Chapter- 3

জীৱৰ বৃদ্ধি আৰু বিকাশ


১। বৃদ্ধিৰ বাবে কিহৰ প্ৰয়োজন ?

(ক) খেলাৰ প্ৰয়োজন

(খ) খাদ্য়ৰ প্ৰয়োজন

(গ) পঢ়াৰ প্ৰয়োজন

উত্তৰ- (খ) খাদ্য়ৰ প্ৰয়োজন ।


২। মিলতন সৃষ্টি হোৱা কোষটোক কি বোলে ?

(ক) যোজনকোষ

(খ) সালোক সংস্লেষন

(গ) সূটা কতা

উত্তৰ- (ক) যোজনকোষ ।


৩। কাণ্ড ওলোৱা আনটো অংশক কি বোলে ?

(ক) ভাৱীমূল

(খ) ভাৱীকাণ্ড

(গ) বীজপত্ৰ

উত্তৰ- (খ) ভাৱীকাণ্ড ।


৪। ভ্ৰূণটোৰ বাহিৰৰ চেপেটা অংশ দুটাক কি বোলে ?

(ক) বীজপত্ৰ

(খ) ভীৱামূল

(গ) ভীৱাকাণ্ড

উত্তৰ- (ক) বীজপত্ৰ ।


৫। উদ্ভিদৰ বৃদ্ধিৰ কেইটামান উদাহৰণ আছে ?

(ক) ৩টা

(খ) ৫টা

(গ) ৭টা

উত্তৰ- (ক) ৩টা ।


৬। উদ্ভিদ কিমানকোষী জীৱ ?

(ক) বহুকোষী

(খ) এককোষী

(গ) ইয়াৰ পৰা এটাও নহয়

উত্তৰ- (ক) বহুকোষী।


৭। সংগতিৰ ৰহস্য় উদঘাটনৰ বাবে যোৱা কিমান বছৰ অবিৰতভাৱে গৱেষণা চলি আছে ?

(ক) ১৫০ বছৰ

(খ) ৩০০ বছৰ

(গ) ৪৫০ বছৰ

উত্তৰ- (ক) ১৫০ বছৰ ।


৮। সৰলতম প্ৰণীত কিমানটা কোষ থাকে ?

(ক) এটা

(খ) দুটা

(গ) তিনিটা

উত্তৰ- (ক) এটা ।


৯। অগ্ৰজ ভাজক কলা আৰু অন্তৰ্বিষ্ট ভাজক কলাত হোৱা কোষ বিভাজনৰ বাবে গছজোপাৰ উচ্চতাও বাঢ়ি থাকে। এনে বৃদ্ধিক কি বোলে ?

(ক) আত্মীকৰণ বৃদ্ধি

(খ) স্বাভাৱিক বৃদ্ধি

(গ) প্ৰাথমিক বৃদ্ধি

উত্তৰ- (গ) প্ৰাথমিক বৃদ্ধি ।


১০। বিকাশৰ সময়খিনি দীঘলীয়া আৰু ইয়াক কিমানটা স্তৰত ভাগ কৰিব পাৰি ?

(ক) ৪টা

(খ) ২টা

(গ) ১টা

উত্তৰ- (খ) ২টা ।


১১। জীৱৰ দেহ কিহেৰে গঠিত?

(ক) ইষ্টেৰে

(খ) কোষেৰে

(গ) এমিবাৰে

উত্তৰ- (খ) কোষেৰে ।


১২। দুটা পূৰঠ কোষ লগ লাগি এটা নতুন কিহৰ সৃষ্টি হয়?

(ক) জীৱৰ সৃষ্টি হয়

(খ) বেক্টেৰিয়াৰ সৃষ্টি হয়

(গ) কোষৰ সৃষ্টি হয়

উত্তৰ- (গ) কোষৰ সৃষ্টি হয় ।


১৩। পূৰ্ণাংগ অৱস্থা পোৱাৰ পিছত কিহৰ বৃদ্ধি ৰৈ যায়?

(ক) কোষৰ বৃদ্ধি

(খ) প্ৰাণীৰ বৃদ্ধি

(গ) বেক্টেৰিয়া বৃদ্ধি

উত্তৰ- (খ) প্ৰাণীৰ বৃদ্ধি ।


১৪। কিছুমান প্ৰজাতিৰ সৰলজাতীয় উদ্ভিদত কিমান বছৰ ধৰি বৃদ্ধি হৈ থাকে?

(ক) হাজাৰ হাজাৰ বছৰ ধৰি

(খ) শ শ বছৰ ধৰি

(গ) কোটি কোটি বছৰ ধৰি

উত্তৰ- (খ) শ শ বছৰ ধৰি ।


১৫। জীৱই গ্ৰহণ কৰা খাদ্য়ক শৰীৰৰ ক্ৰিয়াই সৰু সৰু সৰল কিহলৈ ৰূপান্তৰিত কৰে?

(ক) জীৱলৈ

(খ) অণুলৈ

(গ) কোষলৈ

উত্তৰ- (খ) অণুলৈ ।


১৬। জননকোষৰ মিলনত এটা নতুন কিহৰ সৃষ্টি হয়?

(ক) জীৱৰ সৃষ্টি হয়

(খ) বেক্টেৰিয়াৰ সৃষ্টি হয়

(গ) কোষৰ সৃষ্টি হয়

উত্তৰ- (গ) কোষৰ সৃষ্টি হয় ।


১৭। কিমান বছৰ বয়সৰ পৰা কিমান বছৰ বয়সলৈকে কালছোৱাক কৈশোৰকাল বোলে?

(ক) ১০ ৰ পৰা ১৪ লৈ

(খ) ৯ ৰ পৰা ১১ লৈ

(গ) ১০ ৰ পৰা ১৯ লৈ

উত্তৰ- (গ) ১০ ৰ পৰা ১৯ লৈ ।


১৮। স্তন্য়পায়ী প্ৰাণীৰ যোজনকোষৰ বিভাজন আৰু বৃদ্ধিৰ ফলত এটা কি সৃষ্টি হয়?

(ক) জীৱৰ সৃষ্টি হয়

(খ) কোষৰ সৃষ্টি হয়

(গ) ভ্ৰূণৰ সৃষ্টি হয়

উত্তৰ- (ক) জীৱৰ সৃষ্টি হয় ।


১৯। পুং প্ৰাণীয়ে পুংজননকোষ আৰু স্ত্ৰী প্ৰাণীয়ে কি কোষ তৈয়াৰ কৰে?

(ক) যোজনকোষ

(খ) জননকোষ

(গ) ওপৰৰ দুয়োটাই শুদ্ধ

উত্তৰ- (খ) জননকোষ ।


২০। কি প্ৰাণীত এটা কোষ থাকে?

(ক) সন্তানপ্ৰসৱী প্ৰাণীত

(খ) সৰলতম প্ৰাণীত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) সৰলতম প্ৰাণীত ।


Type: Pompi Hazarika