ৰঙৰ ৰহস্য 

Chapter 8 

১। আদিম মানুহে ক’ত বাস কৰিছিল?

(ক)গুহাত

(খ)ডাঙৰ ঘৰত

(গ)বেলেগ মানুহৰ ঘৰত

উত্তৰঃ(ক)গুহাত


২। তেওঁলোকে ৰঙীন ছবি ক’ত আঁকিছিল?

(ক)ৰাস্তাত

(খ)মাটিত

(গ)গুহাৰ বেৰত

উত্তৰঃ(গ)গুহাৰ বেৰত


৩। ঘঁৰিয়ালে সকলো বস্তুৱে কি ৰঙৰ দেখে?

(ক)হালধীয়া

(খ)মটীয়া

(গ)বেঙুনীয়া

উত্তৰঃ(খ)মটীয়া


৪। সূৰ্যৰ পোহৰত কেইটা ৰং থাকে?

(ক)সাতটা

(খ)পাঁচটা

(গ)তিনিটা

উত্তৰঃ(ক)সাতটা


৫। ৰঙৰ ৰহস্য ভেদ কৰা বিজ্ঞানী জনৰ নাম কি?

(ক)ষ্টিফেন হকিং

(খ)ছাৰ আইজাক নিউটন

(গ)ইয়াৰ ভিতৰত এটাও নহয়

উত্তৰঃ(খ)ছাৰ আইজাক নিউটন


৬। মৌ-মাখিয়ে কি ৰং ধৰিব নোৱাৰে?

(ক)ৰঙা

(খ)নীলা

(গ)বেঙুনীয়া

উত্তৰঃ(ক)ৰঙা


৭। ৰঙিলী শব্দৰ অৰ্থ কি?

(ক)ৰংযুক্ত

(খ)ৰং বোলোৱা

(গ)ৰঙিয়াল তিৰোতা

উত্তৰঃ(গ)ৰঙিয়াল তিৰোতা


৮। ছাৰ আইজাক নাউটনৰ কিমান চনত জন্ম হৈছিল?

(ক)১৬৪২ চনত

(খ)১৪৪৯ চনত

(গ)১৮২৬ চনত

উত্তৰঃ(ক)১৬৪২ চনত


৯। তেখেতৰ ক’ত জন্ম হৈছিল?

(ক)আমেৰিকাত

(খ)ইংলেণ্ডত

(গ)মুম্বাইত

উত্তৰঃ(খ)ইংলেণ্ডত


১০। আইজাক নিউটন  কাৰ অবিহনে  ডাঙৰ দীঘল হৈছিল?

(ক)পিতৃ-মাতৃৰ

(খ)পিতৃৰ

(গ)মাতৃৰ

উত্তৰঃ(ক)পিতৃ-মাতৃৰ


১১। আইজাক নিউটন পিতৃ-মাতৃৰ অবিহনে কাৰ সৈতে ডাঙৰ দীঘল হৈছিল?

(ক)মোমায়েকৰ সৈতে

(খ)মাহীয়েকৰ সৈতে

(গ)আইতাকৰ সৈতে

উত্তৰঃ(গ)আইতাকৰ সৈতে


১২। গছৰ পৰা আপেল সৰি পৰা দেখি তেখেতে কি আবিস্কাৰ কৰিছিল?

(ক)মাধ্যাকৰ্ষণ তত্ত্ব

(খ)দূৰবীক্ষণ যন্ত্ৰ

(গ)বেলিঘড়ী

উত্তৰঃ(ক)মাধ্যাকৰ্ষণ তত্ত্ব


১৩। তেখেতৰ কিমান চনত মৃত্যু হৈছিল?

(ক)১৮৮৯ চনত

(খ)১৬৬৬ চনত

(গ)১৭২৭ চনত

উত্তৰঃ(গ)১৭২৭ চনত


১৪। তেখেতৰ কিমান তাৰিখে মৃত্যু হৈছিল?

(ক)৩ জুন

(খ)৫ আগষ্ট

(গ)২০ মাৰ্চ

উত্তৰঃ(গ)২০ মাৰ্চ


১৫। তেখেত সৰুতে পঢ়াত কেনেকুৱা আছিল?

(ক)জ্ঞানী

(খ)মনোযোগী

(গ)অমনোযোগী

উত্তৰঃ(গ)অমনোযোগী


১৬। ৰঙা+নীলা= ৰং মিহলালে কি ৰং হয়?

(ক)বেঙুনীয়া

(খ)হালধীয়া

(গ)নীলা

উত্তৰঃ(ক)বেঙুনীয়া


১৭। ৰঙা+হালধীয়া= ৰং মিহলালে কি ৰং হয়?

(ক)সুমথিৰা

(খ)সেউজীয়া

(গ)মটীয়া

উত্তৰঃ(ক)সুমথিৰা


১৮। ৰঙা+নীলা+হালধীয়া= ৰং মিহলালে কি ৰং হয়?

(ক)সেউজীয়া

(খ)হালধীয়া

(গ)মটীয়া

উত্তৰঃ(গ)মটীয়া


১৯। হালধীয়া+নীলা= ৰং মিহলালে কি ৰং হয়?

(ক)হালধীয়া

(খ)সেউজীয়া

(গ)নীলা

উত্তৰঃ(খ)সেউজীয়া


২০। ৰঙৰ খেলা কবিতাটো কোনে ৰচনা কৰিছিল?

(ক)মিত্ৰদেৱ মহন্তই

(খ)যতীন্দ্ৰ নাথ দুৱৰাই

(গ)নৱকান্ত বৰুৱাই

উত্তৰঃ(গ)নৱকান্ত বৰুৱাই


২১। শাওণ মাহৰ সেউজীয়া পথাৰ আৰু আঘোণ মাহৰ পথাৰ ভৰা সোণোৱালী শইচেও আমাক কি দিয়ে ?

(ক) বিনল দুখ 

(খ) বিনল আনন্দ

(গ) ইয়াৰ ভিতৰত এটাও নহয় । 

উত্তৰঃ (খ) বিনল আনন্দ