গড়গাঁও


১। গড়গাঁও নামৰ কবিতাটো কোনে ৰচনা কৰিছিল?

বিনন্দ্ৰচন্দ্ৰ বৰুৱাই

মিত্ৰদেৱ মহন্তই

নলিনীবালা দেৱীয়ে

Answer: বিনন্দ্ৰচন্দ্ৰ বৰুৱাই


২। গড়গাঁও কবিতাটিৰ ৰচকজনক কি কবি বুলি জনা যায়?

বিহগী কবি বুলি

ধব্বনি কবি বুলি

ইয়াৰ ভিতৰত এটাও নহয়

Answer: ধব্বনি কবি বুলি


৩। মাৰ-নাও বুলিলে কি বুজা?

এখনৰ দাঁতিত আন এখন বান্ধি দিয়া যোৰ নাওঁ

মাকে বনাই দিয়া নাও

ইয়াৰ ভিতৰত এটাও নহয়

Answer: এখনৰ দাঁতিত আন এখন বান্ধি দিয়া যোৰ নাওঁ


৪। গড়গাঁও বৰ্তমান কোন জিলাত অৱস্থিত?

মাজুলী জিলাত

শিৱসাগৰ জিলাত

ইয়াৰ ভিতৰত এটাও নহয়

Answer: শিৱসাগৰ জিলাত


৫। সাঁজ শব্দৰ অৰ্থ কি?

বাচন

পোছাক

গধূলি

Answer: গধূলি


৬। গড় শব্দৰ অৰ্থ কি?

আবাদ

নাকৰ ওপৰত খড়গ থকা জন্তু

ইয়াৰ ভিতৰত এটাও নহয়

Answer: আবাদ


৭। হোলোং-নাও বুলিলে কি বুজা?

চৈ দিয়া নাও

পাল-নাও

এডাল কাঠ খুলি সজা ডাঙৰ নাও

Answer: এডাল কাঠ খুলি সজা ডাঙৰ নাও


৮। ধোদৰ আলি কোনে নিৰ্মাণ কৰিছিল?

স্বৰ্গদেউ গদাধৰ সিংহই

কাম-কাজ নকৰি শুই বহি থকা এচাম ধোদে

ইয়াৰ ভিতৰত এটাও নহয়

Answer: কাম-কাজ নকৰি শুই বহি থকা এচাম ধোদে


৯। বিনন্দচন্দ্ৰ বৰুৱাৰ কিমান চনত জন্ম হৈছিল?

১৯০০ চনত

১৯০২ চনত

১৯০১ চনত

Answer: ১৯০১ চনত


১০। শংখধব্বনি নামৰ কবিতা পুথিখন কোনে ৰচনা কৰিছিল?

মিত্ৰদেৱ মহন্তই

বিনন্দ্ৰচন্দ্ৰ বৰুৱাই

ইয়াৰ ভিতৰত এটাও নহয়

Answer: বিনন্দ্ৰচন্দ্ৰ বৰুৱাই


১১। গঁড় শব্দৰ অৰ্থ কি?

নাকৰ ওপৰত খড়গ থকা জন্তু

আবাদ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: নাকৰ ওপৰত খড়গ থকা জন্তু


১২। বিদেশ বিশেষণ পদলৈ নিলে কি হ'ব?

বিদেশৰ

বিদেশী

ইয়াৰ ভিতৰত এটাও নহয়

Answer: বিদেশী


১৩। দেশৰ আন্ত্যধব্বনি মিল থকা শব্দ কি?

বিদেশ

বেশ

ইয়াৰ ভিতৰত এটাও নহয়

Answer: বেশ


১৪। ভটীয়নী শব্দৰ অৰ্থ কি?

শক্তি পোৱা

মূৰ

নৈৰ ভাটি বা নামনিলৈ বৈ থকা

Answer: নৈৰ ভাটি বা নামনিলৈ বৈ থকা


১৫। বিদেশী শব্দৰ অৰ্থ কি?

যি নিজৰ দেশৰ

যিটো নিজৰ দেশৰ নহয়

ইয়াৰ ভিতৰত এটাও নহয়

Answer: যিটো নিজৰ দেশৰ নহয়


১৬। কোঢ়াল শব্দৰ অৰ্থ কি?

বহুলোকে একেলগে কৰা হাই-উৰুমি

এলেহুৱা

ইয়াৰ ভিতৰত এটাও নহয়

Answer: বহুলোকে একেলগে কৰা হাই-উৰুমি


১৭। ধোদ শব্দৰ অৰ্থ কি?

প্ৰস্তুত কৰা

পৰদেশৰ

বন বাৰী নকৰি বহি থকা মানুহ

Answer: বন বাৰী নকৰি বহি থকা মানুহ


১৮। ওলট -পালট শব্দৰ অৰ্থ কি?

মূৰ

তল ওপৰ হোৱা বা কৰা

ইয়াৰ ভিতৰত এটাও নহয়

Answer: তল ওপৰ হোৱা বা কৰা


১৯। সুখ বিশেষণ পদলৈ নিলে কি হ'ব?

দুখ

সুখ

সুখী

 Answer: সুখী


২০। বিনন্দ্ৰচন্দ্ৰ বৰুৱাৰ কিমান চনত মৃত্যু হৈছিল?

১৯০১ চনত

১৯০৬ চনত

১৯৯৪ চনত

Answer: ১৯৯৪ চনত