুম্বকীয় বলে দূৰৰ পৰা কাম

(ক) কৰে

(খ) নকৰে

(গ) ওপৰৰ গোটেই কেইটা

উত্তৰঃ (ক) কৰে।

১৩। টনা বা ঠেলা মানে কি প্ৰয়োগ কৰা

(ক) বল

(খ) গতিশীল

(গ) জড়

উত্তৰঃ (ক) বল।

১৪। বলে বস্তুৰ কি কাৰণ

(ক) বলৰ কাৰণ

(খ) গতিৰ কাৰণ

(গ) জড়ৰ কাৰণ

উত্তৰঃ (খ) গতিৰ কাৰণ।

১৫।  কিহে বস্তুৰ ওজন জুখিব পাৰি ?

(ক) চুম্বকীয় বলে

(খ) স্প্ৰিং তুলাৰে

(গ) মাধ্যাকৰ্ষণ বলে

উত্তৰঃ (খ) স্প্ৰিং তুলাৰে।

১৬। কি বস্তুৱে নিজে নিজে ৰৈ যাব নোৱাৰে ?

(ক) গতিশীল

(খ) জড় বস্তুৱে

(গ) বৈদ্যুতিক বল

উত্তৰঃ (ক) গতিশীল।

১৭। বলৰ মান বা দিশ

(ক) আছে

(খ) নাই

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) আছে।

১৮। বলৰ এছ আই একক কি ?

(ক) গতিশীল

(খ) নিউটন

(গ) জড়

উত্তৰঃ (খ) নিউটন।

১৯। বলে বস্তুৰ ৰূপ সলনি কৰিব

(ক) পাৰে

(খ) নোৱাৰে

(গ) ওপৰৰ গোটেই কেইটা

উত্তৰঃ (ক) পাৰে।

২০। কিহে গতিশীল বস্তুক স্থিৰ অৱস্থালৈ আনিব পাৰি ?

(ক) বলে

(খ) নিউটনে

(গ) স্প্ৰিং তুলাৰে

উত্তৰঃ (ক) বলে।