Chapter- 8

গতি আৰু বল


১। গতি কেই প্ৰকাৰৰ ?

(ক) ৭ প্ৰকাৰৰ

(খ) ৬ প্ৰকাৰৰ

(গ) ৫ প্ৰকাৰৰ

উত্তৰ- (খ) ৬ প্ৰকাৰৰ ।


২। এটা বিন্দুক কেন্দ্ৰ কৰি বৃত্তাকাৰ পথত কৰা গতিক কি বোলে ?

(ক) দোলন গতি

(খ) বৃত্তীয় গতি

(গ) ঘূৰ্ণন গতি

উত্তৰ- (খ) বৃত্তীয় গতি ।


৩। এক নিৰ্দিষ্ট অৱস্থানৰ দুয়োফালে সমান দূৰত্বলৈ সমান সময়ত বাৰে বাৰে কৰা গতিক কি গতি বোলে ?

(ক) দোলন গতি

(খ) বৃত্তীয় গতি

(গ) ঘূৰ্ণন গতি

উত্তৰ- (ক) দোলন গতি ।


৪। গতিশীল বস্তুক স্থানৰ পৰিৱৰ্তন হ’লে ইয়াৰ গতিক কি বোলে ?

(ক) সৰলৰৈখিক গতি

(খ) পৰ্যাবৃত্ত গতি

(গ) যাদৃচ্ছিক গতি

উত্তৰ- (ক) সৰলৰৈখিক গতি ।


৫। নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে একে ধৰণৰ গতিৰ পুনৰাবৃত্তি হৈ থাকিলে তেনে গতিক কি বোলে ?

(ক) সৰলৰৈখিক গতি

(খ) পৰ্যাবৃত্ত গতি

(গ) যাদৃচ্ছিক গতি

উত্তৰ- (খ) পৰ্যাবৃত্ত গতি ।


৬। অনিয়মিতভাৱে গতিৰ দিশ, দ্ৰুতি আদি সলনি কৰি থকা গতিক কি বোলে ?

(ক) সৰলৰৈখিক গতি

(খ) পৰ্যাবৃত গতি

(গ) যাদৃচ্ছিক গতি

উত্তৰ- (গ) যাদৃচ্ছিক গতি ।


৭। কোনো গতিশীল বস্তুৱে সমান সময়ত সমান দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ গতিক কি বোলে ?

(ক) সুষম গতি

(খ) অসুষম গতি

(গ) ব্ৰাউনীয় গতি

উত্তৰ- (ক) সুষম গতি ।


 ৮। ব্ৰাউনীয় গতিৰ কাৰণ বিচাৰি কিমান চনত আইনষ্টাইনে নিজৰ ব্য়াখ্য়া আগবঢ়ায় আণুৰ অস্তিত্ব প্ৰমাণ কৰে ?

(ক) ১৯০৫

(খ) ১৯৪২

(গ) ১৯২৪

উত্তৰ- (ক) ১৯০৫ ।


৯। বস্তু এটাই সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম নকৰিলে বস্তুটোৰ গতিক কি বোলে ?

(ক) সুষম গতি

(খ) অসুষম গতি

(গ) ব্ৰাউনীয় গতি

উত্তৰ- (খ) অসুষম গতি ।


১০। বল কেই প্ৰকাৰৰ ?

(ক) ৫প্ৰকাৰৰ

(খ) ৬ প্ৰকাৰৰ

(গ) ৭ প্ৰকাৰৰ

উত্তৰ- (খ) ৬ প্ৰকাৰৰ ।


১১। বাহিৰৰপৰা যি প্ৰভাৱ প্ৰয়োগ কৰি গতিৰ পৰিৱৰ্তন কৰিব পাৰি সেয়াই কি?

(ক) পেশীয় বল

(খ) চুম্বকীয় বল

(গ) বল

উত্তৰ- (গ) বল ।


১২। স্থিতিস্থাপক বল বাহিৰৰপৰা প্ৰয়োগ কৰা বলৰ বিপৰীত দিশত কি কৰে?

(ক) বিক্ৰিয়া কৰে

(খ) ক্ৰিয়া কৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ক্ৰিয়া কৰে ।


১৩। ঘূৰ্ণী ঘৰ্ষণৰ মান কম কাৰণেই সকলো গাড়ীতে কি লগোৱা হয়?

(ক) লাইত

(খ) চকা

(গ) বেগ

উত্তৰ- (খ) চকা ।


১৪। ঘৰ্ষণ বল কমাবলৈ ইঞ্জিনৰ অংশবেৰত বিশেষ তেল বা কি ব্য়ৱহাৰ কৰা হয়?

(ক) বেগ

(খ) গ্ৰিজ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) গ্ৰিজ ।


১৫। নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে গতিৰ পুনৰাবৃত্তি হয় তাক কি বোলে ?

(ক) সুষম গতি বোলে

(খ) পৰ্যায় কাল বোলে

(গ) পেশীয় বল বোলে

উত্তৰ- (খ) পৰ্যায় কাল বোলে ।


১৬। ‘সুষম গতি’ক ইংৰাজীত কি বুলি কয়?

(ক) Non Uniform Motion

(খ) Brownian Motion

(গ) Uniform Motion

উত্তৰ- (গ) Uniform Motion ।


১৭। মাখি এটা উৰি ফুৰিলে ই যেনিয়ে-তেনিয়ে কি কৰি থাকে?

(ক) মৌ প্ৰাণ কৰি থাকে

(খ) গীত গাই থাকে

(গ) উৰি থাকে

উত্তৰ- (গ) উৰি থাকে ।


১৮। ঘড়ীৰ এক ঘণ্টাৰ কাঁটাডালে কিমান ঘণ্টাত এটা ঘূৰ্ণন সম্পূৰ্ণ কৰে?

(ক) ৯ ঘণ্টা

(খ) ১১ ঘণ্টা

(গ) ১২ ঘণ্টা

উত্তৰ- (গ) ১২ ঘণ্টা ।


১৯। মাংসপেশীৰ সহায়ত প্ৰয়োগ কৰা বলক কি বল বোলে?

(ক) মহাকৰ্ষণ বল

(খ) চুম্বকীয় বল

(গ) পেশীয় বল

উত্তৰ- (গ) পেশীয় বল ।


২০। তেল লগা হাতেৰে সহজে বস্তু ধৰিব পাৰিনে?

(ক) নোৱাৰি

(খ) পাৰি

উত্তৰ- (ক) নোৱাৰি ।


Type: Pompi Hazarika