Chapter-17

নিশাৰ আকাশ আৰু সৌৰজগত


১। সম্পূৰ্ণ আকাশখনক কি বোলা হয় ?

(ক) নভো-গোলক

(খ) নক্ষত্ৰ

(গ) সৌৰজগত

উত্তৰঃ (ক) নভো-গোলক।


২। নিজা পোহৰ থকা তৰা বোৰক কি বোলা হয় ?

(ক) চন্দ্ৰ

(খ) সৌৰজগত

(গ) নক্ষত্ৰ

উত্তৰঃ (গ) নক্ষত্ৰ।


৩। চন্দ্ৰ পৃথিৱীৰ কি ?

(ক) নক্ষত্ৰ

(খ) উপগ্ৰহ

(গ) সৌৰজগত

উত্তৰঃ (খ) উপগ্ৰহ।


৪। বেলি কি দিশত মাৰ যায় ?

(ক) পশ্চিম

(খ) পূৰ্ব

(গ) উত্তৰ

উত্তৰঃ (ক) পশ্চিম।


৫। পৃথিৱীৰ একেবাৰে ওচৰত থকা গ্ৰহটো কি ?

(ক) শুক্ৰ

(খ) শনি

(গ) বুধ

উত্তৰঃ (গ) বুধ।


৬। সৌৰজগতৰ হাতীপটি ক’ত অন্তৰ্গত ?

(ক) বুধ

(খ) তাৰকা

(গ) গ্ৰহ

উত্তৰঃ (খ) তাৰকা।


৭। জ্যোতিৰ্বিদসকলে আকাশৰ সকলো তৰাক কেইটা ভাগত ভগাইছে ?

(ক) ৩৩ ভাগত

(খ) ৪৪ ভাগত

(গ) ১০০ ভাগত

উত্তৰঃ (খ) ৪৪ ভাগত।


৮। সূৰ্য্যৰ গতি পথত কেইটা নক্ষত্ৰমণ্ডল আছে ?

(ক) ৫ টা

(খ) ১০ টা

(গ) ১২ টা

উত্তৰঃ (গ) ১২ টা।


৯। হাতীপটিক ইংৰাজীত কি বোলা হয় ?

(ক) Milky Way

(খ) Ursa Major

(গ) Solar System

উত্তৰঃ (ক) Milky Way।


১০। সূৰ্য্য কি শ্ৰেণীৰ নক্ষত্ৰ

(ক) প্ৰথম

(খ) মজলীয়া

(গ) লাচ

উত্তৰঃ (খ) মজলীয়া।


১১। আমাৰ একেবাৰে ওচৰত থকা নক্ষত্ৰটো কি ?

(ক) সূৰ্য্য

(খ) চন্দ্ৰ

(গ) তাৰকা

উত্তৰঃ (ক) সূৰ্য্য।


১২। সূৰ্য্যৰ চাৰিওফালে ঘূৰি থকা গ্ৰহৰ সংখ্যা কিমান ?

(ক) ৫ টা

(খ) ৮ টা

(গ) ১১ টা

উত্তৰঃ (খ) ৮ টা।


১৩। আকাশত কি তৰাই লৰচৰ নকৰে ?

(ক) ধ্ৰুৱতৰা

(খ) থুপিতৰা

(গ) হাতীপটি

উত্তৰঃ (ক) ধ্ৰুৱতৰা।


১৪। ৪৪ টা নক্ষত্ৰমণ্ডলৰ পৰা কেইটা খালী চকুলে বিচাৰি পাই ?

(ক) ১০ টা

(খ) ২০ টা

(গ) ৩০ টা

উত্তৰঃ (খ) ২০ টা।


১৫। সপ্তৰ্ষিমণ্ডলৰ কাষতে কেইটা অনুজ্জ্বল তৰা আছে ?

(ক) ৫ টা

(খ) ৭ টা

(গ) ৯ টা

উত্তৰঃ (খ) ৭ টা।


১৬। কাল্পনিক বৃত্তাকাৰ ৰেখাত আকাশে মাটি চুই থকা যেন লাগে, সেই ৰেখাটোক কি বোলে ?

(ক) নভো-গোলক

(খ) দিগন্ত বোলে

(গ) জ্য়োতিষ্কৰ বোলে

উত্তৰঃ (খ) দিগন্ত বোলে।


১৭। দিনৰ ভাগত আকাশত কি দেখা যায় ?

(ক) ডাৱৰ বা কুঁৱলি

(খ) বেলি

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা।


১৮। তৰাবোৰক কেইটাভাগত ভগোৱা হৈছে ?

(ক) দুটা

(খ) নটা

(গ) ছয়টা

উত্তৰঃ (গ) ছয়টা।


১৯। নিৰোগী চকুৰ অধিকাৰী লোকে আকাশত উজ্বল তৰা কিমান দেখা পায় ?

(ক) ১০০ তৰা

(খ) ১০০০ তৰা

(গ) ৩০০০ তৰা

উত্তৰঃ (গ) ৩০০০ তৰা।


২০। সূৰ্য কোন দিশে উদয় হয় ?

(ক) পূব দিশত

(খ) পশ্চিম দিশত

(গ) উত্তৰ দিশত

উত্তৰঃ (ক) পূব দিশত